প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধীকৰণ(জিএছটিএটি)ৰ ৰাষ্ট্ৰীয় পীঠ গঠনত অনুমোদন জনাইছে৷
আপীল ন্যায়াধীকৰণৰ ৰাষ্ট্ৰীয় পীঠ নতুন দিল্লীত স্থাপন কৰা হ’ব৷ জিএছটিএটিৰ সভাপতিত্ব কৰিব ৰাষ্ট্ৰপতিয়ে আৰু ইয়াত কেন্দ্ৰ আৰু ৰাজ্যৰ একোগৰাকীকৈ কাৰিকৰী সদস্য থাকিব৷
জিএছটিএটি ৰাষ্ট্ৰীয় পীঠ গঠনৰ বাবে এবাৰলৈ ৯২.৫০ লাখ টকা ব্যয় হোৱাৰ বিপৰীতে প্ৰতি বছৰে চলিত ব্যয় হ’ব ৬.৮৬ কোটি টকা৷
সবিশেষঃ
সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধীকৰণ হৈছে জিএছটি আইনৰ পাছতে দ্বিতীয় আপীল মঞ্চ আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ বিবাদ নিষ্পত্তিত এক অভিন্ন মঞ্চ৷ কেন্দ্রীয় আৰু ৰাজ্যিক জিএছটি আইনৰ অধীনত আপীল কর্তৃপক্ষই দিয়া আদেশৰ বিৰুদ্ধে আপীল ন্যায়াধীকৰণত আবেদন কৰিব পাৰিব৷ জিএছটি আপীল ন্যায়াধীকৰণ এক অভিন্ন মঞ্চ হোৱাৰ ফলত জিএছটিৰ অধীনৰ বিভিন্ন বিবাদ নিষ্পত্তিৰ ক্ষেত্রত অভিন্নতা সুনিশ্চিত কৰিব আৰু ফলস্বৰূপে সমগ্ৰ দেশত জিএছটি ৰূপায়ণতো সামঞ্জস্য বজাই ৰখাত সহায় হ’ব৷
চিজিএছটি আইনৰ অষ্টাদশ অধ্যায়ে জিএছটি ব্যৱস্থাৰ অধীনত বিবাদ মীমাংসাৰ বাবে আপীল আৰু সমীক্ষা ব্যৱস্থাৰ সুবিধা আগবঢ়ায়৷ এই অধ্যায়ৰ ১০৯নং ধাৰাই পৰিষদক পৰামৰ্শ আগবঢ়োৱাত কেন্দ্ৰীয় চৰকাৰক ক্ষমতা প্ৰদান কৰিছে৷ এই ক্ষেত্ৰত যিকোনো ধৰণৰ গৃহীত জাননীৰ বিৰুদ্ধে ৰায় দিয়াত জিএছটিএটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
***
AKT/SH/DB