Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক


মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

“মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত হোৱা ভয়াৱহ বাছ দুৰ্ঘটনাত শোকাহত হৈছো। মই প্ৰাণ হেৰুৱাসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছো। স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।” 

“বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’ব।”

***