Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালদ্বীপৰ পিপলছ মজলিছৰ অধ্যক্ষ মহম্মদ নাশ্বিদক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


ৰাজ্যসভা আৰু লোকসভাৰ অধ্যক্ষৰ যুটীয়া আমন্ত্ৰণক্ৰমে ভাৰত ভ্ৰমণৰত মালদ্বীপৰ পিপলছ মজলিছৰ অধ্যক্ষ মহম্মদ নাশ্বিদক আজি নতুন দিল্লীত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

অধ্যক্ষ নাশ্বিদক আদৰণি জনাই প্ৰধানমন্ত্রীয়ে কয় যে ভাৰত মালদ্বীপৰ সৌহাদ্যপূর্ণ সম্পর্কৰ অন্যতম উপাদান দুই দেশৰ সংসদৰ মাজত যোগাযোগ৷ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰিব বুলি প্ৰধানমন্ত্রীয়ে আশা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্রীয়ে প্ৰসংগক্ৰমে চলিত বছৰৰ জুন মাহত তেওঁৰ শেহতীয়া মালে ভ্ৰমণৰ কথা উল্লেখ কৰে৷ সেই সময়ত তেওঁ মজলিছত ভাষণ আগবঢ়াইছিল৷ অধ্যক্ষ নাশ্বিদৰ যোগ্য নেতৃত্বৰ বাবেই মালদ্বীপৰ গণতন্ত্ৰ দৃঢ় আৰু শক্তিশালী হৈছে বুলি কয় প্ৰধানমন্ত্রীয়ে৷ বন্ধুত্বসুলভ মালদ্বীপৰ জনতাই বিচৰা ধৰণে এখন সুস্থিৰ, সমৃদ্ধশালী আৰু শান্তিপূর্ণ মালদ্বীপ গঢ় দিয়াৰ লক্ষ্যৰে একেলগে কাম কৰাৰ বিষয়ত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে প্ৰধানমন্ত্ৰীয়ে৷

অধ্যক্ষ নাশ্বিদে প্ৰধানমন্ত্রীক ধন্যবাদ জনাই কয় যে যোৱা বছৰ মালদ্বীপত নতুন চৰকাৰৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ভাৰত-মালদ্বীপৰ দৃঢ় সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্রত প্ৰধানমন্ত্রীয়ে নিৰন্তৰ সমর্থন আগবঢ়াই আহিছে৷ মালদ্বীপবাসীৰ কল্যাণাৰ্থে বিভিন্ন উন্নয়নমূলক প্ৰচেষ্টা প্ৰতি প্ৰধানমন্ত্রীয়ে যি সহযোগিতাৰ হাত আগবঢ়াইছে, তাক লৈও অধ্যক্ষগৰাকীয়ে প্ৰধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ প্ৰসংগক্ৰমে মালদ্বীপ চৰকাৰৰ ‘ভাৰত প্ৰথম’ নীতিৰ কথা উল্লেখ কৰে৷ দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু চিৰন্তন বন্ধন আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্রত সংসদীয় প্ৰতিনিধিদলৰ এই ভ্ৰমণে সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

***

VRRK/VJ/SKS/DB