প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে বৈদ্যুতিক নিৰ্মাণ ক্লাষ্টাৰ (ইএমচি)সমূহৰ জৰিয়তে বিশ্বমানৰ আন্তঃগাঁথনি আৰু স্বাচ্ছন্দ্যৰ বিকাশৰ বাবে সংশোধিত বৈদ্যুতিক নিৰ্মাণ ক্লাষ্টাৰ (ইএমচি ২.০)ৰ বাবে বিত্তীয় সাহায্যৰ বাবে অনুমোদন প্ৰদান কৰে৷ ইএমচিসমূহে ইএছডিএম খণ্ডৰ দ্ৰুত উন্নয়ন, উদ্যমিতা পৰিবেশতন্ত্ৰ বিকাশ, উদ্ভাৱন আৰু অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰত অনুঘটকৰ দৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷
এই সংশোধিত বৈদ্যুতিক নিৰ্মাণ ক্লাষ্টাৰ (ইএমচি ২.০) আঁচনিয়ে ইএমচি আৰু সাধাৰণ সুবিধা কেন্দ্ৰ (চিএফচি), দুয়োটাৰে গঠনত সাহায্য প্ৰদান কৰিব৷
বিত্তীয় প্ৰণয়ন
এই ইএমচি ২.০ আঁচনিৰ বাবে মুঠ ৩,৭৬২.২৫ কোটি টকা ধাৰ্য কৰা হৈছে য’ত ৩,৭২৫ কোটি টকাৰ বিত্তীয় সাহায্য থকাৰ লগতে প্ৰশাসনীয় তথা ব্যৱস্থাপনা ব্যয়ৰ বাবে ৩৭.২৫ কোটি টকা ধাৰ্য কৰা হৈছে৷
লাভসমূহ
১. বৈদ্যুতিক খণ্ডত বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে প্ৰস্তুত আন্তঃগাঁথনি আৰু প্লাগ এণ্ড প্লে’ৰ সুবিধা৷
২. বৈদ্যুতিক খণ্ডত নতুন বিনিয়োগকাৰীৰ সুবিধা
৩. নিৰ্মাণ খণ্ডৰ দ্বাৰা সৃষ্ট চাকৰিসমূহ
৪. নিৰ্মাণ খণ্ডই প্ৰদান কৰা কৰসমূহৰ দ্বাৰা ৰাজহ সৃষ্টি
***
VRRK/AK/MANN