৩১ অক্টোবৰ ২০১৬ তাৰিখে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মুকলিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘‘চৰ্দাৰ পেটেলে আমাৰ এক ভাৰত দিছিল৷ এতিয়া ১২৫ কোটি ভাৰতীয়ৰ দায়িত্ব হ’ল শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰা৷’’ এই চিন্তাধাৰাক নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেও মানি চলিছিল৷
নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নায়কসকলক সন্মানিত কৰিবলৈ বিচাৰে যিসকলে একতা, সুৰক্ষা, সাৰ্বভৌমত্ব আৰু বিকাশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল? তেওঁ আমাৰ ইতিহাস আৰু ঐতিহ্য আমাৰ ৰাষ্ট্ৰৰ গৌৰৱৰ অংশীদাৰ হোৱাটো বিচাৰে৷
ইয়াৰে এটা উদাহৰণ হ’ল দাণ্ডীৰ ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক৷ এই স্মাৰকত ১৯৩০ চনত মহাত্মা গান্ধীয়ে ৮০জন সহযোগীৰ সৈতে সত্যাগ্ৰহীসকলৰ সৈতে কৰা দাণ্ডী যাত্ৰা প্ৰতিফলিত হৈছে৷
তাৰোপৰি ১৮২ মিটাৰ উচ্চতাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অব্ ইউনিটীৰ মুৰ্তিও এক অন্যতম উদাহৰণ৷ নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতেই এই মুৰ্তিৰ বিষয়ে সদিচ্ছা প্ৰকাশ কৰিছিল৷ এই মুৰ্তি কেৱল ভাৰতৰ লৌহ মানৱৰ প্ৰতি উচৰ্গাই নহয়, এয়া সকলো ভাৰতীয়ৰ বাবে এক গৌৰৱৰ বিষয়ো৷
বহু দশকজুৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰিয়ালে তেওঁৰ জীৱন সম্বন্ধীয় ফাইলসমূহ সাৰ্বজনিক হোৱাটো বিচাৰি আছিল৷ পূৰ্বৰ চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাত অক্ষম হৈছিল৷ ২০১৫ চনৰ অক্টোবৰ মাহত যেতিয়া নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাসভৱনত নেতাজীৰ পৰিয়ালক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ কৈছিল, ‘‘ইতিহাসক চেপি ধৰাৰ কোনো কাৰণ মই নেদেখো৷’’ ইয়াৰ পিছতে ফাইলসমূহ সাৰ্বজনিক কৰা হৈছিল আৰু ডিজিটেল প্লেটফ’ৰ্মত সঞ্চয় কৰা হৈছিল৷
১৯৪০ চনৰ মাজভাগত লালকিল্লাত আইএনএৰ যেতিয়া গোচৰ ৰুজু হৈছিল তেতিয়া ই সমগ্ৰ দেশকে জোকাৰি গৈছিল৷ আনহাতে যিটো ভৱনত এই গোচৰ ৰুজু কৰা হৈছিল সেই ভৱনটোৰ কথা সকলোৱে পাহৰি গৈছিল৷ এই বৰ্ষৰ সুভাষ বসুৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে সেই ভৱনটোতে এটা সংগ্ৰহালয় মুকলি কৰে আৰু ইয়াক নেতাজী তথা ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্মীলৈ উচৰ্গা কৰে৷ চাৰিটা সংগ্ৰহালয়যুক্ত এই ভৱনটোক ‘‘ক্ৰান্তি মন্দিৰ’’ নাম দিয়া হৈছে৷ এই সংগ্ৰহালয়ৰ দ্বাৰা ১৮৫৭ চনৰ স্বাধীনতা যুঁজৰ সেনানীসকলক তথা জালিয়ানাৱালাবাগৰ নৰসংহাৰৰ ঘটনাও স্মৰণ কৰা হৈছে৷
দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা আৰক্ষী কৰ্মীলৈ প্ৰধানমন্ত্ৰীলে নেতাজী সুভাষ চন্দ্ৰ বসু পুৰষ্কাৰৰ কথাও ঘোষণা কৰিছে৷
যোৱা চাৰি বছৰত আমাৰ দেশৰ ইতিহাসৰ বহুতো মহান নেতাৰ সোঁৱৰণত স্মাৰক স্থাপন কৰা হৈছে৷
নৰেন্দ্ৰ মোদীৰ আন এটা মূল চিন্তাধাৰা হ’ল পঞ্চতীৰ্থ- বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতি উৎসৰ্গিত পাঁচটা স্মাৰক৷ এই পাঁচটা স্থান হ’ল- তেওঁৰ জন্মস্থান মহু, লণ্ডনৰ সেই স্থান য’ত তেওঁ অধ্যয়ন কৰিছিল, নাগপুৰৰ দীক্ষা ভূমি, দিল্লীৰ মহাপৰিনিৰ্বাণ স্থল আৰু মুম্বাইৰ চৈত্য ভূমি৷
যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া তেওঁ কচ্চত শ্যামজী কৃষ্ণ ভাৰ্মাৰ স্মাৰক মুকলি কৰিছিল৷
হাৰিয়ানাত তেওঁ সমাজ সংস্কাৰত ছাৰ ছোটু ৰামৰ মুৰ্তি মুকলি কৰিছিল৷
তেওঁ আৰৱ সাগৰৰ মুম্বাই উপকূলত শিৱাজী স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছে৷
দিল্লীত প্ৰধানমন্ত্ৰীয়ে নেচনেল ছায়েন্স চেণ্টাৰত চৰ্জাৰ পেটেল গেলেৰী মুকলি কৰিছে৷
শেহতীয়াকৈ তেওঁ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰলৈ উচৰ্দা কৰিছে৷ এই স্মাৰকৰ জৰিয়তে কৰ্তব্যত নিয়োজিত থকা অৱস্থাত দেশৰ হকে প্ৰাণ বলি দিয়া ৩৩,০০০ আৰক্ষীৰ ত্যাগক স্মৰণ কৰা হৈছে৷
এই সপ্তাহৰ ভিতৰতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকো মুকলি কৰা হ’ব৷ এয়া স্বাধীনতাৰ সময়ৰে পৰা বিভিন্ন যুদ্ধত প্ৰাণ বলি দিয়া সকলৰ প্ৰতি উচৰ্গা কৰা হৈছে৷
স্মাৰকসমূহ হ’ল ত্যাগৰ সোঁৱৰণস্বৰূপ যিয়ে আমাৰ উন্নত জীৱনলৈ অৰিহণা আগবঢ়াইছে৷ তেওঁলোক বৰ্তমান আৰু ভৱিষ্যতৰ উৎসাহৰ প্ৰতিমুৰ্তি৷
এই স্মাৰকসমূহ নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে৷ এয়া একতা আৰু গৌৰৱৰ সেই ভাৱনাক প্ৰকট কৰে যাক পোষণ কৰাটো অতিশয় আৱশ্যক৷
*********
AKT/VJ/SBP/MANN