আজি দেশৰ, গুজৰাটৰ এক মহান সুসন্তানে আমাক এৰি বহু দূৰলৈ গমন কৰিলে। আমাৰ সকলোৰে প্ৰিয়, শ্ৰদ্ধেয় কেশুভাই পেটেল জীৰ মৃত্যুত মই দুখিত, মই স্তব্ধ হৈ পৰিছো। কেশুভাইৰ গমন মোৰ বাবে কোনো পিতৃতুল্যৰ গমনৰ তুল্যই হৈছে। তেওঁৰ মৃত্যু মোৰ বাবে এনেকুৱা ক্ষতি, যি কেতিয়াও পূৰণ নহ’ব। প্ৰায় ৬ দশক জোৰা সাৰ্বজনিক জীৱনত তেওঁ এটাই মাথোঁ লক্ষ্য লৈ আগবাঢ়িছিল, সেয়া হৈছে-ৰাষ্ট্ৰভক্তি, ৰাষ্ট্ৰহিত।
কেশুভাই এগৰাকী বিশাল ব্যক্তিত্বৰে চহকী ব্যক্তি আছিল। এফালে ব্যৱহাৰত সৌম্যতা আৰু আনফালে সিদ্ধান্ত গ্ৰহণৰ বাবে দেখুওৱা তেওঁৰ দৃঢ় ইচ্ছা-শক্তি, তেওঁৰ বহুত ডাঙৰ গুণ আছিল। তেখেতে জীৱনৰ প্ৰতিটো পল সমাজৰ বাবে, সমাজৰ প্ৰতিটো বৰ্গৰ সেৱাৰ নামত সমৰ্পিত কৰিছিল। তেখেতৰ প্ৰতিটো কাৰ্য গুজৰাটৰ বিকাশৰ নামত উচৰ্গিত হৈছিল, তেখেতৰ প্ৰতিটো সিদ্ধান্ত প্ৰতিগৰাকী গুজৰাটীৰ সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা সিদ্ধান্ত আছিল।
এক অতিকে সাধাৰণ কৃষক পৰিয়ালৰ পৰা অহা আমাৰ কেশুভায়ে, কৃষকৰ, দুখীয়াৰ দুখ বুজি পাইছিল, তেওঁলোকৰ সমস্যাৱলী হৃদয়ংগম কৰিব পাৰিছিল। কৃষকৰ কল্যাণ কৰাটো তেওঁৰ বাবে সৰ্বোপৰি আছিল। বিধায়ক হিচাপেই হওক কিম্বা সাংসদ হিচাপেই হওক, মন্ত্ৰী কিম্বা মুখ্য মন্ত্ৰী হিচাপেই হওক কেশুভায়ে নিজৰ আঁচনিসমূহত, সিদ্ধান্তসমূহত কৃষকৰ হিত সাধনৰ প্ৰসংগত সৰ্বোচ্চ প্ৰথমিকতা প্ৰদান কৰিছিল। গাঁও, দুখীয়া, কৃষকসকলৰ জীৱনক সকাহ দান কৰাৰ বাবে তেওঁ যিবোৰ কাম কৰিছিল, ৰাষ্ট্ৰভক্তি আৰু জন-ভক্তিৰ যি আদৰ্শ গ্ৰহণ কৰি তেওঁ জীৱন অতিবাহিত কৰিছিল, সিয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
কেশুভায়ে গুজৰাটক হাড়ে-হিমজুৱে চিনি পাইছিল। তেওঁ ‘জনসংঘ’ আৰু ‘ভাজপা’-ক গুজৰাটৰ সকলো অঞ্চললৈকে লৈ গৈছিল, সকলো অঞ্চলতে ইয়াৰ ভেটি শক্তিশালী কৰি তুলিছিল। ইমাৰ্জেন্সীৰ কালত কেনেকৈ কেশুভায়ে গণতন্ত্ৰ ৰক্ষাৰ বাবে সংঘৰ্ষত লিপ্ত হৈছিল, সম্পূৰ্ণ শক্তিৰে উতসৰ্গিত হৈছিল সেই কথা মোৰ ভালকৈয়ে মনত আছে।
কেশুভায়ে মোৰ দৰে অনেক সাধাৰণ কাৰ্যকৰ্তাক বহু কথাই শিকাইছিল, সদায় দিকদৰ্শন কৰাইছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পিচতো মই নিৰন্তৰ তেওঁৰ সৈতে সম্পৰ্ক ৰাখি চলিছিলো। গুজৰাটলৈ গ’লে যেতিয়াই সুযোগ পাওঁ মই তেওঁৰ আশীৰ্বাদ ল’বলৈ গৈছিলো।
কেই সপ্তাহমানৰ আগতে, ‘সোমনাথ ন্যাস’ৰ ভাৰ্চুৱেল সন্মিলনতো তেখেতৰ সৈতে বহু সময় কথা-বতৰা পাতিছিলো। সেই সময়ত তেখেতক ভালেই দেখিছিলো। ক’ৰোনাৰ এই সময়তো তেখেতৰ সৈতে কেবাবাৰো ফোনত কথা-বতৰা পাতিছিলো। মই তেওঁৰ স্বাস্থ্য বিষয়ে খবৰ লৈছিলো। সংগঠনেই হওক, সংঘৰ্ষই হওক, শাসন সম্পৰ্কীয় বিধি-ব্যৱ্স্থাই হওক তেখেতৰ সৈতে ৪৫ বছৰীয়া ঘনিস্থতাৰ, বিভিন্ন ঘটনাৰ স্মৃতিয়ে মোক এই মুহূৰ্তত জুমুৰি দি ধৰিছেহি।
আজি ‘ভাজাপা’-ৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা ঠিক মোৰ দৰেই দুখত বিহ্বল হৈ পৰিছে। কেশুভাইৰ পৰিয়ালবৰ্গলৈ, তেখেতৰ শুভাকাংক্ষীসকললৈ মোৰ সমবেদনা জনালো। দুখৰ এই মুহূৰ্তত, মই তেওঁৰ পৰিয়ালৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি আছো।
কেশুভাইক নিজৰ শ্ৰীচৰণত স্থান দিয়াৰ বাবে মই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো, তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক।
ওঁম শান্তি !!!
VRRK/SH/BM/KB
Our beloved and respected Keshubhai has passed away…I am deeply pained and saddened. He was an outstanding leader who cared for every section of society. His life was devoted towards the progress of Gujarat and the empowerment of every Gujarati. pic.twitter.com/pmahHWetIX
— Narendra Modi (@narendramodi) October 29, 2020
Keshubhai travelled across the length and breadth of Gujarat to strengthen the Jana Sangh and BJP. He resisted the Emergency tooth and nail. Issues of farmer welfare were closest to his heart. Be it as MLA, MP, Minister or CM, he ensured many farmer friendly measures were passed. pic.twitter.com/qvXxG0uHvo
— Narendra Modi (@narendramodi) October 29, 2020
Keshubhai mentored and groomed many younger Karyakartas including me. Everyone loved his affable nature. His demise is an irreparable loss. We are all grieving today. My thoughts are with his family and well-wishers. Spoke to his son Bharat and expressed condolences. Om Shanti. pic.twitter.com/p9HF3D5b7y
— Narendra Modi (@narendramodi) October 29, 2020
हम सभी के प्रिय, श्रद्धेय केशुभाई पटेल जी के निधन से मैं दुखी हूं, स्तब्ध हूं। https://t.co/kWCDdWmyOR
— Narendra Modi (@narendramodi) October 29, 2020