“সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আৰু আশা আছে”
“আজিৰ সংস্কাৰবোৰ বাধ্যবাধকতাৰ জৰিয়তে নহয়, বৰং দৃড় বিশ্বাসৰ জৰিয়তে সাধন কৰা হয়”
ইউপিএৰ অধীনত ভাৰতক ‘লষ্ট ডিকেড’ বুলি কোৱা হৈছিল, আনহাতে আজি মানুহে বৰ্তমানৰ দশকটোক ‘ভাৰতৰ দশক’ বুলি অভিহিত কৰিছে
“ভাৰত গণতন্ত্ৰৰ জননী, শক্তিশালী গণতন্ত্ৰৰ বাবে গঠনমূলক সমালোচনা গুৰুত্বপূৰ্ণ আৰু সমালোচনা ‘শুদ্ধি যজ্ঞ’ৰ দৰে”
“গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে, কিছুমান লোকে বাধ্যতামূলক সমালোচনাত লিপ্ত হয়
“১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদেই হৈছে মোৰ ‘সুৰক্ষা কৱচ'”
“আমাৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষাক পূৰ্ণ কৰিছে। আমি তেওঁলোকক তেওঁলোকৰ সততাৰ বাবে সন্মান জনাইছোঁ”
“ভাৰতীয় সমাজৰ নেতিবাচকতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে, কিন্তু ই কেতিয়াও এই নেতিবাচকতাক গ্ৰহণ নকৰে”
সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক এক বক্তব্য আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে মাননীয় ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনত তেওঁৰ দূৰদৰ্শী ভাষণৰ জৰিয়তে দেশবাসীক সঠিক নিৰ্দেশনা প্ৰদান কৰিছে। তেওঁ কয় যে তেওঁৰ ভাষণে ভাৰতৰ ‘নাৰী শক্তি’ক অনুপ্ৰাণিত কৰে আৰু ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু তেওঁলোকৰ মাজত গৌৰৱ বোধৰ অনুভূতিও জাগ্ৰত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁ ৰাষ্ট্ৰক ‘সংকল্পৰ পৰা সিদ্ধি’লৈকে উত্তৰণৰ পথত আমাক এক বিতং ব্লুপ্ৰিণ্ট প্ৰদান কৰিছে।”
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নানা ধৰণৰ প্ৰত্যাহ্বান আহি থাকিব পাৰে, কিন্তু ১৪০ কোটি ভাৰতীয়ৰ দৃঢ় সংকল্পৰ দ্বাৰা দেশখনে আমাৰ পথত আহিব পৰা সকলো বাধা অতিক্ৰম কৰিব পাৰে। তেওঁ কয় যে শতিকাত এবাৰ দুৰ্যোগ আৰু যুদ্ধৰ সময়ত দেশখন চম্ভালি লবলৈ প্ৰতিজন ভাৰতীয়ক আত্মবিশ্বাসেৰে ভৰাই তুলিছে। আনকি এনে অস্থিৰতাৰ সময়তো ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে মূৰ দাঙি উঠিছে।
তেওঁ কয় যে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আৰু আশাৰ সঞ্চাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে এই ইতিবাচকতাৰ কৃতিত্ব স্থিৰতা, ভাৰতৰ বৈশ্বিক স্থিতি, ভাৰতৰ বৰ্ধিত সামৰ্থ্য আৰু ভাৰতত উদিত নতুন সম্ভাৱনাক দিয়ে। দেশত কিধৰণৰ বিশ্বাসৰ পৰিৱেশ গঢ়ি উঠিছে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত বৰ্তমান এনে এখন চৰকাৰ আছে যি স্থিৰ আৰু নিৰ্ণায়ক। তেওঁ এই বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে আজি সংস্কাৰবোৰ বাধ্যবাধকতাৰ দ্বাৰা নহয়, দৃঢ় বিশ্বাসৰ জৰিয়তেহে সাধন কৰা হৈছে। তেওঁ কয়, “বিশ্বই ভাৰতৰ সমৃদ্ধিত নিজৰ সমৃদ্ধি দেখিছে”।
প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ আগৰ দশকটোৰ কথা স্মৰণ কৰি কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ মাজৰ বছৰবোৰ নানান কেলেংকাৰীৰে পূৰ্ণ আছিল আৰু একে সময়তে দেশৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। এই দশকত ভাৰতীয় অৰ্থনীতিৰ অৱনতি ঘটিছিল আৰু আন্তৰ্জাতিক মঞ্চত ভাৰতৰ কণ্ঠ আছিল অতি দুৰ্বল। সেয়ে এই দশকটো চিহ্নিত হৈছিল ‘সুযোগ সত্ত্বেও প্ৰতিকূলতা’ৰ দশক ৰূপে।
দেশখন আজি আত্মবিশ্বাসেৰে ভৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই আশাৰ দৃষ্টিৰে ভাৰতৰ ফালে চাই আছে আৰু ভাৰতৰ স্থিৰতা আৰু সম্ভাৱনাক কৃতিত্ব দিয়ে। তেওঁ লক্ষ্য কৰিছিল যে ইউপিএৰ অধীনত ভাৰতক ‘লষ্ট ডিকেড’ বুলি কোৱা হৈছিল আনহাতে আজি মানুহে বৰ্তমানৰ দশকটোক ‘ভাৰতৰ দশক’ বুলি অভিহিত কৰিছে।
ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, শক্তিশালী গণতন্ত্ৰৰ বাবে গঠনমূলক সমালোচনা অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে সমালোচনা হল শুদ্ধিকৰণৰ এক যজ্ঞবিশেষ। প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে কিছুমান লোকে বাধ্যতামূলক সমালোচনাত লিপ্ত হয়। তেওঁ কয় যে যোৱা ৯ বছৰত, আমি এনে সমালোচক দেখিছোঁ যিয়ে যিগঠনমূলক সমালোচনাৰ পৰিৱৰ্তে ভিত্তিহীন অভিযোগত লিপ্ত হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ধৰণৰ সমালোচনাই কিন্তু দেশবাসীৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিব পৰা নাই। আমি প্ৰথমবাৰৰ বাবে গঠনমূলক কামৰ মাজেৰে দেশবাসীৰ মৌলিক চাহিদা পূৰণত সফল হৈছোঁ। তেওঁ কয় যে তেওঁ এক ৰাজবংশৰ পৰিৱৰ্তে ১৪০ কোটি ভাৰতীয়ৰ পৰিয়ালৰ সদস্য। “১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ মোৰ ‘সুৰক্ষা কৱচ’, প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে বঞ্চিত আৰু অৱহেলিত সকলৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা দোহাৰে আৰু দৃঢ়তাৰে কয় যে চৰকাৰৰ আঁচনিৰ সৰ্বাধিক লাভালাভ দলিত, আদিবাসী, মহিলা আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলক দিয়া হৈছে। ভাৰতৰ নাৰী শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ নাৰী শক্তিক শক্তিশালী কৰাৰ বাবে কোনো ধৰণৰ প্ৰচেষ্টাৰ ক্ৰটি কৰা হোৱা নাই। তেওঁ কয় যে যেতিয়া ভাৰতৰ মাতৃসকল শক্তিশালী হয়, তেতিয়া জনসাধাৰণ শক্তিশালী হয় আৰু যেতিয়া জনসাধাৰণ শক্তিশালী হয় তেতিয়া ই সমাজক শক্তিশালী কৰে যাৰ ফলত ৰাষ্ট্ৰ শক্তিশালী হয়। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণ কৰিছে আৰু তেওঁলোকৰ সততাৰ বাবে তেওঁলোকক সন্মান জনাইছে। ভাৰতৰ সাধাৰণ নাগৰিকসকল ইতিবাচকতাৰে পৰিপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদিও ভাৰতীয় সমাজৰ নেতিবাচকতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে, তথাপি ই কেতিয়াও এই নেতিবাচকতাক গ্ৰহণ নকৰে।
Speaking in the Lok Sabha. https://t.co/Ikh7uniQoi
— Narendra Modi (@narendramodi) February 8, 2023
In her visionary address to both Houses, the Hon'ble President has given direction to the nation: PM @narendramodi pic.twitter.com/pfuFyNc5mu
— PMO India (@PMOIndia) February 8, 2023
The self-confidence of India's tribal communities have increased. pic.twitter.com/EaY38FQAYp
— PMO India (@PMOIndia) February 8, 2023
The country is overcoming challenges with the determination of 140 crore Indians. pic.twitter.com/HMiSXW45pB
— PMO India (@PMOIndia) February 8, 2023
आज पूरे विश्न में भारत को लेकर पॉजिटिविटी है, एक आशा है और भरोसा है। pic.twitter.com/YfkMF2PdTV
— PMO India (@PMOIndia) February 8, 2023
आज पूरी दुनिया भारत की ओर आशा भरी नजरों से देख रही है। pic.twitter.com/gswT4WQYuq
— PMO India (@PMOIndia) February 8, 2023
Today, India has a stable and decisive government. pic.twitter.com/uq95NClzGw
— PMO India (@PMOIndia) February 8, 2023
आज Reform out of Compulsion नहीं Out of Conviction हो रहे हैं। pic.twitter.com/zitLpDND5r
— PMO India (@PMOIndia) February 8, 2023
The years 2004 to 2014 were filled with scams. pic.twitter.com/t8Gv69rxKD
— PMO India (@PMOIndia) February 8, 2023
आज आत्मविश्वास से भरा हुआ देश अपने सपनों और संकल्पों के साथ चलने वाला है। pic.twitter.com/N4IZ6uo8tw
— PMO India (@PMOIndia) February 8, 2023
From 'Lost Decade' (under UPA) to now India's Decade. pic.twitter.com/z0UP1zlkyj
— PMO India (@PMOIndia) February 8, 2023
Constructive criticism is vital for a strong democracy. pic.twitter.com/Up7SZueFUu
— PMO India (@PMOIndia) February 8, 2023
Unfortunate that instead of constructive criticism, some people indulge in compulsive criticism. pic.twitter.com/4Z8TEEvsWy
— PMO India (@PMOIndia) February 8, 2023
The blessings of 140 crore Indians is my 'Suraksha Kavach'. pic.twitter.com/HX5tloJUm8
— PMO India (@PMOIndia) February 8, 2023
We have spared no efforts to strengthen India's Nari Shakti. pic.twitter.com/lpDS02cTgY
— PMO India (@PMOIndia) February 8, 2023
Our government has addressed the aspirations of the middle class.
— PMO India (@PMOIndia) February 8, 2023
We are honouring them for their honesty. pic.twitter.com/CgT0fjoDWA
भारत का सामान्य मानवी Positivity से भरा हुआ है। pic.twitter.com/5bFBmZ3DG7
— PMO India (@PMOIndia) February 8, 2023
वर्ष 2004 से 2014 के बीच यूपीए सरकार का दशक जहां Lost Decade के रूप में जाना जाएगा, वहीं इस दशक को लोग India's Decade बता रहे हैं। pic.twitter.com/scJyJ1VVft
— Narendra Modi (@narendramodi) February 8, 2023
140 करोड़ देशवासियों का आशीर्वाद मोदी का सबसे बड़ा सुरक्षा कवच है। pic.twitter.com/w06tMogWuf
— Narendra Modi (@narendramodi) February 8, 2023
देश के मध्यम वर्ग को लंबे समय तक उपेक्षित रखा गया, लेकिन हमारी सरकार ने उनकी ईमानदारी को पहचाना है। आज हमारा यह परिश्रमी वर्ग भारत को नई ऊंचाई पर ले जा रहा है। pic.twitter.com/h6Qw6aT4CG
— Narendra Modi (@narendramodi) February 8, 2023
जब मां सशक्त होती है तो पूरा परिवार सशक्त होता है, परिवार सशक्त होता है तो पूरा समाज सशक्त होता है और जब समाज सशक्त होता है तो पूरा देश सशक्त होता है। मुझे संतोष है कि माताओं, बहनों और बेटियों की सबसे ज्यादा सेवा करने का सौभाग्य हमारी सरकार को मिला है। pic.twitter.com/bUZFR2Zzll
— Narendra Modi (@narendramodi) February 8, 2023
The transformation in the Northeast is for everyone to see. pic.twitter.com/R4tWY20JOa
— Narendra Modi (@narendramodi) February 8, 2023
Highlighted how the situation in Jammu and Kashmir has changed for the betterment of the people. pic.twitter.com/zDRviSAdNS
— Narendra Modi (@narendramodi) February 8, 2023
Next generation infrastructure is absolutely essential, Our infra creation is fast and at a large scale. pic.twitter.com/8lq3PoYSdc
— Narendra Modi (@narendramodi) February 8, 2023
Across sectors, India’s progress is being lauded. pic.twitter.com/gadREWnoBN
— Narendra Modi (@narendramodi) February 9, 2023
In these times, India stands tall as a ray of hope and a bright spot. pic.twitter.com/8FKzr6bWSD
— Narendra Modi (@narendramodi) February 9, 2023
Criticism makes our democracy stronger but the Opposition cannot offer constructive criticism. Instead, they have compulsive critics who only level baseless allegations. pic.twitter.com/tZnWws28FN
— Narendra Modi (@narendramodi) February 9, 2023
देश में पहली बार उन कोटि-कोटि गरीबों को सरकार की गरीब कल्याण योजनाओं का सबसे अधिक लाभ मिला है, जिन्हें पहले की सरकारों ने दशकों तक उनके हाल पर छोड़े रखा। समाज के ऐसे वंचितों को वरीयता के साथ आगे ले जाना हमारी सरकार का संकल्प है। pic.twitter.com/TIFFgDMDvx
— Narendra Modi (@narendramodi) February 9, 2023