আপোনালোক সকলোকে গুৰু পৰ্বৰ বহুত বহুত শুভেচ্ছা জনাইছো৷ হয়তো গুৰু নানক দেৱৰ আশীর্বাদ, মহান গুৰু পৰম্পৰাৰ আশীর্বাদতে আমাৰ দৰে এজন সাধাৰণ লোকৰ হাতত কেতবোৰ পবিত্ৰ কাৰ্য সম্পাদনৰ সৌভাগ্য হৈছে। যি অলপ ভাল হৈছে সকলো গুৰুসকল, সন্ন্যাসীসকলৰ আশীর্বাদৰে ফল৷ আমি একোৱেই নহয়, সেই সন্মানৰো যোগ্য নহওঁ, সন্মানৰ যোগ্য সেইসকল মহাপুৰুষ, সেই সকল গুৰু, যিসকলে শতিকাৰ পাছত শতিকা জুৰি ত্যাগ, তপস্যাৰ মহান পৰম্পৰাত দেশক গঢ়ি তুলিছে, দেশক ৰক্ষা কৰি আহিছে৷
মোৰে সৌভাগ্য যে গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ পাছত আৰু তাৰ আগতে যিখন গুজৰাটত ভয়ংকৰ ভূমিকম্প হৈছিল, তাৰ কচ্ছৰ লখপত য’ত এটা সময়ত গুৰুনানক দেৱ আছিল আৰু আজিও তাত গুৰুনানক দেৱৰ পাদুকা ৰখা আছে। ভূমিকম্পৰ সময়ত সেই গুৰুদ্বাৰ ভাগি গৈছিল। মই মুখ্যমন্ত্রী হোৱাৰ পাছত, মোৰ প্ৰথম কাম আছিল ভূমিকম্পত ধ্বংসস্তূপত পৰিণত হোৱা কচ্ছৰ পুনঃ নির্মান। সেই বিধ্বস্ত গুৰুদ্বাৰো সেই তালিকাত আছিল। আৰু সেই সময়ত হয়তো এই গুৰু-পৰম্পৰাৰ আশীর্বাদত মই সিদ্ধান্ত ল’লো যে আগতে যিধৰণে আছিল, যি মাটি আৰু অন্যান্য উপাদান ব্যৱহাৰ কৰা হৈছিল সেইধৰণৰ উপাদানেৰেই পুনঃনির্মানৰ কাম কৰিম, সেইধৰণৰ দক্ষ খনিকৰ আৰু ৰাজমিস্ত্রীসকলক বিচাৰি আনি নিয়োগ কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলো। আজি সেই গুৰুদ্বাৰে বিশ্বৰ মানচিত্রত ‘ৱর্ল্ড হেৰিটেজ’ ৰূপে স্থান লাভ কৰিছে। আমি যেতিয়া উড়ান আঁচনিৰ জৰিয়তে দেশত বিমান যাত্রা সুলভ কৰাৰ বাবে প্ৰকল্প প্ৰস্তুত কৰিছো, তেতিয়া পুনৰবাৰ সিদ্ধান্ত ল’লো যে সেই উড়ান যোজনাৰ সূত্ৰপাত যি দুখন চহৰৰ পৰা কৰিব, তাৰ ভিতৰত এখন হ’ব নান্দেড চাহিব। মোৰ সৌভাগ্য যে নান্দেড চাহিবৰ আশীর্বাদ আজিও মোৰ ওপৰত বর্ষিত হৈ আছে। মই বহু বছৰ ধৰি পাঞ্জাৱত সংগঠনৰ কাম কৰাৰ সুযোগ পাইছিলো। সেইবাবে গুজৰাটত থাকিলে যি নাজানিছিলো, আপোনালোকৰ মাজত থাকি, বাদল চাহাবৰ পৰিয়ালৰ সৈতে থকা ঘনিষ্ঠতাৰ ফলত বহু কথাই জানিছো! মই সকলো সময়তে অনুভৱ কৰিছো যে গুজৰাটৰ সৈতে পাঞ্জাৱৰ বিশেষ সম্পর্ক আছে, কাৰণ ‘পাঁচ প্যায়াৰ’ৰ ভিতৰত এজন আছিল গুজৰাটৰ দ্বাৰকাৰ লোক। সেইবাবে দ্বাৰকা যি জিলাৰ মাজত পৰে সেই জিলাৰ জামনগৰত আমি গুৰু গোবিন্দ সিংহৰ নামত এখন ডাঙৰ হাস্পাতাল নিৰ্মাণ কৰিছো। মই বিশ্বাস কৰো যে দেশৰ প্ৰত্যেক প্রান্তত মহাপুৰুষসকলে দেশক একতাৰ মন্ত্রে দীক্ষিত কৰি গৈছে, বিশেষকৈ গুৰু নানক দেৱৰ বাণীত আমাৰ দেশৰ সম্পূর্ণ সাংস্কৃতিক পৰম্পৰাৰ সাৰমৰ্ম পোৱা যায়। গুৰুবাণীয়ে আমাৰ মনক যি অনুভৱেৰে সিক্ত কৰে, সেয়া সৰলভাবে জীৱনৰ প্ৰতিটো ক্ষেত্রত আমাৰ পথপ্ৰদর্শকৰ ভূমিকা পালন কৰে। আমি পৰস্পৰক আপোন বুলি ভাবিবলৈ শিকায়। সমাজত উচ্চ-নীচ্চ ভেদভাৱৰ যি সমস্যা আছিল, কুসংস্কাৰ আছিল, সেইবোৰক চকুত আঙুলি দিয়েই সৰলভাবে ব্যাখ্যা কৰিছে, যাতে সমাজত সকলোধৰণ ভেদভাৱ দূৰ হয়। একতাৰ দোঁলেৰে সকলোকে বান্ধি সকলোৰে মনত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা জগাই তুলিব বিচাৰিছিল। আজিও দেশৰ ঐক্য আৰু সংহতিৰ বাবে গুৰুবাণী, গুৰু নানক দেবৰ বাণীতকৈ ডাঙৰ আমাৰ বাবে একো নাই।
মই বিশ্বাস কৰো যে কৰতাৰপুৰক লৈ এই সিদ্ধান্ত, ১৯৪৭চনত দেশ বিভাজনৰ ফলত যি দূৰত্ব সৃষ্টি হৈছিল, বা পৰৱর্তী সময়ত উভয় দেশৰ সেনাবাহিনীৰ মাজত যি শত্রুতা গঢ় লৈ উঠিছিল, ইয়াৰ সমাধান কেতিয়া হ’ব, সেয়া সময়েহে ক’ব। কিন্তু মানুহৰ সৈতে মানুহৰ সম্পর্ক এক ডাঙৰ শক্তি। কোনে ভাবিছিল যে এদিন বার্লিনৰ দেৱাল ভাঙি পেলোৱা হ’ব! হয়তো গুৰুনানক দেৱৰ আশীর্বাদত এই কৰতাৰপুৰ কৰিড’ৰ, সঁচাকৈয়ে কৰিড’ৰ হিচাপে নাথাকি উভয় দেশৰ জনগণৰ মাজত সম্পর্ক নিবিড় কৰাৰ এক ডাঙৰ উপায় হৈ উঠিব।
গুৰুবাণীৰ এটা এটা শব্দই আমাক শক্তি দিব পাৰে৷ এই শক্তি লৈ আমি হওঁ, কিয়নো আমি বসূধৈৱ কুটুম্বকম হও, সমগ্ৰ বিশ্ব এটা পৰিয়াল এই আদৰ্শক মানি চলো৷ আমি এনে মানুহ, যি কেতিয়াও কাৰো বেয়াটো নিবিচাৰো আৰু আপোনাকে কল্পনা কৰকছোন, চাৰে পাঁচশ বছৰৰ পূৰ্বে যেতিয়া সম্পদ নাছিল, ব্যৱস্থা বুলি একো নাছিল, তেতিয়াই গুৰুনানক দেৱে ভাৰতবৰ্ষৰ চুকে-কোনে পদব্ৰজে, ক’ত অসম, ক’ত কচ্ছ ঘুৰি ফুৰিছিল৷ পদযাত্রাৰ জৰিয়তে তেওঁ এনেদৰে সমগ্ৰ ভাৰতক নিজৰ মাজত সমাহিত কৰি লৈছিল৷ এনে সাধনা, এনে তপস্যা আৰু আজিৰ এই গুৰুপৰ্ব আমাক সকলোকে বাবে এক নতুন প্রেৰণা, নতুন প্রাণশক্তি, নতুন উৎসাহ যোগাৱাৰ লগতে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে আমাক শক্তি যোগাব। আমি সকলোৱে মিলিজুলি কাম কৰিলে, ‘সংগত’ অৰ্থাৎ সামূহিক উপাসনাৰ এক নিজস্ব শক্তি আছে, এই মহান পৰম্পৰা, এই ‘লংগৰ’অৰ্থাৎ সামূহিক আহাৰ সাধাৰণ খোৱা-বোৱাৰ ব্যৱস্থা নহয়। লংগৰ এক সংস্কাৰ, লংগৰ এক ঐতিহ্য৷ কোনো ভেদভাৱ নাৰাখি সৰল ব্যৱস্থাৰে সমাজত সমতা বজায় ৰখাৰ কিমান বৃহৎ প্রচেষ্টা! আজি এই পবিত্র উৎসৱৰ দিনত, এই পবিত্র ক্ষণত, গুৰু গ্রন্থচাহিবৰ উপস্থিতিত, মই এই মহান পৰম্পৰাক প্রণাম জনাই গুৰুসকলৰ মহান ত্যাগ আৰু তপস্যাকে প্রণিপাত জনাইছো৷ আপোনালোকে মোক যি সন্মান জনালে, সেয়া মোৰ সন্মান নহয়, এই মহান পৰাম্পৰাৰে সন্মান৷ আমি যি কৰিব পাৰিছো, সেয়া অতি নগন্য৷ ঈশ্বৰে আমাক শক্তি দিয়ক, আমি আৰু অধিক কাম কৰিব বিচাৰো! মই পুনৰবাৰ আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত বহুত কৃতজ্ঞতা জনাইছো৷
*****
অতুল কুমাৰ তিৱাকী, কাঞ্চন পাতিয়াল, মমতা, দিগন্ত
Today, on the auspicious occasion of Shri Guru Nanak Dev Ji’ Jayanti, attended a programme at my colleague, Smt. @HarsimratBadal_ Ji’s residence.
— Narendra Modi (@narendramodi) November 23, 2018
Over Kirtans, we all remembered the noble ideals and message of Shri Guru Nanak Dev Ji. pic.twitter.com/Qm9vd7eQLz