Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘মন কী বাত ২.০’ৰ ১২তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ (৩১.০৫.২০২০)


মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ক’ৰোনাৰ প্ৰভাৱৰ দ্বাৰা আমাৰ ‘মন কী বাতো’ প্ৰভাৱান্বিত হৈছে৷ যেতিয়া মই যোৱাবাৰ আপোনালোকৰ সৈতে ‘মন কী বাত’ত অংশগ্ৰহণ কৰিছিলো তেতিয়া ৰে’ল বন্ধ আছিল, বাছ বন্ধ আছিল, বিমান সেৱা বন্ধ আছিল৷ এই বাৰ বহুখিনি মুকলি কৰা হৈছে, শ্ৰমিক বিশেষ ৰে’ল চলিবলৈ ধৰিছে, অন্য বিশেষ ৰে’লো চলিবলৈ ধৰিছে৷ অনেক সতৰ্কতাৰ সৈতে বিমানসমূহে যাত্ৰা আৰম্ভ কৰিবলৈ ধৰিছে, ধীৰে ধীৰে উদ্যোগসমূহো চলিবলৈ ধৰিছে, অৰ্থাৎ অৰ্থব্যৱস্থাৰ এক বিশেষ অংশ এতিয়া মুকলি হৈছে৷ এই অৱস্থাত আমি অধিক সতৰ্ক হৈ থকাটো আৱশ্যক হৈছে৷ দুই গজৰ দূৰত্বৰ নিয়মেই হওক, মুখত মাস্ক লগোৱা নিয়মেই হওক, পাৰিলে ঘৰতে থকা, এই সকলোবোৰ কথাৰ পালন, ইয়াত সামান্যতমো হীন-ডেঢ়ি হোৱাটো আৱশ্যক নহয়৷

দেশত সকলোৰে সামূহিক প্ৰয়াসৰ দ্বাৰা ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ অধিক শক্তিশালী হৈছে৷ যেতিয়া আমি বিশ্বলৈ প্ৰত্যক্ষ কৰো তেতিয়া আমাৰ এনে অনুভৱ হয় যে বাস্তৱিকতে ভাৰতবাসীৰ অভিজ্ঞতা কিমান বৃহৎ৷ আমাৰ দেশৰ জনসংখ্যা অনেক দেশৰ তুলনাত যথেষ্ট অধিক৷ আমাৰ দেশৰ প্ৰত্যাহ্বানো অধিক৷ তথাপিও আমাৰ দেশত ক’ৰোনা ইমান বেগেৰে আগবাঢ়িব পৰা নাই যিদৰে আন দেশত বিয়পিছে৷ ক’ৰোনাৰ ফলত হোৱাৰ মৃত্যুৰ সংখ্যাও আমাৰ দেশত যথেষ্ট কম৷

যি লোকচান হৈছে তাৰবাবে আমি সকলোৱে দুঃখিত৷ কিন্তু যিখিনি আমি ৰক্ষা কৰিব পাৰিছো সেয়া নিশ্চিত ৰূপতেই দেশৰ সামূহিক সংকল্প শক্তি হিচাপে বিবেচিত হৈছে৷ ইমান ডাঙৰ দেশত প্ৰতিজন দেশবাসীয়ে স্বয়ং এই যুঁজত যুদ্ধৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈছে৷ এই সমগ্ৰ অভিযানটো জন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷

বন্ধুসকল, দেশবাসীসকলৰ সংকল্প শক্তিৰ সৈতে…. এটা আৰু শক্তি এই যুদ্ধত আমাৰ সৈতে আছে-সেয়া হ’ল দেশবাসীসকলৰ সেৱা শক্তি৷ বাস্তৱিকতে এই মহামাৰীৰ সময়ত আমি ভাৰতবাসীয়ে এয়া দেখুৱাই দিছো যে সেৱা আৰু ত্যাগৰ আমাৰ চিন্তা-ধাৰা, এয়া কেৱল আমাৰ আদৰ্শই নহয় বৰঞ্চ ভাৰতৰ জীৱন পদ্ধতিও হয়৷ আৰু আমাৰ ইয়াত কোৱাই হয় যে- সেৱাই পৰম ধৰ্ম৷

সেৱা স্বয়ং এক সুখ, সেৱা স্বয়ং এক সন্তোষ৷

আপোনালোকে দেখিছে যে আনৰ সেৱাত ব্ৰতী লোকৰ জীৱনত কোনো হতাশা, বিমৰ্ষতা নাথাকে৷ তেওঁলোকৰ জীৱনত, জীৱনক লৈ দৃষ্টিভংগীত ভৰপূৰ আত্মবিশ্বাস, ইতিবাচক চিন্তা আৰু প্ৰাণোচ্চল্লতা প্ৰতিপলে প্ৰদৰ্শিত হয়৷

বন্ধুসকল, আমাৰ চিকিৎসক, নাৰ্ছিং ষ্টাফ, চাফাইকৰ্মী, আৰক্ষী, সংবাদ মাধ্যমৰ কৰ্মী, যিসকলে সেৱা প্ৰদান কৰি আছে, তেওঁলোকৰ কথা মই কেইবাবাৰো উল্লেখ কৰিছো৷ ‘মন কী বাত’তো তেওঁলোকৰ বিষয়ে উল্লেখ কৰা হৈছে৷ সেৱা ভাৱনাত নিজৰ সকলো সমৰ্পণ কৰি দিয়া লোক অসংখ্য আছে৷

এনে এক ভদ্ৰলোকৰ ভিতৰত এজন হ’ল তামিলনাডুৰ চি মোহন৷ চি মোহনৰ মাডুৰাইত এখন চেলুন আছে৷ নিজৰ পৰিশ্ৰমৰ ধনেৰে তেওঁ নিজৰ কন্যাৰ অধ্যয়নৰ বাবে পাঁচ লাখ টকা সঞ্চয় কৰিছিল, কিন্তু তেওঁ সমগ্ৰ ৰাশি অভাৱগ্ৰস্ত দৰিদ্ৰসকলৰ বাবে ব্যয় কৰিলে৷

সেইদৰে আগৰতলাত ঠেলা চলাই জীৱন অতিবাহিত কৰা গৌতম দাসে নিজৰ দৈনিক হাজিৰাৰ পৰা যি টকা সঞ্চয় কৰিছিল তাৰে প্ৰতিদিনে দাইল-চাউল ক্ৰয় কৰি ক্ষুধাৰ্তসকলক খাদ্যৰ যোগান ধৰিছে৷

পাঞ্জাৱৰ পাঠানকোটৰ পৰা এনে এক উদাহৰণ সকলোৰে চকুত পৰিছে৷ দিব্যাংগ ভাতৃ ৰাজুৱে আনৰ সাহায্যৰ দ্বাৰা এপইচা দুপইচাকৈ গোটোৱা পুঁজিৰে তিনি হাজাৰতকৈও অধিক মাস্ক প্ৰস্তুত কৰি জনসাধাৰণৰ মাজত বিতৰণ কৰিছে৷ ৰাজুৱে এই কঠিন সময়ছোৱাত প্ৰায় ১০০টা পৰিয়ালৰ বাবে খাদ্যৰো যোগান ধৰিছে৷

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলা আত্মসহায়ক গোটৰ অসংখ্য কাহিনীও আমি প্ৰত্যক্ষ কৰিবলৈ পাইছো৷ গাঁৱত, সৰু চহৰত, আমাৰ ভগ্নী-কন্যাসকলে প্ৰতিদিনে সহস্ৰাধিক মাস্ক প্ৰস্তুত কৰিছে৷ বিভিন্ন সামাজিক সংস্থাইও তেওঁলোকক সহযোগ কৰিছে৷
বন্ধুসকল, এনে কিমান উদাহৰণ প্ৰতিদিনে আমি দেখিবলৈ আৰু শুনিবলৈ পাইছো৷ কিমান লোকে মোক নমো এপ আৰু অন্যান্য মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিছে৷

বহুবাৰ সময়ৰ অভাৱত বহু লোকৰ নাম, বহু সংগঠনৰ নাম মই ল’ব নোৱাৰো৷ যিসকলে সেৱা ভাৱনাৰে জনসাধাৰণৰ সহায়ত নামি পৰিছে মই তেওঁলোকৰ প্ৰশংসা কৰিছো, তেওঁলোকক অভিনন্দন জনাইছো৷

মোৰ মৰমৰ দেশবাসীসকল, পুনৰবাৰ আৰু এটা কথাই মোৰ মন স্পৰ্শ কৰিছে, সংকটৰ এই মুহূৰ্তত উদ্ভাৱন৷ সমগ্ৰ দেশবাসীয়ে গাঁৱৰ পৰা আৰম্ভ কৰি চহৰলৈ, আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট-আপলৈ, আমাৰ গৱেষণাগাৰসমূহে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত নতুন নতুন প্ৰণালী আৱিষ্কাৰ কৰিছে, নতুন নতুন উদ্ভাৱন কৰিছে৷

যিদৰে নাছিকৰ ৰাজেন্দ্ৰ যাদৱৰ উদাহৰণ অতিশয় আকৰ্ষণীয় হৈছে৷ ৰাজেন্দ্ৰ মহোদয় নাছিকৰ সতনা গাঁৱৰ এজন কৃষক৷ নিজৰ গাঁওখনক ক’ৰোনাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁ নিজৰ ট্ৰেক্টৰখনৰ সৈতে এক ছেনিটাইজেছন যন্ত্ৰ সংযোজিত কৰি লৈছে আৰু এই উদ্ভাৱনী যন্ত্ৰ অতিশয় প্ৰভাৱী ধৰণে কাম কৰিছে৷

মই ছ’চিয়েল মিডিয়াত কিছুমান ছবি দেখিবলৈ পাইছিলো৷ বহু দোকানীয়ে দুই গজৰ দূৰত্বৰ বাবে দোকানত বৃহৎ পাইপলাইন সংযোজিত কৰিছে য’ত এফালে তেওঁ ওপৰৰ পৰা সামগ্ৰীখিনি দিয়ে আৰু আনটো ফালে গ্ৰাহকে নিজৰ সামগ্ৰী গ্ৰহণ কৰে৷
এই সময়ছোৱাত অধ্যয়নৰ ক্ষেত্ৰতো বহু ভিন্ন ভিন্ন উদ্ভাৱন শিক্ষক আৰু শিক্ষাৰ্থীসকলে মিলি কৰিবলৈ ধৰিছে৷ অনলাইন শ্ৰেণীকোঠা, ভিডিঅ’ শ্ৰেণীকোঠা, এইসমূহতো বিভিন্ন ধৰণৰ উদ্ভাৱন সংযোজিত কৰিছে৷

ক’ৰোনাৰ প্ৰতিষেধকত, আমাৰ গৱেষণাগাৰত যি কাম হ’বলৈ ধৰিছে, সেইসমূহ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে আৰু সকলোৱে আশাও প্ৰকট কৰিছে৷

যিকোনো পৰিস্থিতি পৰিৱৰ্তনৰ বাবে, ইচ্ছাশক্তিৰ সৈতে উদ্ভাৱনৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে৷ সহস্ৰাধিক বৰ্ষৰ মানৱ জাতিৰ যাত্ৰা নিৰৱচ্ছন্নি উদ্ভাৱনৰ দ্বাৰাই আধুনিকতম ৰূপ লাভ কৰিছে৷ সেইবাবে এই মহামাৰীৰ ওপৰত বিজয় সাব্যস্ত কৰাৰ বাবে আমাৰ এই বিশেষ উদ্ভাৱনো এক বৃহৎ আধাৰ হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল, ক’ৰোনাৰ বিৰুদ্ধে আমাৰ এই যুদ্ধৰ পথ দীঘলীয়া৷ এক এনেকুৱা আপদ যাৰ বাবে বিশ্বৰ কাৰোৰে ওচৰত কোনো চিকিৎসা নাই, যাৰ কোনো অভিজ্ঞতা নাই৷ এনে পৰিস্থিতি নতুন নতুন প্ৰত্যাহ্বান আৰু সেই প্ৰত্যাহ্বানসমূহৰ বাবে আমি কষ্টৰো সন্মুখীন হ’বলগীয়া হৈছো৷ এয়া বিশ্বৰ সকলো ক’ৰোনা প্ৰভাৱিত দেশসমূহত হৈছে আৰু সেইবাবে ভাৰতো এই বিভীষিকাৰ পৰা মুক্ত হ’ব পৰা নাই৷ আমাৰ দেশত এনে এটা শ্ৰেণী নাই যি দুখত ভাৰাক্ৰান্ত হোৱা নাই আৰু এই সংকটৰ সময়ছোৱাত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ দৰিদ্ৰ, শ্ৰমিকসকল৷ তেওঁলোকৰ দুখ কষ্ট, তেওঁলোকৰ পীড়া শব্দেৰে বৰ্ণনা কৰিব নোৱাৰি৷ আমাৰ মাজৰ পৰা এনে কোন আছে যিয়ে তেওঁলোকৰ দুখ-কষ্ট অনুভৱ কৰিব পৰা নাই৷ আমি সকলোৱে মিলি এই কষ্ট, এই পীড়া হ্ৰাস কৰাৰ বাবে প্ৰয়াস কৰি আছো, সমগ্ৰ দেশে প্ৰয়াস কৰি আছে৷ আমাৰ ৰে’লৱেৰ বন্ধুসকলে অহৰ্নিশে প্ৰয়াস কৰি আছে৷ কেন্দ্ৰই হওক, অথবা ৰাজ্যই হওক বা স্থানীয় স্বৰাজ্যৰ সংস্থাই হওক-প্ৰতিজনে দিনে-নিশাই পৰিশ্ৰম কৰিছে৷ যিদৰে ৰে’লৱেৰ কৰ্মচাৰীসকলে আজি ইয়াত জড়িত হৈ পৰিছে, তেওঁলোকেও এক প্ৰকাৰে অগ্ৰীম শাৰীত থিয় দি ক’ৰোনা যোদ্ধাৰ ৰূপত অৱতীৰ্ণ হৈছে৷ লক্ষাধিক শ্ৰমিকক ৰে’লেৰে, বাছেৰে সুৰক্ষিত ধৰণে স্থানান্তৰিত কৰা, তেওঁলোকৰ খোৱা-বোৱাৰ চিন্তা কৰা, প্ৰতিখন দিলাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা কৰা, সকলো পৰীক্ষণ, চেক-আপ, উপচাৰৰ ব্যৱস্থা কৰা, এই সকলো কাম নিৰন্তৰে চলিবলৈ ধৰিছে আৰু বৃহৎ মাত্ৰাত চলিবলৈ ধৰিছে৷কিন্তু বন্ধুসকল, যি দৃশ্য আমি দেখা পাইছো, ইয়াৰ জৰিয়তে অতীতত দেশত হ’ল, তাৰে অৱলোকন আৰু ভৱিষ্যতৰ বাবে শিকাৰো অৱকাশ লাভ কৰিছো৷ আজি আমাৰ শ্ৰমিকসকল পীড়াত, দেশৰ পূৰ্বাঞ্চলৰ পীড়া দেখিবলৈ পাইছো৷ দেশৰ পূব অংশ দেশৰ উন্নতিৰ ইঞ্জিন হোৱাৰ সামৰ্থ আছে, সেই অঞ্চলৰ শ্ৰমিকৰ বাহুবলত, দেশক নতুন উচ্চতাত অৱৰোহণ কৰোৱাৰ সামৰ্থ আছে৷ পূব ভাৰতৰ বিকাশৰ দ্বাৰাই দেশৰ সন্তুলিত আৰ্থিক বিকাশ সম্ভৱ৷ দেশে যেতিয়া মোৰ সেৱাৰ অৱকাশ প্ৰদান কৰিলে তেতিয়াৰ পৰাই আমি পূব ভাৰতক প্ৰাথমিকতা প্ৰদান কৰি আহিছো৷ মই সুখী কিয়নো বিগত বৰ্ষত এই দিশত বহু কাম কৰা হৈছে, বহু নতুন পদক্ষেপো গ্ৰহণ কৰা আৱশ্যক হৈ পৰিছে আৰু আমি নিৰন্তৰে এই দিশত আগবাঢ়িছো৷ যিদৰে বহু শ্ৰমিকৰ স্কিল মেপিঙৰ কাম কৰা হৈছে, বহু ষ্টাৰ্ট-আপ এই কামৰ সৈতে জড়িত হৈ পৰিছে, বহু ঠাইত প্ৰব্ৰজক আয়োগ গঠন কৰাৰ কথা উত্থাপিত হৈছে৷ ইয়াৰোপৰি কেন্দ্ৰ চৰকাৰে এতিয়া যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ জৰিয়তে গাঁৱত কৰ্ম সংস্থাপন, লঘূ উদ্যোগৰ সৈতে বিশাল সম্ভাৱনা মুকলি হৈছে৷ এই সিদ্ধান্তসমূহ, এই স্থিতিসমূহৰ সমাধানৰ বাবে লোৱা হৈছে, আত্মনিৰ্ভৰ ভাৰতৰ বাবে গ্ৰহণ কৰা হৈছে৷যদি আমাৰ গাঁও আত্মনিৰ্ভৰ হ’লহেঁতেন, আমাৰ চুবুৰী, আমাৰ জিলা, আমাৰ ৰাজ্য, আত্মনিৰ্ভৰ হ’লহেঁতেন তেন্তে সমস্যাই এই ৰূপ নল’লেহেঁতেন৷ কিন্তু অন্ধকাৰৰ পৰা জ্যোতিৰ দিশলৈ যোৱাটো মানুহৰ স্বভাৱেই৷ ইমান প্ৰত্যাহ্বানৰ মাজতো মই সুখী যে আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত, আজি দেশত ব্যাপক মন্থন আৰম্ভ হৈছে৷ জনসাধাৰণে এতিয়া ইয়াক নিজৰ অভিযানলৈ পৰিৱৰ্তিত কৰিছে৷ এই অভিযানৰ নেতৃত্ব দেশে নিজৰ হাতত তুলি লৈছে৷ এতিয়া জনতাই এই থলুৱা সামগ্ৰীসমূহ ক্ৰয় কৰি আছে, আৰু ‘ভ’কেল ফ’ৰ ল’কেল’ৰ প্ৰচাৰো কৰিছে৷ মেক ইন ইণ্ডিয়া যাতে সৰ্বত্ৰ প্ৰচাৰিত হয় তাৰবাবে সকলোৱে দৃঢ় সংকল্প গ্ৰহণ কৰিছে৷

বিহাৰৰ আমাৰ এজন বন্ধু শ্ৰীমান হিমাংশুৱে মোলৈ নমো এপত লিখিথে যে তেওঁ এনে এক দিনৰ স্বপ্ন দেখিছে যে এদিন ভাৰতলৈ বিদেশৰ সামগ্ৰীৰ আমদানি বন্ধ হ’ব৷ পেট্ৰ’লেই হওক, বা ডিজেলেই হওক, বৈদ্যুতিক সামগ্ৰী আমদানিয়েই হওক বা ইউৰিয়াৰ আমদানিয়েই হওক অথবা খোৱা তেলেই হওক৷ মই তেওঁৰ ভাৱনা বুজি পাইছো৷ আমাৰ দেশত এনে কিমান সামগ্ৰী বাহিৰৰ পৰা আহে আৰু ইয়াৰ বাবে আমাৰ নিষ্ঠাৱান কৰদাতাৰ টকা ব্যয় হয়, যাৰ বিকল্প আমি অতি সহজে ভাৰতত প্ৰস্তুত কৰিব পাৰো৷

অসমৰ সুদ্বীপে মোলৈ লিখিছে যে তেওঁ মহিলাসকলে প্ৰস্তুত কৰা থলুৱা বাঁহৰ সামগ্ৰীৰ ব্যৱসায় কৰে আৰু তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক দুটা বছৰৰ ভিতৰত বাঁহৰ সামগ্ৰীক তেওঁ বিশ্বজনীন ব্ৰেণ্ডলৈ প্ৰস্তুত কৰিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আত্মনিৰ্ভৰ ভাৰত অভিযান, এই দশকত দেশক নতুন উচ্চতালৈ লৈ যাব৷

মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনা সংকটৰ এই দৌৰত মই বিশ্বৰ অনেক নেতাৰ সৈতে বাৰ্তালাপ কৰিছো কিন্তু এটা গোপন কথা মই আজি প্ৰকাশ কৰিবলৈ ওলাইছো- বিশ্বৰ অনেক নেতাৰ সৈতে যেতিয়া মই বাৰ্তালাপ কৰো তেতিয়া মই দেখা পাও যে এই কেইদিনত তেওঁলোকে ‘যোগ’ আৰু ‘আয়ুৰ্বেদ’ৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰদৰ্শিত কৰিছে৷ কিছু সংখ্যক নেতাই মোক সুধিছে যে ক’ৰোনাৰ এই সংকটৰ সময়ত এই ‘যোগ’ আৰু ‘আয়ুৰ্বেদে’ কিদৰে সহায় কৰিব পাৰে!
বন্ধুসকল, ‘আন্তৰাষ্ট্ৰীয় যোগ দিৱস’ আহি আছে৷ ‘যোগ’ যিদৰে জনসাধাৰণৰ জীৱনৰ অংশ হ’বলৈ ধৰিছে, জনসাধাৰণৰ মাজত নিজৰ স্বাস্থ্যক লৈ সজাগতা বৃদ্ধি হৈছে৷ এতিয়া ক’ৰোনাৰ এই সময়ছোৱাত দেখা গৈছে যে হলিউদৰ পৰা হৰিদ্বাৰলৈ, ঘৰত থাকিয়েই জনসাধাৰণে ‘যোগ’ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ সকলো স্থানতে জনসাধাৰণে ‘যোগ’ আৰু ইয়াৰ সৈতে ‘আয়ুৰ্বেদ’ৰ বিষয়ে অধিক জানিবলৈ বিচাৰিছে, ইয়াক আঁকোৱালি ল’ব বিচাৰিছে৷ যিসকল লোকে কেতিয়াও যোগ কৰা নাছিল তেওঁলোকেও অনলাইন যোগ পাঠ্যক্ৰমৰ সৈতে জড়িত হৈ পৰিছে অথবা অনলাইন ভিডিঅ’ৰ জৰিয়তে যোগ শিকি আছে৷ প্ৰকৃততেই ‘যোগ’ – সমাজ, ৰোগ প্ৰতিৰোগ ক্ষমতা আৰু ঐক্যতা সকলোৰে বাবে উত্তম হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল, ক’ৰোনাৰ এই সংকটৰ সময়ত এই ‘যোগ’ আজি এইবাবেই অধিক গুৰুত্বপূৰ্ণ কিয়নো এই ভাইৰাছে আমাৰ শ্বাস-প্ৰশ্বাসজনিত ব্যৱস্থাক অধিক প্ৰভাৱিত কৰে৷ যোগত শ্বাস-প্ৰশ্বাস ব্যৱস্থাক শক্তিশালী কৰা বিভিন্ন ধৰণৰ প্ৰাণায়াম আছে আৰু ইয়াৰ প্ৰভাৱ আমি দীৰ্ঘ সময় ধৰি দেখা পাইছো৷ এয়া এক সময়ভিত্তিক কৌশল যাৰ বিভিন্ন মহত্ব আছে৷ ‘কপালভাতী’ আৰু ‘অনুলোম-বিলোম’, ‘প্ৰাণায়াম’ৰ সৈতে অধিক সংখ্যক লোক পৰিচিত৷ কিন্তু ‘ভস্তিকা’, ‘শীতলী’, ‘ভ্ৰামৰী’ৰ দৰে বহু প্ৰাণায়ামৰ প্ৰকাৰ আছে আৰু ইয়াৰ লাভ অনেক৷ অৱশ্যে আপোনালোকৰ জীৱনত যোগৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ আয়ুষ মন্ত্ৰালয়েও এই বাৰ এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে৷ আয়ুষ মন্ত্ৰালয়ে ‘মাই লাইফ, মাই য়োগা’ শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় ভিডিঅ’ ব্ল’গৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে৷ ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে৷ ইয়াত অংশগ্ৰহণ কৰাৰ বাবে আপুনি তিনি মিনিটৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি আপলোড কৰিব লাগিব৷ এই ভিডিঅ’ত আপুনি যি যোগ হা আসন কৰিব সেয়া দেখুৱাব লাগিব আৰু যোগৰ দ্বাৰা আপোনাৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেয়াও ক’ব লাগিব৷ মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে এই প্ৰতিযোগিতাত অৱশ্যেই অংশগ্ৰহণ কৰক আৰু নতুন ধৰণে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অংশীদাৰ হওক৷

বন্ধুসকল, আমাৰ দেশত কোটি কোটি দুখীয়া লোকক দশকজুৰি এটাই চিন্তাত খুলি খুলি খাইছে- যদি বেমাৰ হয় তেন্তে কি হ’ব? নিজৰেই চিকিৎসা কৰাব নে পৰিয়ালৰ খোৱাৰ চিন্তা কৰিব৷ এই সমস্যা অনুধাৱন কৰি, এই চিন্তা দূৰ কৰাৰ বাবেই প্ৰায় ডেৰ বৰ্ষ পূৰ্বে ‘আয়ুষ্মান ভাৰত’ যোজনা আৰম্ভ কৰা হৈছিল৷ কিছুদিন পূৰ্বে ‘আয়ুষ্মান ভাৰত’ৰ হিতাধিকাৰীৰ সংখ্যাই এক কোটিৰ সীমা অতিক্ৰম কৰিছে৷ এক কোটিতকৈও অধিক ৰোগীৰ অৰ্থ কি জানে? এক কোটিতকৈ অধিক ৰোগী- ন’ৰৱেৰ দৰে দেশ, ছিংগাপুৰৰ দৰে দেশ, তেওঁলোকৰ যি মুঠ জনসংখ্যা আছে, তাতকৈ দুগুণ লোকক চিকিৎসা প্ৰদান কৰা হৈছে৷ যদি দুখীয়াই চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত চিকিৎসাৰ বাবে ধন প্ৰদান কৰিবলগীয়া হ’লহেঁতেন, তেওঁলোকৰ যদি বিনামূলীয়া চিকিৎসা নহ’লহেঁতেন, তেন্তে প্ৰায় ১৪ হাজাৰ কোটি টকাতকৈও অধিক টকা নিজৰ পকেটৰ পৰা ব্যয় কৰিবলগীয়া হ’লহেঁতেন৷ ‘আয়ুষ্মান ভাৰত’ যোজনাই দুখীয়াৰ ধন ব্যয় হোৱাৰ ৰক্ষা কৰিছে৷ মই ‘আয়ুষ্মান ভাৰত’ৰ সকলো হিতাধিকাৰীৰৰ সৈতে ৰোগীৰ চিকিৎসাত ব্ৰতী সকলো চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মীক অভিনন্দন জনাইছো৷ ‘আয়ুষ্মান ভাৰত’ যোজনাত ‘পৰ্টেবিলিটী’ এক বিশেষ বৈশিষ্ট হিচাপে বিবেচিত হৈছে৷ পৰ্টেবিলিটীৰ জৰিয়তে দেশক একতাৰ ডোলত বান্ধিবলৈ সক্ষম হৈছে৷ অৰ্থাৎ বিহাৰৰ এজন ৰোগীয়ে কৰ্ণাটকতো চিকিৎসা লাভ কৰিব পাৰে৷ সেইদৰে মহাৰাষ্ট্ৰৰ এজন দুখীয়াই তামিলনাডুতো চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে৷ এই যোজনাৰ সৈতে যিকোনো স্থানত, য’ত স্বাস্থ্যৰ ব্যৱস্থা দুৰ্বল, তাৰে দুখীয়াই দেশৰ যিকোনো স্থানত উত্তম চিকিৎসা লাভ কৰিব পাৰে৷

বন্ধুসকল, আপোনালোকে এয়া জানি আচৰিত হ’ব যে এক কোটি হিতাধিকাৰীৰ মাজত ৮০ শতাংশই হ’ল গ্ৰামীণ এলেকাৰ৷ ইয়াতো প্ৰায় ৫০ শতাংশ হিতাধিকাৰী আমাৰ মাতৃ-ভগ্নী আৰু কন্যা৷ এই হিতাধিকাৰীসকলৰ অধিকাংশই এনে ৰোগত আক্ৰান্ত হৈছিল যে তাৰ চিকিৎসা সামান্য ঔষধৰ দ্বাৰা সম্ভৱ নহ’লহেঁতেন৷ ইয়াৰে ৭০ শতাংশৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে৷ আপুনি অনুমান কৰিব পাৰে কিমান বৃহৎ সমস্যাৰ পৰা এওঁলোকে মুক্তি পাইছে৷ মণিপুৰৰ চুৰা-চান্দপুৰৰ ছবছৰীয়া শিশু কেলেনসাং, তেওঁও এইদৰে আয়ুষ্মান ভাৰতৰ পৰা নতুন জীৱন লাভ কৰিছে৷ কেলেনসাং অতি কম বয়সতেই মগজুৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল৷ এই শিশুটিৰ পিতৃয়ে দৈনিক হাজিৰা কৰে আৰু মাক শিপিনী৷ এনে পৰিস্থিতিত শিশুটিৰ চিকিৎসা অতিশয় কঠিন হৈ পৰিছিল৷ কিন্তু ‘আয়ুষ্মান ভাৰত’ যোজনাৰ দ্বাৰা এতিয়া তেওঁলোকৰ সন্তানৰ চিকিৎসা বিনামূলীয়া হৈ পৰিল৷ ঠিক তেনেকুৱা এক অভিজ্ঞতা পুডুচেৰীৰ অমুৰ্থা ৱল্লীৰো আছে৷ তেওঁৰ বাবেও ‘আয়ুষ্মান ভাৰত’ যোজনা সংকটমোচন হিচাপে বিবেচিত হ’ল৷ অমুৰ্থা ৱল্লীৰ স্বামী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে৷ তেওঁৰ ২৭ বছৰীয়া সন্তান জীৱাৰো হৃদৰোগ আছিল৷ চিকিৎসকে জীৱাৰ বাবে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল কিন্তু দৈনিক হাজিৰা কৰা জীৱাৰ বাবে অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰাটো সম্ভৱ নাছিল৷ অমুৰ্থা ৱল্লীয়ে ‘আয়ুষ্মান ভাৰত’ত নিজৰ সন্তানৰ পঞ্জীয়ন কৰালে আৰু ৯ দিনৰ পিছতে জীৱাৰ হৃদয়ৰ অস্ত্ৰোপচাৰো সম্পন্ন হ’ল৷

বন্ধুসকল, মই আপোনালোকক কেৱল তিনিটা ঘটনাৰ বিষয়ে জনালো৷ ‘আয়ুষ্মান ভাৰত’ৰ সৈতে এনেকুৱা এক কোটিতকৈও অধিক কাহিনী জড়িত হৈ আছে৷ এই কাহিনীসমূহ হ’ল জীৱন্ত মানুহৰ, দুখ-বেদনাৰ পৰা মুক্ত আমাৰ পৰিয়ালৰ কাহিনী৷ আপোনালোকক মই আহ্বান জনাইছো যে কেতিয়াবা সময় পালে এনে ব্যক্তিৰ সৈতে নিশ্চয় কথা পাতিব যিয়ে ‘আয়ুষ্মান ভাৰত’ যোজনাৰ অধীনত নিজৰ চিকিৎসা কৰাইছে৷ আপোনালোকে দেখিছে যে যেতিয়া দুখীয়া লোক ৰোগৰ পৰা মুক্ত হয় তেতিয়া তেওঁলোকে দৰিদ্ৰতাৰ সৈতেও যুঁজিবলৈ শক্তি পায়৷ আৰু মই আমাৰ দেশৰ নিষ্ঠাৱান কৰদাতাসকলক ক’ব বিচাৰিছো যে ‘আয়ুষ্মান ভাৰত’ যোজনাৰ অধীনত যিসকল দুখীয়াই বিনামূলীয়া চিকিৎসা লাভ কৰিছে, তেওঁলোকৰ জীৱনলৈ যি সুখ আহিছে, সন্তোষ লাভ কৰিছে, সেই পূণ্যৰ প্ৰকৃত অধিকাৰী হ’ল আপোনালোক, আমাৰ নিষ্ঠাৱান কৰদাতাও এই পূণ্যৰ অধিকাৰী৷

মোৰ মৰমৰ দেশবাসীসকল, এফালে আমি মহামাৰীৰ সৈতে যুঁজি আছো আৰু আনফালে পূব ভাৰতৰ কিছু অংশই প্ৰাকৃতিক বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে৷ যোৱা কিছু সপ্তাহত আমি পশ্চিমবংগ আৰু ওড়িশাত ছুপাৰ চাইক্ল’ন আম্ফনৰ বিভীষিকা প্ৰত্যক্ষ কৰিলো৷ ঘূৰ্ণী বতাহত বহু লোকৰ ঘৰ-দুৱাৰ উৰি গ’ল, কৃষকসকলৰো অধিক লোকচান হ’ল৷ অৱস্থাৰ বুজ ল’বলৈ মই যোৱা সপ্তাহত ওড়িশা আৰু পশ্চিমবংগলৈ গৈছিলো৷ পশ্চিমবংগ আৰু ওড়িশাৰ লোকসকলে যি সাহসেৰে পৰিস্থিতিৰ সন্মুখীন হৈছে- সেয়া অতিশয় প্ৰশংসনীয়৷ সংকটৰ এই সময়ছোৱাত সমগ্ৰ দেশবাসী তাৰে জনতাৰ সৈতে থিয় দিছে৷

বন্ধুসকল, এফালে য’ত পূব ভাৰতে ধুমুহাৰ সন্মুখীন হ’বলগীয়া হৈছে, আনটো ফালে দেশৰ বহু অংশ লকটাছৰ আক্ৰমণৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে৷ এই আক্ৰমণে আমাক স্মৰণ কৰাইছে যে এই সৰু জীৱটোও কিমান লোকচানদায়ক হ’ব পাৰে৷ এই ফৰিঙৰ দলে বহু দিনলৈ আক্ৰমণ কৰে আৰু ব্যাপক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰে৷ ভাৰত চৰকাৰেই হওক, ৰাজ্য চৰকাৰেই হওক অথবা কৃষি বিভাগেই হওক, প্ৰশাসনেও এই সংকটৰ লোকচানৰ পৰা ৰক্ষা পৰিবলৈ, কৃষকসকলক সহায়ৰ বাবে, আধুনিক সংসাধনৰো ব্যৱহাৰ কৰিছে৷ ন-ন আৱিষ্কাৰৰ প্ৰতি ধ্যান দিছে, আৰু মোৰ বিশ্বাস যে আমি সকলোৱে মিলি আমাৰ কৃষি ক্ষেত্ৰত এই যি সংকট আহিছে, তাৰ সৈতেও মোকাবিলা কৰিব পাৰিম৷

মোৰ মৰমৰ দেশবাসীসকল, কিছু দিনৰ পিছত ৫ জুনত সমগ্ৰ বিশ্বই ‘বিশ্ব পৰিবেশ দিৱস’ পালন কৰিব৷ ‘বিশ্ব পৰিবেশ দিৱস’ৰ এই বছৰৰ বিষয় হ’ল- জৈৱ বৈচিত্ৰতা’৷ বৰ্তমানৰ পৰিস্থিতিত এই বিষয় বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ লকডাউনৰ সময়ছোৱাত বিগত কিছু সপ্তাহত জীৱনৰ গতি স্থবিৰ নিশ্চয় হৈছে কিন্তু ইয়াপ দ্বাৰা নিজৰ চৌপাশ, প্ৰকৃতিৰ সমৃদ্ধ বৈচিত্ৰতা, জৈৱ বৈচিত্ৰতাক কাষৰ পৰা দেখাৰ অৱকাশ লাভ কৰিছো৷ প্ৰদুষণৰ ফলত কিমান এনে পক্ষীৰ কলৰৱ নুশুনা হৈ পৰিছিলো, ইমান বছৰৰ মূৰত সেই চৰাইবোৰৰ শব্দ আমি ঘৰতে শুনিবলৈ পাইছো৷ অনেক স্থানত জন্তুৰ মুক্ত বিচৰণৰ খবৰ পোৱা গৈছে৷ মোৰ দৰে আপোনালোকেও ছ’চিয়েল মিডিয়াত এই খবৰবোৰ পাইছে৷ বহু লোকে কৈছে, লিখিছে, চিত্ৰ বিনিময় কৰিছে৷ এই চিত্ৰসমূহ দেখি বহু লোকৰ মনত এই সংকল্পভাৱৰ উদয় হৈছে যে এই দৃশ্যসমূহ আমি সদায়েই এনেকৈ ৰাখিম৷ এই ছবিসমূহে জনসাধাৰণক প্ৰকৃতিৰ বাবে কিছু কাম কৰাৰ প্ৰেৰণা দিছে৷ নদীসমূহ যাতে সদায় স্বচ্ছ হৈ থাকক, পশু-পক্ষীসমূহেও যাতে মুক্ত বিচৰণৰ সুবিধা লাভ কৰক, আকাশো যাতে স্বচ্ছ হৈ থাকক, ইয়াৰ বাবে আমি প্ৰকৃতিৰ সৈতে ভাৰসাম্যতা স্থাপন কৰি জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিব পাৰো৷

মোৰ মৰমৰ দেশবাসীসকল, আমি প্ৰায়েই শুনা পাও যে ‘পানী থাকিলেহে জীৱন থাকিব’ কিন্তু পানীৰ প্ৰতি আমাৰ দায়িত্বও আছে৷ বৰষুণৰ পানী আমি ৰক্ষা কৰিব লাগিব৷ এটা এটা টোপাল বচাব লাগিব৷ গাঁৱে-গাঁৱে বৰষুণৰ পানী আমি কিদৰে সংৰক্ষণ কৰিব পাৰিম? পৰম্পৰাগতভাৱে বহু সৰল উপায় আছে, সেই সৰল উপায়সমূহৰ দ্বাৰা আমি পানী সংৰক্ষণ কৰিব পাৰো৷ পাঁচ দিন-সাত দিনো যদি আমি পানী ধৰি ৰাখিব পাৰো তেতিয়াও মা ধৰিত্ৰী পানীৰে পৰিপূৰ্ণ হৈ পৰিব৷
মোৰ মৰমৰ দেশবাসীসকল, স্বচ্ছ পৰিবেশ প্ৰত্যক্ষভাবে আমাৰ জীৱন, আমাৰ সন্তানসকলৰ ভৱিষ্যতৰ সৈতে জড়িত৷ আমি ব্যক্তিগত পৰ্যায়তো এই বিষয়ে চিন্তা কৰিব লাগিব৷ মই আপোনালোকক অনুৰোধ কৰিছো যে ‘পৰিবেশ দিৱস’ত যাতে বৃক্ষপুলি ৰোপণ কৰে৷ গৰম বাঢ়িবলৈ ধৰিছে, সেইবাৰে পক্ষীৰ বাবে পানীৰ যোগান ধৰিবলৈ নাপাহৰিব৷

বন্ধুসকল, আমি সকলোৱে এয়াও ধ্যান ৰাখিব লাগিব যে ইমান কঠিন সমস্যাৰ পিছতো দেশে যিদৰে পৰিস্থিতি চম্ভালি লৈছে তাক ধ্বংস হ’বলৈ দিব নালাগিব৷ আমি প্ৰতিটো জীৱন ৰক্ষা কৰিব লাগিব আৰু সেয়ে দুই গজৰ দুৰত্বও বৰ্তাই ৰাখিব লাগিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোকে নিজৰ বাবে, নিজৰ দেশৰ বাবে এই সতৰ্কতা নিশ্চয় অৱলম্বন কৰিম৷ এই বিশ্বাসৰ সৈতে, আপোনালোকৰ উত্তম স্বাস্থ্যৰ বাবে মই শুভেচ্ছা জনাইছো৷ অহা মাহত পুনৰ বাৰ ‘মন কী বাত’ত অনেক নতুন বিষয়ৰ কথা পাতিম৷

ধন্যবাদ৷

VRRK/SH/VK/MANN