Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীলংকাৰ ভাৰতীয় মূলৰ তামিলৰ নেতাসকলৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক

শ্ৰীলংকাৰ ভাৰতীয় মূলৰ তামিলৰ নেতাসকলৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক


শ্ৰীলংকাৰ পৰা অহা ভাৰতীয় মূলৰ তামিল নেতাসকলে আজি কলম্বোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰতে শ্ৰীলংকা চৰকাৰৰ সহযোগত আই অ’ টি বা অৰিজিন তামিলসকলৰ বাবে ১০ হাজাৰ গৃহ নিৰ্মাণ কৰাৰ উপৰিও, স্বাস্থ্যসেৱাৰ সুবিধা, পবিত্ৰ স্থান সীতা এলিয়া মন্দিৰ আৰু অন্যান্য সামূহিক উন্নয়ন প্ৰকল্প নিৰ্মাণত সহায় কৰিব।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সযোগে এটা পোষ্টত লিখিছে –

“ইণ্ডিয়ান অৰিজিন তামিল চমুকৈ আই অ’ টিৰ নেতাসকলৰ সৈতে হোৱা বৈঠক গঠনমূলক আছিল। সমুদায়টোৱে ২০০ বছৰতকৈও অধিক সময় দুয়োখন দেশৰ মাজত এক সম্পৰ্কৰ এনাজৰী ধৰি ৰাখিছে। শ্ৰীলংকা চৰকাৰৰ সহযোগত ভাৰতে ১০,০০০ গৃহ নিৰ্মাণ কৰাৰ লগতে স্বাস্থ্যসেৱাৰ সুবিধা, পবিত্ৰ স্থান সীতা এলিয়া মন্দিৰ আৰু আই অ’ টিৰ বাবে অন্যান্য সমুদায় উন্নয়ন প্ৰকল্প নিৰ্মাণতো সহায় কৰিব।”

***

MJPS/SR