Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-নেপাল সীমান্তৰ মেচি নদীৰ ওপৰত নতুন দলং নির্মাণৰ ক্ষেত্রত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত আৰু নেপালৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে বুধবাৰে ভাৰত-নেপাল সীমান্তৰ মেচি নদীৰ ওপৰত নতুন দলং নির্মাণ কৰাৰ বাবে ব্যয় ভাগ-বতৰা, সময়সূচী আৰু নিৰাপত্তা সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থাৰ কাম আৰম্ভ কৰাৰ ক্ষেত্রত ভাৰত আৰু নেপালৰ মাজত স্বাক্ষৰিত হ’ব লগীয়া প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়।

এই নতুন দলং নির্মাণৰ বাবে ১৫৮.৬৫ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। এই টকা এছিয়ান ডেভেলপমেণ্ট বেংকৰ ঋণৰ জৰিয়তে ভাৰত চৰকাৰে বহন কৰিব। ৩২৭ বি. নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাৰতৰ পানিটেংকী বাইপাছৰ পৰা নেপালৰ কাকৰভিট্টালৈকে ৮২৫ মিটাৰৰ ছটা পথযুক্ত সংযোগী পথসহ ১৫০০ মিটাৰ পথৰ যি উন্নীতকৰণ হৈছে, তাৰেই অংশ হিচাপে এই দলংখন নিৰ্মাণ কৰা হৈছে। মেচি দলংখন ভাৰতত ২ নং এছিয়া ঘাইপথৰ শেষ অংশ, যি নেপালৰ সৈতে ভাৰতক সংযোগ কৰিছে।

এই দলং নির্মাণৰ ফলত দুয়ো দেশৰ মাজত আঞ্চলিক যোগাযোগ বৃদ্ধি পাব আৰু ইয়াৰ মাধ্যমত সীমান্ত বাণিজ্য শক্তিশালী হোৱাৰ সম্ভাৱনা অধিক। তদুপৰি, শিল্প, সামাজিক আৰু সাংস্কৃতিক বিনিময় শক্তিশালী কৰি দুয়ো দেশৰ মাজত সবল বান্ধোন গঢ়ি দিব।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ৰ অধীনস্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (এনএইচআইডিচিএল) এই প্রকল্প ৰূপায়ণৰ বাবে নির্ধাৰিত সংস্থা। নেপাল চৰকাৰৰ সৈতে আলোচনা ক্রমে এই দলঙৰ বিস্তৃত প্রকল্প প্রতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰা আৰু ইয়াৰ অৱস্থান চূড়ান্ত কৰা হৈছে।

*****

AKT/VBA/SH /DB