ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়,
মই এক জয়ধ্বনি দিম আপোনালোকে মোৰ সৈতে ক’ব লাগিব– মই ক’ম মহাৰজা সুহলদেৱ…আপোনালোক সকলোৱে দুয়োটা হাত ওপৰলৈ উঠাই দুবাৰকৈ ক’ব অমৰ হওক, হওক৷
মহাৰজা সুহলদেৱ,
অমৰ হওক, অমৰ হওক;
মহাৰজা সুহলদেৱ,
অমৰ হওক, অমৰ হওক;
মহাৰজা সুহলদেৱ,
অমৰ হওক, অমৰ হওক;
মহাৰজা সুহলদেৱ,
অমৰ হওক অমৰ হওক৷
বিশাল হাৰত উপস্থিত থকা মোৰ প্ৰিয় ভাই–ভনীসকল,
দেশৰ নিৰাপত্তাত নিয়োজিত অসংখ্য বীৰ সন্তানৰ জন্মদাত্রী, অসংখ্য বীৰ সৈনিকৰ জন্মদাত্রী এই ভূমিত যুগ যুগ ধৰি অনেক ঋষি–মুনিয়ে ভৰি থৈছিল৷ এনে পবিত্ৰ গাজিপুৰৰ ভূমি পুনৰবাৰ আহিবলৈ পাই অতিশয় আনন্দিত হৈছো৷
আপোনালোকৰ উৎসাহ–উদ্দীপনা সদায়েই মোৰ বাবে প্রাণশক্তিৰ উৎস। আজিও আপোনালোকে ইয়াত ইমাত শীতৰ মাজতো মোক আর্শীবাদ দিবলৈ আহিছে, তাৰবাৰে আপোনালোক সকলোকে প্ৰণাম জনাইছো৷
বন্ধুসকল, উত্তৰপ্ৰদেশত আজি মোৰ উপস্থিতিত পূব উত্তৰপ্ৰদেশত এখন বৃহৎ চিকিৎসা কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰকল্প, কৃষি গৱেষণাৰ এটি গুৰুত্বপূর্ণ কেন্দ্ৰ নির্মাণ প্ৰকল্প, উত্তৰপ্ৰদেশৰ ক্ষুদ্ৰ উদ্যোগক মজবুত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব। কিছুসময়ৰ আগতে গাজিপুৰত এখন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য হৈছে৷
আজি ইয়াত উত্তৰপ্ৰদেশৰ গৌৰৱৰ ধ্বজাবাহী এক পূণ্যকার্য সম্পাদন কৰা হয়। মহাৰজা সুহেলদেৱৰ শৌর্যগাথা, দেশৰ বাবে তেওঁ অৱদানক স্মৰনীয় কৰি ৰখাৰ বাবে অলপ সময়ৰ পূৰ্বে তেওঁৰ স্মৃতিত এটি ডাকটিকিট প্ৰকাশ কৰা হৈছে। পাঁচ টকা মূল্যৰ এই ডাক টিকিটটো এতিয়া ডাকঘৰৰ জৰিয়তে লাখ লাখ মানুহৰ হাতত গৈ পাব৷
বন্ধুসকল, মহাৰজা সুহেলদেৱ দেশৰ সেই বীৰসকলৰ অন্যতম, যিসকলে দেশৰ উন্নয়নৰ স্বার্থত যুঁজ দিছিল। তেওঁ প্ৰতিগৰাকী বঞ্চিত আৰু শোষিত লোকৰ বাবে প্রেৰণাস্বৰূপ। তেওঁৰ স্মৃতিয়ে আমাৰ ‘সবকা সাথ সবকা বিকাশ’ মন্ত্ৰক শক্তি যোগায়। কোৱা হয় মহাৰজা সুহেলদেৱৰ ৰাজত্বত মানুহে ঘৰৰ দুৱাৰত তলা লগোৱাৰ প্ৰয়োজন বোধ কৰা নাছিল। নিজৰ শাসনকালত তেওঁ মানুহৰ জীৱনক সমৃদ্ধ কৰি তুলিবলৈ, দুখীয়াসকলৰ সবলীকৰণৰ হকে অনেক কাম কৰিছিল৷ পথ নির্মাণ, বাগিচা নির্মাণ, পাঠশালা আৰম্ভ কৰা, মন্দিৰ স্থাপনেৰে তেওঁ নিজৰ ৰাজ্যক যথেষ্ট সুন্দৰ ৰূপ দিছিল। যেতিয়া বিদেশত হানাদাৰসকলে ভাৰত ভূমিত আক্ৰমণ কৰে, তেতিয়া যি কেইগৰাকী বীৰে তেওঁলোকৰ বিৰুদ্ধে যুঁজিছিল আৰু তেওঁলোকক পৰাস্ত কৰিছিল, সেইসকলৰ ভিতৰত মহাৰাজ সুহেলদেৱো অন্যতম। প্ৰতিৱেশী ৰজাসকলৰ সৈতে একত্ৰিত হৈ তেওঁ আক্ৰমণকাৰীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ এজন বীৰ যোদ্ধা, দক্ষ ৰণনীতিবিদ আৰু অগ্ৰণী সংগঠক আছিল। তেওঁ সকলোকে লগত লৈ চলিছিল৷
ভাই–ভনীসকল, দেশৰ এনে বীৰ–বীৰাংগনাক পূর্বৰ চৰকাৰসমূহে একেবাৰে পাহৰি পেলাইছিল, উপযুক্ত সন্মান দিয়া নাছিল৷ আমাৰ চৰকাৰে তেওঁলোকক সন্মান জনোৱাৰ কাম, নিজৰ দায়িত্ব বুজি কাম কৰি আহিছে৷
ভাই–ভনীসকল, উত্তৰপ্ৰদেশৰ বাহৰাইচ জনপদৰ চিতোৰাক মই কেতিয়াও পাহৰিব নোৱাৰো। এই ভূমিতেই মহাৰজা সুহেলদেৱে হানাদাৰসকলকৰ পৰাজিত কৰিছিল। এহেজাৰ বছৰ পূৰ্বে তেওঁৰ এই বিজয়কে স্মৰণীয় কৰি ৰখাৰ দায়িত্ব স্বাধীন ভাৰতত এই প্ৰথম যোগীজিৰ নেতৃত্বাধীন উত্তৰপ্ৰদেশ চৰকাৰে লৈছে। এক মনোমহা স্মাৰক নির্মাণৰ জৰিয়তে এনে বীৰপুৰুষক স্মৰণৰ আৰু ভৱিষ্যৎ প্ৰজন্মকে জনোৱাৰ এই সিদ্ধান্তক মই আন্তৰিক শুভেচ্ছা জনাইছো। ইতিহাসক পুনৰুদ্ধাৰৰ এই শুভ প্ৰচেষ্টাৰ বাবে মই ৰাজ্য চৰকাৰক শুভেচ্ছা জনাইছো৷
ভাৰতীয় জনতা পার্টিৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰেও দেশৰ নিৰাপত্তাৰ খাতিৰত আৰু সামাজিক জীৱনক উন্নত কৰাৰ লক্ষ্যৰে যিসকলে অৱদান আগঢ়াইছে, তেওঁলোকৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ এই ধৰণৰ প্ৰচেষ্টা লোৱা হৈছে৷ আমি নিজৰ ইতিহাস, পুৰাতন সংস্কৃতিৰ সোণালী পৃষ্ঠাসমূহত ধুলি পৰিব দিব বিচৰা নাই৷
বন্ধুসকল, মহাৰজা সুহেলদেৱ যিমান ডাঙৰ বীৰ আছিল, সিমানেই দয়ালু আৰু সংবেদনশীল আছিল। সংবেদনশীলতাৰ এই সংস্কৃতিক আমি চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাতো পুনৰ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ কেন্দ্রীয় চৰকাৰ আৰু উত্তৰপ্ৰদেশ চৰকাৰে সততাৰে দুখীয়া, পিছপৰা শ্ৰেণী, দলিত, শোষিত, বঞ্চিতসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ অধিকাৰ যাতে সুনিশ্চিত হয়, তেওঁলোকৰ কণ্ঠ যাতে প্ৰশাসনৰ কানত পৰে আৰু তেওঁলোকৰ স্বার্থত কাম হয়, তাৰ প্ৰতি কাম কৰি আহিছে৷
ভাই–ভনীসকল, আজি চৰকাৰে সাধাৰণ জনতাৰ একেবাৰে কাষত আছে আৰু চৰকাৰে অনেক সমস্যাৰ স্থায়ী সমাধানেৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভোটৰ স্বাৰ্থত তাৎক্ষণিক ঘোষণা, ফিটা কটাৰ পৰম্পৰা আমাৰ চৰকাৰে সম্পূৰ্ণ সদলি কৰিছে৷ কর্মসংস্কৃতিৰ পৰিৱর্তনৰ লক্ষ্যৰে কাম কৰা হৈছে। সেইবাবে আজি অতি দৰিদ্ৰ জনতাৰ অভাৱ–অভিযোগ শুনি ইতিবাচক আৰু ন্যায়সংগত পদক্ষেপ গ্ৰহণৰ পৰিৱেশ গঢ় লৈ উঠিছে। কিন্তু এই ভেঁটিক আধাৰ হিচাপে গঢ়ি তোলাৰ কাম এতিয়াও কৰা হোৱা নাই৷ উত্তৰপ্ৰদেশৰ পূর্বাঞ্চলত স্বাস্থ্য সেৱাৰ বিস্তাৰৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দেশত আটাইতকৈ কম বিকশিত ক্ষেত্ৰসমূহৰ অন্যতম উত্তৰপ্ৰদেশৰ এই পূর্বাঞ্চলত মেডিকেল হাব গঢ়ি তোলাৰ লক্ষ্যৰে কাম অগ্ৰগতিক ত্বৰান্বিত কৰা হ’ব৷
ভাই–ভনীসকল, কিছু সময়ৰ পূৰ্বে যি মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছে, তাৰ জৰিয়তে এই অঞ্চলৰ লোকসকলে উন্নত চিকিৎসা সেৱা লাভ কৰিব৷ ইয়াৰ সমান্তৰালভাৱে এতিয়াৰে পৰা অনেক মেধাৱী চিকিৎসক উত্তীৰ্ণ হ’ব। এলেকাৰ মেধাবী ছাত্ৰ–ছাত্রীসকলৰ চিকিৎসক হোৱাৰ সুযোগ বৃদ্ধি পাব। প্রায় ২,৫০০ কোটি টকা বিনিয়োগেৰে এই মেডিকেল কলেজ গাজিপুৰ জিলা হাস্পতালক ৩০০খন বিছনাযুক্ত হিচাপে গঢ়ি তোলা হ’ব৷ ইয়াৰ দ্বাৰা গাজিপুৰৰ পার্শ্বৱর্তী অঞ্চলসমূহৰ সাধাৰণ লোকো উপকৃত হ’ব। দীর্ঘদিন ধৰি আপোনালোকে এই দাবী কৰি আহিছিল। আপোনালোকৰ প্রিয় জনপ্ৰতিনিধি, মোৰ সহযোগী মনোজ সিন্হাই নিয়মীয়াকৈ এই দাবী জনাই আহিছিল৷ ইয়াৰ সমান্তৰালভাৱে, গাজিপুৰত ১০০খন বিছনাযুক্ত মেটাৰনিটী হাস্পতালৰ সেৱাও গঢ়ি তোলা হৈছে৷ জিলা হাস্পতালত আধুনিক এম্বুলেন্স সেৱা আৰম্ভ কৰা হৈছে।অনাগত দিনত এই সেৱাসমূহৰ সম্প্ৰসাৰণ কৰা হ’ব৷
ভাই–ভনীসকল, গাজিপুৰৰ এই নতুন মেডিকেল কলেজ, গোৰখপুৰত এইম্ছ হাস্পতাল, বাৰাণসীত নির্মীয়মান আধুনিক হাস্পতাল আৰু পুৰণি হাস্পতালসমূহৰ সম্প্ৰসাৰণ, পূব উত্তৰপ্ৰদেশত হাজাৰ হাজাৰ কোটি টকা ব্যয়েৰে স্বাস্থ্য সেৱাক যথেষ্ঠ উন্নত কৰি তোলা হৈছে৷
বন্ধুসকল, দেশ স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰলৈ দুখীয়া আৰু মধ্যবিত্তসকলৰ স্বাস্থ্যক ইমান অগ্রাধিকাৰ দিয়া হৈছে। আয়ুষ্মান ভাৰত যোজনা, পিএমজেএৱাইক বহুলোকে আদৰি লৈ ‘মোদী কেয়াৰ’ নাম দিছে। এই আয়ুষ্মান যোজনাৰ দ্বাৰা যাতে অধিকাংশ জনগণ উপকৃত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি দ্রুতগতিত কাম কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে কেন্সাৰ আৰু বহুতো জটিল ৰোগৰ ক্ষেত্রত বছৰত প্ৰতিটো পৰিয়ালে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সুনিশ্চিত হৈছে। এই প্ৰকল্প আৰম্ভ হোৱাৰ পাছত মাত্ৰ ১০০ দিনৰ ভিতৰত সমগ্ৰ দেশৰ প্রায় ৬.৫ লাখ দুখীয়া ভাই–ভনীয়ে বিনামূলীয়া চিকিৎসাৰে সুস্থ হৈছে, অথবা এতিয়াও চিকিৎসা কৰি আছে। ইয়াৰ ভিতৰত আমাৰ উত্তৰপ্ৰদেশৰ ১৪ হাজাৰ ভাই–ভনীয়ে ইতিমধ্যে এই প্ৰকল্পৰ জৰিয়তে উপকৃত হৈছে। এওঁলোকে ২–৫ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ উপায়ন্তৰ লোকৰ দৰে মৃত্যুৰ অপেক্ষাত দিন কটাইছিল। চিকিৎসাৰ সামর্থ্য নাছিল। আজি সেই পৰিয়ালসমূহৰ মুখত হাঁহি বিৰিঙিছে৷
বন্ধুসকল, দেশৰ প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্রী জীৱনজ্যোতি আৰু সুৰক্ষা বীমাৰ দৰে আঁচনিৰে সামৰি লোৱাৰ প্ৰচেষ্টা কৰি থকা হৈছে। ৯০ পইছা প্ৰতিদিনে আৰু মাহত ১ টকা কিস্তি জমা দি সংকটৰ সময়ত ২ লাখ টকালৈকে সাহায্য লাভ কৰিব। ইতিমধ্যে এই আঁচনিসমূহএ ২০ কোটিতকৈও অধিক লোকক সামৰি লৈছে। ইয়াৰ ভিতৰত আমাৰ উত্তৰপ্ৰদেশৰ ১.৭৫ কোটিতকৈও অধিক লোক আছে। এই প্ৰকল্পৰ জৰিয়তে ইতিমধ্যে সংকটত পৰা পৰিয়ালসমূহক ৩ হাজাৰ কোটিতকৈও অধিক বীমাৰ ধন তেওঁলোকৰ বেংক একাউন্টত প্ৰদান কৰা হৈছে৷
বন্ধুসকল, চৰকাৰে যেতিয়া স্বচ্ছভাৱে কাম কৰে, যেতিয়া ব্যক্তিগত স্বার্থতকৈ জনহিতকৰ কামৰ প্ৰতি গুৰুত্ব দিয়া হয়, সংবেদনশীলতা যেতিয়া প্ৰশাসনৰ অভ্যাসত পৰিণত হয়, তেতিয়াই ইমান ডাঙৰ ডাঙৰ কাম অতি স্বাভাবিকভাৱে সম্পাদিত হয় আৰু তেতিয়াই, সততা আৰু দূৰদর্শিতাৰ সৈতে স্থায়ী পৰিৱর্তন অনাটো সম্ভৱ হয়৷
বন্ধুসকল, কাশীত স্থাপন কৰা ‘ধান গৱেষণা কেন্দ্ৰ’, বাৰাণসী আৰু গাজিপুৰত নির্মিত ‘কার্গ’ চেণ্টাৰ’, গোৰখপুৰত নির্মীয়মান খাদ্য প্ৰস্তুতকৰণ কাৰখানা, বানসাগৰত স্থাপন কৰা চেচ প্ৰকল্প ইত্যাদি সকলো দেশত বীজৰ পৰা বজাৰলৈকে এনে বহু ব্যৱস্থা গঢ়ি উঠিছে৷ মোক জনোৱা হৈছে যে গাজিপুৰত যি ‘পেলনীয়া সামগ্ৰীৰ কার্গ’ চেণ্টাৰ’ স্থাপন কৰা হৈছে, তাৰ জৰিয়তে ইয়াৰ কেঁচা জলকীয়া আৰু সেউজীয় মটৰ..সেইবোৰ আমাৰ মনোজজীয়ে ডুবাইত বিক্রী হোৱা বুলি কৈছে৷ কৃষকসকলে এতিয়া পূৰ্বৰ তুলনাত অধিক দাম লাভ কৰিছে৷
আজি যিবোৰ কাম হৈছে সেয়া সততাৰ সৈতে কৃষকসকলৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে কৰা হৈছে৷ কৃষকসকলে যাতে কম বিনিয়োগত অধিক ৰোজগাৰ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সততাৰে কাম কৰা হৈছে৷
ভাই–ভনীসকল, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কৃষকসকলে ইতিমধ্যে ভোটৰ ৰাজনীতি আৰু লোভ দেখুওৱা প্ৰতিশ্রুতিৰ ভোল গৈছে৷ চৰকাৰ সলনি হোৱাৰ লগে লগে সেই দুখন ৰাজ্যত খাদ্যৰ বাবে, ইউৰিয়াৰ বাবে শাৰী পতাটো আৰম্ভ হৈছে, আৰক্ষীৰ লাঠিচালনাও হৈছে৷ ক’লা ব্যৱসায়ীয়ে সাৰ পাইছে। কর্ণাটকত লাখ–কোটি কৃষকে কৃষিঋণ ৰেহাইৰ প্ৰতিশ্রুতি দিয়া হৈছিল। পাছ দুৱাৰেদি চৰকাৰ গঠিত হৈছিল। কিন্তু ইমানদিন পাছতো মাত্ৰ ৮০০ জন কৃষকৰ ঋণ ৰেহাই হৈছে৷
আপোনালোক মোক কওঁকছোন এয়া কেনে প্ৰতিশ্রুতি? এয়া কেনে লুকাভাকু খেলা? কৃষকসকলক কেনে প্ৰতাৰণা কৰা হৈছে, সেয়া আপোনালোকে বুজাৰ চেষ্টা কৰক ভাই–ভনীসকল৷ ঋণ ৰেহাই দিয়াতো দূৰৰ কথা, এতিয়া সেই সকল কৃষকক আৰক্ষী নির্যাতনৰ বলি হৈছে। তেওঁলোকক যিকোনো উপায়েৰে ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰা হৈছে৷
বন্ধুসকল, তাৎক্ষণিক ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ প্ৰতিশ্রুতি দি দেশৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ নহয়৷
২০০৯ চনৰ নির্বাচনৰ পূৰ্বে কি হৈছিল আপোনালোক সকলোৱেই সেই কথা জানে৷ তেতিয়াও তেওঁলোকে এনেকৈয়ে সমগ্ৰ দেশৰ কৃষকসকলৰ কৃষিঋণ ৰেহাইৰ প্ৰতিশ্রুতি দিছিল। মই ইয়াত উপস্থিত থকা কৃষকসকলৰ পৰা জানিব বিচাৰিছো যে ২০০৯ৰ নির্বাচনত জয়ী হোৱা তদানীন্তন চৰকাৰে আপোনালোকৰ ঋণ ৰেহাই দিছিল নে? আপোনালোৰ ঋণ ৰেহাই হৈছিল নে? তেতিয়া হ’লে এনে প্ৰতিশ্রুতি, এনে ললিপপক আপোনালোকে বিশ্বাস কৰিব নেকি? মিথ্যাচাৰ, প্ৰতাৰকক বিশ্বাস কৰিব নেকি?
ভাই–ভনীসকল, আপোনালোকে শুনিলে অবাক হ’ব যে তেতিয়া সমগ্ৰ দেশত কৃষিঋণ আছিল ৬ লাখ কোটি টকা আৰু ৰেহাই হৈছিল মাত্ৰ ৬০ হাজাৰ কোটি টকা। এতিয়া চিন্তা কৰক তেওঁলোক কিমান ডাঙৰ প্ৰতাৰক৷ পাছত কেগৰ প্ৰতিবেদনৰ পৰা জানিব পৰা গ’ল যে সেই ৬০ হাজাৰ কোটি টকাৰ সিংহভাগ এনে ৩৫ লাখ মানুহক দিয়া হৈছে যিসকল কৃষকেই নহয়। তেওঁলোকৰ কোনেও কৃষিঋণেই লোৱা নাছিল। আৰু যিসকলে প্ৰকৃততে ৰেহাই লাভ কৰিছিল, তেওঁলোকৰ ভিতৰত লক্ষাধিক কৃষকে উপযুক্ত প্ৰমানপত্ৰ নাপাই তেওঁলোকে অতিৰিক্ত সুদৰ টকা জমা দিব লগা হয়। এনে পাপ কৰি গৈছে তেওঁলোক৷
ভাই–ভনীসকল, তেওঁলোকৰ পাপৰ ফলত সেই কৃষকসকলে পুনৰ ঋণ লাভ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে। বহুতে হতাশগ্ৰস্ত হৈ নিজৰ লগতে পৰিয়ালৰ সর্বনাশ মাতি আনিছে। অন্য একাংশই সুদখোৰ মহাজনসকলৰ পৰা অতিৰিক্ত সুদত ঋণ ল’বলৈ বাধ্য হৈছে৷
বন্ধুসকল, এইদৰে তেওঁলোকৰ ঘোষিত কৃষিঋণ ৰেহাইৰ দ্বাৰা মুষ্টিমেয় একাংশ লোক লাভন্বিত হ’ল, যদিও দেশৰ কৃষকসকল কিন্তু লাভবান নহ’ল৷ সেইবাবে মোৰ অনুৰোধ, কংগ্রেছৰ এই মিছা আৰু বেইমানিৰ পৰা সতর্ক থাকক। মনত ৰাখিব, কংগ্রেছ চৰকাৰে স্বামীনাথন আয়োগৰ প্ৰস্তাৱসমূহ বাস্তবায়িত কৰা নাছিল৷ কৃষকসকলৰ বিনিয়োগৰ ডেৰগুণ ন্যূনতম সমর্থন মূল্য প্ৰদানৰ বাবে স্বামীনাথন আয়োগে যিবোৰ পৰামৰ্শ আগবঢ়াইছিল তাক কংগ্রেছ চৰকাৰে বছৰ বছৰ ধৰি এনেয়ে পেলাই ৰাখিছিল। তেওঁলোকে যদি আজিৰ পৰা ১১ বছৰ পূৰ্বে সেই পৰামৰ্শৱলী লগে লগে মঞ্জুৰ কৰাৰ লগতে বাস্তবায়িত কৰিলেহেতেন, আজিও আমাৰ বহু কৃষক ভাই–ভনীয়ে ঋণৰ বাবে হুমুনিয়াহ কাঢ়িব লগা নহ’লহেতেন। কিন্তু তেওঁলোকৰ পাপ, তেওঁলোকে সেই পৰামৰ্শৱলী ফাইলে ৰাখি কৃষকসকলৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি নকৰিলে। বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে সেই ফাইল বিচাৰি উলিওৱাৰ লগতে পৰামৰ্শ মতে ২২বিধ শস্যৰ ক্ষেত্রত ন্যূনতম সমর্থন মূল্য বিনিয়োগৰ ডেৰগুণ নির্ধাৰিত কৰিছে৷
ভাই–ভনীসকল, এনে বহু ইতিবাচক কাম আমি বিগত চাৰে চাৰি বছৰত কৰিছো৷ আমাৰ চৰকাৰে ক্ষুদ্ৰ কৃষকসকলৰ বেংকৰ সৈতে জড়িত কৰিছে। ডাঙৰ বজাৰ আৰু হাতসমূহত নতুন আন্তঃগাঁথনি, নতুন নতুন সেৱা আৰম্ভ কৰা হৈছে। প্ৰযুক্তিৰ জৰিয়তে হাতসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে৷ নতুন নতুন শীতলঘৰ, জিলা ফুড পার্কৰ শৃংখলা গঢ়ি তোলা হৈছে৷
বন্ধুসকল, কৃষকসকলে শস্যৰ পৰা আৰম্ভ কৰি উদ্যোগৰ বাবে প্ৰয়োজনীয় আধুনিক আন্তঃগাঁথনি নির্মাণৰ সমান্তলাভাৱে উত্তৰপ্ৰদেশৰ পূর্বাঞ্চলত বিগত চাৰে চাৰি বছৰত উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ কেইবাটাও প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে। এনে বহু আঁচনিৰ কাম দ্রুতগতিত আগুৱাই নিয়া হৈছে। পূর্বাঞ্চল এক্সপ্রেছৱেৰ কামো দ্রুতগতিতে আগবাঢ়িছে৷
যোৱাবাৰ মই তৰিঘাট ৰে’ল–ৰোড দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ গাজিপুৰলৈ আহিছিলো। মোক জনোৱা হৈছে যে অতি শীঘ্ৰে সেই দলঙৰ কাম সম্পূর্ণ হ’ব। তেতিয়া গাজিপুৰৰ লোকসকলে দিল্লী আৰু কলকাতা যোৱাৰ পথ লাভ কৰিব৷
বন্ধুসকল, বিগত চাৰে চাৰি বছৰত উত্তৰপ্ৰদেশত ৰে’ল সেৱা বহু পৰিমাণে উন্নত হৈছে। ষ্টেচন আধুনিকীকৰণ, ৰে’ললাইন দুগুণ কৰা আৰু বিদ্যুতিকীকৰণৰ কামৰ লগতে কেইবাখনো নতুন ৰে’ল চলোৱা হৈছে। গাওঁসমূহত পথ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্রেছৱে ইত্যাদি সকলো প্ৰকল্পৰ কাম শেষ হ’লে এই এলেকাৰ নক্সাই সলনি হৈ যাব৷ সম্প্ৰতি কলকাতাৰ পৰা নদীপথেৰে বাৰাণসীলৈকে মালবাহী জাহাজ পৰিবহণ আৰম্ভ হৈছে। গাজিপুৰতো জেটি নিৰ্মাণ কৰা হৈছে। এই সকলোবোৰ নিৰ্মাণ হ’লে এই অঞ্চলৰ যুৱক–যুৱতীসকলৰ কর্মসংস্থাপনো বহু পৰিমাণে বৃদ্ধি পাব৷
বন্ধুসকল, সুশাসন আৰু স্বায়ত্তশাসনৰ সংকল্প লৈ আমি কাম কৰি আহিছো৷ প্ৰধানমন্ত্রী আবাস যোজনা, স্বচ্ছ ভাৰত অভিযান, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, মুদ্রা যোজনা, সৌভাগ্য যোজনাসমূহৰ সাধাৰণ লোকৰ সবলীকৰণ সুনিশ্চিত কৰিছে। উন্নয়নৰ পঞ্চধাৰা–সন্তানৰ পঢ়া–শুনা, যুৱক–যুৱতীসকলৰ সংস্থাপন, বয়োজ্যেষ্ঠসকলৰ চিকিৎসা, কৃষকসকলৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা আৰু প্ৰত্যেক নাগৰিকৰ অভাৱ–অভিযোগ শুনি তেওঁলোকৰ সমস্যা সমাধানৰ লক্ষ্যৰে এইবোৰ অত্যন্ত কার্যকৰী ভূমিকা পালন কৰিছে৷
ভাই–ভনীসকল, আপোনালোকৰ আৰু ভৱিষ্যৎ প্ৰজন্মৰ জীৱনক উন্নত কৰিবলৈ আপোনালোকৰ এই চৌকিদাৰ অতি সততাৰে, নিষ্ঠাৰে দিন–ৰাতি একাকাৰ কৰি কাম চলিছে। আপোনালোকে এইদৰেই নিজৰ বিশ্বাস আৰু আশীর্বাদ কৰক। এই চৌকিদাৰৰ তৎপৰতাত অনেক চোৰৰ ৰাতিৰ টোপনি হেৰাইছে। আপোনালোকৰ আস্থা আৰু আশীর্বাদত এদিন এই চোৰসকলক সঠিক গন্তব্যস্থানত উপনীত কৰাবগৈ৷
পুনৰবাৰ আপোনালোকক নতুন মেডিকেল কলেজৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷ পুনৰবাৰ মহাৰজা সুহেলদেৱৰ মহান পৰাক্ৰমক শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছো৷ দুদিনৰ পাছত ২০১৯ আৰম্ভ হ’ব। সেইবাবে আপোনালোকক বহুত বহুত শুভকামনা জনাইছো৷
ভাৰত মাতা কী জয় … ভাৰত মাতা কী জয়৷
***
অতুল কুমাৰ তিৱাৰী /শ্বাহবাজ হছিবি/মমতা/দিগন্ত বৈৰাগী
उत्तर प्रदेश में मेरे आज के प्रवास के दौरान,
— PMO India (@PMOIndia) December 29, 2018
आज पूर्वांचल को देश का एक बड़ा मेडिकल हब बनाने,
कृषि से जुड़े शोध का महत्वपूर्ण सेंटर बनाने और
यूपी के लघु उद्योगों को मजबूत करने की दिशा में अनेक महत्वपूर्ण कदम उठाए जाएंगे: PM
आज पूर्वांचल और पूरे उत्तर प्रदेश का गौरव बढ़ाने वाला एक और पुण्य कार्य हुआ है।
— PMO India (@PMOIndia) December 29, 2018
महाराज सुहैलदेव की के योगदान को नमन करते हुए उनकी स्मृति में पोस्टल स्टैंप जारी किया गया है।
ये डाक टिकट लाखों की संख्या में देशभर के पोस्ट ऑफिस के माध्यम से देश के घर-घर में पहुंचेगा: PM
महाराज सुहैलदेव देश के उन वीरों में रहे हैं, जिन्होंने मां-भारती के सम्मान के लिए संघर्ष किया।
— PMO India (@PMOIndia) December 29, 2018
महाराज सुहैलदेव जैसे नायक जिनसे हर वंचित, हर शोषित, प्रेरणा लेता है, उनका स्मरण भी तो सबका साथ, सबका विकास के मंत्र को और शक्ति देता है: PM
देश के ऐसे हर वीर-वीरांगनाओं को, जिन्हें पहले की सरकारों ने पूरा मान नहीं दिया,
— PMO India (@PMOIndia) December 29, 2018
उनको नमन करने का काम हमारी सरकार कर रही है।
केंद्र सरकार का दृढ़ निश्चय है कि जिन्होंने भी भारत की रक्षा, सामाजिक जीवन को ऊपर उठाने में योगदान दिया है, उनकी स्मृति को मिटने नहीं दिया जाएगा: PM
आज गरीब से गरीब की भी सुनवाई होने का मार्ग खुला है।
— PMO India (@PMOIndia) December 29, 2018
समाज के आखिरी पायदान पर खड़े व्यक्ति को गरिमापूर्ण जीवन देने का ये अभियान अभी शुरुआती दौर में है।
अभी एक ठोस आधार बनाने में सरकार सफल हुई है।
इस नींव पर मजबूत इमारत तैयार करने का काम अभी बाकी है: PM
थोड़ी देर पहले जिस मेडिकल कॉलेज का शिलान्यास किया गया है उससे इस क्षेत्र को आधुनिक चिकित्सा सुविधा तो मिलेगी ही, गाजीपुर में नए और मेधावी डॉक्टर भी तैयार होंगे।
— PMO India (@PMOIndia) December 29, 2018
करीब 250 करोड़ की लागत से जब ये कॉलेज बनकर तैयार हो जाएगा तो, गाज़ीपुर का जिला अस्पताल 300 बेड का हो जाएगा: PM
गाज़ीपुर का नया मेडिकल कॉलेज हो,
— PMO India (@PMOIndia) December 29, 2018
गोरखपुर का AIIMS हो,
वाराणसी में बन रहे अनेक आधुनिक अस्पताल हों,
पुराने अस्पतालों का विस्तार हों,
पूर्वांचल में हज़ारों करोड़ की स्वास्थ्य सुविधाएं तैयार हो रही हैं: PM
जब सरकारें पारदर्शिता के साथ काम करती हैं,
— PMO India (@PMOIndia) December 29, 2018
जब जनहित स्वहित से ऊपर रखा जाता है,
संवेदनशीलता जब शासन का हिस्सा बनने लगती हैं,तब बड़े काम होते हैं,
जब लक्ष्य व्यवस्था में स्थाई परिवर्तन होता है, तब बड़े काम होते हैं,
तब दूर की सोच के साथ स्थाई और ईमानदार प्रयास किए जाते हैं: PM
अनेक काम हैं जो बीते 4 वर्षों से किए जा रहे हैं।
— PMO India (@PMOIndia) December 29, 2018
जो छोटा किसान है उसको भी हमारी सरकार बैंकों से जोड़ रही है।
मंडियों में नया इंफ्रास्ट्रक्चर, नई सुविधाएं अब तैयार हो रही हैं।
नए कोल्ड स्टोरेज, मेगा फूड पार्क की चेन भी अब तैयार हो रही है: PM
पूर्वी उत्तर प्रदेश में रेलवे के महत्वपूर्ण काम हुए हैं। स्टेशन आधुनिक हो रहे हैं, लाइनों का दोहरीकरण हो रहा है, नई ट्रेनें शुरु हुई हैं।
— PMO India (@PMOIndia) December 29, 2018
गांव की सड़कें हों, नेशनल हाइवे हों या फिर पूर्वांचल एक्सप्रेसवे, जब तमाम प्रोजेक्ट पूरे हो जाएंगे तो क्षेत्र की तस्वीर बदलने वाली है: PM
आने वाला समय आपका है, आपके बच्चों का है।
— PMO India (@PMOIndia) December 29, 2018
आपके भविष्य को संवारने के लिए, आपके बच्चों का भविष्य बनाने के लिए,
आपका ये चौकीदार, बहुत ईमानदारी से, बहुत लगन के साथ, दिन-रात एक कर रहा है: PM
आप अपना विश्वास और आशीर्वाद इसी तरह बनाए रखिए।
— PMO India (@PMOIndia) December 29, 2018
क्योंकि चौकीदार की वजह से कुछ चोरों की रातों की नींद उड़ी हुई है।
मुझ पर आपका विश्वास और आशीर्वाद ही एक दिन इन चोरों को सही जगह तक लेकर जाएगा: PM
आज गाजीपुर में महाराजा सुहेलदेव के सम्मान में डाक टिकट जारी करने का सौभाग्य मिला।
— Narendra Modi (@narendramodi) December 29, 2018
पीढ़ी दर पीढ़ी हम महाराजा सुहेलदेव के साहस और उनके दयालु स्वभाव को याद करते आ रहे हैं। उनका पूरा जीवन लोककल्याण को समर्पित रहा। विशेषकर गरीब से गरीब लोगों का उन्होंने सबसे अधिक ध्यान रखा। pic.twitter.com/SyH6CdT0zK
गाजीपुर में बन रहा मेडिकल कॉलेज, पूर्वांचल को हेल्थकेयर हब बनाने की दिशा में एक बड़ा प्रयास है।
— Narendra Modi (@narendramodi) December 29, 2018
हमारी कोशिश है कि पूर्वांचल के हमारे भाई-बहनों को उसी क्षेत्र में गुणवत्तापूर्ण और सस्ते से सस्ता उपचार मिले। pic.twitter.com/Z4K8DwlCfR
The moment Governments changed in MP and Rajasthan, urea shortages began and so have Lathis on farmers.
— Narendra Modi (@narendramodi) December 29, 2018
In Karnataka, farmers are suffering.
On what basis is Congress talking about farmer welfare?
The NDA govt. is taking many steps for a robust agriculture sector. pic.twitter.com/RCMgJ31M50