Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্মৃতি বন উদ্বোধনৰ দিনটো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০১ চনৰ ভূমিকম্পত প্ৰাণহানি হোৱা লোকসকলৰ হৃদয়ভৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্মৃতি বন উদ্বোধনৰ দিনটো স্মৰণ কৰে৷

শ্ৰী মোদীয়ে লগতে যোৱা বছৰৰ স্মৃতি বন উদ্বোধনৰ কেইটামান দৃশ্য শ্বেয়াৰ কৰে৷

তেওঁ লগতে সকলোকে কচ্চৰ স্মৃতি বন ভ্ৰমণ কৰাৰ আহ্বান জনায়৷

টুইটাৰত মোদী ষ্টৰীৰ এটা পোষ্টৰ সঁহাৰি জনাই এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“২০০১ চনৰ ভূমিকম্পত প্ৰাণহানি হোৱা লোকসকলৰ হৃদয়ভৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্মৃতি বন উদ্বোধন কৰাৰ এবছৰ সম্পূৰ্ণ হ’ল৷ এইটো এটা স্মৃতিসৌধ যি সুস্থিৰতা আৰু স্মৃতিক জীপাল কৰে। যোৱা বছৰৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছো আৰু আপোনালোক সকলোকে কচ্চৰ স্মৃতি বন চাবলৈ আহ্বান জনাইছো।”

***