Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূপালত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য পুনৰ্বাসন প্ৰতিষ্ঠান স্থাপনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভূপালত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য পুনৰ্বাসন প্ৰতিষ্ঠান (এনআইএমএইচআৰ) স্থাপন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ এই প্ৰতিষ্ঠান অন্য ধৰণে সক্ষম ব্যক্তিৰ সৱলীকৰণ বিভাগৰ অন্তৰ্গত এক ছ’চাইটীৰ ৰূপত ছ’চাইটীজ ৰেজিষ্ট্ৰেছন আইন ১৮৬০ ৰ অধীনত স্থাপন কৰা হ’ব৷ প্ৰথম তিনিটা বৰ্ষত এই যোজনাত ১৭৯.৫ কোটি টকাৰ ব্যয় হোৱাৰ সম্ভাৱনা আছে৷ ইয়াত ১২৮.৫৪ কোটি টকাৰ নন ৰেকাৰিং ব্যয় আৰু ৫১ কোটি টকাৰ ৰেকাৰিং ব্যয় অন্তৰ্ভুক্ত আছে৷

কেবিনেটে এই প্ৰতিষ্ঠানৰ বাবে সংযুক্ত সচিব পৰ্যায়ৰ তিনিটা পদ য’ত এটা সঞ্চালকৰ পদো অন্তৰ্ভুক্ত আছে, ইয়াৰোপৰি অধ্যাপকৰ দুটা পদৰো অনুমোদন জনাইছে৷ এনআইএমএইচআৰৰ মুখ্য উদ্দেশ্য মানসিক ৰোগীৰ পুনৰ্বাসনৰ ব্যৱস্থাপনা তথা এই ক্ষেত্ৰত বিকাশ আৰু মানসিক স্বাস্থ্যৰ পুনৰ্বাসৰ বাবে নীতি প্ৰণয়নৰ অনুসন্ধান আদিক উৎসাহ প্ৰদান কৰে৷

প্ৰতিষ্ঠানটোত ৯ টা বিভাগ আৰু কেন্দ্ৰ থাকিব৷ ইয়াত মানসিক স্বাস্থ্যৰ পুনৰ্বাসৰ ক্ষেত্ৰত ১২টা বিষয়ত ডিপ্ল’মা, ছাৰ্টিফিকেট, স্নাতক, স্নাতকোত্তৰ আৰু এম.ফিল ডিগ্ৰী সহিতে ১২ প্ৰকাৰৰ পাঠ্যক্ৰম থাকিব৷ অনাগত পাঁচটা বৰ্ষৰ ভিতৰত এই প্ৰতিষ্ঠানত বিভিন্ন বিষয়ত ভৰ্তি হ’বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা ৪০০ত কৈ অধিক হোৱাৰ সম্ভাৱনা আছে৷

মধ্য প্ৰদেশ চৰকাৰে প্ৰতিষ্ঠানটোৰ বাবে ভূপালত পাঁচ একৰ ভূমি প্ৰদান কৰিছে৷ এই প্ৰতিষ্ঠান দুটা পৰ্যায়ত তিনিটা বৰ্ষৰ ভিতৰত নিৰ্মাণ হ’ব বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হ’ব৷ ভৱন নিৰ্মাণৰ কাম সম্পুৰ্ণ নোহোৱা পৰ্যন্ত সেই সময়লৈ প্ৰতিষ্ঠান ছাৰ্টিফিকেট আৰু ডিপ্ল’মা পাঠ্যক্ৰম তথা অ’পিডি সেৱা প্ৰদান কৰিবলৈ ভূপালত এটা ভৱন ভাৰালৈ লোৱা হ’ব৷ প্ৰতিষ্ঠানে মানসিক ৰোগীৰ সকলোধৰণৰ পুনৰ্বাস সেৱা উপলব্ধ কৰোৱাৰ লগতে স্নাতকোত্তৰ তথা এম.ফিল ডিগ্ৰীৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব৷

এনআইএমএইচআৰ দেশত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম প্ৰতিষ্ঠান হিচাপে পৰিচিত হ’ব৷ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষমতা বিকাশ আৰু পুনৰ্বাসৰ ক্ষেত্ৰত দক্ষ প্ৰতিষ্ঠান হিচাপে কাম কৰিব আৰু কেন্দ্ৰ চৰকাৰক মানসিক ৰোগীৰ পুনৰ্বাসৰ প্ৰভাৱী ব্যৱস্থাৰ মণ্ডল হিচাপে বিকশিত কৰাত সহায় কৰিব৷

***

AKT/VBA/SH/MANN