Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী মদন লাল খুৰানাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী মদন লাল খুৰানাৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী মদন লাল খুৰানাজীৰ বিয়োগত মৰ্মাহত হৈছো৷ তেওঁ দিল্লীৰ প্ৰগতিৰ বাবে বিশেষকৈ উন্নত আন্তঃগাঁথনি গঢ় দিয়াৰ ক্ষেত্ৰত নিৰবচ্ছিন্নভাৱে কাম কৰিছিল৷ কঠোৰ পৰিশ্ৰম আৰু জনপ্ৰিয় প্ৰশাসক হিচাপে তেওঁ দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে বিশিষ্ট হৈ পৰিছিল৷

দিল্লীত বিজেপিক শক্তিশালী কৰা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী মদন লাল খুৰানা সদায় স্মৰণীয় হৈ থাকিব৷ দিল্লীত শৰণাৰ্থীৰ বিভাজনৰ পাছতো তেওঁৰ প্ৰচেষ্টা অবিচলিত আছিল৷ তেওঁৰ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷”

*****

AKT/KP/DB