মঞ্চত উপৱিষ্ট পাঞ্জাৱৰ মাননীয় ৰাজ্যপাল শ্রী ভি পি সিং, মন্ত্রিসভাৰ সদস্য তথা মোৰ সহযোগী ড০ হর্ষ ৱর্ধন, অন্যান্য বিশিষ্ট অতিথিবৃন্দৰ লগতে ছাত্ৰ–ছাত্রী তথা প্ৰতিনিধিবৰ্গক ইংৰাজী নৱবর্ষৰ শুভেচ্ছা জনাইছো৷
ভাৰতীয় বিজ্ঞান সমাৰোহৰ ১০৬সংখ্যক অধিৱেশনৰ উদ্বোধন কৰি বিশিষ্ট বৈজ্ঞানিক, বিদ্বান ব্যক্তিসকলৰ লগতে ছাত্ৰ–ছাত্রীসকলৰ সান্নিধ্য লাভ কৰি মই অতিশয় আনন্দিত হৈছো৷
মই আপোনালোকৰ মাজত সঠিক সময়ত উপস্থিত হোৱাৰ চেষ্টা কৰিছিলো, যদিও কিন্তু কুঁৱলীৰ বাবে কিছু পলম হ’ল৷
বন্ধুসকল, মই অতিশয় আনন্দিত যে সমৃদ্ধিৰ এই ভূমিত এই বছৰ ভাৰতীয় বিজ্ঞান সংস্থাই উপযুক্ত বিষয় নির্বাচন কৰিছে-‘ভৱিষ্যতৰ ভাৰত, বিজ্ঞান আৰু প্ৰযুক্তি’৷ মোৰ দৃঢ় বিশ্বাস, ভাৰতৰ মহানতা আমাৰ জ্ঞান–বিজ্ঞানত অৱশ্যে নিহিত হৈ আছে, কিন্তু এই মহানতাৰ প্ৰকৃত উদ্দেশ্য আমাৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনক সমাজৰ কাম লগোৱা৷
বন্ধুসকল, ভাৰতীয় বিজ্ঞান সমাৰোহৰ এক সমৃদ্ধ ঐতিহ্য আছে। ভাৰতৰ অন্যতম শ্রেষ্ঠ মনীষী আচার্য জগদীশচন্দ্ৰ বসু, চি ভি ৰমন, মেঘনাদ সাহা আৰু সত্যেন্দ্ৰনাথ বসুৰ দৰে বিজ্ঞানীসকল ইয়াৰ সদস্য আছিল। ন্যূনতম সম্পদক সম্বল কৰিয়েই সৰ্বাধিক প্ৰতিযোগিতাৰ যুগত তেওঁলোকে নিজৰ ভাৱনা আৰু আৱিষ্কাৰৰ জৰিয়তে জনতাৰ সেৱা কৰিছিল। আজিও আমি তেওঁলোকৰ বিশ্বাস আৰু সৃষ্টিশীলতাৰ পৰা শিক্ষা গ্ৰহণ কৰিছো। ১৯১৭ চনত আচার্য জগদীশচন্দ্ৰ বসুয়ে কলকাতাত দেশৰ প্ৰথমটো বিজ্ঞান গৱেষণা কেন্দ্ৰ বসূ ইনষ্টিটিউট অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰে। তেওঁৰ উদ্বোধনী ভাষণত আমি বিজ্ঞানৰ উপযোগিতাৰ এক সংহত ভাৱনাৰ প্ৰতিফলন দেখিবলৈ পাও। তেওঁ কৈছিল, “এই প্ৰতিষ্ঠানটোত আজি কেৱল এক গৱেষণাগাৰ হিচাপেই ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব বিচৰা নাই, মই ইয়াক এক বিজ্ঞান মন্দিৰ ৰূপে গঢ়ি তুলিব বিচাৰো।” শ শ বৈজ্ঞানিকৰ নিৰন্তৰ গৱেষণা আৰু গভীৰ মৌলিক অন্তর্দৃষ্টিৰ ফলশ্ৰুতিয়েই হৈছে ভাৰতীয় প্ৰযুক্তিৰ উন্নয়ন আৰু ৰাষ্ট্ৰ নির্মাণ। আমাৰ আধুনিক বিজ্ঞান মন্দিৰসমূহৰ জৰিয়তে আমি ভাৰতৰ বর্তমানক সমৃদ্ধ আৰু নিৰাপদে ৰখাৰ সমান্তৰালভাৱে ভৱিষ্যতকো সুৰক্ষিত কৰি ৰাখিব পাৰিম৷
বন্ধুসকল, আমাৰ প্রাক্তন প্ৰধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীজিয়ে এটি শ্ল’গান দিছিল, ‘জয় জোৱান, জয় কিষাণ’। আজিৰ পৰা ২০ বছৰৰ পূ্ৰ্বে পোখৰানত পাৰমানৱিক পৰীক্ষাৰ সাফল্যৰ পাছত দিয়া ঐতিহাসিক ভাষণত মহান প্ৰধানমন্ত্রী অটলজিয়ে ৰাষ্ট্ৰ গঠনত বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্ব অনুধাৱন কৰি সেই শ্ল’গানত যোগ কৰে, ‘জয় বিজ্ঞান’৷ তেওঁ কৈছিল, ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান’। মই ভাবো এতিয়া সময় আহিছে আৰু এখোজ আগুৱাই যোৱাৰ৷ সেইবাবে মই সেই শ্ল’গানত যোগ কৰিব বিচাৰো ‘জয় অনুসন্ধান’! সেয়েহে এতিয়া শ্ল’গানটো হ’ব– ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান’৷
প্ৰকৃতাৰ্থত বিজ্ঞানৰ লক্ষ্যত উপনীত হ’বলৈ দুটা উদ্দেশ্য পূৰণৰ জৰিয়তে সম্ভৱ হয়। প্ৰথমটো হৈছে–গভীৰ অথবা অন্তর্দৃষ্টিসম্পন্ন জ্ঞানৰ উন্মেষ। দ্বিতীয়টো হৈছে– আর্থ–সামাজিক উন্নয়নত সেই জ্ঞানৰ ব্যৱহাৰ। এই দুয়োটা উদ্দেশ্য সাধনৰ বাবে আমাৰ উদ্ভাৱন আৰু ষ্টার্ট–আপক গুৰুত্ব দিব লাগিব৷
আমাৰ চৰকাৰে নতুন বৈজ্ঞানিকসকলৰ উদ্ভাৱন প্ৰৱণতাক সহায় কৰাৰ লক্ষ্যৰে ‘অটল ইনোভেচন মিচন’ আৰম্ভ কৰিছে। বিগত চাৰি বছৰত পূর্বৰ চল্লিশ বছৰৰ তুলনাত যথেষ্ট পৰিমাণ প্ৰযুক্তিভিত্তিক ‘বিজনেছ ইনকিউবেটৰ’ স্থাপন কৰা হৈছে। বৰ্তমান উদ্যোগমহলত দূৰদৃষ্টিসম্পন্ন সময়াসাময়িক নির্দেশনাৰ জৰিয়তে তেওঁলোকৰ ধনৰ অনুপাতে আৰু ষ্টার্ট আপসমূহৰ সৈতে অংশীদাৰিত্ব কৰিব লাগিব। আমাৰ বৈজ্ঞানিকসকলে দেশৰ সাধাৰণ জনতাৰ সুলভ হোৱাকৈ চিকিৎসা সেৱা, গৃহনির্মাণ, নির্মল বায়ু, পানী আৰু শক্তি উৎপাদন, কৃষি উৎপাদন আৰু পৰিৱেশ অনুকূল খাদ্য প্ৰস্তুতকৰণত নতুন নতুন উদ্ভাৱনৰ কথা ভাবিব লাগিব। বিজ্ঞান য’ত বিশ্বজনীন, প্ৰযুক্তি স্থানীয় পৰিৱেশ আৰু পৰিস্থিতি অনুকূল স্থানীয় উপাদানভিত্তিক তথা স্থানীয় সমস্যা সমাধান কৰিব পৰা হোৱা উচিৎ।
বন্ধুসকল, আজি আমাৰ সন্মুখত যিবোৰ সামাজিক, আর্থিক প্ৰত্যাহ্বান আছে, সেইবোৰ সমাধানৰ বাবে ‘নেচনেল ৰিছার্চ লেবৰেটৰী এণ্ড চায়েণ্টিফিক অর্গেনাইজেচন’ত সুলভ, সুগম আৰু সহজে সমাধান কৰিব পৰাকৈ প্ৰস্তুত কৰিব লাগিব। মই আপোনালোকক কেইটামান উদাহৰণ দিব বিচাৰিছো। আমাৰ দেশত এনে কৃষকৰ সংখ্যাই অধিক যিসকলৰ নিজা ভূমিৰ পৰিমাণ ২ হেক্টৰতকৈ কম। তেওঁলোকৰ ক্ষেত্ৰত এনে প্ৰযুক্তি যাতে কম শ্ৰমতে অধিক শস্য উৎপাদন হয়। আমি কৃষি বিজ্ঞানৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিছো। আমাৰ দেশত উৎপাদনো বৃদ্ধি পাইছে, গুণমানো সুনিশ্চিত হৈছে, কিন্তু ‘নতুন ভাৰত’ৰ প্ৰয়োজন পুৰণ কৰিবলৈআৰু অধিক কৰাৰ প্ৰয়োজন আছে, নতুনকৈ বিভিন্ন ক্ষেত্রত সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে৷
‘বিগ ডেটা এনালাইছিচ’, কৃত্রিম বুদ্ধিমত্তা, ব্লক চেন তথা যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় বিভিন্ন প্ৰযুক্তিৰ সুলভ মূল্যত ব্যৱহাৰ কিদৰে শস্যৰ কামত লগাব তাৰ ওপৰত আমি গুৰুত্ব দিয়া উচিৎ। এতিয়া সময়ৰ আহ্বান হ’ল এই সকলো আৱিষ্কাৰৰ সৈতে ছেন্সৰ প্ৰযুক্তি, ড্রোন, ছেটেলাইট ইমেজিং আৰু কৃত্রিম বুদ্ধিমত্তাৰ এটি পেকেজ বনাই কিদৰে আমাৰ কৃষকসকলৰ সহায় কৰিব পৰা যায় সেয়া চোৱাটো। এই সাহায্যৰ ফলত কৃষকসকলে নিজৰ শস্য, খেতি, জলসিঞ্চন, সাৰ, পৰিবহণ আৰু কীটনাশক সামগ্ৰীকে ধৰি সকলো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্রত বৈজ্ঞানিক পদ্ধতিসমূহৰ সহায় ল’ব পাৰিব৷
বন্ধুসকল, যিদৰে আমি সহজ ব্যৱসায় কৰাৰ ক্ষেত্রত ধাৰাবাহিকভাৱে আগুৱাই গৈছো, সেইদৰে আমাৰ ১২৫ কোটি ভাৰতীয়ৰ ‘সহজ জীৱন শৈলী’ৰ ক্ষেত্ৰতো দ্রুতগতিত কাম কৰিব লাগিব। ইয়াৰ গতিপথ কেনে হ’ব সেয়া স্পষ্ট কৰাৰ বাবে আমি কেতবোৰ প্ৰশ্নক লৈ তর্ক–বিতর্ক, আলাপ–আলোচনাৰ, মন্থনৰ প্ৰয়োজন আছে। আমি খৰাংপ্ৰৱণ অঞ্চলসমূহত উন্নত আৰু বৈজ্ঞানিক পদ্ধতিত খৰাং ব্যৱস্থাপনাক লৈ কাম কৰিব নোৱাৰে নে? আমি বর্ষা, ঘূর্নি বতাহ আৰু অন্যান্য প্রাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী প্ৰক্রিয়াত সংস্কাৰ সাধন আৰু অধিক ফলপ্ৰসূ কৰিব নোৱাৰো নে? তেতিয়া কৃষি উপকৃত হোৱাৰ উপৰি বহু লোকৰ জীৱনো ৰক্ষা পৰিব৷
আমি দেশত দশকৰ পাছত দশক ধৰি অপুষ্টি সমস্যাৰ চিকাৰ হোৱা অসংখ্য শিশুৰ জীৱনক উন্নত কৰিবলৈ কোনো প্ৰযুক্তিগত সমাধান বিচাৰি উলিয়াব নোৱাৰে নে? আমি দেশক চিকনগুনিয়া আৰু এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ পথ বিচাৰি উলিয়াব নোৱাৰে নে? আৱৰ্জনাৰ পৰা শক্তিলৈ ৰূপান্তৰণৰ জৰিয়তে স্বচ্ছতাৰ বাবে সস্তা আৰু উপার্জনকাৰী কোনো অধিক ফলপ্ৰসূ পদ্ধতি বিচাৰি উলিয়াব নোৱাৰে নে? আমি পানীয় জলৰ সমস্যা সমাধানত ‘ৰিচাইক্লিং’ তথা ‘সংৰক্ষণ’ সম্পৰ্কীয় নতুন প্ৰযুক্তি গঢ়ি তুলিব নোৱাৰো নে? আমি এনে কোনো প্ৰক্রিয়া আৱিষ্কাৰ কৰিব নোৱাৰো নে, যি আমাৰ দেশৰ সংবেদনশীল সংস্থাসমূহক অভেদ্য চাইবাৰ নিৰাপত্তা প্ৰদান কৰে? আমি সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদন প্ৰক্রিয়াক আৰু কম ব্যয়সাপেক্ষ তথা সুলভ কৰি তুলিব নোৱাৰে নে, যাতে অতি দৰিদ্ৰ লোকসকলেও সহজে ইয়াক আহৰণ কৰিব পাৰে?
আমি বিজ্ঞানক সাধাৰণ জনতাৰ জীৱনৰ সৈতে জড়িত কৰিব লাগিব। দ্রুত পৰিৱর্তনশীল বিশ্বত ভাৰতৰ অগ্ৰগতিকে স্তব্ধ কৰাৰ অধিকাৰ কাৰোৰে নাই। আমি মানৱ সভ্যতাৰ অগ্ৰগতিত নেতৃত্ব দিব পাৰিব লাগিব। আমি সময়োপযোগী সমাধান বিচাৰি উলিয়াব লাগিব আৰু সেয়াও নির্দিষ্ট সময়সীমাৰ ভিতৰত হ’ব লাগিব৷
বন্ধুসকল, ভাৰতৰ বাবে বিজ্ঞানৰ ক্ষেত্রত ২০১৪ চনটো যথেষ্ট ভাল আছিল। আমাৰ এই বছৰৰ সফলতাৰ ভিতৰত আছে বিমানৰ উপযোগী জৈৱ ইন্ধন উৎপাদন, দৃষ্টিহীনসকলৰ বাবে ‘দিব্যনয়ন’ নামৰ এটি যন্ত্ৰ আৱিষ্কাৰ, ছার্ভিকেল কেন্সাৰ, যক্ষ্মা আৰু ডেংগী নির্ণয়ৰ বাবে সুলভমূল্যৰ উপকৰণ, ছিকিম আৰু দার্জিলিং এলেকাত ‘ৰিয়েল টাইম’ভূমিস্খলন সম্পৰ্কীয় সতর্কতামূলক ব্যৱস্থা আৰম্ভ কৰা ইত্যাদি। আমি আৰু বহুত কিবা–কিবি কৰিব লগা আছে। আমাৰ গৱেষণা আৰু বিভিন্ন উদ্যোগ উপাদানৰ উন্নয়নৰ সফলতাক সুলভ মূল্যত জনতাৰ কাষলৈ প্ৰেৰণ কৰি দিবলৈ শক্তিশালী বাণিজ্যিক উৎপাদন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। পৰিৱৰ্তনশীল প্ৰযুক্তিৰ উদ্ভাৱন, উৎপাদন আৰু যথাযথ ব্যৱস্থাপনাই ভাৰতৰ ভৱিষ্যতক সমৃদ্ধিশালী কৰি তুলিব পাৰে। শেহতীয়া তথ্য অনুসৰি বিজ্ঞান সম্পৰ্কীয় প্ৰকাশনাৰ সংখ্যাৰ বিচাৰত ভাৰত এতিয়া বিশ্বৰ আগশাৰীৰ পাঁচখন দেশৰ অন্যতম। এয়া কম সাফল্য নহয়, সংশ্লিষ্ট সকলো বৈজ্ঞানিক আৰু বিজ্ঞান বিষয়ৰ লেখকসকলক মই ভূয়সী প্ৰশংসা কৰিছো। উন্নত ভাৰত, আধুনিক ভাৰত, বৈজ্ঞানিক ভাৰত গঢ়ি তোলাৰ ক্ষেত্রত এই সফলতাই শক্তিশালী ভেঁটি গঢ়ি তুলিছে৷
বন্ধুসকল, উন্নত ভাৰত গঢ়ি তুলিবলৈ আজি ভাৰতৰ বিজ্ঞান উচ্চাকাংক্ষী হ’ব লাগিব। আমি কেৱল প্ৰত্যাহ্বান দেখুৱালেই নহ’ব, আমি শ্রেষ্ঠ হ’ব লাগিব। সেয়া গৱেষণাৰ স্বার্থত গৱেষণা নহয়, আমাৰ উদ্ভাৱন যে সেই স্তৰত উপনীত হৈছে, যিটো সমগ্ৰ বিশ্বই আমাৰ অনুসৰণ কৰিব৷
এই সাফল্য অর্জনৰ বাবে আমাৰ গৱেষণাৰ বিস্তৃত বাস্তু ব্যৱস্থা গঢ়ি তুলিব লাগিব। জলবায়ু পৰিৱর্তনৰ মোকাবিলা, কৃত্রিম বুদ্ধিমত্তা, জনসাংখ্যিক গতিশীলতা, জৈৱ প্ৰযুক্তি আৰু ডিজিটেল বজাৰক অগ্রাধিকাৰ দিব লাগিব। তেতিয়াহে আমি দেশৰ নবীন প্ৰজন্মৰ মেধাশক্তিৰ সম্ভাৱনাক কামত লগাব পাৰিম।
অনাগত দিনত জ্ঞান–বিশ্বত নেতৃত্ব প্ৰদানকাৰীৰ শাৰীত উপনীত হোৱাৰ বাবে দেশৰ গৱেষণা ক্ষমতা বৃদ্ধিৰ বাবে যথাসম্ভব প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। আন্তঃনিয়মানুৱৰ্তী গৱেষণাক উৎসাহ যোগাব লাগিব৷
বন্ধুসকল, কোনো এখন দেশৰ মেধাৰ সৃষ্টিশীলতা আৰু পৰিচয়, ইয়াৰ ইতিহাস, কলা, ভাষা আৰু সংস্কৃতিৰ ভিত্তিত গঢ় লৈ উঠে। সকলো সংস্কাৰৰ বন্ধন মুক্ত হৈ গৱেষণা কৰিব লাগিব। এতিয়া কলা আৰু সংস্কৃতি, সমাজ বিজ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ফিউজনৰ জৰিয়তে গৱেষণা কৰিব লাগিব। ই আমাৰ দেশৰ পৰিচয়ক শক্তিশালী আৰু গৌৰবান্বিত কৰি তুলি পাৰে৷
বন্ধুসকল, আমি সকলো সময়তে মনত ৰাখিব লাগিব যে আমাৰ দেশৰ প্রাচীন জ্ঞান আছিল গৱেষণা নির্ভৰ। ভাৰতীয় পণ্ডিতসকলে বিজ্ঞানৰ পৰা গণিত, কলাৰ পৰা সাহিত্য, ভাষা বিজ্ঞানৰ পৰা অর্থনীতি আৰু চিকিৎসাশাস্ত্ৰৰ পৰা দর্শনলৈকে সমগ্ৰ বিশ্বক ঋদ্ধ কৰি জ্ঞানক প্ৰজ্জ্বলিত কৰিছে। আকৌ সময় আহিছে বিশ্বত ভাৰতৰ সেই স্থান পুনৰ ঘুৰাই অনাৰ। এয়া তেতিয়াহে সম্ভৱ, যেতিয়া আমি বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি ভিতৰত অন্যতম হৈ উঠি গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক পথ দেখুৱাব পাৰিম৷
বন্ধুসকল, আমাৰ ৰাষ্ট্ৰীয় গৱেষণাগাৰ, কেন্দ্রীয় বিশ্ববিদ্যালয়, আইআইটি, আইআইএম, টিআইএফআৰ আৰু আইএছইআৰ এই সকলোবোৰ হৈছে দেশৰ গৱেষণা আৰু উন্নয়নৰ মেৰুদণ্ডসদৃশ। যদিও দেশৰ ৯৫ শতাংশতকৈও অধিক ছাত্ৰ–ছাত্রীয়ে বিভিন্ন ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়ত পঢ়া–শুনা কৰে য’ত গৱেষণাৰ ক্ষেত্ৰখন সীমাবদ্ধ। মই সেইবাবে প্ৰধানমন্ত্রীৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাবন পৰিষদক এই বিষয়ত বিস্তৃত আলোচনাৰ জৰিয়তে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু সকলো ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ অনুকূল কাম–কাজৰ পৰিকল্পনা নিৰ্ধাৰণ কৰাৰ পৰামর্শ দিছো৷
বন্ধুসকল, ভাৰতীয় বিজ্ঞান সমাৰোহৰ তিৰুপতি অধিৱেশনত মই চাইবাৰ ফিজিকেল পদ্ধতিৰ উন্নয়নক অগ্রাধিকাৰ দিয়াৰ অনুৰোধ কৰিছিলো। আমাৰ ‘জনসাংখ্যিক বৈচিত্ৰতা’ই অভূতপূর্ব প্ৰত্যাহ্বানৰ মুখামুখী কৰি তোলাৰ সম্ভাৱনা ইয়াৰ আছে। আমি ৰ’ব’টিক্স, কৃত্রিম বুদ্ধিমত্তা, বিগ ডেটা এনালাইছিছ ইত্যাদি ক্ষেত্রত গৱেষণা, প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ জৰিয়তে এই সমস্যাক বহু পৰিমাণে কর্মসংস্থাপনৰ সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰো। চৰকাৰে ইণ্টাৰ–ডিচিপ্লিনেৰি চাইবাৰ ফিজিকেল পদ্ধতিৰ ৰাষ্ট্ৰীয় স্তৰত গৱেষণাৰ বাবে ৩,৬০০ কোটিতকৈও অধিক ধন বিনিয়োগত অনুমোদন জনাইছে। এই অভিযানত ভিতৰত গৱেষণা আৰু উন্নয়ন, প্ৰযুক্তিগত উন্নয়ন, মানৱ সম্পদ, দক্ষতা, উদ্ভাৱন, ষ্টার্ট–আপ ইক’ ছিষ্টেম আৰু সুদৃঢ় উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা উল্লেখযোগ্য৷
কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালিকা শক্তি হ’ল তথ্য। সংশ্লিষ্ট মন্ত্ৰালয়ত কর্মৰত আমাৰ বৈজ্ঞানিসকলে কার্যকৰী তথ্য নীতি প্ৰণয়নৰ জৰিয়তে তথ্য সৃষ্টিৰ পৰা তথ্য প্ৰবাহ, তথ্য নিৰাপত্তা, তথ্য শ্বেয়াৰ কৰা আৰু তথ্য ব্যৱহাৰ কৰাৰ সঠিক উপায়সমূহ নিয়মিত অভ্যাস কৰে৷
বন্ধুসকল, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্রত আমাৰ সামর্থ্য, আমাৰ দক্ষতা সম্পর্কে জানিব পাৰিছো আমাৰ শেহতীয়া মহাকাশ অভিযানসমূহৰ সফলতাৰ জৰিয়তে। শেহতীয়াভাৱে আমি কাৰটোছেট–২ ছিৰিজৰ উপগ্ৰহসহ নেভিগেচন, যোগাযোগ ব্যৱস্থা আৰু চাইবাৰ স্পেকট্রাল ইমেজিংসহ আৰু ৩০টা উপগ্ৰহ উৎক্ষেপণ কৰিছো। ২০০০–২২ৰ ভিতৰত তিনিজন ভাৰতীয়ক মহাকাশলৈ পঠোৱাৰ পুৰ্ণগতিত প্ৰস্তুতি চলিছে৷
‘ইছৰো’ৰ বাবে এক বিশেষ প্ৰযুক্তি ‘ক্রিউ এস্কেপ ছিষ্টেম’ৰ নমুনা প্ৰদর্শনো কৰিছে। মই আমাৰ বৈজ্ঞানিকসকলৰ ওপৰত পূর্ণ আস্থা ৰাখিছো। মোৰ দৃঢ় বিশ্বাস যে নির্দিষ্ট সময়ৰ ভিতৰত আমাৰ বৈজ্ঞানিক আৰু মহাকাশচাৰী বন্ধুসকলে আমাৰ সপোন আৰু আকাংক্ষা বাস্তবায়িত কৰিব৷
বন্ধুসকল, এনে বহু ক্ষেত্ৰ আছে, য’ত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত হস্তক্ষেপৰ জৰিয়তে সাধাৰণ লোকৰ জীৱনত পৰিৱর্তন সাধন কৰাটো সম্ভৱ। আমি প্ৰযুক্তিৰ শক্তিৰে নিৰন্তৰ অপাৰেটিং ৰেফাৰেন্স ষ্টেচনছ নেটৱর্ক গঢ়ি তুলিব নোৱাৰে নে, যাতে আমি হাই ৰিজলিউচন জিঅ’ স্পেচিয়েল ডিজিটেল ডেটা পাব পাৰো? তেতিয়া হ’লে আমাৰ নাবিক তথা বৈজ্ঞানিকসকলে পৰিকল্পনাৰ সৈতে জড়িত উচ্চপদস্থ বিষয়াসকল আৰু বিশেষজ্ঞসকল বিস্তৃত তথ্য পাব পাৰো। এয়া উন্নয়ন প্ৰকল্পসমূহৰ পৰিকল্পনা, তদাৰকী, ব্যৱস্থাপনা আৰু সেইবোৰৰ বাস্তবায়িত আৰু কার্যকৰী কৰি তুলিব পাৰো৷
বন্ধুসকল, ইয়াৰ পূৰ্বে যেতিয়া ইম্ফলত ভাৰতীয় বিজ্ঞান সমাৰোহৰ অধিৱশন হৈছিল, তেতিয়া মই আপোনালোকৰ ওচৰত এটি আবেদন জনাইছিলো যে বৈজ্ঞানিকসকলে ‘চিক্ল চেল এনিমিয়া’সমস্যাৰ পৰা নিৰাময়ৰ পথ, সুলভ মূল্য তথা কার্যকৰী চিকিৎসা পদ্ধতি বিচাৰি উলিয়াব লাগিব। আমাৰ বহু জনজাতি ভাই–ভনীয়ে বৰ্তমান এই ৰোগত আক্ৰান্ত। মই অতিশয় আনন্দিত যে চিএছআইআৰৰ ডিবিটিয়ে ইতিমধ্যে এই লক্ষ্যত অভিযান আৰম্ভ কৰিছে। দুয়োটা সংস্থাৰ বৈজ্ঞানিকসকলে এতিয়া এই ৰোগক প্ৰতিহত আৰু নিৰাময় কৰাৰ সমান্তৰালভাৱে ‘জিন থেৰাপী’ৰ জৰিয়তে হিমোগ্ল’বিনৰ খামতি সংশোধন কৰিবলৈ ধৰিছে৷
বন্ধুসকল, ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্রত উদ্ভাবনৰ বাবে এক নতুন দূৰদৃষ্টিসম্পন্ন ৰোড মেপৰ প্ৰয়োজন আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি শেহতীয়াভাৱে ‘মুখ্য বিজ্ঞান আৰু প্ৰযুক্তি তথা উদ্ভাৱন পৰামর্শদাতা পৰিষদ’ গঠন কৰিছো। এই পৰিষদে যথাযথ বিজ্ঞান আৰু প্ৰযুক্তি হস্তক্ষেপত লৈ নীতি নির্ধাৰণৰ সমান্তৰালভাৱে সংশ্লিষ্ট সকলো পক্ষ, সংশ্লিষ্ট মন্ত্ৰালয়ৰ সহযোগিতাত বহুপক্ষীয় নীতি প্ৰণয়নকে বাস্তবায়িত কৰিব। চৰকাৰে শিক্ষা ক্ষেত্রত বিশেষকৈ উচ্চশিক্ষা ক্ষেত্ৰত গুৰুত্ব দি গুণগত মান উন্নয়নৰ প্ৰক্রিয়াত হাত দিছে। আমি উচ্চশিক্ষা ক্ষেত্ৰক অধিক স্বাধীনতা দিছো। ইউজিচিয়ে ‘গ্রেডেড অটোনমি ৰেগুলেচন্ছ’ প্ৰণয়ন কৰি উন্নত দক্ষতাসম্পন্ন কলেজ আৰু বিশ্ববিদ্যালয়ৰ বাবে কার্যকৰী তথা আর্থিক স্বায়ত্তশাসনত অনুমোদন জনাইছে। আমি বিশ্বৰ শ্রেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতাত সক্ষম এনে প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰক্রিয়া আৰম্ভ কৰিছো। এই প্ৰচেষ্টাৰ ফলত প্ৰতিযোগিতা, বিনিয়োগ বৃদ্ধিৰ লগতে উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহৰ উৎকর্ষ সাধন হ’ব। আমি ‘প্রাইম মিনিষ্টাৰ ৰিছার্চ ফেলো’ আৰম্ভ কৰিছো। এই প্ৰকল্পৰ জৰিয়তে দেশৰ শ্রেষ্ঠ প্ৰতিষ্ঠানসমূহৰ শ্রেষ্ঠ মেধাবী ছাত্ৰ–ছাত্রীসকলক আইআইটি আৰু আইআইএমচিত পিএইচডিৰ বাবে নামভৰ্তিৰ আমন্ত্ৰণ জনোৱা হ’বে। এই প্ৰচেষ্টাই উন্নতমানৰ গৱেষণা আৰু প্ৰধান শিক্ষা প্ৰতিষ্ঠানসমূহ শিক্ষকৰ অভাৱ দূৰ কৰিব।
বন্ধুসকল, মই আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি শ্ৰদ্ধাৰ ড০ এ পি জে আব্দুল কালামৰ এটি উক্তি উল্লেখ কৰিব বিচাৰিছো–বৈচিত্র্যময় কল্পনা আৰু নিয়মিত প্ৰচেষ্টাৰ জৰিয়তে বিশ্বৰ শক্তিসমূহক এক অনুপ্রাণিত মনৰ বাবে কাম কৰিব পাৰি। আমি কিদৰে ভাৰতীয় যুবসম্প্ৰদায়ৰ মনত চাকিৰ শলিতাগছি জ্বলাব পাৰো, যিসকলে গৱেষণাৰ আধাৰ গঢ় দিয়াৰ লগতে ভাৰতীয় বিজ্ঞানৰ নৱজাগৰণৰ চামিল হয়, সেয়া প্ৰত্যক্ষ কৰিম৷
ভাৰতত এতিয়া নতুন প্ৰজন্মৰ সৃষ্টিশীল তথা প্ৰত্যয়ী মনৰ মানুহেৰে ভৰি পৰিছে। তেওঁলোকৰ বিজ্ঞানৰ জয়যাত্রাৰ জৰিয়তে নতুন ভাৰত গঢ়ি তোলাৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰতি চৰকাৰ দায়বদ্ধ। আমি বর্তমান আৰু ভৱিষ্যতৰ সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ প্ৰস্তুত। ভাৰতবৰ্ষত এতিয়া ভাৱনা, জ্ঞান, প্ৰজ্ঞা আৰু কর্মৰ সমাহাৰ ঘটিছে। এইখন ভাৰত শক্তিশালী, প্ৰত্যয়ী, সমৃদ্ধ আৰু প্রাণশক্তিৰে ভৰপুৰ। এইখন ভাৰত সংবেদনশীল৷
মই আপোনালোকৰ সকলোকে সৃষ্টিশীল তথা সমৃদ্ধ নতুন বছৰ ২০১৯ৰ শুভেচ্ছা জনাইছো৷
ধন্যবাদ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷
*****
AKT/ VJ/SBP/DB
The life and works of Indian Scientists are a compelling testament of integration of deep fundamental insights with technology development & nation-building.
— PMO India (@PMOIndia) January 3, 2019
It is through our modern temples of science that India is transforming its present & working to secure its future: PM
हमने कृषि विज्ञान में काफी प्रगति की है, हमारे यहां पैदावार, गुणवत्ता बढ़ी है लेकिन न्यू इंडिया की जरुरतों को पूरा के लिए विस्तार की ज़रूरत है।
— PMO India (@PMOIndia) January 3, 2019
Big Data, AI, Blockchain से जुड़ी तमाम टेक्नॉलॉजी का कम कीमत में कारगर इस्तेमाल खेती में कैसे हो इस पर हमारा फोकस होना चाहिए: PM
2018 was a good year for Indian science.
— PMO India (@PMOIndia) January 3, 2019
Among our achievements this year are:
Production of Aviation Grade Biofuel
Divya Nayan - a machine for visually impaired
Inexpensive devices for diagnosis of Cervical Cancer, TB, Dengue
A real-time landslide warning system: PM
We need strong path-ways to commercialisation, that leverage our Research & Development achievements, through industrial products.
— PMO India (@PMOIndia) January 3, 2019
The future is about convergence and connected technologies.
We should catalyse, harness and manage change for the nation’s prosperity: PM
उन्नत भारत बनाने के लिए आज भारत के विज्ञान को महत्वाकांक्षी बनना होगा।
— PMO India (@PMOIndia) January 3, 2019
हमें सिर्फ प्रतिस्पर्धा नहीं करनी, हमें श्रेष्ठता दिखानी होगी।
हमें सिर्फ रीसर्च करने के लिए रीसर्च नहीं करनी है बल्कि अपनी Findings को उस स्तर पर ले जाना है जिससे दुनिया उसके पीछे चले: PM
किसी भी देश की Intellectual Creativity और Identity उसके इतिहास, कला, भाषा और संस्कृति से बनती है।
— PMO India (@PMOIndia) January 3, 2019
ऐसे में हमें विधाओं के बंधन से मुक्त होकर शोध करना होगा।
अब ऐसी रीसर्च की जरुरत है जिसमें Arts और Humanities, सोशल साइंस, साइंस और टेक्नोल़ॉजी के Innovation का Fusion हो: PM
Our strengths in R&D are built on the backbone of our national laboratories, central universities, IIT, IISc, TIFR & IISER.
— PMO India (@PMOIndia) January 3, 2019
However, over 95% of our students go to state universities & colleges.
A strong research ecosystem must be developed in these Universities & Colleges: PM
I call upon the Prime Minister’s Science, Technology and Innovation Council, to discuss these issues in detail and formulate an action plan in consultation with the Ministry of Human Resource Development, to boost research in our colleges and state universities: PM
— PMO India (@PMOIndia) January 3, 2019
Let us work for building a new India through science.
— PMO India (@PMOIndia) January 3, 2019
An India that is ready to meet the challenges & opportunities of present & future.
An India that is bubbling with ideas, knowledge, wisdom & action.
An India that is stronger, confident, prosperous & healthier: PM