প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে শ্যামজী কৃষ্ণ বাৰ্মাৰ মহানতাৰ সন্দৰ্ভত প্ৰদান কৰা এটা বক্তৃতাও শ্বেয়াৰ কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
“জয়ন্তী উপলক্ষে সাহসী শ্যামজী কৃষ্ণ বাৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ ভাৰতৰ স্বাধীনতাৰ বাবে মা ভাৰতীৰ নিৰ্ভীক সন্তানগৰাকীয়ে জীৱন উচৰ্গা কৰিছিল আৰু আমাৰ জনতাৰ মাজত এক গৌৰৱৰ মনোভাৱ জগাই তুলিছিল৷ তেওঁ মহানতাৰ সন্দৰ্ভত মই প্ৰদান কৰা এটা বক্তৃতাও শ্বেয়াৰ কৰিছো৷”
***
DS/ST/DB
Tributes to the brave Shyamji Krishna Varma on his Jayanti. This fearless son of Maa Bharti devoted his life to freeing India and furthering a spirit of pride among our people. Sharing a speech of mine in which I’ve spoken of his greatness. https://t.co/qEpmCbvopj
— Narendra Modi (@narendramodi) October 4, 2022