Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত মহোৎসৱৰ গুৰুত্বৰ ওপৰতো শুভেচ্ছা প্ৰকাশ কৰাৰ লগতে আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কেইবছৰমান পূৰ্বে এই মহোৎসৱ দৰ্শন কৰা মোৰ ভাল লগা স্মৃতিবোৰ স্মৰণ কৰি আনকো এই উৎসৱ দৰ্শন কৰিবলৈ আৰু নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰিবলৈ আহ্বান জনায়।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’ৰ এক্স পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখেঃ

‘চলিত হৰ্ণবিল মহোৎসৱৰ বাবে মোৰ শুভেচ্ছা আৰু ২৫ বছৰ সম্পূৰ্ণ কৰা এই প্ৰাণৱন্ত উৎসৱৰ বাবে নাগালেণ্ডবাসীলৈ অভিনন্দন জনাইছো। এইবাৰৰ উৎসৱৰ সময়ত আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ ওপৰতো গুৰুত্ব দিয়া দেখি মই আনন্দিত হৈছো।

কেইবছৰমান আগতে মই এই মহোৎসৱ দৰ্শন কৰা মোৰ ভাল লগা স্মৃতি সজীৱ হৈ আছে আৰু মই আনকো আহ্বান জনাইছো যে এই মহোৎসৱ ভ্ৰমণ কৰি নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰক।”

 

***

MJPS/TS/DB