নমস্কাৰ,
আপোনালোক সকলো ঐতিহাসিক আৰু বিশ্ব ঐতিহ্য লোথলত প্ৰত্যক্ষভাৱে উপস্থিত আছে। মই প্ৰযুক্তিৰ মাধ্যমত সুদূৰ দিল্লীৰ পৰা আপোনালোকৰ সৈতে সংযুক্ত হৈছো, কিন্তু মন মস্তিষ্কত এনে লাগি আছে যেন মই তাত আপোনালোক সকলোৰে মাজতে আছো। এইমাত্ৰ মই ড্ৰোণৰ পৰা National Maritime Heritage Complex-ৰে জড়িত কাম দেখিলো, তাৰ প্ৰগতিৰ সমীক্ষাও কৰিলো। মই সন্তোষ পাইছো যে এই প্ৰকল্পৰ সৈতে জড়িত কাম দ্ৰুতগতিত চলি আছে।
বন্ধুসকল,
এই বছৰ লাল কিলাৰ পৰা পঞ্চ প্ৰণৰ চৰ্চা কৰি মই নিজৰ ঐতিহ্যৰ ওপৰত গৰ্ব কৰাৰ কথা কৈছিলো। আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাইয়েও সেই কথা উল্লেখ কৰিছে। আমাৰ সাগৰীয় সম্পদ আমাৰ পূৰ্বজসকলে দি যোৱা এনেধৰণৰ এক মহান ঐতিহ্য। কোনো স্থান বা সময়ৰ ইতিহাসে অনাগত প্ৰজন্মক অনুপ্ৰাণিতও কৰে আৰু আমাক ভৱিষ্যতৰ বাবে সচেতনো কৰে। আমাৰ ইতিহাসৰ এনেধৰণৰ অনেক গাঁথা আছে, যাক পাহৰাই দিয়া হ’ল, সেয়া সুৰক্ষিত কৰা আৰু অনাগত প্ৰজন্মলৈ লৈ যোৱাৰ পথ বিচৰা নহ’ল। ইতিহাসৰ সেই ঘটনাৱলীৰ সৈতে আমি কিমান যে শিকিব পাৰিলো হেঁতেন।
ভাৰতৰ সাগৰীয় সম্পদো এনে বিষয়, যাৰ বিষয়ে বহুত কম চৰ্চা কৰা হৈছে। কেইবা শতিকা পূৰ্বৰ ভাৰতৰ বেপাৰ-বাণিজ্য পৃথিৱীৰ এটা বৃহৎ অংশত বিয়পি আছিল। আমাৰ সম্বন্ধ পৃথিৱীৰ প্ৰতিটো সভ্যতাৰ সৈতে আছিল, আৰু তাৰ অন্তৰালত ভাৰতৰ সামুদ্ৰিক শক্তিৰ বহুত ডাঙৰ ভূমিকা আছিল। কিন্তু দাসত্বৰ দীঘলীয়া কালখণ্ডই কেৱল ভাৰতৰ এই সামৰ্থ্য ভংগ কৰাই নহয়, বৰং সময়ৰ লগে লগে আমি ভাৰতীয়, নিজৰ এই সামৰ্থ্যৰ প্ৰতি উদাসীনো হৈ গৈ থাকিলো।
আমি পাহৰি গ’লো যে আমাৰ হাতত লোথল আৰু ধোলাৱীৰাৰ দৰে মহান ঐতিহ্য আছে, যি হাজাৰ হাজাৰ বছৰ আগতেও সামুদ্ৰিক বেপাৰৰ বাবে প্ৰসিদ্ধ আছিল। আমাৰ দক্ষিণত চোল সাম্ৰাজ্য, চেৰ ৰাজবংশ, পাণ্ড্য ৰাজবংশও হ’ল, যি সাগৰীয় সম্পদৰ শক্তিক বুজিলে আৰু তাক এক অভূতপূৰ্ব উচ্চতা দিয়ে। তেওঁলোকে কেৱল নিজৰ সামুদ্ৰিক শক্তিৰ বিস্তাৰ কৰাই নহয়, বৰং ইয়াৰ সহায়ত দূৰ-সুদূৰৰ দেশসমূহলৈ বেপাৰ লৈ যোৱাতো সফল হয়। ছত্ৰপতি শিৱাজী মহাৰাজেও এটা শক্তিশালী নৌসেনা গঠন কৰে আৰু বিদেশী আক্ৰমণকাৰীক প্ৰত্যাহ্বান জনায়।
এই সকলো ভাৰতৰ ইতিহাসৰ এনে গৌৰৱপূৰ্ণ অধ্যায়, যাক আওকাণ কৰা গ’ল। আপোনালোকে কল্পনা কৰকচোন, হাজাৰ হাজাৰ বছৰ আগতে কচ্ছত ডাঙৰ ডাঙৰ সামুদ্ৰিক জাহাজ নিৰ্মাণৰ সম্পূৰ্ণ উদ্যোগ চলিছিল। ভাৰতত নিৰ্মিত পানীৰ ডাঙৰ ডাঙৰ জাহাজ, পৃথিৱীজুৰি বেচা হৈছিল। ঐতিহ্যৰ প্ৰতি এই উদাসীনতাই দেশৰ বহুত লোকচান কৰিলে। এই স্থিতি সলনি কৰা দৰকাৰ। সেয়ে আমি সিদ্ধান্ত কৰিলো যে ধোলাৱীৰা আৰু লোথলক, ভাৰতৰ গৌৰৱৰ এই কেন্দ্ৰসমূহক আমি সেই ৰূপতেই ওভতাম, যাৰ বাবে এসময়ত এইবোৰ প্ৰসিদ্ধ আছিল। আৰু আজি আমি সেই মিছনত দ্ৰুতগতিত কাম হোৱা দেখা পাই আছো।
বন্ধুসকল,
আজি যেতিয়া মই লোথলৰ চৰ্চা কৰি আছো তেতিয়া মোৰ হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা পৰম্পৰাৰ কথাও মনলৈ আহিছে। আজি গুজৰাটৰ বহু অঞ্চলত সিকোতৰ মাতাৰ পূজা কৰা হয়। তেওঁক সমুদ্ৰৰ দেৱী হিচাপে পূজা কৰা হয়। হাজাৰ হাজাৰ বছৰ আগৰ লোথলৰ ওপৰত গৱেষণা কৰা তথ্যভিজ্ঞৰ ধাৰণা যে সেই সময়তো সিকোতৰ মাতাক কিবা নহয় কিবা ৰূপত পূজা কৰা হৈছিল। কোৱা হয়, সমুদ্ৰলৈ অহাৰ আগতে সিকোতৰ দেৱীৰ পূজা কৰা হৈছিল, যাতে তেওঁ যাত্ৰাকালত ৰক্ষা কৰে। ইতিহাসকাৰৰ মতে, সিকোতৰ মাতাৰ সম্বন্ধ সোকোত্ৰা দ্বীপৰ সৈতে আছে, যি আজি অদনৰ উপকূলত আছে। ইয়াত বুজিব পাৰি যে আজিৰ পৰা কেইবা হাজাৰ বছৰ আগতেও খম্ভাতৰ উপকূলৰ পৰা দূৰ-দূৰলৈকে সামুদ্ৰিক বেপাৰৰ পথ খোলা আছিল।
বন্ধুসকল,
অলপতে বডনগৰৰ ওচৰতো খননৰ সময়ত সিকোতৰ মাতাৰ মন্দিৰৰ সন্ধান পোৱা গৈছে। কিছুমান এনেধৰণৰ সাক্ষ্যও পোৱা গৈছে যাৰ জৰিয়তে প্ৰাচীন কালত ইয়াৰ পৰা সামুদ্ৰিক বেপাৰ হোৱাৰ তথ্য পোৱা যায়। এনেকৈ সুৰেন্দ্ৰনগৰৰ ঝিঞ্ঝৱাড়া গাঁৱত লাইট হাউছ থকাৰ সাক্ষ্য পোৱা গৈছে। আপোনালোকেও জানে যে লাইট হাউছ জাহাজক ৰাতি ৰাস্তা দেখুৱাবলৈ বনোৱা হৈছিল। আৰু দেশৰ মানুহে এই কথা শুনি আশ্বৰ্যৰে ভৰি উঠিব যে ঝিঞ্ঝৱাড়া গাঁৱৰ পৰা সাগৰ প্ৰায় এশ কিলোমিটাৰ দূৰত। কিন্তু এইখন গাঁৱত এনেধৰণৰ অনেক সাক্ষ্য আছে যি কয় যে কেইবা শতিকাৰ আগতে এই গাঁৱত বহুত ব্যস্ত বন্দৰ আছিল। ইয়াৰ জৰিয়তে এই সমগ্ৰ অঞ্চল প্ৰাচীন কালৰে পৰাই সামুদ্ৰিক বেপাৰেৰে সমৃদ্ধ হোৱাৰ তথ্য পোৱা যায়।
বন্ধুসকল,
লোথল কেৱল সিন্ধু ঘাটী সভ্যতাৰ এটা ডাঙৰ বাণিজ্যিক কেন্দ্ৰই নাছিল, বৰং ই ভাৰতৰ সামুদ্ৰিক সামৰ্থ্য আৰু সমৃদ্ধিৰো প্ৰতীক আছিল। কেইবা হাজাৰ বছৰ আগতে লোথলক যেনেদৰে এখন পোৰ্ট চিটীৰ ৰূপত বিকশিত কৰা হৈছিল, সি আজিও ডাঙৰ ডাঙৰ তথ্যভিজ্ঞক আচৰিত কৰি তোলে। লোথলৰ খননত পোৱা চহৰ, বজাৰ আৰু বন্দৰৰ অৱশেষ, সেই সময়ত হোৱা আৰ্বান প্লেনিং আৰু আৰ্কিটেকচাৰৰ অদ্ভুত দৰ্শন কৰায়। প্ৰাকৃতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ যেনেধৰণৰ ব্যৱস্থা ইয়াত আছিল, তাত আজিৰ প্লেনিঙৰ বাবেও বহুত কিবা চাবলগা আছে।
বন্ধুসকল,
এফালৰ পৰা এই ক্ষেত্ৰখনত দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতী দুয়োৰে আশীৰ্বাদ আছিল। বহু দেশৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ ফলত ইয়াত ধনবৰ্ষণো হৈছিল। কোৱা হয় যে লোথলৰ পোৰ্টত সেই সময়ত ৮৪খন দেশৰ পতাকা উৰিছিল। এনেকৈ, ওচৰৰে বল্লভী বিশ্ববিদ্যালয়ত পৃথিৱীৰ ৮০খনৰো অধিক দেশৰ ছাত্ৰ পঢ়িবলৈ আহিছিল। সপ্তম শতিকাত এই ক্ষেত্ৰলৈ অহা চীনা দাৰ্শনিকসকলেও লিখিছে যে তেতিয়া বল্লভী বিশ্ববিদ্যালয়ত ৬ হাজাৰৰ অধিক ছাত্ৰ আছিল। অৰ্থাৎ দেৱী সৰস্বতীৰ কৃপাও এই অঞ্চলৰ ওপৰত আছিল।
বন্ধুসকল,
লোথলত এই যি হেৰিটেজ কমপ্লেক্স নিৰ্মাণ হৈ আছে, তাক এনেকুৱা বনাই থকা হৈছে যে ভাৰতৰ সাধাৰণৰো সাধাৰণ ব্যক্তিয়েও যাতে এই ইতিহাস সহজে জানিব পাৰে, বুজিব পাৰে। ইয়াত অতি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ কৰি, সম্পূৰ্ণ সেই যুগক পুনৰ সজীৱ কৰাৰ প্ৰয়াস কৰি থকা হৈছে। কেইবা হাজাৰ বছৰ আগৰ সেই বৈভৱ, সেই সামৰ্থ্য, এই ধৰিত্ৰীত পুনৰ জাগ্ৰত কৰি থকা হৈছে।
মোৰ বিশ্বাস আছে যে ই পৃথিৱীজুৰি পৰ্যটকৰ বাবে আকৰ্ষণৰ বহুত ডাঙৰ কেন্দ্ৰ হ’ব। এই কমপ্লেক্সক, এদিনত হাজাৰ হাজাৰ পৰ্যটকৰ আদৰণিৰ বাবে বিকশিত কৰি থকা হৈছে। যেনেদৰে একতা নগৰত ষ্টেচ্যু অফ ইউনিটীত নিতৌ পৰ্যটক অহাৰ ৰেকৰ্ড হৈ আছে, তেনেদৰেই সেই দিনলৈ দূৰ নহয় যেতিয়া দেশৰ প্ৰতিটো কোনৰ পৰা লোথলত মানুহ এই হেৰিটেজ কমপ্লেক্স চাবলৈ আহিব। ইয়াৰ ফলত ইয়াত সংস্থাপন আৰু আত্মসংস্থাপনৰ হাজাৰ হাজাৰ নতুন সুযোগ সৃষ্টি হ’ব। এই অঞ্চলত এই কথাৰো লাভ হ’ব যে ই আহমেদাবাদৰ পৰা বেছি দূৰ নহয়। ভৱিষ্যতে অধিক লোক চহৰৰ পৰা ইয়ালৈ আহিব, ইয়াৰ পৰ্যটন বঢ়াব।
বন্ধুসকল,
এই ক্ষেত্ৰখনে যিমান কঠিন দিন দেখিছে, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম। এটা সময়ত সাগৰৰ বিস্তাৰ ইয়ালৈকে আছিল, সেয়ে বহুত ডাঙৰ এলেকাত কোনো ফচল সৃষ্টি কৰাটো টান আছিল। ২০-২৫ বছৰ আগতে মানুহে ইয়াত এনেকুৱা দিন দেখিছিল যে দৰকাৰ হ’লে কেইবা একৰ মাটিৰ সলনিও কোনেও ঋণ নিদিছিল। ঋণ দিওঁতায়ো কৈছিল যে মাটি মই কি কৰিম, মাটিৰ পৰা তো একো লাভ নহ’ব। সেই অৱস্থাৰ পৰা লোথল আৰু এই সমগ্ৰ ক্ষেত্ৰখনক আজি আমি বাহিৰলৈ উলিয়াই আনিলো।
আৰু বন্ধুসকল,
লোথল আৰু এই ক্ষেত্ৰৰ পুৰণি গৌৰৱ ওভতাই আনিবলৈ আমাৰ ফোকাছ কেৱল হেৰিটেজ কমপ্লেক্সতে সীমিত নহয়। আজি গুজৰাটৰ উপকূলৱৰ্তী ঠাইবোৰত আধুনিক আন্তঃগাঁথনিৰ ইমান কাম হৈ আছে, উপকূলীয় অঞ্চলত বিভিন্ন উদ্যোগ স্থাপন হৈ আছে। এই পৰিকল্পনাসমূহৰ ওপৰত লাখ লাখ কোটি টকা খৰচ হৈ আছে।
এতিয়া ছেমিকণ্ডাক্টৰ প্লাণ্টেও ইয়াৰ গৌৰৱ আৰু বঢ়াব। হাজাৰ হাজাৰ বছৰ আগতে লোথল আৰু তাৰ ওচৰ-পাজৰৰ ঠাই যিমান বিকশিত আছিল, তেনেকৈয়ে এই ক্ষেত্ৰখনক পুনৰ বিকশিত কৰি তুলিবলৈ আমাৰ চৰকাৰে সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে। যি লোথল নিজৰ ইতিহাসৰ ফলত আমাক গৰ্বেৰে ভৰাই তোলে, সেই লোথলে এতিয়া অনাগত প্ৰজন্মৰ ভৱিষ্যতো গঢ়িব।
বন্ধুসকল,
এটা মিউজিয়াম কেৱল সামগ্ৰী বা দস্তাবেজ সংগ্ৰহ কৰি ৰখা আৰু দেখুওৱাৰ মাধ্যমেই নহয়। যেতিয়া আমি নিজৰ ঐতিহ্যক সজাওঁ তেতিয়া তাৰ লগতে তাৰ সৈতে জড়িত ভাবনাও সংৰক্ষিত হয়। যেতিয়া আমি দেশজুৰি হৈ থকা আদিবাসী স্বাধীনতা সেনানীৰ সংগ্ৰহালয় চাওঁ, তেতিয়া জানিব পাৰো যে ভাৰতৰ স্বাধীনতা আন্দোলনত আমাৰ বীৰ আদিবাসী নায়ক-নায়িকাসকলৰ কিমান ডাঙৰ যোগদান আছিল। যেতিয়া আমি প্ৰধানমন্ত্ৰী সংগ্ৰহালয় চাওঁ তেতিয়া তেতিয়া আমি গণতন্ত্ৰৰ শক্তিৰ উমান পাওঁ, আমাৰ দেশৰ ৭৫ বছৰৰ যাত্ৰাৰ ৰেঙণি দেখোঁ। কেৱড়িয়া, একতানগৰত ষ্টেচ্যু অফ ইউনিটীয়ে আমাক ভাৰতৰ একতা আৰু অখণ্ডতাৰ বাবে হোৱা প্ৰয়াস, তপ আৰু তপস্যা সোঁৱৰাই দিয়ে।
আৰু আপোনালোক সকলোৱে জানে যে এটা বহুত ডাঙৰ ৰিছাৰ্চৰ কাম চলি আছে। এতিয়া কেৱড়িয়াত চৰ্দাৰ পেটেল ষ্টেচ্যু যেনেকৈ হৈ আছে, কিয়নো চৰ্দাৰ চাহাবে ৰজা-প্ৰজা সকলোকে একত্ৰিত কৰাৰ কাম কৰিলে, সেয়ে তাতেই ৰজা-প্ৰজা দেশৰ যি ভাৰতৰ একতা আৰু অখণ্ডতাৰ বাবে ৰাজ শাসন দিলে, তেওঁৰো এটা মিউজিয়াম আমি বনাই আছো। এতিয়া তাৰ ডিজাইনিঙৰ কাম চলি আছে, ৰিছাৰ্চৰ কাম চলি আছে। তাৰ কাৰণে আগতে ৰজা-প্ৰজা কেনে আছিল, কিমান ডাঙৰ দেশে সমাজৰ ভাল কৰাৰ কাম কৰিছিল, আৰু তাকে চৰ্দাৰ চাহাবৰ নেতৃত্বত দেশৰ একতাৰ বাবে কেনেকৈ, অৰ্থাৎ সম্পূৰ্ণ চক্ৰ, একতানগৰত কোনো ঠাই তো ৰজা-প্ৰজাৰ পৰা আৰম্ভ কৰি চৰ্দাৰ চাহাবলৈকে যাত্ৰাত কেনেকৈ ভাৰতৰ একীকৰণ হ’ল, সেই কাম তাত হৈ আছে আৰু ৰিছাৰ্চৰ কাম চলি আছে, অদূৰ ভৱিষ্যতে নিৰ্মাণ কাৰ্যও আৰম্ভ হ’ব।
যোৱা ৮ বছৰত আমি এই যি ঐতিহ্য দেশত বিকশিত কৰিছো, ইয়াৰ পৰাও জানিব পাৰি যে আমাৰ ঐতিহ্যৰ বিস্তাৰ কিমান বৃহৎ। মোৰ বিশ্বাস আছে, লোথলত হৈ থকা National Maritime Museum-য়েও সকলো ভাৰতীয়ক নিজৰ সামুদ্ৰিক সম্পদক লৈ গৰ্বৰে ভৰাই দিব। লোথল নিজৰ পুৰণি বৈভৱৰ সৈতে আকৌ পৃথিৱীৰ সন্মুখলৈ আহিব, এই বিশ্বাসেৰেই আপোনালোক সকলোৰে বহুত বহুত কৃতজ্ঞতা! আপোনালোক সকলোকে বহুত বহুত শুভকামনা।
আৰু ইয়াত লোথলত এই সকলো ভাতৃ-ভগ্নী বহি আছে, ইফালে এতিয়া দীপাৱলী সন্মুখত আহি আছে, আপোনালোক সকলোকে আহিবলগা দিনৰ আৰু দীপাৱলীৰ বহুত বহুত শুভকামনা আৰু গুজৰাটত তো নতুন বছৰো আহিছে, সেয়ে আপোনালোকক নতুন বছৰৰো বহুত বহুত শুভকামনা। বহুত বহুত ধন্যবাদ সকলোকে।
ডিস্ক্লেইমাৰ: প্ৰধানমন্ত্ৰীৰ ভাষণৰ কিছু অংশ গুজৰাটী ভাষাতো আছে, যাৰ ইয়াত হিন্দী ভাবানুবাদৰ পৰা অনুবাদ কৰা হৈছে।
**********
DS/ST/NS
National Maritime Heritage Complex at Lothal is our resolve to celebrate India's rich maritime history. https://t.co/iIbHS8Z6EB
— Narendra Modi (@narendramodi) October 18, 2022
India's maritime history... It is our heritage that has been little talked about. pic.twitter.com/c0GXThIPd5
— PMO India (@PMOIndia) October 18, 2022
India has had a rich and diverse maritime heritage since thousands of years. pic.twitter.com/glpVGTX2CO
— PMO India (@PMOIndia) October 18, 2022
Government is committed to revamp sites of historical significance. pic.twitter.com/OUQsLJrz3b
— PMO India (@PMOIndia) October 18, 2022
Archaeological excavations have unearthed several sites of historical relevance. pic.twitter.com/cf4Oc7kCcF
— PMO India (@PMOIndia) October 18, 2022
Lothal was a thriving centre of India's maritime capability. pic.twitter.com/92J13bVLGT
— PMO India (@PMOIndia) October 18, 2022
National Maritime Heritage Complex at Lothal will act as a centre for learning and understanding of India's diverse maritime history. pic.twitter.com/PMGHxWI3YJ
— PMO India (@PMOIndia) October 18, 2022