Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীনগৰত প্ৰধানমন্ত্ৰীঃ দেশবাসীৰ নামত উচৰ্গা কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্প

শ্ৰীনগৰত প্ৰধানমন্ত্ৰীঃ দেশবাসীৰ নামত উচৰ্গা কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্প


শ্ৰীনগৰত আজি এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে।

তেওঁ লগতে শ্ৰীনগৰ ৰিং ৰোডৰো আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিগত চাৰি বছৰত বিভিন্ন কাৰণত জম্মু আৰু কাশ্মীৰলৈ অহাৰ কথা দোঁহাৰে।

তেওঁ কয় যে ৰমজান মাহ হৈছে হজৰত মহম্মদৰ শিক্ষা আৰু বাণীসমূহ স্মৰণ কৰাৰ এক সময়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩৩০ মেগাৱাট কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্পই ৰাজ্যখনৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ প্ৰয়োজনীয়তা পুৰন কৰিব।

তেওঁ ৰাজ্যখনৰ তিনিটা অঞ্চল ক্ৰমে-কাশ্মীৰ, জম্মু আৰু লাডাখৰ সম উন্নয়নত গুৰুত্ব আৰোপ কৰে।

*****

AKT/ HS/DB