প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন, ২০১২ (প’ক্স’)ৰ সংশোধনীৰ প্ৰস্তাৱক অনুমোদন জনাইছে যাতে শিশু যৌন অপৰাধীয়ে কঠোৰ শাস্তি পাব পাৰে৷
উল্লেখযোগ্য বৈশিষ্টঃ
১. প’ক্স’ আইন, ২০১২ শিশুক যৌন নিগ্ৰহ, যৌন হাৰাশাস্তি তথা প’ৰ্ণগ্ৰাফিৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে প্ৰণয়ন কৰা হৈছিল৷ এই আইনত ১৮ বছৰৰ তলৰ সকলো ব্যক্তিক শিশু হিচাপে অভিহিত কৰি সেই শিশুৰ প্ৰতিটো পৰ্যায়ৰ কল্যাণক গুৰুত্ব প্ৰদান কৰি শাৰীৰকভাৱে, মানসিকভাৱে, আবেগিকভাৱে তথা সামাজিকভাৱে সুস্থ হৈ থকাৰ নিশ্চিতি প্ৰদান কৰা হৈছে৷ এই আইন লিংগ সমতাভিত্তিক৷
২. প্ৰচ্ছদ–৪, ৫, ৬, ৯, ১৪, ১৫ আৰু ৪২ৰ সংশোধনীৰ দ্বাৰা শিশুৰ যৌন নিৰ্যাতনক উপযুক্ত ধৰণে মোকাবিলা কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই সংশোধনীৰ দ্বাৰা দেশত বৰ্ধিত শিশুৰ যৌন নিৰ্যাতনক কঠোৰ হাতেৰে দমন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
৩. শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচ্ছদ ৪, ৫ আৰু ৬ৰ সংশোধনীৰ দ্বাৰা মৃত্যুদণ্ড আদিৰ দৰে কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷
৪. প্ৰচ্ছদ ৯ৰ সংশোধনীত এয়াও উল্লখ কৰা হৈছে যে ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত যদি কোনো শিশুক যৌন অপৰাধৰ দ্বাৰা সংৰক্ষণ আৰু আক্ৰমণাত্মক যৌন অপৰাধৰ উদ্দেশ্যত শিশুৰ প্ৰাক্ যৌন পৰিপক্কতাৰ বাবে শিশুক কোনো প্ৰকাৰে হৰ্মন অথবা কোনো ৰাসায়নিক পদাৰ্থ খুওৱাৰ পৰিপ্ৰেক্ষিতত এই আইন সংশোধন কৰাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে৷
৫. শিশু প’ৰ্ণগ্ৰাফীৰ দুষ্প্ৰভাৱৰ মোকাবিলা কৰিবলৈ প’ক্স’ আইন, ২০১২ৰ প্ৰচ্ছদ–১৪ আৰু ১৫ৰো সংশোধন কৰাৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছে৷ শিশুৰ প’ৰ্ণগ্ৰাফিক সামগ্ৰীৰ সামগ্ৰী নষ্ট নকৰাৰ বাবে/ডিলিট নকৰাৰ বাবে/অথবা প্ৰতিবেদন দাখিল কৰিলে জৰিমনাৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছে৷ এনে ব্যক্তিক এই ধৰণৰ সামগ্ৰীৰ প্ৰসাৰণ/প্ৰচাৰ/কোনো অন্য ধৰণে ব্যৱস্থাপনা কৰাৰ পৰিপ্ৰেক্ষিতত কাৰাবাস অথবা শাস্তি প্ৰদান কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে৷ ন্যায়ালৰ দ্বাৰা যথা নিৰ্ধাৰিত আদেশ অনুসৰি এনেকুৱা সামগ্ৰীৰ ন্যায়ালয়ত প্ৰমাণৰ ৰূপত ব্যৱহাৰ কৰাৰ বাবে প্ৰতিবেদন দাখিল কৰিব পৰা হ’ব৷ ব্যৱসায়িক উদ্দেশ্যৰ বাবে কোনো শিশুৰ যিকোনো ৰূপত প’ৰ্ণগ্ৰাফিক সামগ্ৰীৰ সঞ্চয়/নিজৰ কাষত জমা ৰখাৰ বাবে শাস্তিৰ ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে৷
লাভঃ
এই সংশোধনীৰ দ্বাৰা দেশত বৰ্ধিত শিশুৰ যৌন নিৰ্যাতনক কঠোৰ হাতেৰে দমন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা শিশুৰ সুৰক্ষা আৰু সন্মান ৰক্ষা হ’ব৷ এই সংশোধনীয়ে শিশু নিৰ্যাতনকাৰী কঠোৰ শাস্তি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
*****
AKT/SH/MANN