প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী ঠাকুৰৰ উপান্ত সকলৰ উন্নতি তথা সমতা, মানৱীয়তা আৰু ন্যায়ৰ হকে কৰা কামক প্ৰশংসা কৰি শ্ৰী মোদীয়ে মাটুৱা ধৰ্ম মহা মেলা ২০২৫-ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ এনেদৰে লিখিছেঃ
“শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সেৱা আৰু আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে তেওঁ অগণন লোকৰ হৃদয়ত জীয়াই আছে। তেওঁ প্রান্তিক লোকসকলৰ উন্নতি আৰু সমতা, মানৱীয়তা আৰু ন্যায়ৰ প্ৰচাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। পশ্চিমবংগৰ ঠাকুৰনগৰ আৰু বাংলাদেশৰ অৰাকাণ্ডিলৈ মোৰ ভ্ৰমণ কেতিয়াও পাহৰিব নোৱাৰিম, য’ত মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলো।
#MatuaDharmaMahaMela2025 ৰ বাবে মোৰ শুভেচ্ছা, যি গৌৰৱোজ্জ্বল মাটুৱা সম্প্ৰদায়ৰ সংস্কৃতি প্ৰদৰ্শন কৰিব। আমাৰ চৰকাৰে মাটুৱা সম্প্ৰদায়ৰ কল্যাণৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমি অনাগত সময়ত তেওঁলোকৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰি যাম। জয় হৰিবোল!
Tributes to Shree Shree Harichand Thakur on his Jayanti. He lives on in the hearts of countless people thanks to his emphasis on service and spirituality. He devoted his life to uplifting the marginalised and promoting equality, compassion and justice. I will never forget my…
— Narendra Modi (@narendramodi) March 27, 2025
***
MJPS/SR/HS