প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ নতুন দিল্লীৰ লালকিল্লাত সুভাষ চন্দ্র বসু সংগ্রহালয়ৰ উদ্বোধন কৰিব।
সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মী সম্পর্কীয় সংগ্রহালয়ৰ উদ্বোধন উপলক্ষে এক নামফলক উন্মোচন কৰাৰ পাছত তেওঁ সংগ্রহালয়টো পৰিদৰ্শন কৰিব।
জালিয়ানৱালাবাগ আৰু প্রথম বিশ্বযুদ্ধৰ সৈতে জড়িত য়াদ-এ-জালিয়ান সংগ্রহালয়টিও প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ কথা আছে।
দিল্লীৰ লালকিল্লাত ১৮৫৭ত ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধ সম্পর্কীয় সংগ্রহালয় আৰু ভাৰতীয় শিল্পকলাক লৈ গঢ়ি উঠা দৃশ্যকলা সংগ্রহালয়টিও প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব।
নেতাজী সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মী সংগ্রহালয়ত সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মীৰ ঐতিহাসিক তথ্য আৰু বিৱৰণ উল্লেখ কৰা আছে। এই সংগ্রহালয়ত সুভাষ চন্দ্র বসু আৰু নেচনেল আর্মীয়ে ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী প্রদর্শিত হৈছে। এই সামগ্রীসমূহৰ ভিতৰত নেতাজীয়ে ব্যৱহাৰ কৰা কাঠৰ চকী আৰু তৰবাৰী, পদক, বেজ, সেনা পোচাককে ধৰি নেচনেল আর্মীৰ সৈতে জড়িত বিভিন্ন সামগ্রী উল্লেখযোগ্য। প্রধানমন্ত্রীয়ে ২০১৮ৰ ২১ অক্টোবৰত এই সংগ্রহালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। নেতাজী সুভাষ চন্দ্র বসুৰ দ্বাৰা গঠিত আজাদ হিন্দ চৰকাৰৰ ৭৫তম বার্ষিকী উদযাপন উপলক্ষে এই সংগ্রহালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। এই উপলক্ষে প্রধানমন্ত্রীয়ে স্বাধীনতাৰ মূল্যবোধক তুলি ধৰিবলৈ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰিছিল।
দুৰ্যোগ মোকাবিলাৰ সৈতে জড়িত ব্যক্তিসকলক সন্মান জনাবলৈ নেতাজী সুভাষ চন্দ্র বসুৰ নামত পুৰস্কাৰ প্রদানৰ কথাও ঘোষণা কৰিছিল প্রধানমন্ত্রীয়ে। একেদৰে তেওঁ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰিছিল।
নেতাজী সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মীৰ মূল্যবোধ আৰু আদর্শৱলীক প্রধানমন্ত্রীয়ে পুনৰবাৰ যোৱা ৩০ ডিচেম্বৰত আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ সময়ত জনতাৰ বাবে তুলি ধৰিছিল। ভাৰতীয় ভূ-খণ্ডত নেতাজী সুভাষ চন্দ্র বসুৰ ত্রিবর্ণ ৰঞ্জিত জাতীয় পতাকা উত্তোলনৰ ৭৫তম বার্ষিকী উদযাপন উপলক্ষে প্রধানমন্ত্রীয়ে স্মাৰক ডাক টিকট, মুদ্রা আৰু সৰু পুস্তিকা প্রকাশ কৰে। ভাৰতৰ স্বাধীনতাৰ বাবে আন্দামান-নিকোবৰৰ অসংখ্য যুৱক নেতাজীৰ আহ্বানত কিদৰে নিজৰ উৎসর্গা কৰিছিল, সেই কথাও স্মৰণ কৰে প্রধানমন্ত্রীয়ে। ১৯৪৩ৰ সেই বিশেষ দিন, যিদিনা নেতাজীয়ে ত্রিৰংগা জাতীয় পতাকা উত্তোলন কৰিছিল, সেই কথাক স্মৰণ কৰি প্রধানমন্ত্রী ১৫০ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন কৰে। নেতাজীৰ প্রতি উপযুক্ত শ্রদ্ধা আৰু সন্মান জনাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰোজ দ্বীপৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্র বসু দ্বীপ নামেৰে নামকৰণ কৰে।
ইয়াৰ পূৰ্বে প্রধানমন্ত্রীয়ে ২০১৫ৰ অক্টোবৰত নেতাজী সুভাষ চন্দ্র বসুৰ পৰিয়ালৰ সদস্যসকলে দেখা কৰি কেন্দ্রীয় চৰকাৰৰ তত্ত্বাৱধানত থকা নেতাজী সম্পর্কীয় বিভিন্ন ফাইল প্রকাশৰ বাবে তেওঁক অনুৰোধ জনায়। ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰত আয়োজিত এক অনুষ্ঠানত যোৱা বছৰৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে নেতাজী সম্পর্কীয় ১০০টা ফাইলৰ ডিজিটেল সংস্কৰণ জনতাৰ বাবে প্রকাশ কৰে।
য়াদে-এ-জালিয়ান সংগ্রহালয়ত ১৯১৯ৰ ১৩ এপ্রিল জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বিভিন্ন তথ্য ৰখা হৈছে। তদুপৰি, এই সংগ্রহালয়ত প্রথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সেনানীৰ বীৰত্ব, সৌর্য্য আৰু আত্মবলিদানৰ বিভিন্ন কাহিনীয়ে সংৰক্ষিত হৈছে।
১৮৫৭ চনত ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধৰ সৈতে জড়িত বিভিন্ন ঐতিহাসিক ঘটনাৰ লগতে ভাৰতীয়সকলৰ সাহসিকতা আৰু আত্মবলিদানৰ ঘটনাও এই সংগ্রহালয়ত তুলি ধৰা হৈছে।
ষোড়শ শতাব্দীৰ পৰা ভাৰতৰ স্বাধীনতা পর্যন্ত ভাৰতীয় শিল্পকলাৰ বিভিন্ন নিদর্শন দৃশ্যকলা সংগ্রহালয়ত প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে।
গণৰাজ্য দিৱসৰ পূর্বে এই সংগ্রহালয়সমূহ পৰিদৰ্শন কৰি প্রধানমন্ত্রীয়ে স্বাধীনতা সংগ্রামত দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলৰ স্মৃতিৰ উপযুক্ত শ্রদ্ধা জনাব।
***
AKT/VJ/DB
Tomorrow, Prime Minister @narendramodi will inaugurate the Museum on Netaji Subhas Chandra Bose and Indian National Army. He will also visit the museum.
— PMO India (@PMOIndia) January 22, 2019
Prime Minister will also visit the Yaad-e-Jallian museum (Museum on Jallianwala Bagh and World War 1), Museum on 1857- India’s First War of Independence and Drishyakala- Museum on Indian Art at Red Fort, New Delhi.
— PMO India (@PMOIndia) January 22, 2019