নইডাৰ ৰাজহুৱা পৰিবহণ আন্তঃগাঁথনিৰ বৃহৎ সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে দিল্লী মেট্ৰ’ কৰিডৰ উত্তৰ প্ৰদেশৰ নইডা চিটী চেণ্টাৰৰ পৰা ছেক্টৰ-৬২, নইডালৈ ১,৯৬৭ কোটি টকা ব্যয় সাপেক্ষে ৬.৬৭৫ কিলোমিটাৰৰ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে৷ ইয়াৰ বাবে ভাৰত চৰকাৰৰ অনুদান আৰু অপ্ৰধান ঋণ (ছাবঅ’ৰ্ডিনেট)ৰ ৰূপত ৩৪০.৬০ কোটি টকা দিয়া হ’ব৷
বিৱৰণঃ
১. উত্তৰ প্ৰদেশৰ নইডা চিটী চেণ্টাৰৰ পৰা ছেক্টৰ ৬২, নইডা পৰ্যন্ত ৬.৬৭৫ কিলোমিটাৰৰ দূৰত্বৰ বাবে দিল্লী মেট্ৰ’ কৰিডৰৰ সম্প্ৰসাৰণৰ বাবে অনুমোদন প্ৰদান কৰে৷
২. যোজনাটোৰ মুঠ ব্যয় হ’ব ১,৯৬৭ কোটি টকা৷
৩. যোজনাটোৰ প্ৰণয়ন ভাৰত চৰকাৰৰ বৰ্তমান বিশেষ উদ্দেশ্য এজেন্সী (এছপিভি) দিল্লী মেট্ৰ’ কৰ্প’ৰেছন লিমিটেড (ডিএমআৰচি) আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ চৰকাৰৰ দ্বাৰা কৰা হ’ব৷
৪. যোজনা সময় অনুসৰি সংশোধিত কৰা কেন্দ্ৰীয় মেট্ৰ’ অধিনিয়ম, মেট্ৰ’ ৰে’ল (নিৰ্মাণ কাৰ্য) অধিনিয়ম ১৯৭৮ আৰু মেট্ৰ’ ৰে’ল (পৰিচালন তথা কাৰ্য প্ৰণয়ন) অধিনিয়ম, ২০০২ৰ আইনী পৰিকাঠামোৰ অন্তৰ্গত হ’ব৷
ব্যাপক প্ৰভাৱঃ
নইডা চিটী চেণ্টাৰৰ পৰা নইডা ছেক্টৰ ৬২ পৰ্যন্ত দিল্লী মেট্ৰ’ৰ সম্প্ৰসাৰণ দিল্লী মেট্ৰ’ প্ৰণালীৰ দ্বাৰকা-নইডা চিটী চেণ্টাৰ লাইন পৰ্যন্ত বিস্তাৰিত হৈছে৷ ইয়াৰ পৰিণামস্বৰূপে অধিক সংখ্যাত জনসাধাৰণ দিল্লীৰ এই ছেটেলাইটৰ অধীনলৈ আহিব যাৰ দ্বাৰা দিল্লীৰ পথত ভিৰ হ্ৰাস হ’ব৷ ইয়াৰোপৰ এই ক্ষেত্ৰত অধিক আবাসী আৰু ব্যৱসায়িক পৰিসৰ বৃদ্ধি হ’ব৷ মেট্ৰ’ ৰে’লৰ ফলত পথত বাহনৰ সংখ্যা হ্ৰাস হ’ব, যাৰ দ্বাৰা পথত ভিৰ কম হ’ব আৰু কম সময়তে তথা কম খৰচতে যাত্ৰা সম্ভৱ হ’ব আৰু ইন্ধন হ্ৰাসৰ লগতে প্ৰদূষণো কম হ’ব৷
এই বিস্তাৰিত লাইনৰ সকলোতকৈ অধিক লাভ নইডা আৰু নইডাৰ নিকটৱৰ্তী জনসাধাৰণে প্ৰাপ্ত কৰিব৷ যোজনা স্থলত অভিযন্তা আৰু অন্য কৰ্মচাৰীসহিতে প্ৰায় ৮০০ কৰ্মচাৰীক এই কাৰ্যত নিয়োজিত কৰিছে৷ ডিএমআৰচিয়ে এই কৰিডৰৰ পৰিচালনা তথা কাৰ্য প্ৰণয়নৰ বাবে প্ৰায় ২০০ কৰ্মচাৰীৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে৷
যোজনাৰ নিৰ্মাণ কাৰ্যত প্ৰায় ৮১ শতাংশ আৰু মুঠ ৫৫ শতাংশ বিত্তীয় প্ৰগতি সমাপন হৈছে৷
পৃষ্ঠভূমিঃ
উত্তৰ প্ৰদেশৰ ঔদ্যোগিক ক্ষেত্ৰ বিকাশ অধিনিয়মৰ অন্তৰ্গত উল্লিখিত নইডা চহৰ উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাত অৱস্থিত৷ ইয়াত সকলো আধুনিক সা-সুবিধা বিদ্যমান আৰু ইয়াক ৰাষ্ট্ৰীয় ৰাজধানীৰ ক্ষেত্ৰ (এনচিআৰ)ত দিল্লীৰ সকলোতকৈ আধুনিক উপ-নগৰ বুলি জনা যায়৷ ২০১১ৰ জনগণনা অনুসৰি নইডাৰ জনসংখ্যা ৬.৪২ লাখ৷ চহৰখনৰ সেউজীয়া প্ৰকৃতি আৰু মুকলি ক্ষেত্ৰৰ বাবে দিল্লী আৰু নিকটৱৰ্তী স্থানৰ অধিক সংখ্যক লোকে নইডাত বাস কৰিব ইচ্ছা কৰে৷ নইডাৰ চহৰীকৰণ বৃদ্ধি হৈ আছে৷ এই চহৰত বহুতো ঔদ্যোগিক সংস্থা স্থাপিত কৰা হৈছে৷ নইডা দিল্লী আৰু উত্তৰ প্ৰদেশৰ নিকটৱৰ্তী স্থান তথা হাৰিয়ানাৰ পথৰ সৈতে জড়িত৷ অন্য স্থানৰ পৰা কাম কৰিবলৈ লোক ইয়ালৈ আহে আৰু যায়৷ এই কাৰণত যাতায়াতৰ পৰিসৰ বৃদ্ধি হ’ব আৰু প্ৰদূষণমুক্ত তীব্ৰ গতিৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আৱশ্যক হ’ব৷ নইডা মেট্ৰ’ ৰে’লৰ সৈতে সংযুক্ত আৰু মেট্ৰ’ ৰে’ল নইডা চিটী চেণ্টাৰ (ছেক্টৰ ৩২, নইডা)লৈ অহা-যোৱা কৰে৷ ৬.৬৭৫ কিলোমিটাৰৰ দূৰত্ব ৬ টা ষ্টেচনৰ সৈতে নইডা চিটী চেণ্টাৰৰ পৰা নইডা চিটী চেণ্টাৰৰ পৰা নইডা ছেক্টৰ ৬২লৈ মেট্ৰ’ কৰিডৰৰ বিস্তাৰৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছিল৷ নইডাত ৰে’লৱে ষ্টেচন নাই আৰু সকলোতকৈ নিকটৱৰ্তী ৰে’লৱে ষ্টেচন ১৫ কিলোমিটাৰৰ দূৰৈত নতুন দিল্লীৰ হজৰত নিজামুদ্দিন হয়৷ দিল্লীৰ সকলোতকৈ নিকটৱৰ্তী বিমান বন্দৰ নইডাৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰৈত৷ অনাগত বৰ্ষসমূহত নইডাত জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷
*****
AKT/VBA/SH/MANN
A decision that will benefit the people of Noida as well as the NCR. https://t.co/niH38kLhRa
— Narendra Modi (@narendramodi) May 16, 2018
via NMApp