প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত স্বাস্থ্যক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চূক্তি কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
বুজাবুজিৰ চূক্তিয়ে সামৰি লোৱা বিভিন্ন দিশসমূহঃ
১. কেন্সাৰ আৰু শিশুৰ হৃদৰোগকে ধৰি অসংক্ৰামক ৰোগ
২. ড্ৰাগছ নিয়ন্ত্ৰণ আৰু ফাৰ্মাচিটিকেলৰ মান নিৰূপণ
৩. সংক্ৰামক ৰোগ
৪. প্ৰসূতি আৰু সদ্যজাত শিশুৰ স্বাস্থ্য
৫. চিকিৎসালয়ৰ মাজত সহযোগিতা আৰু উন্নত ব্যৱস্থাৰ আদান-প্ৰদান
৬. চিকিৎসালয় তথা স্বাস্থ্যসেৱাৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা
৭. পাৰস্পৰিকভাৱে সিদ্ধান্ত কৰা কোনো বিষয়ত সহযোগিতা
ভৱিষ্যতে এই বুজাবুজিৰ চূক্তি ৰূপায়ণৰ বাবে আৰু বিতং সহযোগিতাৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব।
*****
AKT/VBA/SH/