প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত আজি স্বচ্ছ ভাৰত অভিযান (গ্রামীণ) ৰূপায়ণত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে অতিৰিক্ত ১৫,০০০ কোটি টকাৰ বাজেট সহায় সম্পদ সংগ্রহ আৰু পূৰ্বৰ খোৱাপানী মানদণ্ডৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ নাম খোৱাপানী, অনাময় আৰু মানদণ্ডৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে নামকৰণত কেবিনেটে অনুমোদন জনায়।
বৈঠকত ২০১৮-১৯ বিত্তীয় বৰ্ষত নাবার্ডৰ জৰিয়তে স্বচ্ছ ভাৰত অভিযান (গ্রামীণ) ৰূপায়ণৰ লক্ষ্যৰে বাজেটত অতিৰিক্ত ১৫ হাজাৰ কোটি টকা সংগ্রহৰ প্রস্তাৱত অনুমোদন জনায়। ইফালে, স্বচ্ছ ভাৰত অভিযান (গ্রামীণ) পুঁজিক কামত লগোৱাৰ বাবে ৰাষ্ট্ৰীয় খোৱা পানী, অনাময় আৰু মানসম্পন্ন কেন্দ্রক কামত লগোৱা অনুমোদন দিছে।
কেন্দ্রীয় কেবিনেটে অনুমোদন জনোৱা এই প্রস্তাৱৰ ফলত স্বচ্ছ ভাৰত অভিযান (গ্রামীণ)ৰ অধীনত দেশৰ ডেৰ কোটি গ্রামীণ পৰিয়াল উপকৃত হ’ব। এই কাৰ্যসূচী ৰূপায়ণ হ’লে গাওঁ পঞ্চায়তসমূহেও গোটা আৰু তৰল পেলনীয়া সমাগ্ৰী ব্যৱস্থাপনাৰ ক্ষেত্রত বিশেষ সুবিধা পাব। গাওঁসমূহত মুকলি স্থানত মলত্যাগ কাৰ্য বন্ধ কৰাৰ ক্ষেত্ৰত সংগৃহীত পুঁজি কামত লগোৱা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে ২০১৪ চনৰ ২ অক্টোবৰত স্বচ্ছ ভাৰত অভিযান শুভাৰম্ভ কৰি দেশত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ লক্ষ্যত উপনীত হোৱাৰ সংকল্প লোৱা হৈছিল। আৰু ২০১৯ৰ ভিতৰত দেশৰ সকলো পৰিয়ালে এটাকৈ শৌচালয় থকাৰ বাবে ১২,০০০ টকাকৈ প্ৰদান কৰা হৈছে।
***
AKT/SH/DB