ভাৰতৰ প্রধানমন্ত্রীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত ২০১৮ৰ ২৯-৩০মে’ত দেশখনৰ ৰাষ্ট্রপতি মাননীয় শ্ৰীযুত জ’ক’ উইডোডো আৰু মাননীয় শ্রী নৰেন্দ্র মোদীয়ে ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্রিক প্রতিৰক্ষা ক্ষেত্রত দুয়ো দেশৰ অভিন্ন দৃষ্টিভংগীৰ সন্দৰ্ভত আলোচনা কৰে।
২০১৬ৰ ১২ ডিচেম্বৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্রপতি জ’ক’ উইডোডোৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়ো দেশৰ যৌথ বিবৃতিৰ কথাও দোঁহাৰে;
নক’লেও হয় যে ভাৰত আৰু ইণ্ডোনেছিয়া উভয়ে সামুদ্রিক দিশত চুবুৰীয়া আৰু দুয়োখন দেশ সমুদ্রযাত্রা আৰু ইয়াৰ ব্যৱহাৰৰ দিশত সংযুক্ত। দুয়োখন দেশৰ সম্পর্কৰ শিপা সমুদ্রৰ জৰিয়তে সভ্যতাভিত্তিক যোগাযোগৰ মাজত নিহিত আছে। দুয়োখন দেশেই সমগ্ৰ বিশ্বত বিশেষকৈ এই অঞ্চলৰ মহাসাগৰীয় পৰিৱেশৰ ক্ষেত্রত অভিন্ন ধাৰণা পোষন কৰে;
দুয়োখন দেশেই শান্তি, সুস্থিৰতা আৰু উচ্চহাৰত অর্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ প্রত্যাশাক তুলি ধৰিবলৈ ভাৰত মহাসাগৰীয় আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ মাজত মহাসাগৰীয় সহযোগিতা আৰু অধিক শক্তিশালী কৰিবলৈ আগ্রহী;
ভাৰতৰ ৭,৫০০ কিলোমিটাৰ সমুদ্র উপকূল, ১,৩৮০তকৈও অধিক দ্বীপ আৰু ২০ লাখ বর্গকিলোমিটাৰতকৈও অধিক নিজা অর্থনৈতিক অঞ্চলৰে পৰিৱেষ্টিত ভাৰতবৰ্ষই ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মধ্য স্থানত থকা বুলি স্বীকৃতি দিয়া হৈছে। আনফালে, ইণ্ডোনেছিয়া, যি বিশ্বৰ ভিতৰতে সর্বৃহৎ আৰু দ্বীপপুঞ্জভিত্তিক ৰাষ্ট্র, যাৰ উপকূলৰেখা ১,০৮,০০০ কিলোমিটাৰ দৈর্ঘ্য আৰু দেশখনত ১,৭৫০৪টা দ্বীপ আছে আৰু ৬৪,০০,০০০ বর্গকিলোমিটাৰ নিজা অর্থনৈতিক অঞ্চলসহ সামুদ্রিক এলেকা থকাটো সকলোৱে স্বীকাৰ কৰে। এই দ্বীপ ৰাষ্ট্রখনে ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰৰ মাজত যোগাযোগৰ কেন্দ্রবিন্দুত অৱস্থান কৰিছে। এই দুখন মহাসাগৰৰ মুঠ সামুদ্রিক এলেকা বিশ্বৰ সামুদ্রিক উদ্যোগ-বাণিজ্যৰ বাবে বিশেষভাবে গুৰুত্বপূর্ণ;
এই দুয়োখন দেশ ৰাষ্ট্রসংঘৰ চনদ, ১৯৮২ চনত সামুদ্রিক আইন সম্পৰ্কীয় ৰাষ্ট্রসংঘৰ কনভেনচন (UNCLOS) আৰু ১৯৭৬ চনত দক্ষিণ পূব এছিয়াৰ মৈত্রী আৰু সহযোগিতা চুক্তি(TAC) অনুসৰি অধিকাৰ আৰু দায়বদ্ধতাৰ বিষয়সমূহ মানি চলে;
এই দুয়োখন দেশে ভাৰত মহাসাগৰীয় আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত এক মুক্ত, অবাধ, স্বচ্ছ, শান্তিপূর্ণ, সমৃদ্ধ আইনভিত্তিক তথা অন্তর্ভুক্ত ব্যৱস্থাৰ দিশত আগুৱাই যোৱাৰ গুৰুত্বৰ প্রতি পুনৰ তেওঁলোকৰ দায়বদ্ধতাকে ব্যক্ত কৰিছে। তদুপৰি, এই অঞ্চলৰ অন্তৰ্গত দেশসমূহৰ সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতা, ১৯৮২ চনৰ সামুদ্রিক আইন সম্পৰ্কীয় ৰাষ্ট্রসংঘ কনভেনচন, জাহাজ আৰু বিমান চলাচলৰ স্বাধীনতা, বহনক্ষম বিকাশ আৰু মুক্ত অবাধ আৰু পাৰস্পৰিক সুবিধাসম্পন্ন বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থাৰ প্রতি দুয়োখন দেশেই আনুগত্য প্রদর্শন কৰে;
ৰাষ্ট্রসংঘৰ সামুদ্রিক আইন আৰু প্রাসংগিক আন্তর্জাতিক আইনসমূহৰ অন্তৰ্গত সংস্থাসমূহে মানি চলাৰ জৰিয়তে এই অঞ্চলটোৰ সামুদ্রিক জলেৰে সমুদ্রযাত্রাৰ নিৰাপত্তা বজাই ৰাখি শান্তি, সুস্থিৰতাৰ বহনক্ষম অর্থনৈতিক উন্নয়ন সুনিশ্চিত কৰাৰ প্রয়োজনীয়তা দুয়োখন দেশেই স্বীকাৰ কৰে;
দুয়োখন দেশেই নিজৰ মাজত দ্বিপাক্ষিক সম্পর্কক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পর্যায়লৈ উন্নীত কৰাটোক আদৰণী জনাই দ্বিপাক্ষিক নিৰাপত্তা সম্পৰ্কীয় আলোচনা, ত্রিপাক্ষিক আলোচনা, প্রতিৰক্ষা ক্ষেত্রত বর্ধিত পৰিধিসহ নতুন সহযোগিতা চুক্তি স্বাক্ষৰ আৰু শান্তিপূর্ণ উদ্দেশ্যে মহাকাশ অভিযান পৰিচালনা কৰা আৰু মহাকাশৰ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় পৰিকাঠামো চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত দুয়োখন দেশে সন্মতি প্ৰকাশ কৰে;
ভাৰত মহাসাগৰৰ সংলগ্ন দেশসমূহৰ সংগঠন ভাৰত মহাসাগৰৰ ৰিম সংস্থা (আই অ’ আৰ এ)ৰ প্ৰাক্তন অধ্যক্ষ হিচাপে ভাৰত আৰু ইণ্ডোনেছিয়াই যি অগ্ৰণীৰ ভূমিকা পালন কৰিছে, তাৰ প্রশংসা কৰা হয়। জাকাৰ্টা সন্মিলন আৰু আই অ’ আৰ এৰ বিংশতম বর্ষপূর্তি উপলক্ষ্য আয়োজিত সংশ্লিষ্ট দেশসমূহৰ নেতৃবৰ্গৰ সন্মিলনত গৃহীত কার্যপৰিকল্পনাত ভাৰত মহাসাগৰীয় অঞ্চলত আৰু অধিক শান্তিপূর্ণ, সুস্থিৰ আৰু সমৃদ্ধ ব্যৱস্থাৰ বাবে যি বৰ্ধিত সহযোগিতাৰ কথা কোৱা হৈছে, সেই ক্ষেত্ৰত দুয়োখন দেশে প্রশংসনীয় ভূমিকা গ্ৰহণ কৰিছে;
ৰাষ্ট্রসংঘৰ সমুদ্র সংক্রান্ত আইনত যি মুক্ত সমুদ্রৰ কথা কোৱা হৈছে আৰু যিবোৰ আন্তর্জাতিক গোষ্ঠী আৰু এটা এটা অঞ্চলৰ শান্তি, সুস্থিৰতা তথা সমৃদ্ধিৰ বাবে প্রয়োজন বুলি উভয় দেশেই বিশ্বাস কৰে;
দুয়োখন দেশেই ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত মানুহ, অস্ত্র-শস্ত্র, অবৈধন মাদক দ্ৰব্য আৰু ধন তথা অনিয়ন্ত্রিতভাৱে মাছ ধৰা আৰু সন্ত্রাসবাদীৰ গতিবিধিৰ দৰে সামুদ্রিক নিৰাপত্তাৰ ক্ষেত্রত যিবোৰ বিষয় উত্থাপন হৈছে, তাৰ মোকাবিলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে;
আমাৰ দুয়োখন দেশৰে এক সমৃদ্ধ ভাৰত মহাসাগৰীয় আৰু প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ দিশত নিজা স্বার্থ জড়িত আছে। সার্বজনীনভাবে স্বীকৃত আন্তর্জাতিক আইন-কানুন, সু-প্রশাসন, আইনৰ শাসন, উন্মুক্ততা, স্বচ্ছতা, সমতা আৰু সার্বভৌমত্ব তথা ভৌগলিক অখণ্ডতাৰ প্রতি শ্রদ্ধাৰ মাধ্যমে আৰু যোগোযোগ বৃদ্ধি কৰি সমৃদ্ধিৰ লক্ষ্যৰে আগুৱাব লাগিব বুলি উভয় দেশে বিশ্বাস কৰে। সেয়েহে, ইয়াৰ পৰিপ্রেক্ষিতত আছিয়ান আৰু ভাৰতৰ মাজত সামুদ্রিক পৰিবহণ সংক্রান্তীয় চুক্তি দ্রুত চূড়ান্ত কৰাৰ প্রতি উভয় দেশেই আগ্রহ প্ৰকাশ কৰিছে;
ভাৰতৰ ‘এক্ট ইষ্ট পলিটি’ আৰু এই অঞ্চলত সকলোৰে নিৰাপত্তা আৰু বৃদ্ধি (সাগৰ), আনফালে, ইণ্ডোনেছিয়াৰ সামুদ্রিক নীতি আৰু বিশ্বব্যাপী সমুদ্র নিৰাপত্তাৰ ক্ষেত্রত কেন্দ্রীয় অৱস্থানৰ দৃষ্টিভংগী, দুয়োখন দেশৰ এই নীতিসমূহৰ মাজত মিলসসমূহ বিচাৰ কৰিব লাগিব আৰু একে সময়তে আছিয়ানৰ ঐক্য আৰু প্রধান অৱস্থানৰ প্রতি উভয় দেশেই পুনৰ গুৰুত্ব আৰোপ কৰিছে;
দুয়ো দেশে এই অঞ্চলটোৰ দেশসমূহৰ বহনক্ষম অর্থনৈতিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্রত নীল অর্থনীতিৰ প্রধান ভূমিকাক স্বীকাৰ কৰিছে;
এই লক্ষ্যৰে আগুৱাই যোৱাৰ বাবে উভয় দেশৰ নেতৃবৃন্দই ভাৰত মহাসাগৰীয় আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত বিভিন্ন সুযোগক কামত লগাবলৈ আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰ হিচাপে বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সামুদ্রিক সহযোগিতাৰ ক্ষেত্রত এক অভিন্ন দৃষ্টিভংগীৰ বিষয়ে একমত হয় আৰু নিম্নোলিখিত বিষয়ত কাম চলাই যাবলৈ ৰাজি হয়:
ক) বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিঃ
আমাৰ অর্থনীতিৰ বহনক্ষম উন্নয়নৰ বাবে দুয়ো দেশৰ মাজত আৰু এই অঞ্চলৰ মাজত সামগ্ৰী-সেৱা বিনিয়োগ আৰু প্রযুক্তিৰ প্রবাহ বৃদ্ধিত উৎসাহ যোগোৱা।
ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপপুঞ্জৰ মাজত প্রতিষ্ঠানগত, বস্তুগত, ডিজিটেল আৰু দুয়োটা অঞ্চলৰ লোকসকলৰ মাজত যোগাযোগ বৃদ্ধিৰ জৰিয়তে বাণিজ্য, পর্যটন সম্প্ৰসাৰণৰ প্ৰচেষ্টা লোৱাৰ উপৰি, আন্দামান আৰু আছেসহ সুমাত্রা প্রদেশৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ মাজত ব্যৱসায়িক পর্যায়ত যোগাযোগত উৎসাহ যোগোৱাৰ ক্ষেত্ৰত দুয়ো পক্ষ সন্মত হৈছে।
দ্বিপাক্ষিক সহযোগিতাৰ ভিত্তিত মানৱ সম্পদ বিকাশৰ লক্ষ্যৰে কাম কৰা, সামুদ্রিক বাণিজ্য আৰু পৰিবহণৰ নিৰাপত্তা সুৰক্ষিত ৰখাৰ আন্তঃগাঁথনি গঢ়ি তুলিবলৈ সহযোগিতা সুদৃঢ় কৰা, মৎস উদ্যোগৰ উন্নয়ন, প্ৰযুক্তিগত সহযোগিতাৰ জৰিয়তে সামুদ্রিক প্রাণীসম্পদ পৰিচালন ব্যৱস্থা গঢ়ি তোলা আৰু এই ক্ষেত্রসমূহত বিশেষজ্ঞ বিনিময়, যন্ত্রপাতিৰ যোগান আৰু আর্থিক সহযোগিতা বিষয়তো দুই দেশে কাম কৰিবলৈ সন্মত হৈছে।
তদুপৰি, সামুদ্রিক পৰিবহণৰ বাবে আন্তঃগাঁথনি উন্নয়ন, সামুদ্রিক পৰিবহণ উদ্যোগক উৎসাহ যোগোৱা, বিশেষকৈ মৎস উদ্যোগ আৰু জাহাজ নির্মাণ উদ্যোগৰ উন্নতিৰ লক্ষ্যৰে সহযোগিতাৰ আগবঢ়াবলৈ দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে।
খ) সামুদ্রিক সম্পদৰ বহনক্ষম উন্নয়নত উৎসাহ যোগোৱা
বিজ্ঞানভিত্তিক পৰিচালন ব্যৱস্থাৰ উন্নয়ন আৰু সামুদ্রিক প্রাণী সম্পদ সংৰক্ষণ, জলবায়ু পৰিবর্তন সমস্যাৰ মোকাবিলা আৰু পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সুৰক্ষা, অবৈধ, অনিয়ন্ত্রিত আৰু নজনাকৈ মাছ ধৰাৰ দৰে সমস্যা মোকাবিলা, প্রতিৰোধ বাধাদান আৰু নির্মূল কৰা। তদুপৰি, ক্ৰমৱৰ্ধমান মৎস উদ্যোগজনিত অপৰাধ আৰু সমগ্ৰ বিশ্বত সামুদ্রিক পৰিৱেশৰ ক্ষতি কৰা অপৰাধবোৰ মোকাবিলা কৰা।
অন্তর্ভুক্ত অর্থনৈতিক বৃদ্ধি আৰু কর্ম–সংস্থাপনৰ অন্যতম প্রধান উৎস হিচাপে নীল অর্থনীতিক উৎসাহ যোগোৱা।
দ্বিপাক্ষিক আৰু আঞ্চলিক পর্যায়ৰ সহযোগিতাৰ জৰিয়তে সামুদ্রিক প্লাষ্টিক প্ৰদূষন ৰোধ কৰা।
গ) প্রাকৃতিক দুর্যোগ মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি
প্রাকৃতিক দুর্যোগ মোকাবিলাৰ প্রস্তুতি আৰু আঞ্চলিক পর্যায়ত দুৰ্যোগৰৰ ক্ষতিশংকা ব্যৱস্থাপনা ব্যৱস্থা সুদৃঢ় কৰাৰ উপৰি দুর্যোগত ক্ষতিগ্রস্তসকলক সহায় আগবঢ়োৱা।
ভূ-বদ্বীপীয় তথ্য বিনিময়, পদ্ধতি আৰু আন্তঃগাঁথনি উন্নয়ন আৰু এই অঞ্চলটোৰ প্রাকৃতিক বিপর্যয় সম্পৰ্কীয় ক্ষতিশংকা আৰু সম্ভাব্য বিপদৰ আগজাননী প্রদান আৰু যোগাযোগৰ ক্ষেত্রত আগতীয়া সাৱধানতা সূচক ব্যৱস্থাৰ উন্নয়ন কৰা।
দুৰ্যোগ পৰিচালন ব্যৱস্থাৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাক পুনৰুজ্জীৱিত কৰি তোলা, সংশ্লিষ্ট ক্ষেত্রত কর্মৰত এজেন্সিসমূহৰ মাজত নিয়মিত যৌথ অভিযান আৰু এই ধৰণৰ সংস্থাসমূহৰ কর্মীসকলক প্রশিক্ষণ প্ৰদানৰ ক্ষেত্রত সহযোগিতাৰ বিষয়েও দুয়ো দেশৰ মাজত ঐক্যমত প্রতিষ্ঠিত হৈছে। যি কোনো ধৰণৰ প্রাকৃতিক দুৰ্যোগ আৰু মানবীয় সংকটৰ ক্ষেত্রত যথাযথ ব্যৱস্থা গ্রহণত সক্ষমতা বৃদ্ধিয়েই এই সহযোগিতাৰ লক্ষ্য।
ঘ) পর্যটন এবং সাংস্কৃতিক বিনিময়ত উৎসাহ যোগোৱা :
আঞ্চলিক পর্যায়ত অর্থনৈতিক বৃদ্ধিক উৎসাহিত কৰিবলৈ অঞ্চলটোৰ লোকসকলৰ মাজত যোগাযোগ বৃদ্ধি কৰিব লাগিব।
গোষ্ঠীভিত্তিক পর্যটন আৰু পৰিৱেশ পর্যটনৰ বহনক্ষম উন্নয়নত উৎসাহ যোগোৱা।
ছবং দ্বীপ আৰু পোর্ট ব্লেয়াৰৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাই আন্দামান সমুদ্র পর্যটন নামেৰে এটি ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে কাম চলাই যোৱা। তদুপৰি, আন্দামানৰ হেভেলক দ্বীপত নৌ-পর্যটন, বিলাসী জাহাজ, ৰোমাঞ্চকৰ সামুদ্রিক ক্রীড়া, ডাইভিং আৰু ফুৰ্তিদায়ক পর্যটনৰ বিষয়েও দুয়ো দেশে একমত হৈছে।
বীৰেউইয়েনৰ আল-মুছলিম বিশ্ববিদ্যালয়, আচে’ৰ লোকছেউমাৱেৰ মালিকুছালেহ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ মাজত প্রতিষ্ঠানগত যোগাযোগ গঢ়ি তোলা আৰু পোর্ট ব্লেয়াৰৰ উপযুক্ত শিক্ষা প্রতিষ্ঠানৰ সৈতে প্রতিষ্ঠানগত যোগাযোগৰ জৰিয়তে আল-মুছলিম বিশ্ববিদ্যালয়ত এটি ভাৰত-ইণ্ডোনেছিয়াৰ অধ্যয়ন কেন্দ্ৰ স্থাপনৰ বিষয়েও দুয়োখন দেশে সহমতত উপনীত হৈছে।
ঙ) সামুদ্রিক নিৰাপত্তাৰ উন্নয়ন :
আছিয়ানৰ নেতৃত্বাধীন ব্যৱস্থাৰ অংগ হিচাপে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত বর্তমান প্রচলিত নিৰাপত্তা কাঠামো শক্তিশালী কৰা।
এটি উন্মুক্ত, অন্তর্ভুক্ত আৰু স্বচ্ছ সহযোগিতা প্রতিষ্ঠাৰ জৰিয়তে এই অঞ্চলটোৰ সংশ্লিষ্ট সকলোৰে বাবে শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ ব্যৱস্থা কৰা।
২০০২ চনত দুয়ো দেশৰ নৌ-বাহিনীৰ মাজত যি দ্বিপাক্ষিক সমন্বিত টহলৰ শুভাৰম্ভ কৰা হৈছিল, সেই ব্যৱস্থাসহ নৌ-সেনাৰ কামৰ ক্ষেত্রত প্রচলিত সহযোগিতাক আৰু শক্তিশালী কৰা আৰু দুয়ো দেশৰ মাজত নিয়মিত দ্বিপাক্ষিক নৌ-অনুশীলন আৰম্ভ কৰা।
ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্রিক নিৰাপত্তা বিষয়ত তথ্য বিনিময় বৃদ্ধি কৰা।
ৰাষ্ট্রসংঘৰ সমুদ্র সংক্রান্তীয় আইনৰ লগতে অন্যান্য আন্তর্জাতিক আইনসমূহৰ নীতিৰ ভিত্তিত দুয়ো দেশৰ মাজত সামুদ্রিক সীমা নির্ধাৰণৰ ক্ষেত্রত উভয় দেশৰ পক্ষে গ্রহণযোগ্য সমাধানৰ বাবে দ্রুত আলোচনা কৰিবলৈ কাৰিকৰী পর্যায়ৰ বৈঠক আয়োজন আৰু প্রচলিত নৌ-সীমা চুক্তিক শক্তিশালী কৰা।
দুয়ো দেশৰ মাজত বিশেষজ্ঞ পর্যায়ত সামুদ্রিক নিৰাপত্তা সংক্রান্তীয় কৌশলগত আৰু কাৰিকৰী সহযোগিতা বৃদ্ধিৰ বাবে নতুন উপায় উলিওৱাৰ লগতে আৰু অধিক ভালকৈ সামুদ্রিক নিৰাপত্তা বিষয়ত সজাগতা সৃষ্টি কৰা।
জল-বিজ্ঞান আৰু সামুদ্রিক মান চিত্রায়নৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাৰে কাম চলাই যোৱা।
বিশেষজ্ঞ বিনিময়, যন্ত্রপাতিৰ সংস্থাপন আৰু আর্থিক সাহায্যকে ধৰি কাৰিকৰী সহযোগিতাৰ জৰিয়তে সামুদ্রিক ক্ষেত্রত অনুসন্ধান, উদ্ধাৰ আৰু প্ৰদূষণ নিয়ন্ত্রণৰ দৰে কামত সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে সহযোগিতা বৃদ্ধি কৰা।
দুয়ো দেশৰ উপকূলৰক্ষী বাহিনীৰ মাজত সহযোগিতা বৃদ্ধি। ইয়াৰ ভিতৰত–বাহিনীৰ সক্ষমতা বৃদ্ধি, দুই বাহিনীৰ মাজত হটলাইন যোগাযোগ স্থাপন, দুই বাহিনীৰ বিশেষ দায়িত্বপ্রাপ্ত লোকৰ এজনে আনজনৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰা, নিয়মিত বৈঠক, সমন্বিত টহলদাৰি আৰু যৌথ অনুশীলন ইত্যাদি উল্লেখযোগ্য।
ভাৰত মহাসাগৰৰ ৰিম সংস্থাৰ ব্যৱস্থাগত গণ্ডীৰ ভিতৰত ভাৰত মহাসাগৰক নিৰাপদ কৰি তোলাৰ বাবে সহযোগিতা শক্তিশালী কৰা।
চ) শিক্ষাগত, বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্রত সহযোগিতা শক্তিশালী কৰা :
বহিঃ মহাকাশৰ পৰা পৃথিৱীৰ পৰিবেশৰ ওপৰত নজৰদাৰি আৰু দূৰসংবেদী ব্যৱস্থাৰ ক্ষেত্রত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)আৰু ইণ্ডোনেছিয়াৰ নেচনেল ইনষ্টিটিউট অৱ এৰোনেটিক্স এণ্ড স্পেছ(লাপান)ৰ মাজত সহযোগিতা বৃদ্ধি কৰা।
দুয়ো দেশৰ গৱেষণা প্রতিষ্ঠান আৰু গৱেষকসকলৰ মাজত সামুদ্রিক প্রযুক্তি হস্তান্তৰ আৰু গৱেষণাৰ ব্যৱস্থা গঢ়ি তোলা।
***
AKT/HS/DB
Mengadakan diskusi produktif dengan Presiden @jokowi. Senang bahwa hubungan antara India dan Indonesia mendapatkan momentum. Kami membahas bidang kerjasama strategis, cara-cara menuju hubungan ekonomi yang lebih baik dan hubungan budaya yang lebih erat di antara bangsa kami. pic.twitter.com/46xE2XcZWZ
— Narendra Modi (@narendramodi) May 30, 2018
Held productive discussions with President Joko Widodo. Glad that ties between India and Indonesia are gaining strong momentum.
— Narendra Modi (@narendramodi) May 30, 2018
We discussed areas of strategic cooperation, ways towards ensuring better economic ties and closer cultural relations between our nations. @jokowi pic.twitter.com/JOijBYqUh6