নমস্কাৰ মহোদয়!
সৰ্ব প্ৰথমে ক’ভিড-১৯ৰ ফলত ছুইডেনত হোৱা জনহানিৰ বাবে মোৰ আৰু সমগ্ৰ ভাৰতবাসীৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জনাইছো৷ ছুইডেনত পৰহি হোৱা আক্ৰমণৰ ঘটনাৰ বাবে মই সমগ্ৰ ভাৰতবাসীৰ তৰফৰ পৰা ছুইডেনবাসীলৈ সমবেদনা জনাইছো৷ আক্ৰমণত আহত হোৱা লোকসকল সম্পূৰ্ণ সুস্থ হৈ উঠক, এয়াই আমাৰ কামনা৷
মহোদয়,
২০১৮ চনত ছুইডেনে প্ৰথম বাৰলৈ ভাৰত-নাৰ্ডিক সন্মিলনৰ আয়োজন কৰিছিল৷ সেই সময়ত মই ষ্টকহ’মলৈ যোৱাৰ সুযোগ লাভ কৰিছিলো৷ মই আশা কৰিছো, অতি শীঘ্ৰেই দ্বিতীয় ভাৰত-নাৰ্ডিক সন্মিলনৰ বাবে মই পুনৰ তালৈ যোৱাৰ সুযোগ পাম৷ ২০১৯ চনত নৃপতি আৰু তেখেতৰ পত্নীৰ ভাৰত ভ্ৰমণ আমাৰ বাবে সৌভাগ্যৰ বিষয় আছিল৷ মই তেওঁৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰিছিলো৷ মোৰ ভালদৰেই মনত আছে যে নৃপতি আৰু মই ক্ৰ’প ষ্টাবলক পাৱাৰ প্লাণ্টৰ উপযোগী ব্ৰিকেট নিৰ্মাণৰ বাবে সহযোগিতা স্থাপনৰ পৰ্যালোচনা কৰিছিলো৷ আপোনালোকে জানি সুখী হ’ব যে ইয়াৰ প্ৰদৰ্শনী প্লাণ্টে সুন্দৰভাৱে কাম কৰি আছে৷ এতিয়া আমি ইয়াক বায়’মাছৰ পৰা কয়লা প্ৰস্তুতিৰ বাবে ব্যাপক স্তৰত স্কেল-আপ কৰিব পাৰো৷
মহোদয়,
ক’ভিড-১৯ৰ সময়ছোৱাত আমি আঞ্চলিক আৰু বিশ্বজনীন, দুয়োটা পৰ্যায়ত সহযোগিতা স্থাপনৰ গুৰুত্বক অনুধাৱন কৰিছো৷ বিশ্বক ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰাত সহযোগিতা প্ৰদান কৰিবলৈ ভাৰতে ১৫০তকৈও অধিক দেশলৈ ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে৷ লগতে আমি অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এছিয়া, দক্ষিণ পূব এছিয়া আৰু আফ্ৰিকাৰ সন্মুখৰ শাৰীৰ স্বাস্থ্য কৰ্মী তথা নীতি নিৰ্ধাৰকৰ সৈতে আমাৰ অভিজ্ঞতা বিনিময় কৰিছো৷ আমি এই পৰ্যন্ত প্ৰায় ৫০ খন দেশক ‘মেড ইন ইণ্ডিয়া’ প্ৰতিষেধক প্ৰদান কৰিছো৷ আগন্তুক দিনসমূহত ইয়াতকৈও অধিক সংখ্যক দেশলৈ প্ৰতিষেধকৰ যোগান ধৰিবলৈ আমি প্ৰতিশ্ৰুতিৱদ্ধ৷
মহোদয়,
আজিৰ এই পৰিস্থিতিত সকলো সদৃশ ভাৱাপন্ন দেশসমূহৰ মাজত সহযোগিতা, সমন্বয় আৰু সমভাগিতা গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ গণতন্ত্ৰ, মানৱ অধিকাৰ, নীতি, সমতা, স্বাধীনতা, ন্যায়ৰ দৰে মূল্যবোধসমূহে আমাৰ সম্বন্ধ আৰু সহযোগিতা শক্তিশালী কৰি তোলে৷ জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ বিষয় আমাৰ দুয়োখন দেশৰ বাবে এক অগ্ৰাধিকাৰযোগ্য বিষয় আৰু ইয়াৰ ওপৰত আমি আপোনালোকৰ সৈতে কাম কৰিবলৈ বিচাৰো৷ ভাৰতৰ সংস্কৃতিত পৰিবেশৰ সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়তা স্থাপনত আমি সদায়েই গুৰুত্ব প্ৰদান কৰিছো৷
আমি পেৰিচ চুক্তিত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি আগবাঢ়িছো৷ আমি এই লক্ষ্যসমূহ প্ৰাপ্ত কৰাই নহয় বৰঞ্চ ইয়াতকৈও ঊৰ্ধলৈ আগুৱাই যাম৷ জি২০ দেশসমূহৰ ভিতৰত বোধহয় ভাৰতেই উন্নত ফলাফল প্ৰদৰ্শন কৰিছে৷ বিগত পাঁচটা বৰ্ষত আমাৰ পুনৰ নবীকৰণ শক্তি ক্ষমতা ১৬২ শতাংশলৈ বৃদ্ধি পাইছে৷ আৰু আমি ২০৩০ পৰ্যন্ত ৪৫০ গিগাৱাট পুনৰ নৱীকৰণ শক্তিলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ এলইডি লাইটৰ ব্যৱহাৰ বৃদ্ধি কৰি আমি ৩০ মিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমণ ৰোধ কৰিবলৈ সক্ষম হৈছো৷ আন্তৰ্জাতিক সৌৰ সহযোগিতাত ছুইডেনৰ অন্তৰ্ভুক্তিক আমি স্বাগতম জনাইছো৷ আমি আপোনালোকক Coalition for Disaster Resilient Infrastructure ত অংশগ্ৰহণ কৰিবলৈও আমন্ত্ৰণ জনাইছো৷
মহোদয়,
পচ্ছাদ-কভিড স্থিৰতা আৰু পুনাৰোগ্যত ভাৰত-ছুইডেনৰ সহযোগিতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ আমি উদ্ভাৱন, প্ৰযুক্তি, বিনিয়োগ, ষ্টাৰ্ট-আপ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব পাৰো৷ স্মাৰ্ট চিটী, জল ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনা, ঘূৰ্ণীয় অৰ্থনীতি, স্মাৰ্ট গ্ৰীড, ই-মবিলিটী, ডিজিটেল ৰূপান্তৰণৰ দৰে অনেক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ থল আছে৷ মোৰ বিশ্বাস যে আজিৰ এই ভাৰ্চুৱেল সন্মিলনত আমাৰ সহযোগিতাত এক নতুন পৰ্যায় সংযোজিত হ’ব৷
মহোদয়,
মই পুনৰবাৰ ছুইডেনৰ নাগৰিকৰ প্ৰতি ভাৰতৰ উত্তম মিত্ৰতাৰ এই যাত্ৰাক স্মৰণ কৰি আপোনাক প্ৰাৰম্ভিক ভাষণলৈ আমন্ত্ৰিত কৰিছো৷
Addressing the Virtual Summit with @SwedishPM Stefan Löfven. https://t.co/ItxSF2HlXx
— Narendra Modi (@narendramodi) March 5, 2021
COVID-19 से स्वीडन में हुई जनहानि के लिए मेरी ओर से और पूरे भारत की ओर से हार्दिक संवेदनाएं व्यक्त करना चाहता हूँ: PM @narendramodi
— PMO India (@PMOIndia) March 5, 2021
स्वीडन में परसों हुए हिंसक हमले के लिए भी, मैं सभी भारतीय नागरिकों की ओर से स्वीडन के लोगों के साथ solidarity व्यक्त करना चाहता हूँ।
— PMO India (@PMOIndia) March 5, 2021
हमले में घायल लोग शीघ्र ही पूरी तरह recover होंगे, यही हमारी कामना है: PM @narendramodi
हमने अब तक लगभग 50 देशों को ‘Made in India’ vaccines भी उपलब्ध कराई हैं।
— PMO India (@PMOIndia) March 5, 2021
और आने वाले दिनों में और भी अनेक देशों को vaccines की supply करने के लिए हम प्रतिबद्ध हैं: PM @narendramodi
Democracy, human rights, rule of law, equality, freedom, justice जैसी shared values हमारे संबंधों और आपसी सहयोग को मजबूती देते हैं।
— PMO India (@PMOIndia) March 5, 2021
Climate change का महत्वपूर्ण मुद्दा हम दोनों देशों के लिए एक प्राथमिकता है और हम इस पर आपके साथ काम करना चाहेंगे: PM @narendramodi
पिछले पांच सालों में हमारी renewable power क्षमता 162 percent बढ़ी है।
— PMO India (@PMOIndia) March 5, 2021
और हमने 2030 तक 450 गीगावाट renewable energy लगाने का target रखा है।
LED lights के इस्तेमाल को बढ़ावा देने से हम 38 million tons carbon dioxide emissions बचा रहें हैं: PM @narendramodi