ভাৰত ৰত্ন এম.এছ শুভলক্ষ্মীৰ দুই উত্তৰসূৰী এছ ঐশ্বৰ্য আৰু এছ সৌন্দৰ্যই আজি তেওঁলোকৰ অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সন্মুখত সংক্ষিপ্তভাৱে ‘মৈত্ৰী ভজত’ পৰিৱেশন কৰে৷ মনকৰিবলগীয়া যে, এম.এছ শুভলক্ষ্মীয়ে ১৯৬৬ৰ অক্টোবৰত ৰাষ্ট্ৰসংঘত এই ভক্তিগীতটো পৰিৱেশন কৰিছিল৷ কাশীৰ আচাৰ্য শ্ৰী চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতীয়ে সংস্কৃত ভাষাত গীতটো ৰচনা কৰিছিল৷
বিশ্ব শান্তি আৰু সাৰ্বজনীন বন্ধুত্বৰ উদ্দেশ্যে ৰচিত এই ভক্তি গীতটো এম.এছ শুভলক্ষ্মীয়ে সৰহসংখ্যক সংগীতানুষ্ঠানতে পৰিৱেশন কৰিছিল৷ ইয়াৰ অন্তিমশাৰী বাক্য আছিল—সুখ আৰু আনন্দৰে মানৱ জাতি উদ্ভাসিত হওক৷
*****
AKT/NT/MS