প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত জম্মু-কাশ্মীৰ চৰকাৰৰ প্রস্তাৱ অনুসৰি সংবিধান (জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য) সংশোধনী সম্পৰ্কীয় নির্দেশ, ২০১৯ত অনুমোদন জনাইছে। ১৯৫৪ চনৰ এই সম্পৰ্কীয় নির্দেশনাত এই নতুন সিদ্ধান্তৰ সংশোধন কৰিব বিচৰা হৈছে। এই সংশোধনী সম্পৰ্কীয় বিজ্ঞপ্তি প্ৰকাশ হোৱাৰ ফলত জম্মু-কাশ্মীৰত কর্মৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ কর্মচাৰীসকলৰ পদোন্নতি আৰু আৰ্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত ১০ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাটো সম্ভৱ হৈ পৰিব। জম্মু-কাশ্মীৰত ইতিমধ্যে বিভিন্ন ক্ষেত্রত সংৰক্ষণৰ যি ব্যৱস্থা আৰম্ভ হৈছে আৰু এই নতুন সংশোধনীৰ জৰিয়তে ইয়াৰ অতিৰিক্ত হিচাপে এই সুযোগ-সুবিধাসমূহ প্ৰদান কৰা হ’ব।
প্ৰভাৱসমূহঃ
২০১৯ চনৰ জানুৱাৰী মাহত ১০৩তম সংবিধান সংশোধনৰ জৰিয়তে সমগ্ৰ দেশজুৰি আৰ্থিকভাৱে পিছপৰা শ্রেণীৰ লোকসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত যি ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, জম্মু-কাশ্মীৰতো ইয়াক কার্যকৰী কৰাৰ বাবে এই সংশোধনীৰ ব্যৱস্থা হাতত লোৱা হৈছে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পদোন্নতি সম্পৰ্কীয় এই সংশোধনীৰ ফলত অন্যান্যসকলৰ ভিতৰত গুজ্জৰ আৰু বাকেৰৱাল গোষ্ঠীকো তালিকাত অন্তর্ভুক্ত কৰা হ’ব। আনহাতে, জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত বসবাস কৰা লোকসকলৰ বাবে ৩ শতাংশ হাৰত আসন সংৰক্ষণৰ সুবিধাৰ ক্ষেত্রত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ৬ কিলোমিটাৰৰ ভিতৰত বসবাস কৰা সকলৰ ক্ষেত্ৰত পূর্বে দিয়া সুবিধাৰ সম হাৰত সুবিধা প্ৰদান কৰা হ’ব।
*****
AKT/SH/DB