প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সুগম্য ভাৰত অভিযান’ৰ নৱম বৰ্ষপূৰ্তি উদযাপন কৰে। তেওঁ দিব্যাংগ ভগ্নী-ভাতৃসকলৰ বাবে সুগমতা, সমতা আৰু সুযোগ বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দিব্যাংগ ভগ্নী-ভাতৃসকলৰ দৃঢ়তা আৰু সফলতাৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই আমাক সকলোকে গৌৰৱান্বিত কৰিছে।
‘মাইগভইণ্ডিয়া’ আৰু ‘মোদী আৰ্কাইভ হেণ্ডেল’-ৰ দ্বাৰা ‘এক্স’-ত কৰা এলানি ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:
“আজি আমি #9YearsOfSugamyaBharat উদযাপন কৰিছোঁ আৰু আমাৰ দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ বাবে অভিগম্যতা, সমতা আৰু সুযোগ বৃদ্ধি কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিছোঁ।”
“আমাৰ দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ দৃঢ়তা আৰু সফলতাই আমাক গৌৰৱান্বিত কৰে। ‘পেৰালিম্পিক’ত ভাৰতৰ সফলতা ইয়াৰ এটা অতি জীৱন্ত উদাহৰণ। এইটোৱে প্ৰতিবন্ধী ব্যক্তিসকলৰ ‘কৰিব পাৰো’ মনোভাৱকে বৰ্ণিত কৰে। #9YearsOfSugamyaBharat”
“সঁচাকৈয়ে এক পাহৰিব নোৱাৰা স্মৃতি!#9YearsOfSugamyaBharat”
“২০১৬ চনত প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইনৰ ঐতিহাসিক অনুমোদনত প্ৰতিবন্ধী ব্যক্তিসকলৰ সৱলীকৰণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ এক স্পষ্ট ইঙ্গিত দেখা যায়। #9YearsOfSugamyaBharat”
***
MJPS/SR/KB
Today, we mark #9YearsOfSugamyaBharat and reiterate our commitment to further boosting accessibility, equality and opportunity for our Divyang sisters and brothers. https://t.co/jlChXMjPnK
— Narendra Modi (@narendramodi) December 3, 2024
The fortitude and accomplishments of our Divyang sisters and brothers make us proud. A very vibrant example is India’s success in the Paralympics. It illustrates the ‘Can Do’ spirit of persons with disabilities. #9YearsOfSugamyaBharat https://t.co/MZwzqHrD69
— Narendra Modi (@narendramodi) December 3, 2024
An unforgettable memory indeed! #9YearsOfSugamyaBharat https://t.co/T1M6dvtUyH
— Narendra Modi (@narendramodi) December 3, 2024
A clear indication of our commitment to empowering persons with disabilities can be seen in the historic passage of the Rights of Persons with Disabilities Act of 2016.#9YearsOfSugamyaBharat https://t.co/xPD69fcqVQ
— Narendra Modi (@narendramodi) December 3, 2024