মহামহিম প্ৰধানমন্ত্ৰী লাক্সন,
দুয়োখন দেশৰ প্ৰতিনিধি,
মিডিয়াৰ বন্ধুসকল,
নমস্কাৰ!
কিয়া ওৰা!
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।
বন্ধুসকল,
আজি আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ ভিন্ন ক্ষেত্ৰত গভীৰভাৱে আলোচনা কৰোঁ। আমি আমাৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক সুদৃঢ় আৰু প্ৰতিষ্ঠানিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যৌথ অনুশীলন, প্ৰশিক্ষণ আৰু বন্দৰ ভ্ৰমণৰ উপৰিও দ্বিপাক্ষিক প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা হ’ব। আমাৰ নৌসেনাই ভাৰত মহাসাগৰত সামুদ্ৰিক সুৰক্ষাৰ বাবে সংযুক্ত টাস্ক ফ’ৰ্চ-১৫০ত একেলগে কাম কৰি আছে। আৰু, আমি সুখী যে দুদিনত নিউজিলেণ্ডৰ এখন নৌসেনাৰ জাহাজ মুম্বাইত উপস্থিত হৈছে।
বন্ধুসকল,
আমি দুয়োখন দেশৰ মাজত পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা আৰম্ভৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি পাব। দুগ্ধ, খাদ্য সংসাধন আৰু ফাৰ্মা আদি ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু বিনিয়োগৰ বৰ্ধন ঘটিব। আমি নবীকৰণযোগ্য শক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাত অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। আমি বন আৰু উদ্যান শস্যৰ ক্ষেত্ৰত যৌথভাৱে কাম কৰিব লাগিব। মোৰ বিশ্বাস যে প্ৰধানমন্ত্ৰীৰ লগত অহা বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলটোৱে ভাৰতৰ নতুন সম্ভাৱনাসমূহ অন্বেষণ আৰু এই সম্পৰ্কে বুজাৰ সুযোগ লাভ কৰিব।
বন্ধুসকল,
ক্ৰিকেটেই হওঁক, হকীয়েই হওঁক, পৰ্বতাৰোহণেই হওঁক, ক্ৰীড়াৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধন আছে। আমি ক্ৰীড়া প্ৰশিক্ষণ, খেলুৱৈ বিনিময় আৰু ক্ৰীড়া বিজ্ঞান, মনোবিজ্ঞান তথা চিকিৎসা বিজ্ঞানৰ দৰে ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিবলৈ সন্মত হৈছোঁ। আমি ২০২৬ত আমাৰ উভয় ৰাষ্ট্ৰৰ মাজৰ ক্ৰীড়া সম্পৰ্কৰ ১০০ বছৰ পূৰ্তি উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
বন্ধুসকল,
নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় সমাজে দেশখনৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত বহুমূলীয়া অৱদান আগবঢ়াইছে। আমি দক্ষ শ্ৰমিকৰ গতিশীলতা সৰলীকৰণৰ বাবে আৰু অবৈধ প্ৰব্ৰজনৰে জড়িত সমস্যাসমূহৰ সমাধানৰ অৰ্থে এক চুক্তি সন্দৰ্ভত ক্ষীপ্ৰতাৰে কাম কৰিবলৈ সন্মত হৈছোঁ। আমি ইউপিআই সংযোগৰ বৰ্ধন, ডিজিটেল লেনদেনৰ প্ৰসাৰ আৰু পৰ্যটনৰ বিকাশতো গুৰুত্ব আৰোপ কৰিম। শিক্ষাৰ ক্ষেত্ৰত আমাৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু আমি নিউজিলেণ্ডৰ বিশ্ববিদ্যালয়সমূহক ভাৰতত কেম্পাছ স্থাপনৰ বাবে আমন্ত্ৰণ জনাইছোঁ।
বন্ধুসকল,
আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে থিয় হৈছোঁ। ২০১৯ৰ ১৫ মাৰ্চত খ্ৰীষ্ট চাৰ্চত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক বা ২০০৮ৰ ২৬ নৱেম্বৰৰ মুম্বাইত আক্ৰমণেই হওঁক, যিকোনো ৰূপতে সন্ত্ৰাসবাদ গ্ৰহণযোগ্য নহয়। এনে আক্ৰমণৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদী আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ প্ৰদানৰ ক্ষেত্ৰত আমি সহযোগিতা অব্যাহত ৰাখিম। এই সন্দৰ্ভত আমি নিউজিলেণ্ডৰ কেতবোৰ অবৈধ উপাদানৰ ভাৰত বিৰোধী কাৰ্য্যকলাপ সম্পৰ্কেও আমাৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি নিশ্চিত যে এনে অবৈধ উপাদানৰ বিৰুদ্ধে আমি নিউজিলেণ্ড চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিম।
বন্ধুসকল,
আমি উভয়ে এটি মুক্ত, মুকলি, নিৰাপদ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰোঁ। আমি উন্নয়নৰ নীতিত বিশ্বাস কৰোঁ, সম্প্ৰসাৰণবাদত নহয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত যোগদান কৰা নিউজিলেণ্ডক আমি আদৰণি জনাইছোঁ। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ সদস্যপদৰ পিছত আমি নিউজিলেণ্ডক চিডিআৰআইত যোগদানৰ বাবেও অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
শেষত ৰাগবী ভাষাত ক’ব খুজিছোঁ – আমাৰ সম্পৰ্কৰ এটি উজ্জ্বল ভৱিষ্যতৰ বাবে আমি দুয়োজনেই “ফ্ৰন্ট আপ” কৰিবলৈ সাজু। আমি একেলগে খোজ দিবলৈ আৰু এটি উজ্জ্বল অংশীদাৰিত্বৰ দায়িত্ব ল’বলৈ সাজু! আৰু, মোৰ বিশ্বাস যে আমাৰ অংশীদাৰিত্ব দুয়োখন দেশৰ জনসাধাৰণৰ বাবে মেটচ-উইনিং অংশীদাৰিত্ব হিচাপে প্ৰমাণিত হ’ব।
আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!
***
MJPS/ST/SB
Addressing the press meet with PM @chrisluxonmp of New Zealand. https://t.co/I3tR0rHpeI
— Narendra Modi (@narendramodi) March 17, 2025
मैं प्रधानमंत्री लक्सन और उनके प्रतिनिधिमंडल का भारत में हार्दिक स्वागत करता हूँ।
— PMO India (@PMOIndia) March 17, 2025
प्रधानमंत्री लक्सन भारत से लंबे समय से जुड़े हुए हैं।
कुछ दिन पहले, ऑकलैंड में, होली के रंगों में रंगकर उन्होंने जिस तरह उत्सव का माहौल बनाया, वह हम सबने देखा: PM @narendramodi
आज हमने अपने द्विपक्षीय संबंधों के विभिन्न पहलुओं पर विस्तृत चर्चा की।
— PMO India (@PMOIndia) March 17, 2025
हमने अपनी रक्षा और सुरक्षा साझेदारी को मजबूत और संस्थागत रूप देने का निर्णय लिया है।
Joint Exercises, Training, Port Visits के साथ साथ रक्षा उद्योग जगत में भी आपसी सहयोग के लिए रोडमैप बनाया जायेगा: PM…
दोनों देशों के बीच एक परस्पर लाभकारी Free Trade Agreement पर negotiations शुरू करने का निर्णय लिया गया है।
— PMO India (@PMOIndia) March 17, 2025
इससे आपसी व्यापार और निवेश के potential को बढ़ावा मिलेगा: PM @narendramodi
हमने Sports में कोचिंग और खिलाड़ियों के exchange के साथ-साथ, Sports Science, साइकोलॉजी और medicine में भी सहयोग पर बल दिया है।
— PMO India (@PMOIndia) March 17, 2025
और वर्ष 2026 में, दोनों देशों के बीच खेल संबंधों के 100 साल मनाने का निर्णय लिया है: PM @narendramodi
इस संदर्भ में न्यूजीलैंड में कुछ गैर-कानूनी तत्वों द्वारा भारत-विरोधी गतिविधियों को लेकर हमने अपनी चिंता साझा की।
— PMO India (@PMOIndia) March 17, 2025
हमें विश्वास है कि इन सभी गैर-कानूनी तत्वों के खिलाफ हमें न्यूजीलैंड सरकार का सहयोग आगे भी मिलता रहेगा: PM @narendramodi
चाहे 15 मार्च 2019 का क्राइस्टचर्च आतंकी हमला हो या 26 नवंबर 2008 का मुंबई हमला, आतंकवाद किसी भी रूप में अस्वीकार्य है।
— PMO India (@PMOIndia) March 17, 2025
आतंकी हमलों के दोषीयों के खिलाफ कड़ी कार्रवाई आवश्यक है।
आतंकवादी, अलगाववादी और कट्टरपंथी तत्वों के खिलाफ हम मिलकर सहयोग करते रहेंगे: PM @narendramodi
Free, Open, Secure, और Prosperous इंडो-पैसिफिक का हम दोनों समर्थन करते हैं।
— PMO India (@PMOIndia) March 17, 2025
हम विकासवाद की नीति में विश्वास रखते हैं, विस्तारवाद में नहीं।
Indo-Pacific Ocean Initiative से जुड़ने के लिए हम न्यूजीलैंड का स्वागत करते हैं।
International Solar Alliance के बाद, CDRI से जुड़ने के…
It is a matter of immense joy to be welcoming Prime Minister Christopher Luxon to Delhi. It is equally gladdening that such a youthful, dynamic and energetic leader will be the Chief Guest at this year’s Raisina Dialogue. We had wide ranging talks earlier today, covering all… pic.twitter.com/dhOgifUHgq
— Narendra Modi (@narendramodi) March 17, 2025
PM Luxon and I agreed to deepen defence and security linkages between our nations. We are also keen to boost trade ties and work closely in sectors such as dairy, food processing, pharmaceuticals, renewable energy, education, horticulture and more.@chrisluxonmp
— Narendra Modi (@narendramodi) March 17, 2025