Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুখ্য খণ্ডসমূহত অধিক উদাৰ হ’ল এফডিআই নীতি


• একক ব্ৰেণ্ডৰ খুচুৰা ব্যৱসায়ত স্বয়ংক্ৰিয়ভাৱে ১০০% এফডিআই
• নিৰ্মাণজনিত উন্নয়ন খণ্ডত স্বয়ংক্ৰিয়ভাৱে ১০০% এফডিআই
• এয়াৰ ইণ্ডিয়াত বিদেশী এয়াৰলাইনছৰ ৪৯% বিনিয়োগত অনুমোদন
• প্ৰাথমিক বজাৰৰ জৰিয়তে শক্তি বিনিময়ত এফআইআই/এফপিআইক বিনিয়োগ অনুমোদন
• এফডিআই নীতিত ‘চিকিৎসা সঁজুলি’ৰ সংজ্ঞা সংশোধন কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাতত অনুষ্ঠিত কেবিনেট বৈঠকত এফডিআই নীতিৰ একাধিক সংশোধন কৰা হৈছে। ইয়াৰ জৰিয়তে এফডিআই নীতি অধিক উদাৰ আৰু সৰল হয়, যাৰ ফলত দেশত ব্যৱসায় কৰাটো তুলনামুলকভাৱে সহজ হৈ পৰিল। ইয়াৰ ফলত প্রত্যক্ষ বিদেশী বিনিয়োগৰ মাত্রা সামগ্ৰিকভাবে বৃদ্ধি পাব আৰু ই বিনিয়োগ, কর্মসংস্থাপন আৰু উপার্জনৰ ক্ষেত্রত ইতিবাচক প্রভাৱ পেলাব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে প্রত্যক্ষ বিদেশী বিনিয়োগ হ’ল দেশৰ অর্থনৈতিক বিকাশ প্রচেষ্টাৰ এক বৃহৎ চালিকাশক্তি। দেশৰ অর্থনৈতিক বিকাশৰ ক্ষেত্রত ঋণৰ বোজা নোলোৱাকৈ যাতে বিনিয়োগৰ ভৰসা কৰি দেশক আৰু আগুৱাই নিব পৰা যায়, সেইদিশত এই নীতিয়ে এক বিশেষ ভূমিকা পালন কৰে। চৰকাৰে ইতিমধ্যে প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিক অধিক বিনিয়োগ অনুকূল কৰি তুলিছে। অধিকাংশ ক্ষেত্রত প্রত্যক্ষ বিদেশী বিনিয়োগক ১০০% স্বয়ংক্রিয় পদ্ধতিৰে পৰিচালিত কৰি তোলা হৈছে। শেহতীয়াকৈ প্রতিৰক্ষা, নির্মাণ, বীমা, পেন্সন, সম্প্রচাৰ ব্যৱস্থা, বিভিন্ন আর্থিক সেৱা, সম্পদৰ পুনৰ গঠন, অসামৰিক বিমান পৰিবহণ, ঔষধ উৎপাদন, ব্যৱসায়-বাণিজ্য ইত্যাদি ক্ষেত্রত অধিক মাত্রাত বিদেশী বিনিয়োগ আকর্ষণৰ বাবে কেন্দ্রীয় চৰকাৰে সংস্কাৰ প্রচেষ্টা কাৰ্যকৰী কৰিছে।

চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ পৰিপ্রেক্ষিতত দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ উৎসাহ জনকভাবে আগমণ ঘটিছে। সেই অনুসৰি, ২০১৩-১৪ বিত্তীয় বৰ্ষত ৩৬.০৫ বিলিয়ন মার্কিন ডলাৰৰ বিপৰীতে ২০১৪-১৫ বিত্তীয় বৰ্ষত দেশত মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ আছিল ৪৫.১৫ বিলিয়ন মার্কিন ডলাৰ। ২০১৫-১৬ বিত্তীয় বৰ্ষত ভাৰতত বিনিয়োগ কৰা এফডিআই পৰিমাণ আছিল ৫৫.৪৬ বিলিয়ন মার্কিন ডলাৰ। ২০১৬-১৭ বিত্তীয় বৰ্ষত এফডিআইৰ পৰিমাণ সৰ্বাধিক ৬০.০৮ বিলিয়ন মার্কিন ডলাৰ হয়।

চৰকাৰ ভাৱে যে দেশত আৰু অধিক হাৰত বিদেশী বিনিয়োগ আকর্ষণৰ পর্যাপ্ত সম্ভাৱনা আছে। প্রত্যক্ষ বিদেশী বিনিয়োগক অধিক সৰল আৰু উদাৰ কৰি তুলি এই সম্ভাৱনাক বাস্তবায়িত কৰিব পৰা যায়। সেই বাবেই প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিত একাধিক সংশোধন কৰাৰ প্রস্তাৱত কেবিনেট অনুমোদন জনায়।

সবিশেষঃ:

একক ব্ৰেণ্ডৰ খুচুৰা ব্যৱসায়(এছবিআৰটি)ত এফডিআইৰ বাবে এতিয়াৰে পৰা প্ৰয়োজন নহয় চৰকাৰৰ আগতীয়া অনুমতি

i. একক ব্ৰেণ্ডৰ খুচুৰা ব্যৱসায়(এছবিআৰটি)ত ৪৯% এফডিআই স্বয়ংক্ৰিয়ভাৱে সম্পন্ন হ’ব, অৱশ্যে ১০০% লৈ চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন আছিল। শেহতীয়া সংশোধনত এছবিআৰটিত ১০০% লৈকে এফডিআই স্বয়ংক্ৰিয় হ’ব।

ii. এই ক্ষেত্ৰত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ যিকোনো ষ্টৰ খোলাৰ বেলিকা ৩০ শতাংশ সামগ্ৰী ভাৰতৰ পৰা পাঁচ বছৰলৈ ক্ৰয় কৰাটো বাধ্যতামুলক।

অসামৰিক বিমান পৰিবহণঃ

সংশোধিত নীতি অনুসৰি ভাৰতৰ সুচীভূক্ত বা অনাসুচীভূক্ত বিমান সেৱাৰ ক্ষেত্ৰত বিদেশী এয়াৰলাইনছে চৰকাৰৰ অনুমোদন সাপেক্ষে ৪৯% লৈকে বিনিয়োগ কৰিব পাৰিব।

নিৰ্মাণখণ্ডৰ উন্নয়নঃ টাউনশ্বিপ, গৃহ, আন্তঃগাঁথনি নিৰ্মাণ আৰু ৰিয়েল ষ্টেট দালালি সেৱাঃ

এই স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰিয়েল ষ্টেট দালালি সেৱা কেতিয়াও ৰিয়েল ষ্টেট ব্যৱসায় নহয়। সেইবাবে ইয়াক স্বয়ংক্ৰিয়ভাৱে ১০০% এফডিআইৰ অধীনলৈ অনা হয়।

শক্তি বিনিময়ঃ

প্ৰাথমিক বজাৰৰ জৰিয়তে শক্তি বিনিময়ত এফআইআই/এফপিআইক বিনিয়োগ অনুমোদন দিয়া হৈছে। সেই হিচাপে কেন্দ্ৰীয় বিজুলী নিয়ামক আয়োগ(শক্তি বজাৰ) অধিনিয়ম, ২০১০ অনুসৰি এই শিতানত স্বয়ংক্ৰিয়ভাৱে ৪৯% এফডিআইত অনুমোদন জনোৱা হৈছে।

তদুপৰি, চিকিৎসা সঁজুলি, গুৰুত্বপূৰ্ণ যন্ত্ৰ-পাতিৰ আমদানি তথা কোনো ধৰণৰ আগতীয়া ব্যয়ৰ ক্ষেত্ৰতো এফডিআইৰ সংশোধন কৰা হৈছে। এই ক্ষেত্ৰত দেশত কৰিবলগীয়া এফডিআইৰ প্ৰস্তাৱ নিৰ্দিষ্ট কৰ্তৃত্বপ্ৰাপ্ত বিভাগে পৰীক্ষা কৰিব পাৰি। পূৰ্বৰ পদ্ধতি অনুসৰি দেশত বিনিয়োগৰ সৈতে জড়িত এফডিআই আবেদন তথা ফিমা-২০ৰ পৰা প্ৰয়োজনীয় নিৰাপত্তা সম্পৰ্কীয় অনুমোদন, এফডিআই নীতি আৰু সুৰক্ষাজনিত নিৰ্দেশনা, সময়ানুসৰি হোৱা সংশোধন ইত্যাদি সকলোৰে স্বয়ংক্ৰিয় পথ খণ্ড/কাম-কাজ গৃহ মন্ত্ৰালয় অধীনত চোৱা-চিতা কৰাৰ বিপৰীতে চৰকাৰী অনুমোদনৰ প্ৰয়োজনীয় খণ্ড/কাম-কাজ প্ৰয়োজনীয় নিৰাপত্তা সম্পৰ্কীয় অনুমোদন প্ৰশাসনীয় মন্ত্ৰালয়/বিভাগৰ অধীনত চোৱা-চিতা হৈছিল। কিন্ত শেহতীয়া সিদ্ধান্ত অনুসৰি এফডিআইৰ আবেদনৰ বেলিকা বিভিন্ন দেশে কৰা স্বয়ংক্ৰিয় বিনিয়োগ, প্ৰয়োজনীয় অনুমোদন ঔদ্যোগিক নীতি আৰু প্ৰচাৰ(ডিআইপিপি)বিভাগে চৰকাৰৰ অনুমোদন বাবে প্ৰেৰণ কৰিব। কিন্তু অনুমোদনৰ ভিত্তিত কৰিবলগীয়া এফডিআইৰ বেলিকা সংশ্লিষ্ট মন্ত্ৰালয় বা বিভাগে চোৱা-চিতা কৰিব।

****
AKT/VBA/SH/DB