প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, পণ্ডিত ৰেৱা প্ৰসাদ দ্বিবেদীজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
আজি এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সংস্কৃতৰ মহান ব্যক্তিত্ব মহামহোপাধ্যায় ৰেৱা প্ৰসাদ দ্বিবেদীজীৰ মৃত্যুত গভীৰভাৱে দুখিত হৈছোঁ। তেওঁ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত বহুতো দৃষ্টান্ত সৃষ্টি কৰি থৈ গ’ল। তেওঁৰ বিয়োগ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জনাইছোঁ। ঔঁম শান্তি!”
***
DS/SH/RD
संस्कृत की महान विभूति महामहोपाध्याय पं. रेवा प्रसाद द्विवेदी जी के निधन से अत्यंत दुख पहुंचा है। उन्होंने साहित्य और शिक्षा के क्षेत्र में कई प्रतिमान गढ़े। उनका जाना समाज के लिए अपूरणीय क्षति है। शोक की इस घड़ी में उनके परिजनों और प्रशंसकों को मेरी संवेदनाएं। ओम शांति!
— Narendra Modi (@narendramodi) May 22, 2021