Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমীত ৯২তম ফাউণ্ডেচন পাঠ্যক্ৰমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াক সম্বোধি প্ৰধানমন্ত্ৰীৰ ভাষণ

মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমীত ৯২তম ফাউণ্ডেচন পাঠ্যক্ৰমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াক সম্বোধি প্ৰধানমন্ত্ৰীৰ ভাষণ

মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমীত ৯২তম ফাউণ্ডেচন পাঠ্যক্ৰমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াক সম্বোধি প্ৰধানমন্ত্ৰীৰ ভাষণ

মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমীত ৯২তম ফাউণ্ডেচন পাঠ্যক্ৰমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াক সম্বোধি প্ৰধানমন্ত্ৰীৰ ভাষণ


দুদিনীয়া ভ্ৰমণেৰে মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচন (এলবিএছএনএএ)লৈ যোৱা প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি দ্বিতীয় দিনা ৯২তম ফাউণ্ডেছন পাঠ্যক্ৰমৰ ৩৬০ জন প্রশিক্ষাণপ্ৰাপ্ত বিষয়াক উদ্দেশ্যি ভাষণ আগবঢ়ায়। অনুষ্ঠানত ১৭টা অসামৰিক সেৱা আৰু তিনি ৰয়েল ভুটান অসামৰিক সেৱাৰ প্রশিক্ষণপ্ৰাপ্ত বিষয়া উপস্থিত থাকে।

প্রধানমন্ত্রীৰ ভাষণৰ পূৰ্বে প্রশিক্ষণপ্ৰাপ্ত বিষয়াসকলে “মই অসামৰিক সেৱাত কিয় যোগ দিলো”–শীৰ্ষক বিষয়ৰ ওপৰত তেওঁলোকৰ নিজা নিজা প্রৱন্ধ উপস্থাপন কৰে। তেওঁলোকৰ বিষয়বোৰৰ ভিতৰত গৃহ, শিক্ষা, সংহত পৰিৱহণ ব্যৱস্থা, অপুষ্টি, গোটা আৱৰ্জনা ব্যৱস্থাপনা, দক্ষতা বিকাশ, ডিজিটেল লেনদেন, এক ভাৰত-শ্ৰেষ্ঠ ভাৰত আৰু নব্য ভাৰত-২০২২ ইত্যাদিয়ে প্ৰাধান্য লাভ কৰে।

বিষয়াসকলে প্রধানমন্ত্রীৰ সন্মুখত ‘স্বচ্ছ ভাৰত অভিযান’ সন্দর্ভতো তেওঁলোকে নিজৰ নিজৰ ধাৰণা ব্যক্ত কৰে। 

প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ বিভিন্ন উপস্থাপনৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে নতুন বিষয়াসকলে এই উপস্থাপনসমূহৰ সম্পর্কে গভীৰভাবে চিন্তা কৰাৰ বাবে তেওঁ ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলক নির্দেশ দিছে। ফাউণ্ডেচন পাঠ্যক্ৰম শেষ হোৱাৰ আগেয়ে উচ্চপদস্থ বিষয়সকলে যাতে সেই সম্পর্কে তেওঁলোকৰ মতামত আৰু ভাৱনাৰ কথা প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ আগত তুলি ধৰে, তাৰবাবেও প্রধানমন্ত্রীয়ে তেওঁলোকক বিশেষভাবে পৰামৰ্শ আগবঢ়ায়।

প্রশিক্ষণৰ পাছত প্রশিক্ষণপ্ৰাপ্ত বিষয়াসকলে কিদৰে তেওঁলোকৰ কর্মজীৱনৰ বাবে প্রস্তুত হ’ব, সেই দিশতো কেতবোৰ পৰামর্শ আগবঢ়ায় প্রধানমন্ত্রীয়ে। তেওঁ কয় যে জনসাধাৰণৰ সমস্যা সমাধানত তেওঁলোক যথেষ্ট সজাগ আৰু যত্নবান হ’ব লাগিব। গ্ৰন্থ অধ্যয়ণ কৰি তেওঁলোকে যি শিকে, সেইবোৰে সমাজৰ পথভ্ৰষ্ট লোকক সঠিক পথ দিব পৰা হ’ব লাগিব আৰু জনসাধাৰণে কাংক্ষিত লক্ষ্যত উপনীত হোৱাত সফল হ’ব লাগিব।

কোনো প্ৰচেষ্টাৰ সফলতাত জনতাৰ-অংশীদাৰিত্ব অৰ্থাৎ সাধাৰণ লোকৰ সক্রিয় অংশগ্রহণত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্র মোদীয়ে।

তেওঁ কয় যে স্বাধীনতাৰ পূৰ্বে অসামৰিক সেৱাৰ কাম আছিল ব্রিটিছ চৰকাৰক সর্বতোপ্ৰকাৰে ৰক্ষা কৰা। কিন্তু বৰ্তমান অসামৰিক সেৱাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সাধাৰণ মানুহৰ কল্যাণ সাধন আৰু সমৃদ্ধিশালী কৰা। তেওঁ কয় যে অসামৰিক সেৱাৰ বিষয়াসকলে যদি এই লক্ষ্য আৰু উদ্দেশ্যক অনুসৰণ কৰি চলে, তেতিয়াহ’লে প্রশাসনিক মুৰব্বী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰিব পৰা যাব। 

কামৰ প্রতি অৱহেলা আৰু একত্ৰিতভাবে কাম কৰাৰ ক্ষেত্রত অনীহাৰ ভাব মিচৌৰিৰ এই প্রাথমিক প্রশিক্ষণৰ সময়তে দূৰ কৰাটো সম্ভৱ। ফাউণ্ডেচন পাঠ্যক্ৰমৰ সময়ত প্রশিক্ষণপ্ৰাপ্ত বিষয়াসকলে প্রশাসনিক কামৰ খুঁটি-নাটিসমূহৰ সম্পর্কে ভালকৈ জানিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰিছে প্রধানমন্ত্রীয়ে। তেওঁ তেওঁলোকক দলগতভাবে কাম কৰা আৰু নেতৃত্ব দিয়া–এই দুটা বিষয়ক ভালকৈ জ্ঞান আহৰণ কৰি তেওঁলোকৰ কর্মজীৱনত সেইবোৰ প্রয়োগ কৰাৰ পৰামর্শ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক আন্দোলনে গণতান্ত্রিক পৰিৱর্তন সম্ভৱ কৰি তুলিব পাৰে। এই ক্ষেত্রত অসামৰিক সেৱাৰ এক গুৰুত্বপূর্ণ অনুঘটকৰ ভূমিকা আছে। আগতে এক সাংস্কৃতিক অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ ‘বৈষ্ণৱ জন’ ভক্তি সংগীত পৰিৱেশনৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিষয়াসকলে গানৰ অন্তর্নিহিত ভাৱৰ মৰ্মাৰ্থ অনুভৱ তথা উপলব্ধি কৰা উচিৎ। প্ৰধানমন্ত্ৰীয়ে চৰকাৰী বিষয়াসকলৰ এই ভাৱেৰে ‘বৈষ্ণৱ জন’ হৈ উঠাৰ পৰামর্শ আগবঢ়ায়।

প্রধানমন্ত্রীয়ে কয় যে চৰকাৰী বিষয়াসকলৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁলোক ব্যক্তি হিচাবে নিজৰ বাবে নহয়, চৰকাৰী কাম-কাজক সকলোৰে সন্মুখত তুলি ধৰিবলৈ সংকল্পৱদ্ধ। তেওঁ অশোক চক্রৰ চতুর্থ সিংহৰ সৈতে চৰকাৰী বিষয়াসকলক তুলনা কৰে। তেওঁ কয় যে এই সিংহটো অদৃশ্য বা অন্তৰ্নিহিত হৈ থাকি যায়, কিন্তু তথাপিতো আমি তাৰ উপস্থিতি সদায় অনুভৱ কৰো। 

প্রধানমন্ত্রীয়ে কয় যে ভ্রমণ হৈছে এক বিশেষ ভাৰতীয় ঐতিহ্য। কাৰণ ইয়াৰ জৰিয়তে জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সুবিধা পোৱা যায়, যিটো নিঃসন্দেহে এক বিশেষ শিক্ষণীয় অভিজ্ঞতা। বিভিন্ন পদত নিয়োগৰ পাছত কাৰ্যালয়ৰ বাহিৰলৈ গৈও চৰকাৰী ভ্ৰমণকালত অভিজ্ঞতা সঞ্চয়ৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক তেওঁ পৰামর্শ আগবঢ়ায়।

প্রধানমন্ত্রীয়ে কয় যে প্রশিক্ষাণপ্ৰাপ্ত বিষয়াসকলে তেওঁলোকৰ কর্মজীৱন গঢ়ি তুলিবলৈ বিশেষভাবে সজাগ আৰু সচেতন। সেইবাবেই চাকৰিৰ পৰীক্ষাত সাফল্য হোৱাৰ বাবে উত্তীর্ণ হৈ তেওঁলোকে এই একাডেমিীত আজি উপস্থিত হৈছে। দেশবাসীকে সেৱা কৰাৰ বাবে তেওঁলোকে বৰ্তমান ব্রত পালনৰ মানসিকতা গঢ়ি তুলিব লাগিব। ভৱিষ্যতে তেওঁলোক যেতিয়া কাৰ্যালয়ৰ বাহিৰলৈ গৈ বাস্তৱত ভৰি দি কাম কৰাৰ সুযোগ পাব, তেতিয়াই জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক তেওঁলোকে উপলব্ধি কৰিব পাৰিব। 

প্ৰধানমন্ত্ৰীয়ে পুৱাই একাডেমীৰ লনত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ সৈতে যোগচর্চা কৰে। 

একাডেমীৰ এটি নতুন হোষ্টেল ভৱনৰ আধাৰশিলা উপলক্ষে এক নাম ফলকো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। তদুপৰি, শৰীৰচর্চাৰ বাবে ২০০ মিটাৰ দীঘল এক ছিন্থেটিক পথ নিৰ্মাণ প্রকল্পৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। 

প্ৰধানমন্ত্ৰীয়্ একাডেমীৰ বালৱাড়ী কেন্দ্রও পৰিদৰ্শন কৰাৰ লগতে তাৰ শিশুসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ লগতে একাডেমীৰ জিমনেছিয়াম আৰু অন্যান্য সা-সুবিধাবোৰো পৰিদৰ্শন কৰে।

***

AKT/HS/DB