ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰেছ জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, ভাৰতৰ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ জী, দেশ-বিদেশৰ পৰা অহা সকলো মহানুভৱ, আইসকল আৰু সজ্জনসকল, এই গৌৰৱময় স্থানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগত জনাইছো। এণ্টনিঅ’ গুটাৰেছ জীৰ বাবেতো ভাৰত তেওঁৰ দ্বিতীয়খন ঘৰৰ দৰেই। আপুনি ডেকাকালত বহুতবাৰ ভাৰতলৈ আহিছিল। গোৱাৰ সৈতে আপোনাৰ পাৰিবাৰিক সম্পৰ্কও আছে। মোৰ এনে লাগিছে যেন মই গুজৰাটত আজি আমাৰ পৰিয়ালৰ কোনো সদস্যকহে আদৰণি জনাইছো। এণ্টনিঅ’ গুটাৰেছ জী আপুনি ইয়ালৈ অহাৰ বাবে বহুত বহুত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অভিনন্দনো জনাইছো। মোৰ ভাল লাগিছে এই কাৰণেই যে ‘মিছন লাইফ’(LiFE) লাইফ-ৰ শুভাৰম্ভ ঘোষণাৰ সময়ৰে পৰা বহুবোৰ দেশ ইয়াৰ সংকল্পৰ সৈতে জড়িত হৈছে। মই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰী মেক্ৰন, ইউকে-ৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰছ, গুৱেনাৰ ৰাষ্ট্ৰপতি ইৰফান আলী, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্ট ফাৰ্ণাণ্ডিজ, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ্ৰ জুগনাথ, মেডাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ডী ৰাজোএলিনা জী, নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰবাহাদুৰ জী, মালদ্বীপৰ ভাই সোলিহ জী, জৰ্জিয়াৰ প্ৰধানমন্ত্ৰী ইৰাকলী গৰিবাশৱিলি, এষ্টনীয়াৰ প্ৰধানমন্ত্ৰী কজা কল্লাছক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
বন্ধুসকল,
আজিৰ এই আয়োজন আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ, চৰ্দাৰ বল্লভ ভাই পেটেলৰ বিশাল প্ৰতিমূৰ্তি ‘ষ্টেচ্যু অব ইউনিটী’ৰ সান্নিধ্যত অনুষ্ঠিত হৈছে, আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ‘লাইফ’-ত একতাৰ মহত্বই হৈছে সৰ্বাধিক গুৰুত্বপূৰ্ণ উপাদান। পৃথিৱীৰ বৃহত্তম প্ৰতিমূৰ্তিয়ে আমাক পৰ্যাবৰণৰে জড়িত উচ্চ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰেৰণা যোগাব।
বন্ধুসকল,
যেতিয়া প্ৰতিমা বিশাল হয়, তেতিয়া কীৰ্তিমানো বিশাল হয়। এই কাৰ্যক্ৰমৰ আয়োজন গুজৰাটত হোৱা কথাটোৱে বহু কথাত গুৰুত্ব লাভ কৰিছে। আৰু এয়া সম্পূৰ্ণ ভাবেই উপযুক্তও হৈছো। গুজৰাট ভাৰতৰ সেইসমূহ ৰাজ্যৰ অন্যতম, যিসমূহে সকলোতকৈ আগতে ‘নৱীকৰণযোগ্য শক্তি’ আৰু ‘পৰিৱেশ সুৰক্ষা’ৰ দিশত বহুত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰি দিছিল। সেয়া লাগিলে খাল-ডোং, নলা-নৰ্দমাত ‘সৌৰ-পাত’ সংস্থাপনৰ কথাই হওক, অথবা খৰাংপীড়িত অঞ্চলত জলস্তৰ বঢ়োৱাৰ বাবে জল-সংৰক্ষণৰ অভিযানৰ কথাই হওক, গুজৰাটে সদায়ে এক প্ৰকাৰে নেতৃত্ব দানৰ, এক পথপ্ৰদৰ্শকৰ ভূমিকাই পালন কৰি আহিছে।
বন্ধুসকল,
জলবায়ু পৰিৱৰ্তনক লৈ এনে এক ধাৰণা তৈয়াৰ কৰি দিয়া হ’ল যেন এয়া কোনো নীতি-ৰে জড়িত বিষয়হে। কিন্তু যেতিয়াই আমি এই প্ৰসংগক নীতিৰে জড়িত কৰি চাব খোজো, জানি বা নাজানি আমাৰ মনত এই কথা দৃঢ় হৈ পৰে যে এই ক্ষেত্ৰত চৰকাৰেই কিবা এটা কৰিব। অথবা এনেকৈয়ো ভবা হয় যে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা উচিত। এইটো কথা সত্য যে চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ এই ক্ষেত্ৰত ভূমিকা সঁচাকৈয়ে ডাঙৰ হ’ব, আৰু সেই সমূহে এই পৰিস্থিতিক চম্ভালিবলৈ প্ৰয়াসো কৰি আছে। কিন্তু আমি সকলোৱে দেখো যে এই বিষয়টোৰ গুৰুত্ব আলোচনাৰ আওতাৰ পৰা ওলাই গৈ এতিয়া পৃথিৱীৰ প্ৰতিটো কোনত, প্ৰতিখন ঘৰতহে বঢ়া দেখিবলৈ পোৱা গৈছে।
জলবায়ু পৰিৱৰ্তনৰ ফলত হৈ থকা পৰিৱৰ্তনবোৰ এতিয়ালৈ মানুহে নিজৰ আশে-পাশে অনুভৱ কৰিবলৈ লৈছে। বিগত কেইটামান দশকত আমি ইয়াৰ অনাকাংক্ষিত প্ৰভাৱ অধিক বেগত অনুভূত হোৱা দেখিবলৈ পাইছো, অপ্ৰত্যাশিত দুৰ্যোগসমূহৰ সংকট ভূগিবও লগীয়া হৈছো। আজি আমাৰ গ্লেছিয়াৰসমূহ গলিবলৈ ধৰিছে, সমুদ্ৰৰ জলস্তৰ বাঢ়িবলৈ ধৰিছে। আমাৰ নদীসমূহ শুকাবলৈ ধৰিছে, বতৰৰ চৰিত্ৰ অনিশ্চিত হ’বলৈ ধৰিছে। আৰু এই পৰিৱৰ্তনসমূহে মানুহক চিন্তিত কৰি তুলিছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগ কেৱল নীতি-নিৰ্দ্ধাৰণৰেই সম্পূৰ্ণ কৰিব পৰা বিষয় হৈ থকা নাই। মানুহে নিজেই অনুভৱ কৰিব পাৰিছে যে এগৰাকী ব্যক্তি, এটা পৰিয়াল আৰু এখন সমাজৰ ৰূপত তেওঁলোকে এইখন পৃথিৱীৰ বাবে দায়িত্ব গ্ৰহণ কৰিব লাগিব, কিবা নহয় এটা কৰা উচিত হ’ব। মানুহে জানিব বিচাৰিছে যে আপোনালোকে নিজৰ প্ৰয়াসৰে অথবা পৰিয়ালৰ সৈতে আৰু আপোনালোকৰ সমাজৰ সৈতে মিলি কোনটো পদক্ষেপ গ্ৰহণ কৰিব খুজিছে, যিটোৰ দ্বাৰা পৃথিৱী সুৰক্ষিত হ’ব পাৰিব! এইখন পৃথিৱীয়ে সুৰক্ষা পাব পাৰিব।
এই সকলো প্ৰশ্নৰ উত্তৰ এই ‘মিছন লাইফ’ত আছে। ‘মিছন লাইফ’ৰ মন্ত্ৰ হৈছে “লাইফষ্টাইল ফৰ এনভাৰ্নমেণ্ট”। পৃথিৱীত থকা প্ৰতিগৰাকী মানুহৰ ব্যক্তিগত প্ৰয়াসৰ কামনাৰ লগতেহে আজি মই ‘মিছন লাইফ’-ৰ এই দৃষ্টিভংগী পৃথিৱীৰ সন্মুখত উপস্থাপন কৰিছো। ‘মিছন লাইফ’-য়ে এইখন পৃথিৱীৰ সুৰক্ষাৰ বাবে জন-গণৰ শক্তিসমূহক সংযোজিত কৰিব, তাৰ উন্নত ব্যৱহাৰৰ জ্ঞান দিব। যত প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ সামৰ্থ্য অনুযায়ী যোগদান দিব পাৰিব। ‘মিছন লাইফ’-য়ে এই কথাৰ ওপৰত ভৰসা কৰিব যে সৰু সৰু প্ৰয়াসৰো ব্যাপক প্ৰভাৱ হ’ব পাৰে। ‘মিছন লাইফ’-য়ে আমাক অনুপ্ৰাণিত কৰিব যে আমি সকলোৱে আমাৰ দৈনন্দিন জীৱনত এনে বহুবোৰ কাম কৰিব পাৰো যাৰ দ্বাৰা পৰিৱেশ সুৰক্ষিত হ’ব পাৰে। ‘মিছন লাইফ’-য়ে এই কথা মানি লয় যে আমাৰ জীৱনশৈলী সলনি কৰি ‘এনভাৰ্নমেণ্ট’-ৰ সুৰক্ষা সম্ভৱ কৰিব পৰা যায়। মই দুটা খুবেই ভাল লগা উদাহৰণ দিব বিচাৰিছো, খুবেই সহজকৈ কৈছো ৰ’ব। কিছুমান মানুহে ‘এচি’ৰ তাপমান ১৭ ডিগ্ৰী বা ১৮ ডিগ্ৰী চেলচিয়াছ কৰি ৰখাটো খুবেই পচন্দ কৰে। কিন্তু ‘এচি’ৰ তাপমান ইমানকৈ কমোৱাৰ পিচত এইসকল লোকেই আকৌ শোওতে কম্বল বা লেপ লবলগীয়া হয়। ‘এচি’-ৰ প্ৰতি ডিগ্ৰী তাপমান কমোৱাৰ অৰ্থই হৈছে পৰ্যাবৰণৰ ওপৰত সিমানেই নেতিবাচক প্ৰভাৱ পেলোৱাৰ দৰে, অৰ্থাত ইয়াক আমি যদি বচাব খোজো তেন্তে চেষ্টা কৰি বচাব পাৰো। অৰ্থাত আমি আমাৰ জীৱনশৈলী সলনি কৰি ল’লেই পৰ্যাৱৰণক কিমান ডাঙৰ সহায় কৰাৰ দৰে হ’ব। জীৱনশৈলীৰে জড়িত আৰু এটা উদাহৰণ চাওকচোন। আমি দেখো যে কিছুমান লোকে ৫ কিলোমিটাৰ প্ৰতিলিটাৰ গড়ে চলা গাড়ী কিনি ‘জিম’লৈ যায় আৰু ‘জিম’ত ‘ট্ৰেডমিল’ত দেহৰ ঘাম বাৰুকৈয়ে উলিয়াবলৈ দুৰ্বাৰ প্ৰয়াস কৰে। আৰে ভাই, আপুনি যদি এইখিনি ঘাম খোজকাঢ়ি গৈ অথবা চাইকেল চলাই গৈ ‘জিম’ত উলিয়ালেগৈহেতেন পৰ্যাৱৰণৰ ৰক্ষাৰ লগতে আপোনাৰ স্বাস্থ্যৰো ৰক্ষা হ’লহেতেন।
বন্ধুসকল,
জীৱনশৈলীৰ পৰা ব্যক্তিগত আৰু সমাজৰ সৰু সৰু প্ৰয়াসসমূহৰে কেনেকৈ যে বৃহত্ পৰিণতি লাভ কৰিব পৰা যায়। মই ক্ষয়াৰো উদাহৰণ দিব বিচাৰিছো। ভাৰতত আমি কিছু বছৰ আগতে দেশবাসীক যিমান পাৰি সিমান বেছিকৈ ‘এলইডি বাল্ব’ ব্যৱহাৰ কৰাৰ আহ্বান জনাইছিলো। ইয়াৰ উদ্দেশ্য আছিল ৰাইজৰ বিজুলীৰ কম হওক আৰু পৰ্যাৱৰণৰ ৰক্ষাতো অৰিহণা যোগাওক। চৰকাৰে ‘এলিডি বাল্ব’ৰ এক যোজনাই আৰম্ভ কৰিছিল আৰু দেশৰ ব্যক্তিগত খণ্ডইয়ো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ ধৰিছিল। ইয়াত সমবেত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে এই কথা জানি চাগৈ আচৰিত হ’ব যে মাত্ৰ কিছুদিনৰ ভিতৰতে ভাৰতৰ লোকসকলে ১৬০ কোটিৰো অধিক ‘এলইডি বাল্ব’ তেওঁলোকৰ ঘৰসমূহত লগাই ল’লে, এনে দৰেই পৰিৱৰ্তন সাধন কৰিলে আৰু ইয়াৰ পৰিণতিত ১০০ নিযুত টনতকৈয়ো অধিক পৰিমাণৰ কাৰ্বন ডাই অক্সাইডৰ উত্পাদন আমি হ্ৰাস কৰিব পাৰিলো, বায়ুমণ্ডল উষ্ণতা কম কৰিবলৈ সক্ষম হ’লো। আৰু মই আপোনালোকক এটা কথা নিশ্চয় গুৰুত্ব দি শুনিবলৈ কম যে এইটো হিচাপ প্ৰতিবছৰৰে, এয়া মাত্ৰ এটা বছৰেই হোৱা ঘটনা কিন্তু নহয়। ইয়াৰ লাভ বাৰে বাৰে আদায় কৰিব পৰা যাব।
বন্ধুসকল,
গুজৰাট মহাত্মা গান্ধীৰ স্থান, তেওঁৰ জন্মভূমি। তেওঁ প্ৰকট কৰা চিন্তাৰ পৰাও মই পৰিৱেশ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্যৰে জীৱন অতিবাহিত কৰাৰ মহত্ব বুজিব পাৰিছিলো। তেওঁ ‘ট্ৰা্ষ্টীশ্বিপ’, ‘ন্যাসৰক্ষী’ৰ অৱধাৰণা বিকশিত কৰিছিল। ‘মিছন লাইফ’-য়ে এই সকলোকে ‘পৰ্যাৱৰণৰ ট্ৰাষ্টী’ বা ন্যাসৰক্ষী কৰি তোলে। ন্যাসৰক্ষী সেইসকলেই হয় যিসকলে সংসাধনসমূহ জধে-মধে ব্যৱহাৰ কৰিবলৈ নিদিয়ে। এগৰাকী ন্যাসৰক্ষীয়ে এজন শোষকৰ ৰূপত নহয় বৰং এগৰাকী প্ৰতিপালকৰ ৰূপত কাম কৰে। ‘মিছন লাইফ পি-৩’ৰ অৱধাৰণক শক্তিশালী কৰিব। ‘পি-৩’ অৰ্থাত্ ‘প্ৰ’ প্লেনেট পিপুল’। আজি আমি এনে এখন পৃথিৱীত জীৱন পাত কৰিছো য’ত এইটো কথাৰ আলোচনা চলি থাকে যে কোন কোনখন দেশ বা গোটৰ সৈতে আছে, আৰু কোন কোনখন দেশ বা গোটৰ বিৰোধী। কিন্তু ‘মিছন লাইফ’-য়ে পৃথিৱীৰ লোকসকলক ‘প্ৰ’ প্লেনেট পিপুল’-ৰ ৰূপত সংযোজিত কৰে, তেওঁলোকক নিজৰ বিচাৰধাৰাৰে সমাহিত কৰে, এক কৰি তোলে। ই ‘লাইফষ্টাইল অব দা প্লেনেট, ফৰ দা প্লেনেট আৰু বাই দা প্লেনেট’-ৰ মূল সিদ্ধান্তৰ ভিত্তি আগবাঢ়ে।
বন্ধুসকল,
অতীতৰ পৰা শিক্ষা লৈয়ে আমি উন্নত ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিম। ভাৰতত বহু সহস্ৰ বছৰ ধৰি প্ৰকৃতি পূজাৰ সমৃদ্ধ পৰম্পৰা চলি আহিছে। আমাৰ বেদসমূহতো খুউব ভালকৈ জল, স্থল, বায়ু, পানী আৰু প্ৰকৃতি প্ৰদত্ত সকলো বস্তুৰ মহত্ব বুজোৱা হৈছে। যেনে ধৰক, অথৰ্ববেদত কোৱা হৈছে- “মাতা ভূমিঃ পুত্ৰোহঁ পৃথিৱ্যাঃ”। অৰ্থা্ত্, পৃথিৱী আমাৰ মাতা আৰু আমি সকলো হৈছো তেওঁৰ সন্তান। ‘ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকল’ আৰু ‘চাৰ্কুলাৰ ইক’নমী’, সহস্ৰ বছৰ ধৰি আমি ভাৰতবাসীৰ ‘লাইফষ্টাইল’ৰ অংগ হৈ আহিছে। আৰু আমি সকলোৱে জানো যে পৃথিৱীৰ কোনো এটা অংশত, কোনো এখন দেশত, এনে প্ৰথা আজিও অব্যাহত আছে, যি আমাক প্ৰকৃতিৰ সৈতে সামঞ্জস্যা ৰাখি জীৱন পাত কৰাৰ বাবে অনুপ্ৰাণিত কৰে। ‘মিছন লাইফ’-য়ে প্ৰকৃতিৰ সংৰক্ষণৰে জড়িত প্ৰতিটো ‘লাইফষ্টাইল’কে সমাহিত কৰিব, যাক আমাৰ পূৰ্বজসকলে আপোন কৰি লৈছিল, আৰু যাক আমি আমাৰ জীৱনশৈলীৰ অংগ কৰি ল’ব পাৰো।
বন্ধুসকল,
আজি ভাৰতৰ জনমূৰি বাৰ্ষিক কাৰ্বন নিৰ্গমণৰ হাৰ প্ৰায় ডেৰ টনেইহে হয়, ইয়াৰ বিপৰীতে পৃথিৱীৰ গড় হাৰ হৈছে ৪ টন প্ৰতিবৰ্ষ। তথাপিও ভাৰত বৰ্ষই জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্ব-সমস্যাৰ সমাধানৰ বাবে সকলোৰে আগত আহি কাম কৰি আছে। ভাৰতে ‘উজ্জ্বলা যোজনা’ আৰম্ভ কৰিছিল যাতে কয়লা আৰু খৰিৰ ধোঁৱাৰ পৰা মুক্তি লাভ কৰিব পৰা যায়। আমি জল নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰতিখন জিলাত ৭৫টাকৈ ‘অমৃত সৰোৱৰ’ নিৰ্মাণ কৰাৰ বাবে বহুত ডাঙৰ অভিযান চলাই আহিছো। আমাৰ দেশত ‘ৱে’ষ্টৰ পৰা ৱে’ল্থ’-ত ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আজি ভাৰত ‘নবীকৰণযোগ্য শক্তি’ৰ সামৰ্থ্য থকা বিশ্বৰ চতুৰ্থ বৃহত্তম ক্ষমতাবান দেশ হিচাপে পৰিগণিত হৈছে। আজিৰ তাৰিখত বায়ু-শক্তিৰ ভাণ্ডাৰৰ ক্ষেত্ৰততো ভাৰত বিশ্ব চতুৰ্থ বৃহত্তম ক্ষমতাধৰ দেশ, সৌৰ শক্তিৰ ক্ষেতত ভাৰত পঞ্চম স্থানৰ দেশ। বিগত ৭-৮ বছৰত ভাৰতত ‘নৱীকৰণযোগ্য শক্তি’ৰ উত্পাদন ক্ষমতা প্ৰায় ২৯০% বৃদ্ধি পাইছে। বিদ্যুত ক্ষমতাৰ ৪০% ‘নন-ফচিল ফুৱেল’ অৰ্থাত্ সেই উত্সকে আহৰণ কৰাৰ লক্ষ্যও আমি সময়সীমাৰ ৯ বছৰৰ আগতেই অতিক্ৰম কৰিলো। আমি পেট্ৰোলত ১০% ‘ইথানল ব্লেণ্ডিং’-ৰ লক্ষ্যও গ্ৰহণ কৰিছিলো আৰু তাকো সময়সীমাৰ ৫ মাহ আগতেই সম্পূৰ্ণ কৰিছো। ভাৰতে পেট্ৰোলত ২০% ‘ইথানল ব্লেণ্ডিং’-ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি কাম কৰি আছে। ‘হাইড্ৰজেন ইক’ছীষ্টেম’ৰ বাবে ভাৰতে পৰ্যাৱৰণৰ অনুকূল শক্তিস্ৰোতৰ দিশত বহু দ্ৰুতগতিৰে পদক্ষেপ আগবঢ়াই আহিছে।
বন্ধুসকল,
আজি ভাৰতে প্ৰগতিও কৰি আছে আৰু প্ৰকৃতিৰো সিমানেই উত্তম উদাহৰণ হৈ তাল-মিলৰে জীৱন পাত কৰাৰ এক পথ নিৰ্মাম কৰি আছে। আজি ভাৰত বিশ্ব পঞ্চম স্থানৰ অৰ্থব্যৱস্থা হিচাপে পৰিণিত হৈছে, আমাৰ বনাঞ্চলৰ পৰিসৰ বৃদ্ধি পাই আছে, বন্য জীৱ-জন্তুৰ সংখ্যাও আমাৰ দেশত নিৰন্তৰ বাঢ়িবলৈ ধৰিছে। ভাৰতে এতিয়া পৃথিৱীৰ সৈতে নিজৰ অংশীদাৰিত্ব আৰু অধিক কৰিব বিছাৰিছে। ‘ৱান চান, ৱান ৱৰ্ল্ড, ৱান গ্ৰীড’-ৰ দৰে অভিযান এনে লক্ষ্য প্ৰাপ্তিৰ দিশত আমাৰ সংকল্পক শক্তিশালী কৰি তোলে। ‘কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ নিৰ্মাণৰ নেতৃত্ব বহণ কৰি ভাৰতে পৰ্যাৱৰণৰ সুৰক্ষা প্ৰতি নিজৰ অৱধাৰণাৰে পৃথিৱীক অৱগত কৰাইছে। ‘মিছন লাইফ’ হৈছে এই কাৰ্যক্ৰমৰে আন এক পদক্ষেপ।
বন্ধুসকল,
সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰেছে মোৰ এই কথাৰে সহমত ব্যক্ত কৰিব যে যেতিয়াই ভাৰত আৰু ‘ৰাষ্ট্ৰসংঘ’ই মিলি কাম কৰিছে, পৃথিৱীখনক সুন্দৰ কৰি তোলাৰ বাবে নতুন পথৰ সন্ধান পোৱা গৈছে। ভাৰতে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ প্ৰস্তাৱ দিছিল, যাক ‘ৰাষ্ট্ৰসংঘ’ই সমৰ্থন আগবঢ়াইছিল আৰু সেই সমৰ্থনৰ সুবাদত পৃথিৱীৰ কোটি কোটি মানুহৰ বাবে সুস্থ জীৱনৰ প্ৰেৰণাৰ বাবে যোগ এক কাৰণ হৈ উঠিল। তেনে এক উদাহৰণ হৈছে ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ৰ। ভাৰতে নিজৰ পাৰম্পৰিক আৰু পৰ্যাৱৰণৰ অনুকূল, মোটা চাউলৰে পৃথিৱীক সংযোজিত কৰিব বিচাৰিছিল। ‘ৰাষ্ট্ৰসংঘ’ই এই প্ৰস্তাৱলৈকো সমৰ্থন আগবঢ়ায়। আমি অহাটো বছৰত ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ উদযাপন কৰিবলৈ ওলাইছো, কিন্তু এতিয়াৰ পৰাই পৃথিৱীজুৰি ইয়াৰ চৰ্চা হ’বলৈ ধৰিছে। মোৰ বিশ্বাস আছে যে ‘ৰাষ্ট্ৰসংঘ’ৰ সমৰ্থনৰে ‘মিছন লাইফ’কো বিশ্বৰ প্ৰতিটো কোন, প্ৰতিখন দেশ, প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত বৃহত্ সাফল্য লাভ কৰিব পৰা যাব। আমি এইষাৰ মন্ত্ৰ মনত ৰাখিব লাগিব-“প্ৰকৃতি ৰক্ষতি ৰক্ষিতা”। অৰ্থাত্, যি প্ৰকৃতিক ৰক্ষা কৰে, প্ৰকৃতিয়ে তেওঁকো ৰক্ষা কৰে। মোৰ বিশ্বাস এই ‘মিছন লাইফ’-ক সাৰোগত কৰি আগবাঢ়ি এক সুন্দৰ পৃথিৱীৰ নিৰ্মাণ কৰিবগৈ পাৰিম। আপোনালোক আটাইকে পুনৰবাৰ কৃতজ্ঞতা জনাইছো আৰু ‘ৰাষ্ট্ৰসংঘ’ৰ এই সমৰ্থনৰ বাবে মই পুনৰ বাৰ আন্তৰিক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ!
***
DS/VJ/DK/KB
Mission LiFE is a global movement to safeguard our environment from impact of climate change. https://t.co/aW6Vr556TA
— Narendra Modi (@narendramodi) October 20, 2022
PM @narendramodi begins his address at global launch of Mission LiFE.
— PMO India (@PMOIndia) October 20, 2022
The event is happening at the Statue of Unity in Kevadia. pic.twitter.com/mfNYxex3DD
Gujarat has been leading from the front in efforts towards renewable energy and environment protection. pic.twitter.com/A6jCMFx44e
— PMO India (@PMOIndia) October 20, 2022
Climate change goes beyond only policy making. pic.twitter.com/myYczP3XO4
— PMO India (@PMOIndia) October 20, 2022
मिशन लाइफ का मंत्र है ‘Lifestyle For Environment’ pic.twitter.com/KXrrqF2KMz
— PMO India (@PMOIndia) October 20, 2022
Mahatma Gandhi spoke about Trusteeship.
— PMO India (@PMOIndia) October 20, 2022
Mission LiFE encourages us to be a trustee of the environment. pic.twitter.com/QTbh9cyRs5
Pro Planet People. pic.twitter.com/1Yr0ITiHmF
— PMO India (@PMOIndia) October 20, 2022
Lifestyle of the planet, for the planet and by the planet. pic.twitter.com/2G4taEAGTE
— PMO India (@PMOIndia) October 20, 2022
Reduce, reuse, recycle as well as circular economy has been an integral part of Indians since thousands of years. pic.twitter.com/aYHBBKEFun
— PMO India (@PMOIndia) October 20, 2022
India is committed to tackle the menace of climate change. pic.twitter.com/2LHaaBVxXF
— PMO India (@PMOIndia) October 20, 2022
‘प्रगति भी और प्रकृति भी’ pic.twitter.com/xiFncvCZHD
— PMO India (@PMOIndia) October 20, 2022