প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফাইনেলৰ অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ তেওঁ হেকাথনত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ একাধিক গোটৰ সৈতে মত বিনিময় কৰিব৷ শিক্ষাৰ্থীসকলৰ সৈতে কৰিবলগীয়া মত বিনিময়ৰ কৃষি, বিত্ত, অপুষ্টি আৰু শিক্ষাৰ দৰে বিষয়সমূহ সামৰি লোৱা হ’ব৷
তেওঁ স্মাৰ্ট ইণ্ডিয়া হেকাথনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহত্তম মুকলি উদ্ভাৱন আৰ্হি বুলি অভিহিত কৰে৷ তেওঁ কয় যে বৰ্তমান ভাৰতীয় অৰ্থনীতি দ্ৰুতগতিত বিকশিত হৈছে আৰু দেশ উদ্ভাৱনৰ নতুন শিখৰত উপনীত হৈছে৷ তেওঁ কয় যে ভাৰত এতিয়া তৃতীয় বৃহৎ ষ্টাৰ্ট-আপ দেশ৷
***
AKT/ VJ/DB