Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ


ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিঙে যোৱা ৩০মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ সৌস্তৱ বৃদ্ধি কৰে৷

আজি এক দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ লগতে ভূটানৰ সন্মানীয় ৰজা তথা ভূটানৰ জনসাধাৰণৰ হৈও প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায়৷ প্ৰধানমন্ত্ৰী শ্বেৰিঙে কয় যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ আগ্ৰহী৷ এই প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী মোদীক অতি সোনকালে ভূটান ভ্ৰমণ কৰাৰ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে আৰু শুভকামনাৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে ভাৰতে ভূটানৰ সৈতে জল বিদ্যুৎ প্ৰকল্পকে ধৰি আন উন্নয়নমূলক সহযোগিতাক গভীৰভাৱে মূল্যায়ন কৰে৷ সহযোগী ৰাষ্ট্ৰ ভূটানৰ শান্তি-সমৃদ্ধি আৰু কল্যাণৰ বাবে ভাৰত চৰকাৰ সংকল্পবদ্ধ বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটান ভ্ৰমণৰ আমন্ত্ৰণ গ্ৰহণ কৰে৷

***

AKT/VJ/SK/MS