Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্য প্ৰদেশত অনুষ্ঠিত কিষাণ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিং যোগে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবা

মধ্য প্ৰদেশত অনুষ্ঠিত কিষাণ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিং যোগে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবা


নমস্কাৰ,

মধ্য প্ৰদেশৰ পৰিশ্ৰমী কৃষক ভাই-ভনীসকললৈ মোৰ কোটি কোটি প্ৰণাম! আজিৰ এই বিশেষ কাৰ্যসূচীত মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষক সতীৰ্থসকল সমবেত হৈছে৷ ৰায়সেনৰ পৰা বহু কৃষক আহিছে৷ ডিজিটেল পদ্ধতিতো সহস্ৰাধিক কৃষক ভাই-ভনী আমাৰ সৈতে জড়িত হৈছে৷ মই সকলোকে স্বাগতম জনাইছো৷ বিগত সময়ত বজ্ৰপাত, প্ৰাকৃতিক দুৰ্যোগৰ ফলত মধ্য প্ৰদেশৰ কৃষকসকলৰ বিস্তৰ লোকচান হৈছে৷ আজি এই কাৰ্যসূচীত মধ্য প্ৰদেশৰ এনে ৩৫ লাখ কৃষকৰ বেংক একাউণ্টলৈ ১৬০০ কোটি টকা স্থানান্তৰ কৰা হৈছে৷ কোনো মধ্যভোগী নাই, কোনো কমিচন নাই৷ কোনো কাট নাই, কোনো কটকী নাই৷ কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে সাহায্য স্থানান্তৰ কৰা হৈছে৷ প্ৰযুক্তিৰ ফলত এয়া সম্ভৱ হৈছে৷ আৰু ভাৰতে বিগত ৫-৬টা বৰ্ষত যি এই আধুনিক ব্যৱস্থা প্ৰণয়ন কৰিছে, আজি সমগ্ৰ বিশ্বতে ইয়াৰ চৰ্চা হৈছে আৰু ইয়াত আমাৰ দেশৰ যুৱচামৰ প্ৰতিভাও সম্বলিত হৈ আছে৷

বন্ধুসকল,

আজি ইয়াত এই কাৰ্যসূচীতো বহু কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে৷ পূৰ্বে কিষাণ ক্ৰেডিট কাৰ্ড সকলো কৃষকে নাপাইছিল৷ আমাৰ চৰকাৰে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা দেশৰ প্ৰতিজন কৃষকৰ বাবে উপলব্ধ কৰোৱাৰ বাবে নিয়মসমূহৰো সামান্য পৰিৱৰ্তন কৰা হৈছে৷ এতিয়া কৃষকসকলে কৃষিৰ সৈতে জড়িত কামৰ বাবে সহজে আৱশ্যকীয় পুঁজি লাভ কৰিছে৷ ইয়াত তেওঁলোকে অন্যৰ পৰা অধিক সুতৰ হাৰত ঋণ লোৱাৰ বাধ্যবাধকতাৰ পৰা মুক্তি পাইছে৷

বন্ধুসকল,

আজিৰ এই কাৰ্যসূচীত ভাণ্ডাৰণ-শীতলীকৰণ ভৱনৰ সৈতে জড়িত আন্তঃগাঁথনি তথা অন্য সুবিধাসমূহৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ এটা কথা সত্য যে কৃষকে যিমানেই পৰিশ্ৰম নকৰক কিয়, ফল-শাক-পাচলিৰ যদি উপযুক্ত সঞ্চয় নহ, উপযুক্ত ধৰণে নহয় তেতিয়া ইয়াৰ বহু লোকচান হয় আৰু এই লোকচান কেৱল কৃষকৰেই নহয়, এই লোকচান সমগ্ৰ ভাৰতৰেই হয়৷ এটা অনুমান কৰা হৈছে যে প্ৰায় এক কোটি টকাৰ ফল-শাক-পাচলি আৰু শস্য প্ৰতি বছৰে এই কাৰণেই নষ্ট হয়৷ কিন্তু পূৰ্বে ইয়াক লৈও উদাসীনত প্ৰকাশ কৰা হৈছিল৷ এতিয়া আমাৰ প্ৰাথমিকতা ভাণ্ডাৰণৰ নতুন কেন্দ্ৰ, শীতলীকৰণ ভৱনৰ দেশত বিশাল নেটৱৰ্ক আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি নিৰ্মাণ কৰাটোও আমাৰ প্ৰাথমিকতা৷ মই দেশৰ উদ্যোগ জগতক আহ্বান জনাইছো যে ভাণ্ডাৰণৰ আধুনিক ব্যৱস্থা নিৰ্মাণ কৰাত, শীতলীকৰণ ভৱন নিৰ্মাণ কৰাত, খাদ্য সংসাধনৰ নতুন উপক্ৰমৰ সৃষ্টি কৰাত আমাৰ দেশৰ উদ্যোগ আৰু ব্যৱসায়ী জগত আগুৱাই আহিব লাগে৷ সকলো কাম কৃষকৰ মূৰত জাঁপি দিয়াটো কিমান উচিত, হ’ব পাৰে, আপোনাৰ উপাৰ্জন সামান্য কম হ’ব কিন্তু দেশৰ কৃষকৰ, দেশৰ দৰিদ্ৰৰ কল্যাণ হ’ব৷

বন্ধুসকল,

ভাৰতৰ কৃষি, ভাৰতৰ কৃষকসকল এতিয়া পিছপৰা নহয়৷ বিশ্বৰ ডাঙৰ ডাঙৰ দেশসমূহৰ কৃষকসকলে যি আধুনিক সুবিধা লাভ কৰিছে সেই সুবিধা যাতে ভাৰতৰ কৃষকসকলেও লাভ কৰে তাৰ বাবে পলম কৰা উচিত নহয়৷ সময়ে আমাৰ বাবে অপেক্ষা নকৰে৷ দ্ৰুত গতিত পৰিৱৰ্তিত হোৱা বৈশ্বিক পৰিদৃশ্যত ভাৰতৰ কৃষক সুবিধাৰ অভাৱত, আধুনিকতাৰ অভাৱত অসহায় হৈ পৰক, এই স্থিতি স্বীকাৰ্য নহয়৷ ইতিমধ্যেই বহু দেৰী হৈছে৷ যি কাম ২৫-৩০ বছৰ পূৰ্বে হ’ব লাগিছিল আজি সেয়া কৰিব নালাগিলহেঁতেন৷ বিগত ছবছৰত আমাৰ চৰকাৰে কৃষকসকলৰ এটা এটা প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰি অনেক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ এনে স্থিতিত দেশৰ কৃষকসকলৰ সেই দাবীসমূহো পূৰণ কৰা হৈছে যাৰ বৰ্ষজুৰি কেৱল মন্থনহে কৰা হৈছিল৷ বিগত কেইটামান দিনৰ পৰা দেশত কৃষকসকলৰ বাবে যি নতুন আইন সৃষ্টি কৰা হৈছে আজিকালি ইয়াৰ চৰ্চা অধিক হৈছে৷ এই কৃষি সংস্কাৰ, এই আইন ৰাতিৰ ভিতৰেই হোৱা নাই৷ বিগত ২০-২২ বছৰ ধৰি এই দেশৰ প্ৰতিখন চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে ইয়াৰ ওপৰত ব্যাপৰক চৰ্চা কৰিছে৷ কম-অধিক সকলো সংগঠনে ইয়াৰ ওপৰত চিন্তা-চৰ্চা কৰিছে৷ দেশ কৃষক, কৃষকৰ সংগঠন, কৃষি বিশেষজ্ঞ, কৃষি অৰ্থশাস্ত্ৰী, কৃষি বৈজ্ঞানিক, আমাৰ ইয়াৰ প্ৰ’গ্ৰেছিভ কৃষকসকলেও নিৰৱচ্ছিন্নভাৱে কৃষি ক্ষেত্ৰৰ সংশোধনৰ বাবে দাবী জনাই আহিছে৷ সঁচাকৈয়ে ক’বলৈ ক’লে দেশ কৃষকসকলে সেই সকল লোকৰ পৰা উত্তৰ বিচাৰিব লাগে যিয়ে পূৰ্বে নিজৰ ঘোষণা পত্ৰত এই সংস্কাৰসমূহৰ সংস্কাৰ কৰাৰ কথা লিখিছিল, উকালতি কৰিছিল আৰু ডাঙৰ ডাঙৰ কথা কৈ কৃষকসকলৰ পৰা ভোট বিচাৰিছিল কিন্তু নিজৰ ঘোষণা পত্ৰত কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা নাছিল৷ দাবীসমূহ কেৱল এৰাই চলিছিল৷ কাৰণ কৃষকসকলে অগ্ৰাধিকাৰ নাপাইছিল৷ আৰু দেশৰ কৃষকসকলে অপেক্ষা কৰিয়েই থাকিল৷ যদি আজি দেশৰ সকলো ৰাজনৈতিক দলৰ পুৰণা ঘোষণা পত্ৰ চোৱা যায়, তেওঁলোকৰ পুৰণি ভাষণ শুনা যায়, পূৰ্বে যিয়ে দেশৰ কৃষি ব্যৱস্থা চম্ভালি আছিল, এনে মহানুভৱৰ চিঠিসমূহ চোৱা যায়, দেখা যাব যে আজি যি কৃষি সংস্কাৰ হৈছে এয়া সেইসমূহতকৈ পৃথক নহয়৷ তেওঁলোকে যিসমূহৰ প্ৰতিশ্ৰুতি দিছিল সেই আটাইবোৰ এই কৃষি সংস্কাৰত কৰা হৈছে৷ মই ভাবো যে তেওঁলোকে পীড়া এই কথাত অনুভৱ কৰা নাই যে কৃষি আইনৰ সংস্কাৰ কিয়  হ’ল৷ তেওঁলোকে এই কথাত কষ্ট পাইছে যে যি কথা তেওঁলোকে কৈছিল সেয়া তেওঁলোকে কৰি দেখুৱাব নোৱাৰিলে, মোদীয়ে কেনেকৈ কৰিলে, মোদীয়ে কিয় কৰিলে৷ মোদীয়ে ইয়াৰ কৃতিত্ব কিদৰে লাভ কৰিব? মই সকলো ৰাজনৈতিক দলক হাত জোৰ কৰি কৈছো- আপোনালোকে সকলো কৃতিত্ব লওক, আপোনালোকৰ সকলো পুৰণা ঘোষণা পত্ৰকেই মই কৃতিত্ব দিছো৷ মোক কৃতিত্ব নালাগে৷ মই কৃষকসকলৰ জীৱনত সৰলতা বিচাৰো, সমৃদ্ধি বিচাৰো, কৃষিত আধুনিকতা বিচাৰো৷ আপোনালোকৰ কৃপা কৰি দেশৰ কৃষকসকলক ইয়াৰ পৰা ৰেহাই দিয়ক, তেওঁলোকক ভ্ৰমিত কৰাটো এৰি দিয়ক৷

বন্ধুসকল,

এই আইন প্ৰণয়ন হোৱা ৬-৭ মাহতকৈও অধিক সময় হৈছে৷ কিন্তু এতিয়া হঠাতে ভ্ৰম আৰু মিছাৰ জাল বিয়পাই নিজৰ ৰাজনৈতিক স্থিতি সুস্থিৰ কৰাৰ খেল খেলা হৈছে৷ কৃষকৰ কান্ধত বন্দুক থৈ আক্ৰমণ কৰা হৈছে৷ আপোনালোকে দেখিছে, চৰকাৰে বাৰে-বাৰে সুধিছে, মিটিঙতো সুধিছে, ৰাজহুৱাভাৱেও সুধিছে, আমাৰ কৃষি মন্ত্ৰীয়ে টিভিত সাক্ষাৎকাৰতো কৈছে, মই নিজে কৈ আছো যে আপোনালোকৰ আইনখনৰ কোনটো দফাত আপত্তি আছে কওক৷ যি সমস্যা আছে আপোনালোকে কওক৷ এই ৰাজনৈতিক দলসমূহৰ ওচৰত কোনো ভাল উত্তৰ নাই, আৰু এয়াই দলসমূহৰ সত্যতা৷

বন্ধুসকল,

যাৰ নিজৰ ৰাজনৈতিক স্থিতি থৰক-বৰক হৈছে, তেওঁলোকে কৃষকৰ ভূমি গুচি যাব বুলি ভয় খুওৱাই নিজৰ ৰাজনৈতিক ভূমি সন্ধান কৰিছে৷ আজি যিসকল লোকে কৃষকৰ নামত আন্দোলন চলাইছে, যেতিয়া তেওঁলোকে চৰকাৰ চলাইছিল অথবা চৰকাৰৰ অংশ হোৱাৰ সুযোগ লাভ কৰিছিল, সেই সময়ত তেওঁলোকে কি কৰিছিল সেয়া দেশে স্মৰণ কৰাটো আৱশ্যক৷ মই আজি দেশবাসীসকলৰ সন্মুখত, দেশৰ কৃষকসকলৰ সন্মুখত, এই লোকসকলৰ চেহেৰা দেশবাসীৰ সন্মুখত, মোৰ কৃষক ভাই-ভনীসকলৰ সন্মুখত আজি মুকলি কৰিব বিচাৰিছো, মই ক’বলৈ বিচাৰিছো৷

বন্ধুসকল,

কৃষকসকলৰ কথা কোৱা লোকসকল, মিছা চকু-পানী উলিওৱা লোকসকল কিমান নিৰ্দয়ী হ’ব পাৰে এয়া আটাইতকৈ ডাঙৰ প্ৰমাণ৷ স্বামীনাথন কমিটীৰ প্ৰতিবেদন৷ স্বামীনাথন কমিটীৰ প্ৰতিবেদন আহিল কিন্তু এই লোকসকলে স্বামীনাথন কমিটীৰ পৰামৰ্শ বৰ্ষজুৰি আওকান কৰি থাকিল৷  কৃষক আন্দোলন কৰি থাকিল, বিক্ষোভ প্ৰদৰ্শন কৰি থাকিল কিন্তু এওঁলোকৰ পেটৰ পানী নলৰিল৷ এই লোকসকলে এয়া সুনিশ্চিত কৰিলে যে এওঁলোকৰ চৰকাৰে যাতে কৃষকসকলৰ ওপৰত অধিক ব্যয় কৰিবলগীয়া নহয়৷ সেইবাবে প্ৰতিবেদনটো লুকুৱালে৷ এওঁলোকৰ বাবে কৃষক দেশ গৌৰৱ নহয়, এওঁলোকে নিজৰ ৰাজনীতি বৃদ্ধি কৰাৰ বাবে কৃষকসকলক সময়ে-সময়ে ব্যৱহাৰ কৰি আহিছে৷ কিন্তু কৃষকৰ বাবে সংবেদনশীল, কৃষকৰ বাবে সমৰ্পিত আমাৰ চৰকাৰে কৃষকক অন্নদাতা বুলি ভাবে৷ আমি ফাইলৰ মাজত পোত গৈ থকা স্বামীনাথন কমিটীৰ প্ৰতিবেদন উলিয়ালো আৰু তেওঁলোকৰ পৰামৰ্শসমূহ প্ৰণয়ন কৰিলো, কৃষকৰ ব্যয়ৰ ডেৰগুণ এমএছপি আমি প্ৰদান কৰিলো৷

বন্ধুসকল,

আমাৰ দেশত কৃষকৰ সৈতে ফাঁকিবাজী কৰাৰ আন এটা ডাঙৰ উদাহৰণ হৈছে কংগ্ৰেছ চৰকাৰৰ দ্বাৰা কৰা ঋণমাফী৷ যেতিয়া দুবছৰ পূৰ্বে মধ্য প্ৰদেশত নিৰ্বাচন হ’বলগীয়া আছিল তেতিয়া ঋণমাফীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল৷ কোৱা হৈছিল যে চৰকাৰ গঠন হোৱাৰ ১০ দিনৰ ভিতৰত সকলো কৃষকৰ ঋণ মাফ কৰি দিয়া হ’ব৷ কিমান জন কৃষকৰ ঋণ মাফ কৰা হ’ল, চৰকাৰ গঠন হোৱাৰ পিছত কিমান বাহানা বনোৱা হ’ল, এয়া মধ্য প্ৰদেশৰ কৃষকে মোতকৈ ভালদৰে জানিব৷ ৰাজস্থানৰ লক্ষাধিক কৃষকে আজিও ঋণমাফীৰ বাবে অপেক্ষা কৰি আছে৷ কৃষকক ইমান ডাঙৰ ফাঁকি দিয়া লোকসকলে যেতিয়া কৃষকৰ হিতৰ বিষয়ে কয় তেতিয়া মই অতিশয় আচৰিত হও যে এওঁলোক কেনেধৰণ মানুহ, ৰাজনীতিৰ বাবে কি পৰ্যায়লৈ যাব পাৰে৷ কিদৰে ইমান ছল-কপট কৰিব পাৰে? তাকো সেই ভোলা কৃষকসকলৰ নামত৷  কৃষকসকলক আৰু কিমান ফাঁকি দিব এওঁলোকে?

বন্ধুসকল,

প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে এইসকল লোকে ঋণমাফীৰ কথা কয়৷ আৰু ঋণমাফী কিমান হয়? সকলো কৃষকক সামৰি লোৱা হয় নে? ক্ষুদ্ৰ কৃষকসকলে কেতিয়াও বেংক দেখি পোৱা নাই৷ যিজনে কেতিয়াও ঋণ লোৱা নাই তেওঁলোকৰ বিষয়ে কেতিয়াবা এওঁলোকে ভাবিছেনে? আৰু নতুন-পুৰণি প্ৰতিটো অভিজ্ঞতাই কয় যে যিমান এওঁলোকে ঘোষণা কৰে সিমান ঋণমাফী এওঁলোকে কেতিয়াও নকৰে৷ যিমান ধন প্ৰেৰণৰ কথা এওঁলোকে কয় সিমান ধন এওঁলোকে কেতিয়াও প্ৰেৰণ নকৰে৷ কৃষকসকলে ভাবিছিল যে এতিয়া সম্পূৰ্ণ ঋণ শেষ হ’ব৷ কিন্তু তেওঁলোকে কি পাইছিল? বেংকৰ জাননী আৰু গ্ৰেপ্তাৰৰ ৱাৰেণ্ট৷ আৰু ঋণমাফীৰ সবাতোকৈ বৃহৎ লাভ কোনে পাইছিল? এই লোকৰসকলৰ নিকটাত্মীয়ই৷ যদি মোৰ সংবাদ মাধ্যমৰ বন্ধুসকলে সামান্য হ’লেও সন্ধান কৰে তেতিয়া ৮-১০ বছৰৰ পূৰ্বৰ প্ৰতিবেদনত সকলো দেখা পাব৷ এয়াই তেওঁলোকৰ চৰিত্ৰ৷

কৃষকৰ ৰাজনীতি কৰা এইসকল লোকে কেতিয়াও ইয়াৰ বাবে আন্দোলন কৰা নাই৷ কিছুমান ডাঙৰ কৃষকৰ ঋণ ১০ বছৰত এবাৰ মাফ কৰা হ’ল, এওঁলোকৰ ৰাজনীতিৰ ৰুটি সেকিল, কাম সম্পূৰ্ণ হ’ল৷ কিন্তু দুখীয়া কৃষকৰ কথা কোনে ভাবে? ভোটবেংকৰ ৰাজনীতি কৰা এইসকল লোকক দেশবাসীয়ে এতিয়া ভালদৰেই চিনি পাইছে৷ দেশবাসীয়ে আমাৰ চিন্তাধাৰত মা গংগাজল আৰু মা নৰ্মদাৰ পানীৰ দৰে পবিত্ৰতা দেখা পাইছে৷ এই লোকসকলে ১০ বছৰত এবাৰ ঋণমাফী প্ৰদান কৰি প্ৰায় ৫০ হাজাৰ কোটি টকা দিয়াৰ কথা হৈ আছে৷ আমাৰ চৰকাৰে যি পিএম-কিষাণ সন্মান যোজনা প্ৰণয়ন কৰিছে তাত প্ৰতি বছৰে কৃষকসকলে প্ৰায় ৭৫ হাজাৰ কোটি টকা লাভ কৰিব৷ অৰ্থাৎ ১০ বছৰত প্ৰায় চাৰে সাত লাখ কোটি টকা৷ কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ স্থানান্তৰ৷ কোনো ছিদ্ৰ নাই, কোনো কমিছন নাই৷ কাট-সংস্কৃতিৰ চিন-মোকাম নাই৷

বন্ধুসকল,

এতিয়া দেশৰ কৃষকসকলক ইউৰিয়াৰ কথা সোঁৱৰণ কৰাম৷ মনত কৰক, ৭-৮ বছৰ পূৰ্বে ইউৰিয়াৰ কি হৈছিল, কি অৱস্থা আছিল? গোটেই নিশা কৃষকসকলে ইউৰিয়াৰ বাবে শাৰী পাতিবলগীয়া হৈছিল, এয়া সত্য নহয় নে? বহু স্থানত ইউৰিয়াৰ বাবে কৃষকে লাঠীচাৰ্জৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ ইউৰিয়াৰ ক’লাবজাৰ হৈছিল৷ হৈছিল নে নহৈছিল? কৃষকসকলৰ ফচল সাৰৰ অভাৱত নষ্ট হৈ গৈছিল কিন্তু এই লোকসকলৰ হৃদয় নকপিঁছিল৷ এয়া কৃষকৰ ওপৰত অত্যাচাৰ নাছিল নে? আজি মই আচৰিত হৈছো যে যিসকল লোকৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ’ল তেওঁলোকে আজি ৰাজনীতিৰ নামত খেতি কৰিবলৈ ওলাইছে৷

বন্ধুসকল,

ইউৰিয়াৰ সমস্যাৰ পূৰ্বে কোনো সমাধান নাছিল নেকি? কৃষকসকলৰ দুখ, সমস্যাৰ প্ৰতি যদি সামান্যতমো সংবেদনা থাকিলহেঁতেন তেন্তে ইউৰিয়াৰ সমস্যা নহ’লহেঁতেন৷ আমি এনেকুৱা কি কৰিলো যে সকলো সমস্যা সমাধান হ’ল? আজি ইউৰিয়াৰ অভাৱৰ খবৰ নাহে, ইউৰিয়াৰ বাবে কৃষকক লাঠীচাৰ্জ কৰিবলগীয়া নহয়৷ আমি কৃষকসকলৰ এই সমস্যা দূৰ কৰাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিলো৷ আমি ক’লাবজাৰ বন্ধ কৰিলো, কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলো, ভ্ৰষ্টাচাৰ বন্ধ কৰিলো৷ আমি সুনিশ্চিত কৰিলো যে ইউৰিয়া কৃষকৰ খেতিলৈহে যেন যায়৷ এই লোকসকলে সময়ত কৃষকৰ নামত সাহায্যৰ ঘোষণা কৰিছিল যদিও ইয়াৰ দ্বাৰা উপকৃত হৈছিল অন্য লোকসকল৷ আমি ভ্ৰষ্টাচাৰৰ এই যুগলবন্দূ বন্ধ কৰিলও৷ আমি ইউৰিয়াৰ এশ শতাংশই নিম কোটিং কৰিলো৷ দেশৰ বৃহৎ বৃহৎ সাৰ কাৰখানা যি প্ৰযুক্তিগত কাৰণত বন্ধ কৰি দিয়া হৈছিল, সেয়া আমি পুনৰ আৰম্ভ কৰাইছো৷ আগন্তুক কেইটামান বৰ্ষৰ ভিতৰতেই ইউপিৰ গোৰখপুৰত, বিহাৰৰ বাৰাউনিত,ঝাৰখণ্ডৰ সিন্ধ্ৰীত, ওড়িশাৰ তালচেৰত, তেলেংগানাৰ ৰামাগুণ্ডমত আধুনিক সাৰ কাৰখানা আৰম্ভ হ’ব৷ ৫০-৬০ হাজাৰ কোটি টকা কেৱল আমি এইটো কামৰ বাবেই ব্যয় কৰিছো৷ এই আধুনিক সাৰ কাৰখানাই ৰোজগাৰৰ লক্ষাধিক নতুন অৱকাশৰ সৃষ্টি কৰিব, ভাৰতক ইউৰিয়া উৎপাদনত আত্মনিৰ্ভৰ কৰি তোলাত সহায় কৰিব৷ আন দেশৰ পৰা ইউৰিয়া আমদানি কৰাত ভাৰতৰ যি হাজাৰ কোটি টকা ব্যয় হৈছিল সেয়া কম হ’ব৷

বন্ধুসকল,

এই সাৰ কাৰখানাসমূহ আৰম্ভ কৰাৰ বাবে এই সকল লোকক কোনেও বাধা দিয়া নাছিল৷ কোনেও মানা কৰা নাছিল যে নতুন প্ৰযুক্তি আনক৷ কিন্তু এয়া তেওঁলোকৰ ইচ্ছাই নাছিল, নীতিয়েই নাছিল, কৃষকসকলৰ প্ৰতি নিষ্ঠাই নাছিল৷ কৃষকসকলৰ মিছা প্ৰতিশ্ৰুতি দি শাসনলৈ আহি থাকিল, মিঠাই খাই থাকিল, মিছা প্ৰতিশ্ৰুতি দিয়েই থাকিল, এয়াই এওঁলোকৰ কাম৷

বন্ধুসকল,

যদি পুৰণি চৰকাৰে চিন্তা কৰিলেহেঁতেন তেতিয়া দেশৰ ১০০ৰ প্ৰায় ওচৰা-ওচৰি জলসিঞ্চন প্ৰকল্পৰ কাম আধৰুৱা নহ’লহেঁতেন৷ বান্ধ নিৰ্মাণ কৰা আৰম্ভ হ’লেও পঁচিশ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলিয়েই থাকিল৷ আৰু ইয়াতো টকা আৰু সময় দুয়োটাই ভৰপূৰ ব্যয় কৰা হ’ল৷ এতিয়া আমাৰ চৰকাৰে হাজাৰ কোটি টকা ব্যয় কৰি এই সিঞ্চন পৰিকল্পনাসমূহক অভিযানভিত্তিত সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ যাতে কৃষকসকলৰ প্ৰতিটো খেতিলৈ পানী যোগান ধৰাৰ আমাৰ ইচ্ছা পূৰণ হয়৷

বন্ধুসকল,

কৃষকসকলৰ ইনপুট ব্যয় কম হওক, ব্যয় কম হওক, খেতিত হোৱা ব্যয় কম হওক, তাৰবাবেও চৰকাৰে নিৰন্তৰে প্ৰয়াস কৰি আছে৷ কৃষকসকলক সৌৰ পাম্প অতিশয় কম দামতে প্ৰদান কৰাৰ বাবে সমগ্ৰ দেশতে এক বৃহৎ অভিযানৰ সূচনা কৰা হৈছে৷ আমি আমাৰ অন্নদাতাসকলক উৰ্জাদাতা হিচাপে গঢ়ি তোলাৰ বাবেও কাম কৰি আছো৷ ইয়াৰোপৰি আমাৰ চৰকাৰে শস্য উৎপন্ন কৰা কৃষকসকলক মৌমাখি পালন, পশুপালন আৰু মীনপালনৰ বাবে উৎসাহিত কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত দেশত প্ৰায় ৭৬ হাজাৰ মেট্ৰিকটন মৌ উৎপাদন হৈছিল৷ এতিয়া দেশত ১ লাখ ২০ হাজাৰ মেট্ৰিকটনতকৈও অধিক মৌ উৎপাদন হৈছে৷ দেশৰ কৃষকে যিমান মৌ পূৰ্বৰ চৰকাৰৰ সময়ত ৰপ্তানি কৰিছিল এতিয়া তাৰে দুগুণ পৰিমাণৰ মৌ ৰপ্তানি কৰে৷

বন্ধুসকল,

বিশেষজ্ঞসকলে কয় যে কৃষিত মীনক্ষেত্ৰ এনে এক ক্ষেত্ৰ য’ত কম ব্যয়ত অধিক মুনাফা অৰ্জন হয়৷ মীন পালনক উৎসাহিত কৰাৰ বাবে আমাৰ চৰকাৰে নীলা নৱজাগৰণৰ আঁচনি মুকলি কৰিছে৷ কিছু দিন পূৰ্বেই ২০ হাজাৰ কোটি টকাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাও আৰম্ভ কৰা হৈছে৷ এই প্ৰয়াসসমূহৰ ফলতেই দেশত এতিয়া মীন উৎপাদনৰ বিগত সকলো অভিলেখ ভংগ হৈছে৷ এতিয়া দেশত আগন্তুক তিনি-চাৰি বছৰত মাছৰ ৰপ্তানিক এক লাখ কোটি টকাতকৈও অধিক কৰাৰ লক্ষ্যৰে আগবঢ়া হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

আমাৰ চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমাৰ ৰাজ্য চৰকাৰসমূহে যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজি দেখা পাইছো যে মধ্য প্ৰদেশত কিদৰে কৃষকৰ কল্যাণৰ বাবে কাম হ’বলৈ ধৰিছে৷ এয়া সম্পূৰ্ণৰূপে কৃষকসকলৰ বাবে সমৰ্পিত কৰা হৈছে৷ যদি মই সকলো পদক্ষেপৰ কথা ক’বলৈ যাও তেতিয়া বোধহয় অধিক সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু মই কিছুমান উদাহৰণ এইবাবেই দিলো যাতে আপোনালোকে আমাৰ চিন্তা-ধাৰা পৰীক্ষা কৰি চাওক, আমাৰ ট্ৰেক ৰেকৰ্ড চাওক, আমাৰ নিষ্ঠাপূৰ্ণ উদ্দেশ্য বুজক৷ আৰু এই আধাৰতেই মই বিশ্বাসেৰে ক’ব পাৰো যে আমি অলপতে যি কৃষি সংশোধন কৰিলে তাত অবিশ্বাসৰ একো কাৰণেই নাই৷ মই এতিয়া আপোনালোকক কৃষি সংস্কাৰসমূহৰ বিষয়ে কৈ থকা মিছা কথাসমূহৰ বিষয়ে ক’ম৷ বাৰে বাৰে সেই মিছা কথা দোহৰাই থকা হৈছে- বলপূৰ্বক কৈ থকা হৈছে৷ যেতিয়াই সুবিধা পায় তেতিয়াই কৈ থকা হৈছে৷ যিদৰে  মই পূৰ্বে ক’লো যে স্বামীনাথন কমিটীৰ প্ৰতিবেদন প্ৰণয়ন কৰাৰ কাম আমাৰেই চৰকাৰে কৰিলে৷ যদি আমি এমএছপি নিৰ্মূল কৰিলোহেঁতেন তেন্তে স্বামীনাথন কমিটীৰ প্ৰতিবেদন কিয় প্ৰণয়ন কৰিলোহৈ? আপোনালোকেও কৰা নাছিল, আমি নকৰিলোহৈ৷ আমিতো এনেকুৱা নকৰিলো, আমি প্ৰণয়ন কৰি দিলো৷ দ্বিতীয়তে আমাৰ চৰকাৰে এমএছপিক লৈ ইমানেই গম্ভীৰ যে ফচল চপোৱাৰ পূৰ্বেই এমএছপিৰ ঘোষণা কৰে৷ ইয়াৰ দ্বাৰা কৃষকসকল উপকৃত হয়, তেওঁলোকেও জানিব পাৰে পাৰে যে কোনটো ফচলত কিমান এমএছপি পোৱা যাব৷ তেওঁলোকে যদি কিবা পৰিৱৰ্তন কৰিব খোজে তেন্তে ইয়াৰ দ্বাৰা তেওঁলোকৰ সুবিধা হয়৷

বন্ধুসকল,

ছমাহতকৈ অধিক সময় হৈ গ’ল এই আইনৰ প্ৰণয়ন হোৱা৷ আইন প্ৰস্তুত হোৱাৰ পিছতো পূৰ্বৰ দৰেই এমএছপিৰ ঘোষণা কৰা হৈছিল৷ ক’ৰোনা মহামাৰীৰ সময়তো এই কাম পূৰ্বৰ দৰেই কৰা হৈছিল৷ এমএছপিত ক্ৰয়ো সেই মণ্ডীসমূহৰ পৰা কৰা হৈছিল য’ত আইন প্ৰস্তুত হোৱাৰ পূৰ্বে কৰা হৈছিল আৰু পিছতো কৰা হৈছিল৷ যদি আইন প্ৰণয়ন হোৱাৰ পিছতো এমএছপিৰ ঘোষণা কৰা হ’ল, এমএছপিত চৰকাৰী ক্ৰয় হ’ল, সেই মণ্ডীসমূহত হ’ল, তেন্তে কোনোবা জনা-বুজা মানুহে এই কথাষাৰক স্বীকাৰ কৰিবনে যে এমএছপি বন্ধ হৈ যাব? আৰু সেইবাবে মই কও, ইয়াতকৈ ডাঙৰ মিছা আৰু একো হ’ব নোৱাৰে৷ ইয়াতকৈ ডাঙৰ ষড়যন্ত্ৰ আৰু একো হ’ব নোৱাৰে৷ আৰু সেইবাবে মই দেশৰ প্ৰত্যেক কৃষকক এই বিশ্বাস প্ৰদৰ্শিত কৰিছো যে পূৰ্বে যিদৰে এমএছপি দিয়া হৈছিল, সেইদৰেই দিয়া যাব, এমএছপি বন্ধ নহয়, সমাপ্ত নহয়৷

বন্ধুসকল,

এতিয়া মই আপোনালোকক যি হিচাপ দিম তাৰ দ্বাৰা গাখীৰ-পানীৰ প্ৰভেদ হৈ পৰিব৷ পূৰ্বৰ চৰকাৰৰ সময়ত ঘেঁহুত এমএছপি আছিল প্ৰতি কুইণ্টলত ১৪০০ টকা৷ আমাৰ চৰকাৰে প্ৰতি কুইণ্টলত ১৯৭৫ টকা এমএছপি প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত ধানত এমএছপি আছিল প্ৰতি কুইণ্টলত ১৩১০ টকা৷ আমাৰ চৰকাৰে প্ৰতি কুইণ্টল ধানত প্ৰায় ১৮৭০ টকা এমএছপি প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত জোৱাৰত এমএছপি আছিল প্ৰতি কুইণ্টলত ১৫২০ টকা৷ আমাৰ চৰকাৰে প্ৰতি কুইণ্টলত ২৬৪০ টকা এমএছপি প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত মচুৰ দাইলৰ প্ৰতি কুইণ্টলত এমএছপি আছিল ২৯৫০ টকা৷ আমাৰ চৰকাৰে প্ৰতি কুইণ্টল ৫১০০ টকা এমএছপি প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত চানাত প্ৰতি কুইণ্টলত এমএছপি আছিল ৩১০০ টকা৷ আমাৰ চৰকাৰে প্ৰতি কুইণ্টলত ৫১০০ টকা এমএছপি প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত এমএছপিত তুৰ দাইলত প্ৰতি কুইণ্টলত এমএছপি আছি ৪৩০০ টকা৷ আমাৰ চৰকাৰে তুৰ দাইলত প্ৰতি কুইণ্টলত ৬০০০ টকা এমএছপি প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ সময়ত মুগ দাইলত প্ৰতি কুইণ্টলত এমএছপি আছি ৪৫০০ টকা৷ আমাৰ চৰকাৰে মুগ দাইলত প্ৰতি কুইণ্টলত ৭২০০ টকা প্ৰদান কৰিছে৷

বন্ধুসকল,

এয়াই প্ৰমাণ যে আমাৰ চৰকাৰে সময়ে-সময়ে এমএছপি বৃদ্ধি কৰাত কিমান গুৰুত্ব প্ৰদান কৰিছে৷ এমএছপি বৃদ্ধি কৰাৰ লগতে চৰকাৰে এই কথাতো গুৰুত্ব দিছে যে অধিক সংখ্যক শস্যৰ ক্ৰয় এমএছপিত কৰা হওক৷ পূৰ্বৰ চৰকাৰে নিজৰ পাঁচ বছৰত কৃষকৰ পৰা প্ৰায় ১৭০০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছিল৷ আমাৰ চৰকাৰে নিজৰ পাঁচ বছৰত ৩০০০ লাখ মেট্ৰিকটন ধন কৃষকৰ পৰা এমএছপিত ক্ৰয় কৰিছে, প্ৰায় দুগুণ৷ পূৰ্বৰ চৰকাৰে নিজৰ পাঁচ বছৰত প্ৰায় চাৰে তিনি লাখ মেট্ৰিকটন তিল ক্ৰয় কৰিছিল৷ আমাৰ চৰকাৰে নিজৰ পাঁচ বছৰত ৫৬ লাখ মেট্ৰিকটনতকৈও অধিক এমএছপিত ক্ৰয় কৰিছে৷ এতিয়া চিন্তা কৰক, ক’ত চাৰে তিনি লাখ আৰু ক’ত ৫৬ লাখ!!! অৰ্থাৎ আমাৰ চৰাকৰে কেৱল এমএছপিৰ বৃদ্ধি কৰাই নহয় বৰঞ্চ অধিক সংখ্যাত কৃষকৰ পৰা তেওঁলোকৰ উপজাত সামগ্ৰী এমএছপিত ক্ৰয় কৰিছে৷ ইয়াৰ আটাইতকৈ বৃহৎ লাভ এয়াই যে কৃষকসকলৰ একাউণ্টত পূৰ্বৰ তুলনাত অধিক ধন সোমাইছে৷ পূৰ্বৰ চৰকাৰৰ পাঁচ বছৰত কৃষকসকলক ধান আৰু ঘেঁহুৰ এমএছপিত ক্ৰয়ৰ বাবে ৩ লাখ ৭৪ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছিল৷ আমাৰ চৰকাৰে পাঁচ বছৰত ঘেঁহু আৰু ধানৰ ক্ৰয় কৰি কৃষকসকলক ৮ লাখ কোটি টকাতকৈ অধিক ধন ক্ৰয় কৰিছে৷

বন্ধুসকল,

ৰাজনীতিৰ বাবে কৃষকসকলক ব্যৱহাৰ কৰা লোকসকলে কৃষকৰ সৈতে কি ব্যৱহাৰ কৰিলে ইয়াৰ আৰু এটা উদাহৰ হ’ল দাইলৰ খেতি৷ ২০১৪ চনৰ কথা মনত পেলাওক৷ কিদৰে দেশত দাইলৰ সংকটৰ সৃষ্টি হৈছিল৷ দেশত হাহাকাৰ হোৱাত বিদেশৰ পৰা দাইল আমদানি কৰিবলগীয়া হৈছিল৷ যি দেশত বিশ্বৰ ভিতৰতে সবাতোকৈ অধিক দাইল উৎপাদন হয় সেই দেশত দাইল উৎপন্ন কৰা কৃষকসকলক ধ্বংস কৰাৰ কোনো প্ৰক্ৰিয়াই এওঁলোকে বাদ দিয়া নাছিল৷ চিন্তিত হৈছিল কৃষকসকল আৰু আনন্দত আছিল এই লোকসকল৷ মই জানো যে কেতিয়াবা প্ৰাকৃতিক বিপদৰ ফলত হঠাতে সংকটৰ সৃষ্টি হ’লে বিদেশৰ পৰা দাইল আমদানি কৰিবলগীয়া হয়, কিন্তু সদায়েই কিয়?

বন্ধুসকল,

এই লোকসকলে দাইলত অধিক এমএছপিও নিদিছিল আৰু ক্ৰয়ো নকৰিছিল৷ অৱস্থা এনেকুৱা হৈছিল যে ২০১৪ চনৰ পূৰ্বে ৫ বছৰত তেওঁলোকে কেৱল ডেৰ লাখ মেট্ৰিকটন দাইলহে ক্ৰয় কৰিছিল৷ এই হিচাপটো মনত ৰাখিব৷ কেৱল ডেৰ লাখ মেট্ৰিকটন দাইল৷ ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ গঠন হ’ল তেতিয়া আমি নীতি পৰিৱৰ্তন কৰিলো আৰু বৃহৎ নিৰ্ণয়ো গ্ৰহণ কৰিলো৷ আমি কৃষকসকলক দাইলৰ উৎপাদনৰ বাবে উৎসাহিত কৰিলো৷

ভাতৃ আৰু ভগ্নীসকল,

আমাৰ চৰকাৰে কৃষকসকলৰ পৰা পূৰ্বৰ তুলনাত ১১২ লাখ মেট্ৰিকটন দাইল এমএছপিত ক্ৰয় কৰিলে৷ চিন্তাকৰক, ডেৰ লাখ তেওঁলোকৰ সময়ত আৰু আমি ১১২ লাখ মেট্ৰিকটন! তেওঁলোকে নিজৰ ৫ বছৰত দাইলৰ কৃষকক কিমান টকা দিলে? চাৰে ছয় কোটি টকা দিলে, আমাৰ চৰকাৰে কি কৰিলে, আমি প্ৰায় ৫০ হাজাৰ কোটি টকা দাইল উৎপাদন কৰা কৃষকক দিলো৷ আজি দাইলৰ কৃষকসকলে অধিক ধনো লাভ কৰিছে, দাইলৰ মূল্যও কম হৈছে, দৰিদ্ৰসকলে প্ৰত্যক্ষভাৱে লাভান্বিত হৈছে৷ যিসকলে কৃষকক এমএছপি দিব নোৱাৰিলে, এমএছপিত ঠিক ধৰণে ক্ৰয় কৰিব নোৱাৰিলে, আজি তেওঁলোকে কৃষকক এমএছপিত বিভ্ৰান্ত কৰিব বিচাৰিছে৷

বন্ধুসকল,

কৃষি সংস্কাৰৰ সৈতে জড়িত আন এটা মিছা কথা কোৱা হৈছে৷ সেয়া হ’ল এপিএমচি অৰ্থাৎ আমাৰ মণ্ডীসমূহ৷ আমি আইনত কি কৰিলো৷ আমি আইনত কৃষকসকলক স্বতন্ত্ৰতা প্ৰদান কৰিলো, নতুন বিকল্প প্ৰদান কৰিলো৷ যদি দেশত কোনোবাই চাবোন বিক্ৰী কৰিবলৈ বিচাৰে তেন্তে চৰকাৰে এয়া নিৰ্ধাৰণ নকৰে যে কোনখন দোকানত এয়া বিক্ৰী কৰিব৷ যদি কোনোবাই স্কুটাৰ বিক্ৰী কৰিব বিচাৰিছেতেন্তে চৰকাৰে এয়া কোনো ডীলাৰত বিক্ৰী কৰিব সেয়া নিৰ্ধাৰণ নকৰে৷ কিন্তু বিগত ৭০ বছৰ ধৰি চৰকাৰে কৃষকক নিশ্চয়কৈ কৈ আহিছে যে আপোনালোকে কেৱল অমুক বজাৰতহে নিজৰ শস্য বিক্ৰী কৰিব পাৰিব৷ মণ্ডীৰ বাহিৰে কৃষকে বিচাৰিলে নিজৰ ফচল অন্য স্থানত বিক্ৰী কৰিব পৰা নাছিল৷ নতুন আইনত আমি কেৱল ক’লো যে কৃষকে যদি লাভ দেখা পায় তেন্তে পূৰ্বৰ দৰে মণ্ডীত সামগ্ৰী বিক্ৰী কৰিব পাৰে, আৰু যদি বাহিৰত লাভ দেখা পায় তেন্তে মণ্ডীৰ বাহিৰতো বিক্ৰী কৰাৰ বাবে তেওঁলোকে অধিকাৰ পাব লাগে৷ তেওঁলোকৰ ইচ্ছা, গণতন্ত্ৰত মোৰ কৃষক ভাইসকলে এইখিনি অধিকাৰ পাব নালাগে নেকি?

এতিয়া য’কেই কৃষকে লাভ দেখা পাব তাতেই নিজৰ উপজাত সামগ্ৰী বিক্ৰী কৰিব৷ মণ্ডীও চলি থাকিব৷ কৃষকে নিজৰ ইচ্ছানুসৰি কৰিব৷ আনকি নতুন আইন হোৱাৰ পিছত কৃষকে নিজৰ লাভ দেখা পাই নিজৰ উপজাত সামগ্ৰীসমূহ বাহিৰত বিক্ৰী কৰা আৰম্ভও কৰিছে৷ অলপতে এটা স্থানত ধান উৎপাদন কৰা কৃষকে একত্ৰিতভাৱে এক চাউল কোম্পানীৰ সৈতে চুক্তি স্থাপন কৰিছে৷ এই কোম্পানীটোৱে তেওঁলোকক ব্যয়তকৈ ৩৫ শতাংশৰ অধিক গেৰাণ্টী প্ৰদান কৰিছে৷ আৰু এটা স্থানত এটা খবৰ পঢ়িছিলো য’ত কৃষকসকলে জলকীয়া, কল আদি পোনে-পোনে বজাৰত বিক্ৰী কৰাত পূৰ্বতকৈ দুগুণ লাভ আদায় কৰিলে৷ আপোনালোকে মোক কওক, দেশৰ প্ৰত্যেক কৃষকে এই লাভ পাব লাগে নে নালাগে, এই অধিকাৰ পাব লাগে নে নালাগে? কৃষকসকলক কেৱল মণ্ডীৰ মাজতেই বান্ধি ৰাখি বিগত দশকত যি পাপ কৰা হৈছে, এই কৃষি সংস্কাৰে তাৰ প্ৰায়শ্চিত কৰি আছে৷ আৰু মই পুনৰবাৰ দোহাৰিছো৷ নতুন আইন হোৱাৰ পিছত, ছমাহ হৈ গ’ল এই আইন প্ৰণয়ন হোৱা, ভাৰতৰ কোনো স্থানতে এখনো মণ্ডী বন্ধ হোৱা নাই৷ তেন্তে কিয় মিছা কথা কোৱা হৈছে? সত্য এয়াই যে আমাৰ চৰকাৰে এপিএমচিক আধুনিক কৰি তোলাৰ বাবে, তেওঁলোকৰ কম্পুউটিকৰণৰ বাবে ৫০০ কোটিতকৈ অধিক ধন ব্যয় কৰি আছে৷ তেন্তে এপিএমচি বন্ধ কৰাৰ কথা কেনেকৈ আহিল? মূৰ-ভৰি নোহোৱাকৈ কেৱল মিছা কথা কওক, বাৰে বাৰে কওক৷

বন্ধুসকল,

নতুন কৃষি সংস্কাৰক লৈ তৃতীয় মিছা কথা হ’ল কৃষি চুক্তিৰ বিষয়ে৷ দেশত কৃষি চুক্তি কোনো নতুন কথা নহয়৷ কোনোবাই নতুন আইন প্ৰস্তুত কৰি হঠাতে কৃষি চুক্তি প্ৰণয়ন কৰিছে নেকি? নহয়৷ আমাৰ দেশত বৰ্ষজুৰি কৃষি চুক্তিৰ ব্যৱস্থা চলি আহিছে৷ এখন দুখন নহয়, অনেক ৰাজ্যত পূৰ্বৰ পৰাই কৃষি চুক্তি চলি আহিছে৷ অলপতে মোলৈ কোনোবাই ২০১৯ চনৰ ৮ মাৰ্চৰ বাতৰি কাকত এখনৰ প্ৰতিবেদন পঠিয়ালে৷ তাত লিখা আছে, পাঞ্জাৱৰ কংগ্ৰেছ চৰকাৰে কৃষক আৰু এটা বহুজাতিক কোম্পানীৰ মাজত হোৱা ৮০০ কোটি টকাৰ চুক্তিক লৈ হৰ্ষোল্লাস কৰি আছে, ইয়াক স্বাগতম জনাইছে৷ পাঞ্জাৱৰ মোৰ কৃষক ভাই-ভনীসকলক খেতিত অধিকতম বিনিয়োগ হওক, এয়া  আমাৰ চৰকাৰৰ বাবেও আনন্দৰ কথা৷

বন্ধুসকল,

দেশত কৃষি চুক্তিৰ সৈতে জড়িত যিবোৰ প্ৰক্ৰিয়া চলি আছিল তাত কৃষকৰ বাবে শংকাৰ সৃষ্টি হৈছিল৷ নতুন আইনত আমাৰ চৰকাৰে কৃষি চুক্তিৰ সময়ত কৃষকসকলক সুৰক্ষা প্ৰদান কৰা বাবে আইনী ব্যৱস্থাৰ প্ৰণয়ন কৰিলে৷ আমি নিৰ্ধআৰণ কৰিছো যে কৃষি চুক্তিত কৃষকসকল সবাতোকৈ অধিক লাভান্বিত হ’ব লাগিব৷ আমি আইনী ধৰণে নিৰ্ধাৰণ কৰিলো যে কৃষকসকলৰ সৈতে চুক্তি কৰোঁতাসকল নিজৰ দায়িত্বৰ পৰা পলাব নোৱাৰিব৷ কৃষকসকলক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া তেওঁলোকে পূৰণ কৰিব লাগিব৷ যদি নতুন কৃষক আইন প্ৰণয়ন হোৱাৰ পিছত এনে বহু উদাহৰণ পোৱা গৈছে যে কৃষকসকলে নিজৰ এলেকাৰ এছডিএমক অভিযোগ কৰাৰ কিছুদিনৰ পিছতে নিজৰ বকেয়া লাভ কৰিছে৷

বন্ধুসকল,

কৃষি চুক্তিত কেৱল ফচলৰহে চুক্তি কৰা হয়৷ ভূমি কৃষকৰ ওচৰতেই থাকে, চুক্তি আৰু ভূমিৰ মাজত কোনো সম্পৰ্ক নাই৷ প্ৰাকৃতিক বিপদ আহিলেও চুক্তি অনুসৰি কৃষকসকলে সম্পূৰ্ণ ধন লাভ কৰে৷ নতুন আইন অনুসৰি যদি হঠাতে, অৰ্থাৎ যি চুক্তি নিৰ্ধাৰণ কৰা হৈছে, যিয়ে বিনিয়োগ কৰিছে, হঠাতে যদি মুনাফা বৃদ্ধি হয় তেন্তে সেই মুনাফাৰ কিছু অংশ কৃশককো দিব লাগিব৷

বন্ধুসকল,

চুক্তি কৰা নকৰা, এয়া  কোনো বাধ্যতামূলক নহয়৷ এয়া কৃষকসকলৰ ইচ্ছা৷ কৃষকে বিচাৰিলে কৰিব, নিবিচাৰিলে নকৰে৷ কিন্তু কোনোবাই কৃষকৰ সৈতে বেইমানী নকৰক, কৃষকৰ সৰলতাৰ সুযোগ নলওক, তাৰ বাবে আইনৰ ব্যৱস্থা কৰা হৈছে৷ নতুন আইনত যি কঠোৰতা প্ৰদৰ্শন কৰা হৈছে সেয়া পৃষ্ঠপোষকসকলৰ বাবেহে, কৃষকসকলৰ বাবে নহয়৷ পৃষ্ঠপোষকৰ চুক্তি সমাপ্ত কৰাৰ অধিকাৰ নাই৷ যদি তেওঁলোকে চুক্তি সমাপ্ত কৰে তেন্তে তেওঁলোকে সম্পূৰ্ণ জৰিমণা ভৰিব লাগিব৷ কিন্তু সেই চুক্তি যদি কৃষকে সমাপ্ত কৰিব বিচাৰে তেন্তে যিকোনো সময়তে কোনো জৰিমণা নভৰাকৈ কৃষকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ ৰাজ্য চৰকাৰসমূহক মই আহ্বান জনাইছো যে তেওঁলোকে সহজ ভাষাত, সহজে, বুজি পোৱাকৈ কৃষি চুক্তিৰ এটা পৰিকাঠামো প্ৰস্তুত কৰি কৃষকসকলক প্ৰদান কৰিব লাগে যাতে তেওঁলোকক কোনেও ফাঁকি দিব নোৱাৰে৷

বন্ধুসকল,

মই সুখী কিয়নো সমগ্ৰ দেশতে কৃষকসকলে কৃষি সংস্কাৰককেৱল আঁকোৱালি লোৱাই নহয় বৰঞ্চ ভ্ৰম বিয়পোৱাসকলক নস্যাতো কৰিছে৷ যিসকল কৃষকে এতিয়াও আশংকাকত ভুগি আছে তেওঁলোকক মই পুনৰবাৰ চিন্তা কৰিবলৈ কৈছে৷ যি হোৱাই নাই, যি কেতিয়াও নহয়, তাক লৈ ভ্ৰম বিয়পোৱা লোকসকলৰ পৰা সতৰ্ক হৈ থাকক, এনে লোকক চিনাক্ত কৰক৷ এই লোকসকলে সদায়েই কৃষকক ফাঁকি দি আহিছে৷ তেওঁলোকৰ ব্যৱহাৰ কৰিছে আৰু আজিও এয়াই কৰিছে৷ মোৰ এই বক্তব্যৰ পিছতো, চৰকাৰৰ এই প্ৰয়াসৰ পিছতো যদি কিবা আশংকা আছে তেন্তে আমি মূৰ দোৱাই কৃষক ভাইসকলৰ সন্মুখত কৰজোৰে, বিনম্ৰতাৰে, দেশৰ কৃষকসকলৰ হিতাৰ্থে, তেওঁলোকৰ চিন্তাৰ নিৰাকৰণ কৰাৰ বাবে, প্ৰতিটো বিষয়ত আলোচনা কৰাৰ বাবে প্ৰস্তুত৷ দেশৰ কৃষকসকলৰ কল্যাণ আমাৰ বাবে সৰ্বোচ্চ প্ৰাথমিকতাসমূহৰ ভিতৰত অন্যতম৷

বন্ধুসকল,

আজি মই বহু কথা বিস্তাৰিতভাৱে কৈছো৷ বহু বিষয়ৰ সত্যতা দেশবাসীৰ সন্মুখত উত্থাপন কৰিছো৷ এইবাৰ ২৫ ডিচেম্বৰত শ্ৰদ্ধেয় অটলজীৰ জন্মজয়ন্তীত মই পুনৰবাৰ এই বিষয়ে দেশৰ কৃষকসকলৰ সৈতে বিস্তাৰিতভাৱে কথা পাতিম৷ সেইদিনা পিএম কিষাণ সন্মান নিধিৰ আন এটা কিস্তি কোটি কোটি কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব৷ ভাৰতৰ কৃষকে পৰিৱৰ্তিত সময়ৰ সৈতে আগবঢ়াৰ বাবে, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে মোৰ দেশৰ কৃষক আগবাঢ়িছে৷

নতুন সংকল্পৰ সৈতে, নতুন পথত আমি আগবাঢ়িম আৰু এই দেশ সফল হ’ব, এই দেশৰ কৃষকো সফল হ’ব৷ এই বিশ্বাসৰ সৈতে মই পুনৰবাৰে মধ্য প্ৰদেশ চৰকাৰক অভিনন্দন জনাইছো, আজি মধ্য প্ৰদে লক্ষাধিক কৃষকৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰিলো৷ ইয়াৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি পুনৰবাৰ আপোনালোকক অনেক শুভকামনা জনাইছো৷

অশেষ ধন্যবাদ!

******