Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১১ ছেপ্তেম্বৰত দেশৰ লাখ লাখ আশা, এএনএম আৰু অংগনৱাড়ী কৰ্মীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘পোষণ মাহ’ৰ অংশস্বৰূপে ১১ ছেপ্তেম্বৰৰ পুৱা ১০.৩০বজাৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ লাখ লাখ আশা কৰ্মী, এএনএম, অংগনৱাড়ী কৰ্মী আৰু স্বাস্থ্য উপভোক্তাৰ সৈতে মত-বিনিময় কৰিব৷

উল্লেখ্য যে চলিত ছেপ্তেম্বৰ মাহত দেশজুৰি ‘পোষণ মাহ’ পালন কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল পৰ্যাপ্ত পোষণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা দেশৰ প্ৰতিটো পৰিয়াললৈ লৈ যোৱা৷

এই প্ৰয়াসে পোষণ অভিযান(ৰাষ্ট্ৰীয় পোষণ মিছন)ৰ লক্ষ্যকো আগুৱাই নিব৷ কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ নৱেম্বৰত এই অভিযান আৰম্ভ কৰিছিল৷ অভিযানৰ লক্ষ্য হ’ল অপুষ্টি, ৰক্তহীনতা আৰু জন্মৰ সময়ত কেঁচুৱাৰ ওজন হ্ৰাস আদিৰ পৰ্যায় কম কৰা৷

প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপে এই অভিযানৰ সৈতে জড়িত বিভিন্ন হিতাধিকাৰীক সংঘবদ্ধ কৰিব৷ পোষণ বিষয়ক সফলতাৰ কাহিনী প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰতো এয়া এক মঞ্চ হৈ পৰিব৷

***

AKT/SH/SBP/MS