Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-ছুইডেনৰ মাজত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক ভাষণৰ অসমীয়া ৰূপান্তৰ

ভাৰত-ছুইডেনৰ মাজত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক ভাষণৰ অসমীয়া ৰূপান্তৰ


নমস্কাৰ মহোদয়!

সৰ্ব প্ৰথমে ক’ভিড-১৯ৰ ফলত ছুইডেনত হোৱা জনহানিৰ বাবে মোৰ আৰু সমগ্ৰ ভাৰতবাসীৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জনাইছো৷ ছুইডেনত পৰহি হোৱা আক্ৰমণৰ ঘটনাৰ বাবে মই সমগ্ৰ ভাৰতবাসীৰ তৰফৰ পৰা ছুইডেনবাসীলৈ সমবেদনা জনাইছো৷ আক্ৰমণত আহত হোৱা লোকসকল সম্পূৰ্ণ সুস্থ হৈ উঠক, এয়াই আমাৰ কামনা৷

মহোদয়,

২০১৮ চনত ছুইডেনে প্ৰথম বাৰলৈ ভাৰত-নাৰ্ডিক সন্মিলনৰ আয়োজন কৰিছিল৷ সেই সময়ত মই ষ্টকহ’মলৈ যোৱাৰ সুযোগ লাভ কৰিছিলো৷ মই আশা কৰিছো, অতি শীঘ্ৰেই দ্বিতীয় ভাৰত-নাৰ্ডিক সন্মিলনৰ বাবে মই পুনৰ তালৈ যোৱাৰ সুযোগ পাম৷ ২০১৯ চনত নৃপতি আৰু তেখেতৰ পত্নীৰ ভাৰত ভ্ৰমণ আমাৰ বাবে সৌভাগ্যৰ বিষয় আছিল৷ মই তেওঁৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰিছিলো৷ মোৰ ভালদৰেই মনত আছে যে নৃপতি আৰু মই ক্ৰ’প ষ্টাবলক পাৱাৰ প্লাণ্টৰ উপযোগী ব্ৰিকেট নিৰ্মাণৰ বাবে সহযোগিতা স্থাপনৰ পৰ্যালোচনা কৰিছিলো৷ আপোনালোকে জানি সুখী হ’ব যে ইয়াৰ প্ৰদৰ্শনী প্লাণ্টে সুন্দৰভাৱে কাম কৰি আছে৷ এতিয়া আমি ইয়াক বায়’মাছৰ পৰা কয়লা প্ৰস্তুতিৰ বাবে ব্যাপক স্তৰত স্কেল-আপ কৰিব পাৰো৷

মহোদয়,

ক’ভিড-১৯ৰ সময়ছোৱাত আমি আঞ্চলিক আৰু বিশ্বজনীন, দুয়োটা পৰ্যায়ত সহযোগিতা স্থাপনৰ গুৰুত্বক অনুধাৱন কৰিছো৷ বিশ্বক ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰাত সহযোগিতা প্ৰদান কৰিবলৈ ভাৰতে  ১৫০তকৈও অধিক দেশলৈ ঔষধ আৰু  অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে৷ লগতে আমি অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এছিয়া, দক্ষিণ পূব এছিয়া আৰু আফ্ৰিকাৰ সন্মুখৰ শাৰীৰ স্বাস্থ্য কৰ্মী তথা নীতি নিৰ্ধাৰকৰ সৈতে আমাৰ অভিজ্ঞতা বিনিময় কৰিছো৷ আমি এই পৰ্যন্ত প্ৰায় ৫০ খন দেশক ‘মেড ইন ইণ্ডিয়া’ প্ৰতিষেধক প্ৰদান কৰিছো৷ আগন্তুক দিনসমূহত ইয়াতকৈও অধিক সংখ্যক দেশলৈ প্ৰতিষেধকৰ যোগান ধৰিবলৈ আমি প্ৰতিশ্ৰুতিৱদ্ধ৷

মহোদয়,

আজিৰ এই পৰিস্থিতিত সকলো সদৃশ ভাৱাপন্ন দেশসমূহৰ মাজত সহযোগিতা, সমন্বয় আৰু সমভাগিতা গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ গণতন্ত্ৰ, মানৱ অধিকাৰ, নীতি, সমতা, স্বাধীনতা, ন্যায়ৰ দৰে মূল্যবোধসমূহে আমাৰ সম্বন্ধ আৰু সহযোগিতা শক্তিশালী কৰি তোলে৷ জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ বিষয় আমাৰ দুয়োখন দেশৰ বাবে এক অগ্ৰাধিকাৰযোগ্য বিষয় আৰু ইয়াৰ ওপৰত আমি আপোনালোকৰ সৈতে কাম কৰিবলৈ বিচাৰো৷ ভাৰতৰ সংস্কৃতিত পৰিবেশৰ সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়তা স্থাপনত আমি সদায়েই গুৰুত্ব প্ৰদান কৰিছো৷

আমি পেৰিচ চুক্তিত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি আগবাঢ়িছো৷ আমি এই লক্ষ্যসমূহ প্ৰাপ্ত কৰাই নহয় বৰঞ্চ ইয়াতকৈও ঊৰ্ধলৈ আগুৱাই যাম৷ জি২০ দেশসমূহৰ ভিতৰত বোধহয় ভাৰতেই উন্নত ফলাফল প্ৰদৰ্শন কৰিছে৷ বিগত পাঁচটা বৰ্ষত আমাৰ পুনৰ নবীকৰণ শক্তি ক্ষমতা ১৬২ শতাংশলৈ বৃদ্ধি পাইছে৷ আৰু আমি ২০৩০ পৰ্যন্ত ৪৫০ গিগাৱাট পুনৰ নৱীকৰণ শক্তিলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ এলইডি লাইটৰ ব্যৱহাৰ বৃদ্ধি কৰি আমি ৩০ মিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমণ ৰোধ কৰিবলৈ সক্ষম হৈছো৷ আন্তৰ্জাতিক সৌৰ সহযোগিতাত ছুইডেনৰ অন্তৰ্ভুক্তিক আমি স্বাগতম জনাইছো৷ আমি আপোনালোকক Coalition for Disaster Resilient Infrastructure ত অংশগ্ৰহণ কৰিবলৈও আমন্ত্ৰণ জনাইছো৷

মহোদয়,

পচ্ছাদ-কভিড স্থিৰতা আৰু পুনাৰোগ্যত ভাৰত-ছুইডেনৰ সহযোগিতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ আমি উদ্ভাৱন, প্ৰযুক্তি, বিনিয়োগ, ষ্টাৰ্ট-আপ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব পাৰো৷ স্মাৰ্ট চিটী, জল ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনা, ঘূৰ্ণীয় অৰ্থনীতি, স্মাৰ্ট গ্ৰীড, ই-মবিলিটী, ডিজিটেল ৰূপান্তৰণৰ দৰে অনেক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ থল আছে৷ মোৰ বিশ্বাস যে আজিৰ এই ভাৰ্চুৱেল সন্মিলনত আমাৰ সহযোগিতাত এক নতুন পৰ্যায় সংযোজিত হ’ব৷

মহোদয়,

মই পুনৰবাৰ ছুইডেনৰ নাগৰিকৰ প্ৰতি ভাৰতৰ উত্তম মিত্ৰতাৰ এই যাত্ৰাক স্মৰণ কৰি আপোনাক প্ৰাৰম্ভিক ভাষণলৈ আমন্ত্ৰিত কৰিছো৷