Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লালকিল্লাত ‘আজাদ হিন্দ ফৌজ’ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

লালকিল্লাত ‘আজাদ হিন্দ ফৌজ’ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

লালকিল্লাত ‘আজাদ হিন্দ ফৌজ’ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

লালকিল্লাত ‘আজাদ হিন্দ ফৌজ’ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান মহেশ শৰ্মা জী, আজাদ হিন্দ ফৌজৰ সদস্য আৰু দেশৰ বীৰপুত্ৰ শ্ৰদ্ধাৰ লালটি ৰাম ডাঙৰীয়া, সুভাষবাবুৰ ভতিজা চন্দ্ৰকুমাৰ বসু ডাঙৰীয়া, ব্রিগেডিয়াৰ আৰ এছ চিকাৰা ডাঙৰীয়া আৰু ইয়াত উপস্থিত প্ৰতিৰক্ষা বাহিনীৰ প্রাক্তন বিষয়াবৃন্দ, অন্যান্য সন্মানীয় ব্যক্তিসকল, ভাইভনীসকল,

আজি ২১ অক্টোবৰ দিনটো এক ঐতিহাসিক দিন। মই নিজকে অত্যন্ত ভাগ্যবান বুলি ভাবিছো। আজিৰ পৰা ৭৫ বছৰ আগতে য নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভিক্টৰি পেৰেডৰ সপোন দেখিছিলএয়া সেই লালকিল্লা। আজাদ হিন্দ চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্রী ৰূপে শপত লৈ নেতাজীয়ে ঘোষণা কৰিছিল যে এদিন এই লালকিল্লাত অতি গৌৰৱেৰে ত্রিৰংগা পতাকা উত্তোলিত হব। এই আজাদ হিন্দ চৰকাৰ ছিল অখণ্ড ভাৰতৰ স্বপ্নৰ চৰকাৰ। মই দেশবাসীক আজাদ হিন্দ চৰকাৰৰ ৭৫সংখ্যক বৰ্ষপূর্তি উপলক্ষে বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল, নিজৰ লক্ষ্যৰ প্ৰতি যি ব্যক্তিৰ দূৰদৃষ্টি ইমান স্পষ্ট আছিল, সেই লক্ষ্য পূৰণৰ বাবে তেওঁ সর্বস্ব উজাৰি দিছিল। এনে ব্যক্তিৰ স্মৃতি প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সকলোকে প্রেৰণা যোগাই যাব। মই প্ৰণাম জনাইছো সেই দুগৰাকী পিতৃমাতৃক, যি নেতাজীৰ দৰে সুপুত্ৰক জন্ম দিছিল। প্ৰণাম জনাইছো সেইসকল পিতৃমাতৃক, যিসকলে দেশৰ বাবে প্ৰাণ উৎসর্গিত বীৰবীৰাংগনাৰ জন্ম দিছিল। মই শিৰণত কৰিছো সেই অসংখ্য সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবর্গক প্ৰণাম জনাইছো, যিসকলে স্বাধীনতাৰ যুঁজত নিজৰ সর্বস্ব ত্যাগ কৰিছিল। মই সমগ্ৰ বিশ্বব্যাপী থকা সেই ভাৰতীয়সকলক প্ৰণাম জনাইছো। নেতাজীৰ এই অভিযানত তনমনধন দি সহযোগিতা কৰিছিল আৰু স্বাধীন, সমৃদ্ধ আৰু শক্তিশালী ভাৰত গঢ়িবলৈ নিজৰ বহুমূলীয়া অৱদান আগবঢ়াইছিল

বন্ধুসকল, এই আজাদ হিন্দ চৰকাৰে নেতাজীৰ নেতৃত্বত সকলো দিশতে নিজৰ পৰিকল্পনাৰে কাম আৰম্ভ কৰিছিল। নিজা বেংক, নিজা মুদ্রা, ডাক টিকট আৰু স্বতন্ত্ৰ গুপ্তচৰ বাহিনীৰে কাম কৰিছিল। দেশৰ বাহিৰৰ পৰা সীমিত সম্পদ আনি এখন শক্তিশালী সাম্রাজ্য গঢ়ি তোলাৰ বিৰুদ্ধে ইমান ব্যাপক ব্যৱস্থা বিকশিত কৰা এয়া এক অসাধাৰণ কথা আছিল, যি আমাৰ স্বাধীনতা আন্দোলনক এক শক্তিশালী পর্যায়ত উপনীত কৰিছিল।

নেতাজীয়ে এনে এখন চৰকাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে অসংখ্য লোকক উদ্বুদ্ধ কৰিব পাৰিছিল, যি চৰকাৰৰ সাম্রাজ্যত কেতিয়াও সূর্য অস্ত যোৱা নাছিল। নেতাজীয়ে লিখা গ্ৰন্থসমূহ পঢ়িলে জানিব পাৰি যে কিদৰে সৰু অৱস্থাৰ পৰাই তেওঁৰ মনত এই শ্রেষ্ঠ বীৰ হৈ উঠাৰ সংকল্প গঢ় লৈ উঠিছিল।

আজিৰ পৰা ১০৬ বছৰ আগতে ১৯১২ চনত তেওঁ তেওঁৰ মাতৃলৈ চিঠিত যি কথা লিখিছিল, তাত পৰাধীন ভাৰতৰ দুর্দশা, পৰাধীনতাৰ যন্ত্ৰণা ফুটি উঠিছিল। তেতিয়া তেওঁৰ বয়স ১৫১৬ বছৰতকৈ অধিক নাছিল। কেইবা শতিকাৰ পৰাধীনতাৰ দেশক যিদৰে জর্জৰ কৰি তুলিছিল, তাৰ যন্ত্ৰণা তেওঁ মাকলৈ চিঠিত লিখি প্ৰশ্ন কৰিছিল যে মা আমাৰ দেশে ভৱিষ্যতে আৰু অৱনতি ঘটিব নেকি? এই দুঃখিনী ভাৰতমাতাৰ এনে কোনো সন্তান নজন্মিব নে, যি নিজৰ স্বার্থ বিসর্জন দি সমগ্ৰ জীৱন দেশৰ সেৱাত সমর্পণ কৰিব পাৰিব! কোৱা মা, মই আৰু কিমান দিন শুই থাকিম?

ভাইভনীসকল, সেই চিঠিতে তেওঁ মাকৰ সোধা প্ৰশ্নসমূহৰ উত্তৰো দিছিল। তেওঁ মাকক স্পষ্ট কৰি কৈছিল যে এতিয়া আৰু অপেক্ষা কৰা অসম্ভৱ তথা শুই থকাৰ সময় নাই। এতিয়া নিজৰ জড়তাক আঁতৰ কৰি জাগি উঠিব লাগিব, এলাহ ত্যাগ কৰিব লাগিব আৰু কর্মত নিয়োজিত হলাগিবনিজৰ অন্তৰৰ এই তীব্ৰ ইচ্ছাই কিশোৰ সুভাষক নেতাজী সুভাষ হিচাপে গঢ়ি তুলিছিল।

নেতাজীৰ এটাই উদ্দেশ্য আৰু এটাই লক্ষ্য আছিলভাৰতৰ স্বাধীনতা। ভাৰত মাতৃক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰাএয়াই আছিল তেওঁৰ চিন্তাধাৰা আৰু কর্মক্ষেত্ৰ। এইবোৰকে নিজৰ কামৰ এই লক্ষ্য স্থিৰ কৰিবলৈ আৰু নিজৰ অস্তিত্ব সমর্পণৰ মন্ত্ৰ তেওঁ স্বামী বিবেকানন্দ আৰু তেওঁৰ শিক্ষাৰ পৰা লৈছেআত্মনো মোক্ষার্দম জগত হিতায় চঅর্থাৎ জগতৰ সেৱাতেই মুক্তিৰ পথ উন্মোচিত হয়। তেওঁৰ দর্শনৰ প্ৰধান ভিত্তি আছিল জগতৰ সেৱা কৰা। দেশ সেৱাৰ এই মনোভাবৰ পৰাই তেওঁ সকলো কষ্ট সহ্য কৰি, সকলো বাধা অতিক্ৰম কৰি, সকলো ষড়যত্ৰক নস্যাৎ কৰি গৈছে।

ভাইভনীসকল, সুভাষবাবু এনে সৈনিক আছিল, যিগৰাকীয়ে সময়ৰ সৈতে নিজক পৰিৱর্তন কৰাৰ লগতে লক্ষ্য স্থিৰ কৰি আগুৱাই গৈছিল। সেইবাবে তেওঁ আগতীয়াকৈ মহাত্মা গান্ধীৰ সৈতে কংগ্রেছৰ পৰা দেশৰ ভিতৰতে স্বাধীনতা আন্দোলনৰ শুভাৰম্ভ কৰিছিল। কিন্তু পাছত পৰিস্থিতি অনুযায়ী সশস্ত্ৰ সংগ্রামৰ পথ বাছি লৈছিল। তেওঁৰ এই আন্দোলনে ভাৰতৰ স্বাধীনতা আন্দোলনক ত্বৰান্বিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

বন্ধুসকল, সুভাষবাবুয়ে যিদৰে বিশ্ব সম্পর্ক গঢ়ি তুলিছিল, তাৰ সুফল কেৱল ভাৰততে নহয়, অন্যান্য দেশতো বিয়পি পৰিছিল। সেই সময়ত পৃথিৱীৰ যিমানবোৰ দেশত স্বাধীনতা সংগ্রাম চলি আছিল, সর্বত্ৰে তেওঁ একটি প্ৰতীক হৈ উঠিছিল। তেওঁ বিশ্বাস কৰিছিল যে অসম্ভৱ বুলি একো বস্তুৱেই নাই। আমিও সংগঠিত হব পাৰো, ইংৰাজসকলৰ প্ৰত্যহ্বান জনাব পাৰো, আমিও স্বাধীন হব পাৰো। দক্ষিণ আফ্রিকাৰ মহান স্বাধীনতা সংগ্রামী আৰু পৰৱর্তীসময়ৰ ৰাষ্ট্ৰপতি ভাৰতৰত্ন নেলচন মেণ্ডেলা ডাঙৰীয়াই কৈছিল যে দক্ষিণ আফ্রিকাৰ ছাত্ৰ আন্দোলনত নেতৃত্ব প্ৰদানৰ সময়ত তেঁৱো সুভাষবাবুকেই নেতা হিচাপে বিশ্বাস কৰিছিল, হিৰো হিচাপে বিশ্বাস কৰিছিল।

ভাইভনীসকল, আজি আমি আজাদ হিন্দ চৰকাৰৰ ৭৫তম বর্ষপূৰ্তি পালন কৰিছো। আৰু চাৰি বছৰ পাছত, ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূর্তি পালন কৰিম। আজিৰ পৰা ৭৫ বছৰ আগতে নেতাজীয়ে শপত গ্ৰহণৰ সময়ত এনে এক ভাৰত নির্মাণৰ প্ৰতিশ্রুতি দিছিল, ত সকলোৰে সমান অধিকাৰ আৰু সুযোগ থাকিব। তেওঁ প্ৰতিশ্রুতি দিছিল, দেশৰ প্রাচীন ঐতিহ্যৰ পৰা প্রেৰণা লৈ আৰু সমৃদ্ধ তথা সুখী ভাৰত নির্মাণ কৰিব। তেওঁ দেশৰ বহনক্ষম উন্নয়ন আৰু প্ৰতিটো ক্ষেত্রৰ বিকাশৰ প্ৰতিশ্রুতি দিছিল। তেওঁ বিভাজন কৰ আৰ শাসন কৰনীতিক পুলিয়ে পোখাই উভালি পেলোৱাৰ প্ৰতিশ্রুতি দিছিল। কাৰণ, এই বিভাজন কৰ আৰ শাসন কৰনীতিয়ে ভাৰতক কেইবা শতিতা জুৰি পৰাধীন কৰি ৰাখিছে৷

আজি স্বাধীনতাৰ ইমান বছৰৰ পাছতো নেতাজীৰ সপোন বাস্তৱত পৰিণত হোনা নাই। ভাৰত বহুদূৰ আগুৱাই হৈছে, কিন্তু এতিয়াও নতুন উচ্চতাত উপনীত হবলৈ বাকী আছে। এই লক্ষ্য পূৰণৰ বাবে আজি ভাৰতৰ ১২৫ কোটি লোকে নতুন ভাৰতৰ সংকল্প লৈ আগুৱাই গৈছে। এনে এক নতুন ভাৰত, যাৰ কল্পনা নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৰিছিল। আজি যেতিয়া বহু বিধ্বংসী শক্তিয়ে দেশক ভিতৰ আৰু বাহিৰৰ পৰা আক্ৰমণ কৰি আমাৰ স্বাধীনতা, ঐক্য আৰু সংবিধানক আঘাত হানিছে, তেনে সময়ত ভাৰতৰ প্ৰত্যেক নাগৰিকৰ এটাই কর্তব্য হোৱা উচিত যে সকলোৱে নেতাজীৰ পৰা প্রেৰণা লৈ সেই অশুভ শক্তিসমূহৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা, সেইবোৰ পৰাভূত কৰা আৰু দেশৰ উন্নয়নত নিজৰ সম্পূর্ণ অৱদান আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰা।

কিন্তু বন্ধুসকল, এই সংকল্পসমূহৰ লগতে আৰু এটি গুৰুত্বপূর্ণ বিষয় হজাতীয়তা বোধ। এই লালকিল্লাত আয়োজিত বিচাৰসভাত আজাদ হিন্দ সৈন্য শ্বাহনৱাজ খানে কৈছিল যে সুভাষ চন্দ্ৰ বসুৱেই প্ৰথমগৰাকী ব্যক্তি যিগৰাকীয়ে তেওঁৰ মনত স্বাধীন ভাৰতৰ নাগৰিক হোৱাৰ স্পৃহা জগাই তুলিছিল। কি কাৰণে শ্বাহনৱাজ খান এইকথা কৈছিল? ভাৰতক এগৰাকী ভাৰতীয়ৰ দৃষ্টিৰে চোৱাৰ কি প্ৰয়োজন আছিল? এয়া আজি যেতিয়া আমি দেশৰ পৰিস্থিতি লক্ষ্য কৰো, তেতিয়া আৰু স্পষ্টভাবে বুজিব পাৰো।

বন্ধুসকল, সুভাষবাবুৱে কেম্ব্রিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ অভিজ্ঞতা স্মৰণ কৰি কৈছিল যে ভাৰতীয়সকলে বিদেশৰ চশমা পিন্ধি ইউৰোপ দর্শন কৰিব লাগে হয়। কাৰণ তাত গ্রেট ব্রিটেইনৰ বৃহৎ অস্তিত্ব আছে। আমাৰে দুর্ভাগ্য যে স্বাধীনতাৰ পাছতো ভাৰতে আৰু এই দেশৰ ব্যৱস্থাৰ ৰচয়িতাসকলে ভাৰতক বিদেশীৰ চশমাৰেই চাই আহিছিল।

এই অদূৰদর্শিতাৰ বাবে আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্যপূৰ্ণ ভাষাসমূহ, আমাৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যক্ৰমক বহু মূল্য ভৰিবলগীয়া হৈছে। আজি মই নিশ্চিতভাবে কব পাৰো যে দেশে স্বাধীন হোৱাৰ পাছত কেইবা দশক যদি সুভাষবাবু আৰু চর্দাৰ পেটেলৰ দৰে ব্যক্তিত্বৰ নেতৃত্বত দেশ চলিল হেতেন, তেতিয়া হলে দেশক চাবলৈ এই ধৰণৰ বিদেশী চশমাৰ প্ৰয়োজন নহলহেতেন আৰু পৰিৱেশো সুকীয়া হলহেতেন।

বন্ধুসকল, এইটো অতি দুৰ্ভাগ্যজনক কথা যে এটা পৰিয়ালক ডাঙৰ বুলি ভাবিবৰ বাবে দেশৰ বহু সুযোগ্য পুত্ৰইসেয়া চর্দাৰ পেটেলেই হওঁক বা বাবাচাহেব আম্বেদকাৰ অথবা নেতাজী সুভাষ চন্দ্ৰ বসুৱেই হওঁক, এওঁলোকৰ অৱদানকে পাহৰাই পেলোৱাৰ বহু প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। এতিয়া আমাৰ চৰকাৰে পৰিৱেশ সলনি কৰিছে৷ আপোনালোক সকলোৱে হয়তো জানে যে ইয়ালৈ অহাৰ পূৰ্বে মই দেশবাসীৰ নামত ৰাষ্ট্রীয় আৰক্ষী স্মাৰক উৎসর্গা অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছো। তাত মই নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত এক ৰাষ্ট্রীয় সন্মান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছো।

আমাৰ দেশত যেতিয়া প্রাকৃতিক দুৰ্যোগ হয়, তেতিয়া সেই দুৰ্যোগ মোকাবিলা কৰা, সাহায্য আৰু পুনৰুদ্ধাৰৰ কামত আনৰ জীৱন বচাবলৈ নিজৰ জীৱনক আগবঢ়াই যিসকলে জঁপিয়াই পৰে, সেইসকলৰ ভিতৰত শ্রেষ্ঠ আৰক্ষী কর্মীসকলক প্ৰতি বছৰে নেতাজীৰ নামত এক সন্মান প্ৰদান কৰা হব। দেশৰ শৌর্য বৃদ্ধিৰ বাবে আমাৰ আৰক্ষীৰ জোৱান আৰু অৰ্ধ সামৰিক বাহিনীৰ সৈনিকসকলে এই সন্মান লাভ কৰিব।

বন্ধুসকল, দেশৰ বহনক্ষম উন্নয়ন সমাজৰ প্ৰতিটোক স্তৰৰ প্ৰতিগৰাকী ব্যক্তিক ৰাষ্ট্ৰ নির্মাণৰ সুযোগ প্ৰদান, দেশৰ উন্নয়নত তেওঁলোকৰ ভূমিকাক সন্মান জনোৱা, নেতাজীৰ বিস্তৃত দৃষ্টিভংগীৰ এক গুৰুত্বপূর্ণ অংশ। আজাদ হিন্দ চৰকাৰে পূব ভাৰতক স্বাধীনতাৰ গেটৱে কৰি তুলিছিল। ১৯৪৪ চনৰ এপ্রিল মাহত কর্ণেল ছৌকম মলিকৰ নেতৃত্বত মণিপুৰৰ মোইৰাঙত আজাদ হিন্দ ফৌজে ত্রিৰংগা ৰঞ্জিত পতাকা উত্তোলন কৰিছিল।

দেশৰ স্বাধীনতা সংগ্রামত যে উত্তৰপূব তথা পূব ভাৰতৰ ইমান গুৰুত্বপূর্ণ অৱদান আছিল, সেয়া আমাৰ দুর্ভাগ্য যে স্বাধীনতাৰ পাছত সেই পূব ভাৰত উন্নয়ন ক্ষেত্ৰত পিছ পৰি থাকিল। মই অতিশয় আনন্দিত যে সুভাষ চন্দ্ৰ বসুৱে যিদৰে পূব ভাৰতৰ গুৰুত্বক উপলব্ধি কৰিছিল, তেনেদৰেই স্বাধীনতাৰ ইমান বছৰৰ পাছত বর্তমান চৰকাৰে পূব ভাৰতৰ গুৰুত্বক অনুধাৱন কৰি সুপৰিকল্পিতভাবে নিজৰ পূবমুখী উন্নয়ন যাত্রাক অগ্রাধিকাৰ দিছে।

ভাইভনীসকল, মই নিজকে সৌভাগ্যবান বুলি বিশ্বাস কৰো যে দেশৰ বাবে নেতাজীয়ে যি অৱদান ৰাখে গৈছে, তাক দেশৰ আগত তুলি ধৰা আৰু তেওঁৰ দ্বাৰা প্ৰদর্শিত পথত আগুৱাই যোৱাৰ সুযোগ মই লাভ কৰিছো। সেইবাবে আজিৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰি গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা সময়ত নেতাজীৰ প্ৰদর্শিত পথত কিছু পদক্ষেপ গ্ৰহণ কৰাৰ কথা মনলৈ আহিছে৷

বন্ধুসকল, মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, তেতিয়া ২০০৯ চনত কংগ্রেছৰ ঐতিহাসিক হৰিপুৰা অধিৱেশনক লৈ এক পুনৰ নির্মাণ প্ৰদর্শনীৰ আয়োজন কৰা হৈছিল। সেই অধিৱেশনত চর্দাৰ বল্লভ ভাই পেটেল আৰু গুজৰাটৰ জনতাই যিদৰে সুভাষ চন্দ্ৰ বসুক কংগ্রেছৰ অধ্যক্ষ নির্বাচিত হোৱাৰ পাছত মহৰ গাড়ীত উঠাই বিশাল শোভাযাত্রা বাহৰ কৰিছিল, তেনেকৈয়ে এক শোভাযাত্রাও পুনৰ নির্মাণ কৰা হৈছিল। আমি বিৰোধী দলৰ লোক হৈও ইতিহাসকে অবিকৃত ৰাখিবলৈ কংগ্রেছৰ অধিৱেশনৰ স্মৃতিক পুংখানুপুংখভাবে তুলি ধৰাৰ চেষ্টা কৰিছিলো।

বন্ধুসকল, স্বাধীনতাৰ বাবে যিসকলে আত্মবলিদান দিয়াৰ এয়াই তেওঁলোকৰ সৌভাগ্য আছিল। কিন্তু আমি সেই সুযোগ নাপালো। আমাৰ সকলোৰে দেশৰ বাবে জীয়াই থকা, উন্নয়নৰ বাবে আত্ম উৎসর্গা কৰাৰ পথ খোলা আছে। ১২৫ কোটি ভাৰতীৰ সন্মুখত এই স্বাধীনতাৰ পৰা সুশাসনৰ প্ৰক্রিয়া অব্যাহত ৰখাটো বৰ্তমান প্ৰত্যাহ্বান হৈ পৰিছে। নেতাজীয়ে কৈছিল, ‘অস্ত্রৰ শক্তি আৰ ৰক্তৰ মূল্যৰে তোমালোকে স্বাধীনতা অর্জন কৰিব লাগিব। তাৰপাছত যেতিয়া ভাৰত স্বাধীন হ, তেতিয়া দেশৰ বাবে স্থায়ী সেনা গঢ়ি তুলিব লাগিব, যিসকলৰ কাম হব আমাৰ স্বাধীনতাক চিৰদিন ৰক্ষা কৰা

আজি মই কব পাৰো যে ভাৰতে এনে এক সেনানী গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছে, যি সপোন নেতাজীয়ে দেখিছিল। উৎসাহ আৰু উদ্দীপনা আমাৰ সৈন্যসকলৰ প্ৰধান শক্তি। এতিয়া ইয়াৰ সৈতে যুক্ত হৈছে অত্যাধুনিক প্ৰযুক্তি আৰু আধুনিক যুদ্ধ সঁজুলি। আমাৰ সৈনাবাহিনীৰ শক্তি সদায়েই আত্মৰক্ষাৰ বাবে গঢ়ি তোলা আৰু ভবিষ্যতেও সেয়াই থাকিব। আমি কেতিয়াও আন্ৰ মাটিৰ প্ৰতি কোনো লোভ নাছিল। কিন্তু সহস্রাব্দীৰ ইতিহাস সাক্ষী যেতিয়াই কোনো শক্তিয়ে ভাৰতৰ স্বাধীনতা কাঢ়ি লোৱা চেষ্টা কৰিছে, তেতিয়াই তেওঁলোকে উপযুক্ত প্ৰ্ত্যুত্তৰ লাভ কৰিছে।

বন্ধুসকল, আমি বিগত চাৰি বছৰত সেনাবাহিনীৰ শক্তি বৃদ্ধিৰ বাবে, বীৰ সৈনিকসকলৰ জীৱনক সহজ কৰি তোলা আৰু সৈন্যৰ ক্ষমতা বৃদ্ধিৰ বাবে বহু ডাঙৰ আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ছার্জিকেল ষ্টাইকৰ পৰা আৰম্ভ কৰি নেতাজী সম্পৰ্কীয় ফাইলসমূহ সাধাৰণ লোকৰ বাবে উন্মুক্ত কৰাৰ সিদ্ধান্তে দৰে এনে বহু পদক্ষেপ হাতত লৈছো। ইয়াত উপস্থিত বহু অৱসৰপ্রাপ্ত সৈনিক ইয়াৰ সাক্ষী যে বিগত কেইবা দশক ধৰি তেওঁলোকৰ যি এক পদ, এক পেন্সনৰ দাবীপুৰণক লৈ বিভিন্ন কাৰচাজি চলি আছিল৷ আমি চৰকাৰৰ দায়িত্ব গ্ৰহণৰ প্ৰতিশ্রুতি ৰক্ষা কৰি তেওঁলোকৰ সেই দাবী পূৰণ কৰিছো।

কেৱল ইমানেই নহয়, প্রায় ১১,০০০ কোটি টকা মগৰীয়া বানচোতেওঁলোকে লাভ কৰিছে। ইয়াৰ দ্বাৰা লাখ লাখ অৱসৰপ্রাপ্ত সৈনিক উপকৃত হৈছে। ইয়াৰ লগত সংগতি ৰাখি দৰমহা আয়োগৰ পৰামৰ্শ ক্ৰমে তেওঁলোকৰ যি পেন্সন নির্ধাৰিত হৈছে, সেয়াও এক পদ, এক পেন্সনআৰম্ভ হোৱাৰ পৰা প্ৰথম পেন্সনৰ ভিত্তি কৰি বৃদ্ধি পাইছে।

তদুপৰি, বৰ্তমান সৈনিকসকলৰ শৌর্য সম্পর্কে যাতে ভৱিষ্যৎ প্ৰজন্মই জানিব পাৰে, সেইবাবে ৰাষ্ট্ৰীয় যুদ্ধ সংগ্ৰহালয় গঠনৰ কামো এতিয়া চূড়ান্ত পর্যায়ত উপনীত হৈছে।

বন্ধুসকল, অহা ২২ অক্টোবৰত ৰাণী ঝান্সি ৰেজিমেণ্টৰো ৭৫ বছৰ সম্পূর্ণ হব। সশস্ত্ৰ সেনাত মহিলাসকলৰ সমান অংশীদাৰিত্বৰ ভেঁটিও নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্থাপন কৰি গৈছে। দেশৰ প্ৰথম সশস্ত্ৰ মহিলা ৰেজিমেণ্ট, ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ প্ৰতি সুভাষবাবুৰ অগাধ বিশ্বাসৰ পৰিণাম আছিল। সকলো বিৰোধী দলৰ সমালোচনা অগ্রাহ্য কৰি তেওঁ মহিলা সৈনিকসকলৰ অভিবাদন গ্ৰহণ কৰিছিল।

মই গৌৰৱেৰে কব পাৰো যে নেতাজীয়ে যি কাম ৭৫ বছৰ আগতে আৰম্ভ কৰিছিল, তাৰ ইতিবাচক বাস্তবায়ন বর্তমান চৰকাৰেই কৰিছে। যোৱা ১৫ আগষ্টত মই লালকিল্লাৰ প্রাচীৰৰ পৰা এক ডাঙৰ ঘোষণা কৰিছিলো, সেইটো হৈছে Short Service Commissionৰ জৰিয়তে নিযুক্ত মহিলা বিষয়াসকলৰ বাবে পুৰুষসকলৰ সমকক্ষত এক স্বচ্ছ নির্বাচন প্ৰক্রিয়াৰ জৰিয়তে স্থায়ী আয়োগ প্ৰদান কৰা হব।

বন্ধুসকল, এয়া চৰকাৰৰ বিগত চাৰি বছৰৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ অগ্ৰগতি মাত্ৰ। ২০১৬ চনৰ মার্চ মাহত ভাৰতীয় নৌবাহিনীত মহিলা পাইলট নিযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিছুদিন পূৰ্বে নৌবাহিনীৰ ৬গৰাকী সাহসী বিষয়াই সাত সাগৰ জয় কৰি ভাৰতৰ নাৰী শক্তিৰ পৰিচয় বিশ্ববাসীৰ সন্মুখত তুলি ধৰিলে। তদুপৰি, দেশৰ প্ৰথম মহিলা ফাইটাৰ পাইলট নিয়োগৰ প্ৰক্রিয়াও বর্তমানৰ চৰকাৰৰ আমোলতে হৈছে।

মই অতিশয় আনন্দিত যে স্বাধীন ভাৰতত প্ৰথমবাৰলৈ সশস্ত্ৰ সেনাবাহিনীক শক্তিশালী কৰাৰ দায়িত্ব দেশৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্রী শ্রীমতী সীতাৰমনক প্ৰদান কৰা হৈছে।

বন্ধুসকল, আজি আপোনালোক সকলোৰে সহযোগিতাত সশস্ত্ৰ সেনা দলৰ দক্ষতা আৰু শৌৰ্যত দেশ সম্পূর্ণভাবে নিৰাপদ, সক্ষম আৰু উন্নয়নৰ পথত সঠিক লক্ষ্যত দ্রুতগতিত আগুৱাই গৈছে।

পুনৰবাৰ আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীক এই গুৰুত্বপূর্ণ অনুষ্ঠান উপলক্ষে আন্তৰিক শুভেচ্ছা জনাইছো। দেশৰ ঐক্য, অখণ্ডতা আৰু আত্মবিশ্বাস অর্জনৰ বাবে আমাৰ এই যাত্রা সদায় নেতাজী সুভাষ চন্দ্ৰ বসুৰ আশীষধন্য হৈ থাককএই কামনা কৰি আপোনালোক সকলোৱে মোৰ সৈতে কওঁক

ভাৰতমাতা কী জয়

ভাৰতমাতা কী জয়

ভাৰতমাতা কী জয়

বন্দে মাতৰম্‌

বন্দে মাতৰম্‌

বন্দে মাতৰম্‌

বহুত বহুত ধন্যবাদ।

***

অতুল তিৱাৰী/বন্দনা যাদৱ/নিৰ্মল শৰ্মা/দিগন্ত বৈৰাগী