প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মন কী বাতৰ আগন্তুক খণ্ডলৈ তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বিষয় আৰু সমস্যাৰাজি সন্দৰ্ভত তেওঁলোকৰ চিন্তা শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে। ধাৰণাৰাজি মাইগভ, নমো এপৰ জৰিয়তে শ্বেয়াৰ বা বাৰ্তাটো ৰেকৰ্ড কৰিবলৈ ১৮০০-১১-৭৮০০ নম্বৰত ডায়েল কৰিব পাৰে।
২৪ এপ্ৰিল, ২০২২ ত মন কী বাতৰ ৮৮ সংখ্যক খণ্ড সম্প্ৰচাৰ কৰা হ’ব।
মাইগভৰ আমন্ত্ৰণ শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
“#MannKiBaat ৰ জৰিয়তে আমি তৃণমূল পৰ্য্যায়ৰ পৰিৱৰ্তন-সাধনকাৰীসকলৰ অসাধাৰণ কৃতিত্বৰাজিৰ আলোকপাত কৰো। আপোনাসৱ এনে অনুপ্ৰেৰণামূলক জীৱন যাত্ৰা সম্পৰ্কে অৱগত নেকি? যদি জ্ঞাত, সেয়া এই মাহৰ ২৪ এপ্ৰিলৰ কাৰ্য্যক্ৰমলৈ প্ৰেৰণ কৰক। মাইগভ, নমো এপত সেয়া লিখক বা বাৰ্তা ৰেকৰ্ড কৰিবলৈ ১৮০০-১১-৭৮০০ নম্বৰত ডায়েল কৰক।”
Through #MannKiBaat we celebrate the extraordinary feats of grassroots level change-makers. Do you know of such inspiring life journeys? Share them for this month’s programme on the 24th. Write on MyGov, NaMo App or dial 1800-11-7800 to record a message. https://t.co/z0uOm3WcTL
— Narendra Modi (@narendramodi) April 8, 2022