প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই ‘সাংসদৰ স্থানীয় এলেকা উন্নয়ণ আঁচনি(এমপিএলএডিএছ)খন ২০২১-২২ বিত্তীয় বৰ্ষৰ অৱশিষ্ট কালছোৱাৰ লগতে ২০২৫-২৬বিত্তীয় বৰ্ষত সামৰণি পৰিবলগীয়া ‘পঞ্চদশ বিত্ত আয়োগ’ৰ অন্ত পৰ্যন্ত পুনৰ ৰূপায়ণ আৰু বিস্তাৰিতকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।
আঁচনিখনৰ সবিশেষ:
‘এমপিএলএডিএছ’-খন সম্পূৰ্ণ ৰূপে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় পুঁজিৰে ৰূপায়িত আঁচনি। সাংসদসকলে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত সাধাৰণতে নিজৰ সমষ্টিত খোৱা পানী, প্ৰথমিক শিক্ষা, জনস্বাস্থ্য, অনাময় আৰু পথঘাটৰ দৰে উন্নয়ণমূলক কাম-কাজসমূহ ৰূপায়িত কৰি দীৰ্ঘম্যাদী ৰাজহুৱা সম্পদ নিৰ্মাণত এই আঁচনিয়ে গুৰুত্ব প্ৰদান কৰে।
প্ৰতিগৰাকী সাংসদে প্ৰতি বছৰে ‘এমপিএলএডিএছ’-ৰ বাবে ৫কোটি টকাকৈ লাভ কৰে। ‘এমপিএলএডিএছ’-ৰ বিধি-নিৰ্দেশনাৰ আধাৰত প্ৰকল্পৰ কাম সমাধা কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে এই পুঁজিৰ ধন দুটা কিস্তিত অৰ্থাত্ ২.৫কোটিকৈ প্ৰতি কিস্তি মোকলাই দিয়া হয়।
ক’ভিড-১৯য়ে সৃষ্টি কৰা বিষম পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২০চনৰ ৬এপ্ৰিলত অনুষ্ঠিত কেবিনেটৰ সভাই ২০২০-২১ আৰু ২০২১-২২বিত্তীয় বৰ্ষত এই আঁচনি ৰূপায়ণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই ধন ৰাশি ক’ভিড-১৯ৰ প্ৰবন্ধনত ব্যৱহাৰৰ বাবে বিত্তীয় মন্ত্ৰালয়ক অৰ্পণ কৰিছিল।
শেহতীয়া ভবে পৰিস্থিতি সলনি হ’বলৈ লোৱাত আৰু দেশৰ অৰ্থনীতিয়ে প্ৰগতিৰে পথেৰে অগ্ৰসৰ হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কেবিনেটে ২০২১-২২ বিত্তীয় বৰ্ষৰ অৱশিষ্ট কালছোৱাৰ লগতে ২০২৫-২৬বিত্তীয় বৰ্ষত সামৰণি পৰিবলগীয়া পঞ্চদশ বিত্ত আয়োগৰ অন্ত পৰ্যন্ত পুনৰ ৰূপায়ণ আৰু বিস্তাৰিতকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।