নমস্কাৰ সতীৰ্থসকল,
এই দশকৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হ’ব। ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই দশক অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এইবাবে স্বাধীনতা প্ৰেমীসকলে যি সপোন দেখিছিল, সেই সপোন আৰু সংকল্পক দ্ৰুতগতিৰে সাৰ্থক কৰাৰ বাবে দেশে এয়া সোণালী সুযোগ লাভ কৰিছে। এই দশকৰ সঠিক ব্যৱহাৰ হওক আৰু এইবাবে এই অধিৱেশনত আগন্তুক দশকটোৰ প্ৰতি লক্ষ্য ৰাখি চৰ্চা হওক, সকলো ধৰণৰ বিচাৰ আৰু চিন্তা-ধাৰাৰ প্ৰস্তুতি হওক আৰু উত্তম মন্থনৰ পৰা উত্তম অমৃত প্ৰাপ্ত হওক। ইয়াৰ বাবে সমগ্ৰ দেশ অপেক্ষাৰত।
বাজেট অধিৱেশনৰ আৰম্ভণিতে আগবঢ়োৱা বক্তব্য https://t.co/qhQMTEXOsG
— Narendra Modi (@narendramodi) January 29, 2021
মোৰ বিশ্বাস আছে যে যি আশা আৰু অপেক্ষাৰে দেশৰ কোটি কোটি জনতাই আমাক সংসদলৈ প্ৰেৰণ কৰিছে, আমি সংসদৰ এই পবিত্ৰ স্থানক সঠিক ব্যৱহাৰ কৰি গণতন্ত্ৰৰ সকলো মৰ্যাদা পালন কৰিব লাগিব আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিবলৈ নিজৰ অৱদান আগবঢ়োৱাত পিছপৰি নাথাকো-এয়া মোৰ সম্পূৰ্ণ বিশ্বাস। সকলো সাংসদে এই অধিৱেশনক অধিক উত্তম কৰি তুলিব বুলি আশা কৰিছো।
এয়া বাজেটৰো অধিৱেশন। এইৰণৰ ঘটনা হয়তো ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে, যেতিয়া ২০২০ত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এখন-দুখন নহয়, পৃথক পৃথক পেকেজৰ ৰূপত প্ৰায় চাৰি-পাঁচখন বাজেট দাখিল কৰিছিল। ২০২০ত একপ্ৰকাৰৰ মিনি-বাজেটৰ ধাৰা চলিয়ে থাকিল। এইবাবে এইখন বাজেটকো সেই চাৰি-পাঁচখন বাজেটৰ শৃংখলাৰ ৰূপতে চোৱা যাব, এয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে।
মই পুনৰ এবাৰ আজি আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়ৰ মাৰ্গদৰ্শনত উভয় সদনৰ সকলো সাংসদে মিলি তেওঁৰ বাৰ্তাক আগবঢ়াই নিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছো।
বহুত বহুত ধন্যবাদ।
*****
DS/AKJ/MS
Speaking at the start of the Budget Session. https://t.co/qhQMTEXOsG
— Narendra Modi (@narendramodi) January 29, 2021
The coming decade is vital for India’s progress. We have to remember the vision and dreams of the greats who fought for our nation’s freedom. Let there be detailed debate and discussions on the Floor of Parliament: PM @narendramodi
— PMO India (@PMOIndia) January 29, 2021