Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ চিকাগো ভাষণ স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে ১৩০ বছৰ পূৰ্বে চিকাগোৰ বিশ্বৰ ধৰ্ম সংসদত আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ ভাষণটো আজিও বিশ্ব ঐক্য আৰু সমন্বয়ৰ বাবে এক স্পষ্ট আহ্বান হিচাপে প্ৰতিধ্বনিত হৈছে।

টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“১৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ চিকাগো ভাষণটো আজিও বিশ্ব ঐক্য আৰু সমন্বয়ৰ বাবে এক স্পষ্ট আহ্বান হিচাপে প্ৰতিধ্বনিত হৈছে। মানৱতাৰ সাৰ্বজনীন ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা তেওঁৰ কালজয়ী বাৰ্তা আমাৰ বাবে এক মাৰ্গদৰ্শক আলোক হৈয়ে আছে।”

***