Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হৰিয়ানাৰ মানেথিত নতুন এইমছ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন


হৰিয়ানাৰ মানেথিত নতুন এইমছ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন
 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত বৃহস্পতিবাৰ অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত হাৰিয়ানাৰ ৰিৱাৰী জিলাৰ মানেথিত নতুন এখনসৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ স্থাপন প্ৰস্তাৱলৈ অনুমতি প্ৰদান কৰে। উল্লেখ্য যে এই চিকিৎসা প্রতিষ্ঠানটো স্থাপনৰ বাবে মুঠ ব্যয় ধৰা হৈছে ১ হাজাৰ ২৯৯ কোটি টকা। প্রতিষ্ঠানখনৰ বাবে এটাসঞ্চালক পদ সৃষ্টিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সঞ্চালক পদটোৰ মুঠ বেতন স্থিৰ কৰা হৈছে ২ লাখ ২৫ হাজাৰ টকা। ইয়াৰ উপৰিও পদটোৰ বাবে বিভিন্ন সা-সুবিধাও ৰখা হৈছে।

নতুন এই এইমছত এমবিবিএছ পর্যায়ত ১০০ খন স্নাতকোত্তৰ শ্ৰেণীৰ আসন আৰু ৬০ খন বিএছচি নাৰ্ছিংৰ আসন থাকিব। ইয়াৰ উপৰিও, ৭৫০ খন বিচনাযুক্তএই চিকিৎসা প্রতিষ্ঠানত ১৫ – ২০টাছুপাৰস্পেচিয়েলিটি বিভাগ গঢ়ি তোলা হ’ব। আশা কৰাহৈছে যেপ্রতিষ্ঠানৰ চিকিৎসা সেৱা পূৰ্ণ পৰ্যায়ত আৰম্ভ হ’লে বহির্বিভাগত প্রতিদিনে ১ হাজাৰ ৫০০ ৰোগীক চিকিত্সা প্ৰদান কৰিব পৰা যাব আৰু প্ৰতিষ্ঠানখনৰ ভিতৰত প্ৰতিমাহে ১ হাজাৰৰো অধিক ৰোগীক চিকিত্সা সেৱা প্ৰদান কৰিব পৰা যাব।

এই প্রতিষ্ঠানখন গঢ়ি উঠিলে হাৰিয়ানাৰ এই অঞ্চলত স্বাস্থ্যক্ষেত্রৰ সৈতে জড়িত পেছাদাৰীসকলৰ অভাৱ নাইকিয়া কৰাৰ লগতে চিকিৎসা শিক্ষা আৰু প্রশিক্ষণ ক্ষেত্রত এক আমূল পৰিৱর্তন ঘটিব। নতুন এই চিকিৎসা প্রতিষ্ঠানত আপদকালীন বা ট্র’মা বিভাগ, আয়ুষ, আইচিইউ স্পেচিয়েলিটি আৰুছুপাৰস্পেচিয়েলিটি বিভাগ, মেডিকেল কলেজ, আয়ুষ, চিকিৎসা সেৱাআনকি অডিটৰিয়াম, আবাসগৃহআৰুনিবাসৰ সুযোগ-সুবিধা থাকিব। আশা কৰাহৈছে, প্রতিষ্ঠানটোআৰম্ভ হ’লে বিভিন্ন ৰোগী সেৱা বিভাগত প্রায় ৩ হাজাৰ লোকৰ কর্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব। ইয়াৰ উপৰিও, প্রতিষ্ঠানখনৰ নির্মাণৰ সময়তো কামৰ সুযোগ যথেষ্ট বৃদ্ধি পাব।

 

*******

AKT/SH/RD