Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে ভাৰতৰ অভিলাষী অভিযানত অৰিহণা যোগোৱা সকলোকে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টাৰ ক্ৰমবৰ্ধমান গতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে এখন সুস্থ আৰু যক্ষ্মামুক্ত ভাৰতৰ পথ প্ৰশস্ত কৰিছে।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জে পি নাড্ডাই এক্সত দিয়া এটা পোষ্টৰ উত্তৰত তেওঁ লিখিছে-

 

“যক্ষ্মাবিৰোধী যুঁজখন শক্তিশালী কৰি #TBMuktBharatত অৰিহণা যোগোৱা সকলোৰে মই শলাগ লৈছো। এই প্ৰচেষ্টাই তৃণমূল পৰ্যায়ত কেনেদৰে গতি লাভ কৰিছে, যাৰ ফলত এখন সুস্থ ভাৰত সুনিশ্চিত হৈছে, সেয়া উল্লেখনীয়।”

***

MJPS/SR/KD