Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সমগ্ৰ দেশত পেকছত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ (পিএমবিজেকে) খোলাৰ অনুমতি প্ৰদানৰ সিদ্ধান্তৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০০ প্ৰাথমিক কৃষি ঋণ ছ’চাইটি(পেকছ)সমূহক সমগ্ৰ দেশত পেকছত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ (পিএমবিজেকে) খোলাৰ অনুমতি প্ৰদানৰ সিদ্ধান্তৰ শলাগ লয়৷ শ্ৰী মোদীয়ে কয় যে এয়া আমাৰ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ যে আনকি অতি ব্যয়বহুল ঔষধো সমগ্ৰ দেশত ন্যূনতম মূল্যত লাভ কৰে৷

কেন্দ্ৰীয় সমবায় মন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“সমগ্ৰ দেশত অতি ব্যয়বহুল ঔষধ যাতে একেবাৰে ন্যূনতম মূল্যত লাভ কৰে, এয়া আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ অন্যতম৷ মোৰ দৃঢ় বিশ্বাস এই যে সমবায় খণ্ডত লোৱা এনে ডাঙৰ পদক্ষেপে গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন-যাপন আৰু অধিক সহজ কৰি তুলিব৷”

*******