অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে নতুন ৰাষ্ট্ৰীয় স্থাপত্য
ৰাজহুৱা সেৱা প্ৰদান পদ্ধতিক পাৰদৰ্শি কৰি তোলাৰ লক্ষ্যৰে ব্যক্তিগত, প্ৰতিষ্ঠানিক আৰু প্ৰক্ৰিয়াগত পৰ্যায়ত সামৰ্থ্য বৰ্দ্ধন পদ্ধতিৰ বিস্তৃত সংস্কাৰ
অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধনৰ পৰিকল্পনা, অনুমোদন আৰু নিৰীক্ষণ কৰিব প্ৰধানমন্ত্ৰী নেতৃত্বাধীন ‘এইচআৰ কাউন্সিলে’
‘সামৰ্থ্য বৰ্দ্ধন আয়োগে’ প্ৰশিক্ষণৰ মান নিৰ্দ্ধাৰণৰ ব্যৱস্থা কৰা, শিক্ষক আৰু সমলৰ দিহা কৰাৰ লগতে সকলো কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তদাৰকৰ ভূমিকা পালন কৰিব
সম্পূৰ্ণ নিজাববীয়া ‘এছপিভি’ৰ জৰিয়তে অনলাইন শিক্ষণ মঞ্চৰ কাম-কাজ পৰিচলনা কৰা আৰু বিশ্ব মানৰ শিক্ষণ সমল আৰু বিপণনৰ দিহা কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবনেট সভাই তলত উল্লেখিত বিধি-ব্যৱস্থাৰে এক ‘ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধন কাৰ্যক্ৰম’(এনপিচিএছচিবি)ৰ শুভাৰম্ভ সমপৰ্কীয় প্ৰস্তাৱলৈ অনুমোদন জনাইছে।
সেই অনুসৰি
(ii) সামৰ্থ্য বৰ্দ্ধন আয়োগ
(iii) সম্পূৰ্ণ নিজাববীয়া এছপিভিৰ জৰিয়তে অনলাইন শিক্ষণ মঞ্চৰ কামা-কাজ পৰিচলনা কৰা আৰু বিশ্ব মানৰ শিক্ষণ সমল আৰু বিপণনৰ দিহা কৰা
মুখ্য বিশেষত্ব
দেশৰ অসামৰিক সেৱাৰ বিষয়াসকলক বিশ্ব মানৰ প্ৰতিষ্ঠানসমূহৰ পৰা উত্তম শিক্ষা আহৰণ কৰাৰ লগতে পৃথিৱীৰ যিকোনো স্থানতে কাম কৰিব পৰাকৈ দক্ষ কৰি তোলাৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰমূল্যসমূহক হৃদয়ংগম কৰি মূলৰ সৈতে সংপৃক্ত থাকিব পৰাকৈ সামৰ্থ্য বৰ্দ্ধনৰ বাবে বুনিয়াদ গঢ়াৰ উদ্দেশ্যে অতি সচেতনতাৰে ‘এনপিচিএছচিবি’ৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। এই কাৰ্যক্ৰম অচিৰেই স্থাপন কৰিবলগীয়া এক ‘সংহত চৰকাৰী অনলাইন প্ৰশিক্ষণ-আইগট-কৰ্মযোগী মঞ্চ’(Integrated Government Online Training-iGOTKarmayogi)ৰ দ্বাৰা ৰূপায়িত কৰা হ’ব।
নিম্নো্ল্লিখিত বিধি-ব্যৱস্থাৰে এই কাৰ্যক্ৰম পৰিচালিত হ’ব:
উদ্দেশ্য
সামৰ্থ্য বৰ্দ্ধনৰ এক সহযোগিতা আৰু সমাহাৰ ভিত্তিক এক বাতাবৰণ গঢ়ি তুলি ইয়াৰ প্ৰবন্ধন আৰু নিয়ন্ত্ৰণৰ বাবে এক সমাবেশী বিধি ব্যৱস্থা গঢ়ি তোলাৰ বাবে এক সামৰ্থ্য বৰ্দ্ধন আয়োগ গঠনৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
আয়োগৰ ভূমিকা
প্ৰধানমন্ত্ৰী মানৱ সম্পদ পৰিষদক বাৰ্ষিক সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা যুগ্তোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা
কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ তদাৰকী কৰা
ভাৰতৰ অসামৰিক সেৱাৰ দুই কোটিৰো অধিক বিষয়াৰ দক্ষতাক আৰু অধিক পাৰদৰ্শি কৰি তুলি তেওঁলোকৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে কলা সন্মত ৰূপত ‘আইগট-কৰ্মযোগী মঞ্চ’টো যুগুতাই উলিওৱা হৈছে। এই মঞ্চই যুগুতাই উলিওৱা শিক্ষণ-সামগ্ৰীৰ বিশ্ব-ব্যাপি বিপণনৰ সুযোগ ওলাব বুলি আশা কৰা হৈছে।
*******
VRRK/AKP/KB